Sunday, 6 December 2015

চেন্নাইৰ সংকেত


উত্তৰ-পূৱ মৌচুমীৰ অভাৱনীয় ৰৌদ্ৰমূৰ্তিয়ে চেন্নাইৰ  দৰে দেশৰ আগশাৰীৰ মহানগৰী এখনৰ যি অৱস্থা কৰিছে, সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। বতৰবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা দিনকেইটাত চেন্নাইত হোৱা বৰষুণৰ মাত্ৰাই বিগত ১০০ বছৰৰ ৰেকৰ্ড ভংগ কৰিছে। সচৰাচৰ, উত্তৰ-পূৱ মৌচুমী বায়ুৱে তামিলনাডু-কেৰালা আদিৰ দৰে দেশৰ দক্ষিণপ্ৰান্তৰ ৰাজ্যকেইখনত বছৰৰ শেষভাগতো যথেষ্ট বৃষ্টিপাতৰ সৃষ্টি কৰে যদিও এইবাৰ এই বৰষুণৰ মাত্ৰা অভূতপূৰ্বধৰণেৰে বৃদ্ধি পালে। কেৱল চেন্নাই তথা ইয়াৰ উপকণ্ঠ অঞ্চলতে এই বৰষুণ তথা প্ৰলয়ংকৰী বানে এই পৰ্য্যন্ত দুই শতাধিক লোকৰ প্ৰাণহানি ঘটাইছে। কেৱল এয়াই নহয়, এইটো বছৰতে এনে কেবাটাও জলবায়ুৰ লগত সম্পৰ্কিত, সততে নোহোৱা ধৰণৰ বতৰৰ খেলিমেলি দেশৰ নানা প্ৰান্তত দেখা পোৱা গ’ল। ২০১৫ৰ আগভাগতে, মাৰ্চ-এপ্ৰিল মাহত, সমগ্ৰ উত্তৰ ভাৰতত হোৱা আকস্মিক আৰু প্ৰৱল শিলা-বৰষুণে এই গোটেই অঞ্চলবোৰত ৰবি শস্যক বিৰূপভাৱে প্ৰভাৱিত কৰিলে। কপাহ, মাহজাতীয় শস্য, বিবিধ পাচলিক সম্পূৰ্ণৰৰুপে নষ্ট কৰা সেই কাল-বৰষুণৰ প্ৰভাৱত সৰ্বস্ৰান্ত হোৱা অনেক কৃষকৰ আত্মহত্যা জলবায়ুজনিত কাৰণত হ’ব পৰা সামাজিক প্ৰতিক্ৰিয়াৰ চাক্ষুষ উদাহৰণ। একেদৰে, যোৱা দুটামান বছৰত কাশ্মীৰ-লাডাখ-উত্তৰাখণ্ডত হোৱা অভাৱনীয় বানপানীৰ ঘটনাও আমাৰ জলবায়ুলৈ তেনেই নীৰৱে নামি অহা পৰিৱৰ্তনৰ প্ৰমাণ বুলি বিগানীসকলে মত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে, ২০১৫ চনত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণৰ মাত্ৰা ২৬ ৰ পৰা ৫৯ শতাংশ পৰ্য্যন্ত হ্ৰাস পাইছে বুলি ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
এই সকলো তথ্যই নিৰ্দেশ কৰা সত্য এটাই আৰু সেয়া হ’ল – আমি অৱহেলা কৰিলেও, গুৰুত্বহীন বুলি ভাৱিলেও জলবায়ু পৰিৱৰ্তন এক বাস্তৱ সত্য। আমাৰ অসমৰ দৰে প্ৰচুৰ বৰষুণ হোৱা ৰাজ্যত ভৰ বাৰিষা চিৰালফাঁট মেলা পথাৰৰ দৃশ্য শেহতীয়াকৈ সুলভ হ’বলৈ লৈছে। অন্যহাতে, গৰমৰ মাত্ৰায়ো ভংগ কৰিছে বিগত অনেক বছৰৰ ৰেকৰ্ড। ২০০০ চনৰ পৰা ২০১৫ লৈ, মুঠ ১৬টা বছৰৰ ১৩টাই ঔদ্যোগিক বিপ্লৱৰ পৰৱৰ্তী কালৰ আটাইতকৈ গৰম বছৰ হিচাপে চিহ্নিত হোৱাৰ তথ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। প্ৰায় একে সময়তে, পৃথিৱীৰ বায়ুমণ্ডলৰ অন্যতম সেউজগৃহ গেছ কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰাই ৪০০ পিপিএমৰ সীমা স্পৰ্শ কৰাৰ তথ্যও আমি লাভ কৰিছোঁ।
আমি ওপৰত উল্লেখ কৰা প্ৰায় প্ৰতিটো তথ্যই এটা কথাই নিৰ্দেশ কৰে আৰু সেয়া হ’ল –জলবায়ু পৰিৱৰ্তনে সূচনা কৰিব পৰা অভাৱনীয় প্ৰতিক্ৰিয়াবোৰ। মূলতঃ বতৰৰ গতি-বিধিয়ে নিয়ন্ত্ৰণ কৰা দেশৰ কৃষিক্ষেত্ৰ, কৃষিভিত্তিক অৰ্থনীতিৰ পৰা আৰম্ভ কৰি ৰাইজৰ স্বাস্থ্য তথা জীৱনৰ নিৰাপত্তালৈকে, সকলো দিশকে জলবায়ু পৰিৱৰ্তনে প্ৰভাৱিত কৰিব পাৰে। গ্ৰাম্যাঞ্চলৰ কৃষিজীৱি ৰাইজকে নহয়,বতৰৰ খেলিলেমিয়ে কিদৰে তুলনামূলকভাৱে সূচল অৱস্থানত থকা মহানগৰীৰ বাসিন্দাকো কিদৰে বিপৰ্য্যস্ত কৰিব পাৰে, সেই কথা আমি চেন্নাইৰ এই ঘটনাৰ জৰিয়তেই দেখা পালোঁ।অন্যহাতে, চেন্নাইৰ এই দূৰ্যোগ যে বহুপৰিমানে মানৱসৃষ্ট ন’হলেও মানৱকৃত যে হয় সেই কথাও অস্বীকাৰ কৰা নাযায়। অপৰিকল্পিত নগৰীকৰণ, জলধাৰক হিচাপে এক গূৰুত্বপূৰ্ণ ভূমিকা লোৱা জলাহভূমি, বিল সমূহ পূতি, তাত অট্টালিকা নিৰ্মাণ, জাৱৰ-জোঁথেৰে ৰুদ্ধ কৰা নলা-নৰ্দমা আদিৰ অৱস্থা –এই সকলোবোৰ মিলি চেন্নাইত বতৰে চলোৱা তাণ্ডৱক দহগুণ অধিক কৰি তুলিলে। একেটা অৱস্থাই পৰিলক্ষিত হয় অসমৰ গুৱাহাটী মহানগৰীকে ধৰি ক্ৰমে “বিকাশ”ৰ দৌৰত দৌৰা ডিব্ৰুগড়, তিনিচুকীয়া,নলবাৰীৰ দৰে মফচলীয়া চহৰবোৰতো। এজাক বৰষুণেই সততে বিধ্বস্ত কৰি তোলা গুৱাহাটীত চেন্নাইত হোৱা পৰিমাণৰ বৰষুণ হ’বলৈ হ’লে যে কি হ’ব, সেই কথা কল্পনাৰো বাহিৰৰ।অইনপিনে, চেন্নাইৰ এই বিপৰ্য্যস্ত পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিছে চেম্বাৰাম্বক্কম(Chembarambakkam)হ্ৰদত থকা বান্ধৰ পৰা আগজাননী অবিহনেই মুকলি কৰি দিয়া পানীয়ে।অৰ্থাৎ আমাৰ ইয়াত নিৰ্মিয়মান নদীবান্ধসমূহৰ নিৰ্মাণৰ সময়ত এইধৰণৰ অভাৱনীয় বৃষ্টিৰ দিশবোৰ বিবেচনা নকৰাটো যে কিমান মাৰাত্মক হৈ উঠিব পাৰে, সেই কথাও আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ।
যিসময়ত চেন্নাই তথা ইয়াৰ কাষৰীয়া অঞ্চলবোৰ আৰু অন্ধ্ৰপ্ৰদেশত এই আবতৰীয়া বানৰ তাণ্ডৱ চলিছে, একেসময়তে বিশ্বৰ অন্য এক প্ৰান্তত, অৰ্থাৎ পেৰিছত চলি আছে COP21 শীৰ্ষক জলবায়ু পৰিৱৰ্তন ৰোধৰ পৰিকল্পনা নিৰূপনৰ আন্তৰ্জাতিক সন্মিলন, য’ত ভাৰতকে ধৰি প্ৰায় ১৫০ খন দেশে এইবিষয়ত এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পাৰিব বুলি আশা কৰা গৈছে।সম্ভৱত: চেন্নাইৰ দৰে পৰিস্থিতিয়ে এই সকলো দেশ তথা আমালৈকো কঢ়িয়াই আনিছে সেই সংকেত, অনতিপলমে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু সেউজগৃহ গেছৰ নিয়ন্ত্ৰণ কমাবলৈ আমি সকলোৱে ব্যৱস্থা লোৱা উচিত।বিকাশ তথা উন্নয়নৰ নামত পৰিকল্পিত নিৰ্মাণ, নিৰ্বনানীকৰণ, জলাহভূমিৰ বিলুপ্তি, প্ৰাকৃতিক জলাধাৰবোৰৰ ধ্বংসৰ দৰে কামৰ পৰিণতিৰ এই ভয়াবহতাৰ পৰা আমি সকলোৱে শিক্ষা ল’ব নোৱাৰিলে আৰু সেই শিক্ষাৰ ভেটিত সংশোধন তথা সমাধানৰ বাবে তৎপৰ নহ’লে, ইয়াতকৈও ভয়াবহ দূৰ্য্যোগে যে আমালৈ বাট চাই আছে, সেই কথাও তেনেই নিশ্চিত।
(অসমীয়া খবৰ, ৭ ডিচেম্বৰ, ২০১৫; আলোকচিত্ৰ উৎস-ইণ্টাৰনেট)


Monday, 19 October 2015

উৎসৱৰ বিপদ


এতিয়া উছৱৰ বতৰ। চাৰিওফালে আনন্দমুখৰতা, ৰং-ৰহইছ। পূজা-বেলুন-দীপাৱলী-চাকি-ফটকা-বিজুলীবাতি-মিঠাইৰ সময়। এই আনন্দমুখৰতাৰ মাজত আমি কিছুমান কথা মনলৈ নানো, আনিবলৈ ভাল নেপাওঁ। পিছে, আমাৰ চৌপাশৰ প্ৰকৃতি-পৰিৱেশৰ স’তে আমাৰ সম্পৰ্কটো ইমানেই জটিল আৰু সূহ্ম যে, আমি ৰং-ৰহইছত মতলীয়া হৈ পৰাৰ এই সময়বোৰে আমাৰ অজানিতে প্ৰকৃতিত আঘাত হানে আৰু পিছত আমাকেই অপকাৰ কৰে! সেইবাবেই আমি উৎসৱৰ বতৰৰ এই  বিপদবোৰৰ কথা  জনা দৰকাৰ। 

উৎসৱৰ আঁচলত প্ৰদূষণৰ বীজ
 এই বতৰত উৎসৱ বুলিলেই পূজাৰ কথাই মনলৈ আহে! দূৰ্গা পূজা, গণেশ পূজা, বিশ্বকৰ্মা পূজা, কালী পূজা – এই সকলো পাৰ্বনতে উপাস্য দেৱ-দেৱীৰ মূৰ্তি পূজা কৰা হয়। এই মূৰ্তিবোৰ নিৰ্মাণত সচৰাচৰ ব্যৱহৃত হোৱা সামগ্ৰীবোৰ হ’ল – বাঁহ, কাঠ, বোকামাটি, মৰাপাটৰ জৰী, খেৰ, প্লাষ্টাৰ অৱ পেৰিছ, নানাবিধ স্ংশ্লেষিত ৰং ইত্যাদি। অন্যহাতে, পূজাৰ সময়ত এই মূৰ্তিবোৰক নানা বস্ত্ৰ তথা আ-অলংকাৰ দি সজোৱা হয়, ফুল, ফুলৰ মালা, সেন্দুৰ, তেলজাতীয় দ্ৰৱ্য পিন্ধোৱা হয়। পূজাৰ শেষত যেতিয়া এই মূৰ্তিবোৰ, প্ৰথা অনুযায়ী কোনো জলভাগত, বিশেষকৈ নদীত বিসৰ্জন দিয়া হয়, সমস্যাৰ সূত্ৰপাত হয় তেতিয়াই।
প্লাষ্টাৰ অৱ পেৰিছ, সংশ্লেষিত ৰং, কাপোৰ, কৃত্ৰিম আ-অলংকাৰ, সেন্দুৰ, থাৰ্ম’ক’ল আদিত নানাবিধ অপকাৰী ৰাসানিক  পদাৰ্থ থাকে। বিশেষকৈ মূৰ্তিৰ গাত দিয়া ৰং, কাপোৰত ব্যৱহৃত ৰঞ্জকদ্ৰৱ্য তথা সেন্দুৰত অনেক তৰহৰ ধাতু বা ধাতুজাতীয় দ্ৰৱ্য যেনে সীহ, পাৰা, দস্তা বা জিংক, ক্ৰমিয়াম আদি থাকে। এই ধাতুবিলাকৰ অতি কম পৰিমাণো জীৱকূলৰ বাবে অপকাৰী। গতিকে পানীত বিসৰ্জিত মূৰ্তিৰ পৰা এই সকলো অপকাৰী ধাতু পানীত মিহলি হৈ পানীৰ গূণাগুণ নষ্ট কৰে। সাধাৰণতে মূৰ্তিত ব্যৱহৃত মাটি কেঁচাকৈয়ে থাকিলে সি পানীত মিহলি হৈ যায়। তদুপৰি পূজাত ব্যৱহৃত ফুল, প্ৰসাদ জাতীয় দ্ৰৱ্য আদিবোৰ জৈৱজাত সামগ্ৰী বাবে পানীত পৰাৰ পাছত এইবোৰ পছিবলৈ আৰম্ভ কৰে। পৰিমাণ বহু বেছি হয় বাবে, এইবোৰে ক্ৰমান্বয়ে পানীত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰি আনে।একেদৰে বাঁহ বা সৰু সৰু কাঠৰ কাঠি, থাৰ্ম’ক’ল আদিবোৰ নদী বা হ্ৰদৰ তলিভাগত জমা হ’বলৈ ধৰে। অন্যহাতে পূজাৰ ব্যৱহৃত তেলজাতীয় সামগ্ৰীৰ তৈলাক্ত অংশই পানীৰ ওপৰত চামনি সৃষ্টি কৰাই নহয়, জলজ জীৱ যেনে মাছৰ শ্বাসাংগ অৰ্থাৎ ফুল আদিত একোটা চামনিৰ তৰপ পেলায়। ফলত এই জীৱবিলাকৰ শ্বসন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। তদুপৰি মূৰ্তি বিসৰ্জনৰ ফলত নদী বা হ্ৰদৰ পানীত দ্ৰৱীভূত গোটা পদাৰ্থ, অদ্ৰৱণীয় গোটা পদাৰ্থ আদিৰো মাত্ৰা বাঢ়ি, পানী অধিক ঘোলা হয়। ইয়াৰ ফলত জলভাগৰ ভিতৰলৈ প্ৰৱেশ কৰা  সূৰ্য্যৰ ৰশ্মিৰ  পৰিমাণ কমি, শেলাই বা অন্য জলজ উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে। অন্যহাতে আমি ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত, অবাত শ্বসন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পানীৰ গোন্ধ, স্বাদ ক্ৰমে বেয়া হ’বলৈ ধৰে। ২০০৯ চনত গুৱাহাটীৰ কাছাৰী ঘাট আৰু পাণ্ডুঘাটত দূৰ্গাপূজাৰ মূৰ্তি বিসৰ্জনৰ আগত আৰু পাছত কৰা এক অধ্যয়ন অনুযায়ী মূৰ্তি বিসৰ্জনৰ পাছত এই দুই  স্থানত ব্ৰক্ষমপুত্ৰৰ পানীত ১৮ শতাংশ অক্সিজেনৰ হ্ৰাস, পানীৰ অস্বচ্ছতা ৫০ শতাংশ অধিক তথা নিকেল আৰু দস্তাৰ দৰে গধুৰ ধাতুৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছিল।
উৎসৱৰ এই বতৰত দেৱালীক বাদ দিলে উৎসৱৰ সকলো কথাই আধৰুৱা হৈ ৰয়। একেদৰেই উৎসৱ আৰু প্ৰদূষণৰ কথাও দেৱালীৰ কথা বাদ দি আধৰুৱা। পোহৰৰ এই উৎসৱটোৰ বুকুত অজস্ৰ আন্ধাৰ ভৰাই দিয়ে প্ৰদূষণে। সততে দীপাৱলীৰ বতৰত জ্বলোৱা ফটকা-ফুলজাৰী-ব’ম আদিবোৰত থাকে পটাছিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰেট, পটাছিয়াম পাৰক্ল’ৰেট, এঙাৰ, ছালফাৰ, মেংগানিজ, ছডিয়াম অক্‌জেলেট, এলুমিনিয়াম আৰু আইৰণৰ গুড়ি, ষ্ট্ৰ্নছিয়াম নাইট্ৰেট তথা বেৰিয়াম নাইট্ৰেট আদিৰ দৰে উদ্বায়ী ৰাসায়নিক পদাৰ্থ। ফটকা-ফুলজাৰী আদি জ্বলোৱাৰ পাছত এইবোৰ যৌগৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকা, ধোঁৱা আদিবোৰ বায়ুৰ লগত মিহলি হৈ বায়ুক সাংঘাতিকভাৱে প্ৰদূষিত কৰি তোলে। ফলস্বৰূপে প্ৰাণীকূলৰ শ্বাসতন্ত্ৰজনিত অসুস্থতাৰ সৃষ্টি হয়। অন্যহাতে, এই কণিকাজাতীয় পদাৰ্থবোৰ উদ্ভিদৰ পাতত জমা হৈ, পাতৰ পত্ৰৰন্ধক বন্ধ কৰি দিয়ে আৰু পৰিণতিত সালোকসংশ্লেষণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।অন্যহাতে ফটকা-ব’ম আদি জ্বলাওঁতে সৃষ্টি হোৱা শব্দৰ প্ৰাৱল্য আমাৰ শ্ৰৱণেন্দ্ৰিয়ৰ সহ্যশক্তিতকৈ বহু বেছি আৰু সেয়ে ইয়াৰ ফলত সামগ্ৰিকভাৱে মানুহকে ধৰি সকলো প্ৰাণীৰে শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদুপৰি এই প্ৰজ্বালকসমূহ জ্বলাওঁতে অসাৱধানতা বশত: হ’ব পৰা দূৰ্ঘটনাবোৰেও অনেকসময়ত জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।
অন্যহাতে আমাৰ উৎসৱ-পাৰ্বনবোৰৰ ক্ষেত্ৰত সচৰাচৰ প্ৰচলিত নিয়ম অনুযায়ী সমজুৱাভাৱে বিশ্বাসীসকলে নদী বা তেনে কোনো পৱিত্ৰ জ্ঞান কৰা পানীৰ উৎসত স্নান কৰে। ইয়ে নদ-নদী-হ্ৰদৰ পানীক ভয়ংকৰভাৱে প্ৰদূষিত কৰে। এনেকুৱা অনুষ্ঠান যেনে কুম্ভমেলা, চঠ পূজা, মাঘী স্নান আদিত মানুহৰ শৰীৰৰ ময়লা, খাদ্য সামগ্ৰী, পূজাৰ দ্ৰৱ্য, ফুল আদি বিপুল পৰিমাণে জলভাগত মিহলি হয়। এনে প্ৰদূষণৰ জৰিয়তে পানীৰ সামগ্ৰিক গূণাগুণ নষ্ট হোৱাৰ লগতে জলজ জীৱসমূহৰো জীৱন-প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ঠিক একেদৰে, আমাৰ অন্য এক পাৰম্পৰিক উৎসৱ ফাকুৱাতো আজিকালি ব্যৱহৃত নানাবিধ কৃত্ৰিম ৰঙ আমাৰ ছাল-চকু আদিত এলাৰ্জীৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগলৈকে নানা বেমাৰৰ  কাৰক হৈ উঠাৰ লগতে গা ধোঁওতে  পানীত মিহলি হৈ পানীক প্ৰদূষিত কৰে।  
উৎসৱ আৰু সম্পদৰ অপচয়
আধুনিক সমাজত উৎসৱৰ ৰূপ যে বহুলাংশে সলনি হৈছে, সেই কথা অনস্বীকাৰ্য্য। এটা সময়ত যি উৎসৱ আছিল অসত্যক আঁতৰাই সত্যক প্ৰতিষ্ঠাৰ নীৰৱ বাৰ্তাবাহক, সেই উৎসৱ এতিয়া বৰ্হিমুখী, জাকজমকতাপূৰ্ণ আৰু বিলাসী। পূৰ্ৱে যি উৎসৱে প্ৰকৃতিৰ সৌন্দৰ্য্যক নকৈ বিচাৰি চোৱাৰ সুযোগ দিছিল, এতিয়া সেইবোৰ উৎসৱত প্ৰকৃতিৰ অৱস্থিতি শতযোজন দূৰৈত। পূজা বুলিলেই ব্যৱহৃত অলেখ-অসংখ্য বিজুলী চাকি, উচ্চগ্ৰামৰ সংগীত, বিলাসী মণ্ডপৰ ধামখুমীয়াত আটাইতকৈ অপচয় হয় বিজুলী শক্তিৰ। ফলত পৰোক্ষভাৱে ই বিৰূপ প্ৰভাৱ পেলায় পৃথিৱীৰ পৰিৱেশত। বিজুলী শক্তিৰ অপচয় মানেই অধিক কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন আৰু পৰিৱেশৰ প্ৰদূষণ। তদুপৰি অপচয় হয় খাদ্যসামগ্ৰীৰ, অপচয় হয় জলসম্পদৰ। আমি অনুধাৱন নকৰিলেও এনে অপচয়ৰ সামগ্ৰিক পাৰিৱেশিক পৰিণতি অতি গভীৰ আৰু বিপদজনক।
সেউজীয়া উৎসৱৰ উদযাপন
সমাজ আছে মানে উৎসৱ থাকিবই। পিছে মন কৰিবলগীয়া কথাষাৰ হ’ল – এসময়ত এনে পূজা-পাৰ্বন আদিত ব্যৱহৃত সামগ্ৰীবোৰ আছিল কম ক্ষতিকাৰক বা ক্ষতিশূণ্য। মূৰ্তিত ব্যৱহৃত হৈছিল হেঙুল-হাইতালৰ দৰে প্ৰাকৃতিক ৰং, ফাকুৱাৰ ৰং আছিল প্ৰকৃতিদত্ত। পিছে আজিৰ তাৰিখত বজাৰত উপলব্ধ আৰু বহুলভাৱে ব্যৱহৃত সামগ্ৰীবোৰৰ অধিকাংশই কৃত্ৰিম ভাৱে সংশ্লেষিত আৰু পৰিৱেশৰ বাবে প্ৰতিকূল। সেইবাবেই এনেবোৰ ক্ষেত্ৰত উৎসৱত মতলীয়া হোৱাৰ পূৰ্ৱে কিছু কথা আমি চিন্তা কৰি চোৱা উচিত। মূৰ্তি নিৰ্মাণত যিমান পাৰি প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ, মণ্ডপত বিজুলী-বতিৰ সুচিন্তিত প্ৰয়োগ, প্ৰতীকি ৰূপত জলভাগত মূৰ্তি বিসৰ্জন দি উঠাই আনি সেই মূৰ্তিক ভালদৰে পেলাই দিয়া, সম্ভৱক্ষেত্ৰত কাঠ বা বাঁহৰ স্থায়ী মূৰ্তি নিৰ্মাণ, মণ্ডপ তথা মূৰ্তিৰ উচ্চতা বা আকাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ, পূজাত ব্যৱহৃত ফুল-তুলসী-ফুলৰ মালা আদিক পচন সাৰ নিৰ্মাণত ব্যৱহাৰ, নিম-নাৰ্জী-হালধি আদিৰ ৰঙক ফাকুৱাত ৰং হিচাপে প্ৰয়োগ, ফটকা-ব’ম আদিৰ বিক্ৰী নিয়ন্ত্ৰণ  আদিৰ জৰিয়তে উৎসৱৰ স’তে জড়িত বিপদবোৰকো নিয়ন্ত্ৰণ কৰিব পৰা যায়। একেদৰে পৰম্পৰাৰ নামত নদীৰ দৰে অতি মূল্যৱান জলসম্পদক আৱৰ্জনাস্থলীলৈ ৰূপান্তৰিত কৰাৰ বিষয়টোতো নিয়ন্ত্ৰণ আৰোপ কৰাৰ প্ৰয়োজন। কিয়নো, সত্যটো হ’ল – আমি কৰা প্ৰতিটো কামেই প্ৰকৃতি তথা আমাৰ পৰিৱেশক নানাধৰণে প্ৰতিকূলতাৰ মুখামুখী কৰিছে। গতিকেই উৎসৱৰ বতৰত প্ৰকৃতিৰ এই দূৰ্গতিক নোহোৱা কৰিবলৈ প্ৰয়োজনসাপেক্ষে প্ৰচলিত ৰীতি-নীতিৰ সময়-সাপেক্ষ সংশোধন বা পৰিমাৰ্জনহে প্ৰকৃততে আধুনিকতা আৰু প্ৰগতিশীলতাৰ চানেকি।
পূজা মানে যদি দূৰ্গতি ৰূপী অসুন্দৰক ধ্বংস কৰি সুন্দৰৰ আৱাহন, দীপাৱলী মানে যদি আন্ধাৰ আঁতৰাই পোহৰক মতাৰ আয়োজন, তেন্তে আজিৰ পৰিৱেশৰ সমগ্ৰ অসুন্দৰতা, সকলো আন্ধাৰৰ প্ৰতিমূৰ্তি প্ৰদূষণৰ দৰে দানৱক চিৰবিদায় দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ সময়ো এই উৎসৱৰে বতৰ। কিয়নো উৎসৱ মানেই উলাহ-আনন্দ, মন মুকলি হোৱাৰ সময়। গতিকে এই উৎসৱৰ বতৰত নিজৰ লগতে প্ৰকৃতিকো সুন্দৰ আৰু সেউজীয়া কৰি তুলিব পাৰিলেহে প্ৰকৃততে উৎসৱৰ অৰ্থ ৰক্ষা হ’ব। আৰু সেইটোৱেই, মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিৰ পৰিৱেশ-পৰিস্থিতিৰ দাবী।  

Tuesday, 29 September 2015

অ’জন সুৰক্ষাৰ ৩০ বছৰ : আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সফলতম উদাহৰণ

   প্ৰাকৃতিক পৰিৱেশৰ বিশ্বজনীন সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজনীয়তাক দোহৰাৰ প্ৰয়োজন নিসন্দেহে নাই। বায়ু প্ৰদূষণ, গোলকীয় উষ্ণায়ন, জলবায়ুৰ পৰিৱৰ্তন, অ’জন স্তৰৰ অৱক্ষয় আদিবোৰ হ’ল এনে কিছুমান উমৈহতীয়া, সৰ্বব্যাপী সমস্যা, যিবোৰৰ সমাধান বিশ্বৰ সকলো দেশৰে সহযোগিতা অবিহনে অসম্ভৱ। এই প্ৰসংগতে উল্লেখনীয় কথাষাৰ হ’ল – এই সকলোবোৰ সমস্যাৰে মূল কাৰকসমূহ অতীতত বা বৰ্তমানসৃষ্ট হ’লেও, ইবিলাকৰ পৰিণতি সুদূৰপ্ৰসাৰী আৰু এইবোৰৰ কুপ্ৰভাৱ ভৱিষ্যত প্ৰজন্ময়ো ভোগ কৰিব লগা হয়। অন্যহাতে এই সমস্যাবোৰৰ অন্য এক বৈশিষ্ট্য এয়ে যে, সমস্যাৰ কাৰকবোৰ যি স্থানতে নাথাকক কিয়, ইয়াৰ প্ৰভাৱ উক্ত অঞ্চল বা দেশৰ ভৌগোলিক সীমাতে সীমাবদ্ধ হৈ নাথাকি, সমগ্ৰ বিশ্বতে বিয়পি পৰে। আৰু এই দুই মুখ্য কাৰণতে এইবোৰৰ সমাধানকল্পে সকলোৰে সহযোগিতাৰ প্ৰয়োজনীয়তা সৰ্বাধিক।

    চলিত বৰ্ষত ৩০ বছৰ সম্পূৰ্ণ কৰা ভিয়েনা সন্মিলন তথা ভিয়েনা চুক্তি আৰু ইয়াৰ স’তেই সম্পৰ্কিত মণ্ট্ৰিয়েল প্ৰ’ট’কলক  (১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত স্বাক্ষৰিত) বিশ্বজনীন পাৰিৱেশিক সমস্যা সমাধানৰ ক্ষেত্ৰত সফলতম আন্তৰ্জাতিক বুজাপৰাৰ উদাহৰণ বুলি একেষাৰে ক’ব পাৰি। ১৯৮৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত ভিয়েনা সন্মিলনতে পোন-প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সুৰক্ষাকৱচৰূপী অ’জন স্তৰৰ অৱক্ষয়ৰ ভয়াবহতা তথা তাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়টো সৰ্বসন্মতভাৱে গূৰুত্ব আৰোপ কৰা হয়। ১৯৭৪ চনত পোনপ্ৰথমবাৰলৈ মানুহে ব্যৱহাৰ কৰা ক্লৰ’ফ্ল’ৰ’কাৰ্বন জাতীয় যৌগই অ’জ’ন স্তৰক ধ্বংস কৰাৰ কথা আৱিস্কৃত হোৱাৰ পিছতে ভিয়েনা চুক্তিৰ জৰিয়তে এই ক্ষেত্ৰত সমন্বিত কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৮৮ চনৰ ২২ ছেপ্তেম্বৰত মুঠ ২৪ খন দেশে এই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই ই কাৰ্য্যকৰী হয়। অন্যহাতে ভিয়েনা চুক্তিয়ে গঠন কৰি দিয়া পৰিকাঠামোৰ ওপৰত ভিত্তি কৰিয়েই, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰ’ট’কল স্বাক্ষৰিত হয়, যাৰ জৰিয়তে পোনপ্ৰথমে বিশ্বৰ মুঠ ২৪ খন ৰাষ্ট্ৰই অ’জন ধ্বংসকাৰী দ্ৰৱ্যৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস বা বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰে।এই দিনটোকে ১৯৯৪ চনৰ পৰা বিশ্ব অজ’ন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই দুই চুক্তিয়েই হ’ল দীৰ্ঘম্যাদী পৰিণতি সৃষ্টি কৰিব পৰা কোনো পাৰিৱেশিক সমস্যাৰ সমাধানকল্পে স্বাক্ষৰিত প্ৰথম আন্তৰ্জাতিক চুক্তি। কেৱল সেয়াই নহয়, আজিকোপতি বিশ্বৰ আটাইতকৈ অধিক স্ংখ্যক দেশে (১৯৭ খন)স্বাক্ষৰ তথা ৰূপায়ন কৰিবলৈ সন্মত হোৱা চুক্তিও হ’ল এই ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰ’ট’কল। সেই সূত্ৰেই এই দুই চুক্তিক আন্তৰ্জাতিক সহযোগিতাৰ সফলতম উদাহৰণ বুলি ক’লেও বঢ়াই কোৱা নহয়।

দৈনিক অসম কাকতত ১৬ ছেপ্তেম্বৰ, ২০১৫ ত প্ৰকাশিত এই লেখা
 ভি্যেনা চুক্তিৰ আনুষংগিক প্ৰ’ট’কল হিচাপে বলৱৎ কৰা মণ্ট্ৰিয়েল প্ৰ’ট’কলৰ জৰিয়তে কৃত্ৰিমভাৱে প্ৰস্তুত অজ’ন স্তৰ ক্ষয়কাৰী যৌগবোৰৰ উৎপাদন তথা ব্যৱহাৰ নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা চলোৱাৰ লগতে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে নিজ নিজ দেশৰ পৰা এই দ্ৰ্ৱ্যবোৰ ক্ৰমান্বয়ে নোহোৱা কৰাৰ বাবে ব্যৱস্থা হাতত লোৱাটো বাধ্যতামূলক কৰা হৈছিল। বিগত ২৮টা বছৰত বিভিন্ন অধ্যয়নৰ পৰা এটা কথাত নিশ্চিত হ’ব পৰা গৈছে যে, এই দুই চুক্তিৰ অনুপস্থিতিত, ২০৫০ চনৰ ভিতৰত অজ’ন অৱক্ষয়ৰ পৰিমাণ এতিয়াতকৈ প্ৰায় দহগূণে বেছি হ’লহেতেন। তদুপৰি, এই প্ৰট’ক’ল গ্ৰহণৰ পৰিণতিতে সমগ্ৰ পৃথিৱীত আনুমানিক ১৯ মিলিয়ন লোকক নন-মেলান’মা কেঞ্চাৰ, ১.৫ মিলিয়ন লোকক মেলান’মা কেঞ্চাৰ আৰু ১৩০ মিলিয়ন পৰ্য্যন্ত লোকক চকুত ছানি পৰা ৰোগত আক্ৰান্ত হোৱাৰ পৰা বচাব পৰা গৈছে তথা আজি পৰ্য্যন্ত প্ৰায় ৯৮% অজ’ন ক্ষয়কাৰী দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ ওপৰত চলিঅ থকা নিৰন্তৰ নিৰীক্ষণৰ শেহতীয়া তথ্য অনুযায়ী ২০৫০-৭৫ চনৰ ভিতৰত এই স্তৰৰ অজ’নৰ মাত্ৰা ১৯৮০ চনৰ পূৰ্বৰ পৰিমাণলৈ ঘূৰি আহিব বুলি আগতীয়াকৈ অনুমান কৰা হৈছে। 

 ভাৰতে ১৯৯১ চনৰ মাৰ্চ মাহৰ ১৮ তাৰিখে ভিয়েনা চুক্তি আৰু ১৯৯২ চনৰ ১৭ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰট’ক’ল কাৰ্য্যকৰী কৰাত সন্মতি দিয়ে। লক্ষনীয় কথা এয়ে যে  ভাৰত হ’ল বিশ্বত ২য় সৰ্বাধিক ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন উৎপাদন কাৰী অথচ আটাইতকৈ কম ব্যৱহাৰকাৰী দেশ। এই প্ৰট’ক’ল বলৱৎ কৰাৰ পাছতে ভাৰত অজ’ন ক্ষয়কাৰী যৌগ ব্যৱহাৰ নোহোৱা সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৱকাৰী তথা আমদানি শুল্ক ৰেহাই দিয়ে। তদুপৰি, মুঠ ৩৫৭ টা প্ৰকল্পত বিকল্প পদ্ধতি তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে মুঠ ১১,০৫২.৩ টন পৰ্য্যন্ত অজ’ন ক্ষয়কাৰী যৌগৰ ব্যৱহাৰ হ্ৰাসৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। অন্যহাতে দেশৰ প্ৰায়ভাগ মুখ্য শীতলকাৰক যন্ত্ৰ নিৰ্মাণ, ফ’ম উৎপাদন তথা প্ৰসাধনজাত এৰ’ছ’ল উৎপাদন উদ্যোগৰ ক্ষেত্ৰত বিকল্প প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে। তদুপৰি এইধৰণৰ সামগ্ৰীৰ নতুনকৈ কৰা উৎপাদন প্ৰক্ৰিয়াত ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এইধৰণে গ্ৰহণ কৰা ধনাত্মক ব্যৱস্থাৱলীৰ পৰিণতিস্বৰূপেই ২০১০ চনৰ ভিতৰত চিএফচি, হেল’ন, কাৰ্বন টেট্ৰাক্ল’ৰাইড আদিৰ ব্যৱহাৰ প্ৰায় ১০০ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ লগতে মিথাইল ক্ল’ৰাইডৰ ব্যৱহাৰ প্ৰায় ৭০ শতাংশ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে এই বছৰৰ ভিতৰতে মিথাইল ব্ৰমাইডৰ ব্যৱহাৰো ১০০ শতাংশই কমাব পৰা যাব বুলি আশা কৰা হৈছে। লগতে ২০৪০ চনৰ ভিতৰত এইচচিএফচি নামৰ যৌগবিধো সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে।

    অ’জন সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্মিলিত প্ৰচেষ্টাৰ মাত্ৰ ৩০টা বছৰৰ ভিতৰতে আশানুৰূপ সফলতা লাভ কৰাত সক্ষম এই দুই চুক্তিক সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে এই সফলতাৰ কাৰণসমূহ ভালকৈ চকুত পৰে। অজ’নস্তৰৰ বাবে চিএফচিজাতীয় ৰাসায়নিক পদাৰ্থৰ অপকাৰিতাৰ দিশটো বিশ্ববাসীৰ সন্মুখত উত্থাপন হোৱাৰ মাত্ৰ দহটা বছৰৰ ভিতৰতে এই অৱক্ষয়ক ৰোধ কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক সকলো ৰাষ্ট্ৰই উপলব্ধি কৰি, সেই দিশত কৰ্মপন্থা গ্ৰহণ কৰাটো এই সফলতাৰ অন্যতম মুখ্য কাৰক বুলি উল্লেখ কৰিব পাৰি। কেৱল সেয়াই নহয়, ১৯৮৫ চনত ভিয়েনা সন্মিলন তথা চুক্তিৰ দ্বাৰা অজ’ন সুৰক্ষা তথা অজ’ন স্তৰ সম্পৰ্কীয় গৱেষণাৰ জুমুঠিটো তৈয়াৰ কৰি লোৱাৰ দুবছৰৰ ভিতৰতে মণ্ট্ৰিয়েল প্ৰট’ক’লৰ জৰিয়তে অজ’ন স্তৰ ক্ষয়কাৰী সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ প্ৰয্যায়ক্ৰমে হ্ৰাস আৰু বন্ধ কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত  গ্ৰহণৰ দৰে এক দ্ৰুত পদক্ষেপেও এই সমগ্ৰ প্ৰক্ৰিয়াৰ সফলতাত ইন্ধন যোগালে।

    ভিয়েনা বুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক গৱেষণা তথা অধ্যয়নৰ ভূমিকা অপৰিসীম। দুয়োখন চুক্তিতে অজ’ন স্তৰৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক গৱেষণালব্ধ তথ্যক বিশেষভাৱে গূৰুত্ব প্ৰদান কৰা হৈছিল আৰু তাৰ আলমতে সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ স’তে সংলগ্ন নানা গৱেষণাৰো সূত্ৰপাত হয়। অজ’ন স্তৰৰ বঢ়া-টুটাৰ নিয়মীয়া নিৰীক্ষণ, বায়ুমণ্ডলত অজ’নক্ষয়ী দ্ৰ্ৱ্যৰ পৰিমাণৰ তথ্য সংগ্ৰহ আদি গৱেষণাৰ লগতে অজ’ন স্তৰত ক্ষয়ৰ সৃষ্টি কৰা দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাসৰ উদ্দেশ্যৰে বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত আৰোপ কৰা বিশেষ গূৰুত্বই সমগ্ৰ প্ৰক্ৰিয়াটোকে অধিক গতিময় কৰি তোলে। চুক্তিত স্বাক্ষৰ কৰা দেশসমূহক বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ হাতত লোৱা ব্যৱস্থাবোৰেও এনে পদাৰ্থবোৰৰ মাত্ৰা হ্ৰাসত অৰিহণা যোগাইছে। মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক অন্বেষণ তথা বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ অৱদানৰ এই উদাহৰণ অন্যন্য পাৰিৱেশিক সমস্যাৰ সমাধানৰ বাবেও আদৰ্শ হৈ উঠিব পাৰে বুলি একেষাৰে ক’ব পাৰি।

    আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে অজ’ন অৱক্ষয়ৰ দৰে গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনো এক বিশ্বজনীন সমস্যা। কিন্তু এই সমস্যাৰ সমাধানকল্পে আন্তৰ্জাতিক পাৰ্য্যায়ত স্বাক্ষৰিত কিয়’ট’ প্ৰট’ক’ল অদ্যপি সৰ্বাত্মকভাৱে গৃহীত নোহোৱাৰ অন্যতম কাৰক হ’ল উন্নত দেশ আৰু উন্নয়নশীল দেশৰ মাজত বিষয়টো লৈ অৰ্থনৈতিক তথা ৰাজনৈতিক নীতিগত পাৰ্থক্য। ইয়াৰ বিপৰীতে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লত এই দুই গোটৰ দেশৰ মাজ্ৰ পাৰ্থক্য হ্ৰাসৰ বাবে লোৱা বিশেষ ব্যৱস্থাসমূহ প্ৰণিধানযোগ্য। এই দুয়োখন চুক্তিতে, বিশেষকৈ মণ্ট্ৰিয়েল প্ৰট’ক’লত, উন্নয়নশীল দেশসমূহৰ বাবে কিছুমান আছুতীয়া সুবিধা ৰখা হৈছে, যাৰ ফলত আৰ্থিকভাৱে পিছপৰা দেশসমূহেও বিশেষ অৰ্থনৈতিক চাপৰ সন্মুখীন নোহোৱাকৈ উক্ত চুক্তিক কাৰ্য্যকৰী কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থা সমূহৰ অনুযায়ী, উন্নয়নশীল দেশৰ বাবে অজ’ন ক্ষয়কাৰী যৌগক পৰ্য্যায়ক্ৰমে নোহোৱা কৰাৰ ক্ষেত্ৰত ১০ বছৰৰ অতিৰিক্ত সময় প্ৰদান, এনে যৌগৰ ব্যৱহাৰ জনমূৰি ০.৩ কি.গ্ৰা.তকৈ কম হৈ থকা দেশৰ ক্ষেত্ৰত বহুদেশীয় নিধিৰ জৰিয়তে বিত্তীয় সাহায্যৰ সুবিধা আদি উপায় গ্ৰহণ কৰা হৈছে। এই নিধিৰ ধন উন্নয়নশীল দেশত বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগ, প্ৰয়োগ সংক্ৰান্তীয় প্ৰশিক্ষণ, নতুন প্ৰযুক্তিৰ পেটেণ্টকৰণ আদিৰ দৰে কামত ব্যৱহাৰ কৰাৰ এনে ব্যৱস্থাই চুক্তিকেইখন কাৰ্য্যকৰী কৰাৰ ফলত দুখীয়া দেশসমূহে সন্মূখীন হ’বলগীয়া লোকচানক বহুলাংশে হ্ৰাস কৰিব পৰা গৈছে আৰু ইয়ে এই দুই চুক্তিৰ গ্ৰহণযোগ্যতা বঢ়াই তোলাত অনুঘটক হিচাপে কাম কৰিছে বুলি ক’লেও ভুল নহয়। 

  মণ্ট্ৰিয়েল প্ৰট’ক’লৰ অন্য এক উল্লেখনীয় দিশ হ’ল  চুক্তি স্বাক্ষৰ কৰা আৰ্থিকভাৱে পিছপৰা দেশৰ বাবে থকা উৎসাহজনক ব্যৱস্থাৰ বিপৰীতে চুক্তিত স্বাক্ষৰ নকৰা দেশৰ বাবে থকা শাস্তিৰ ব্যৱস্থা। চুক্তিত স্বাক্ষৰ নকৰা দেশ আৰু কৰা দেশৰ মাজত চিএফচি জাতীয় যৌগ বা এনে যৌগৰ ব্যৱহাৰ হোৱা সামগ্ৰীৰ বাণিজ্যৰ ক্ষেত্ৰত আৰোপিত নিষেধাজ্ঞাৰ বাবেও বিশ্বৰ অধিকাংশ দেশেই এই চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। এনে কঠোৰ নীতিৰ প্ৰয়োগকো অজ’ন স্তৰৰ সুৰক্ষাৰ আন্তৰ্জাতিক পদক্ষেপত সফলতাৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰিব পাৰি। ইয়াৰ বিপৰীতে কিন্তু গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল সমস্যাৰ সমাধানৰ আন্তৰ্জাতিক বিধি বা চুক্তিসমূহত এনে দৃঢ় নীতিৰ অভাৱ লক্ষণীয়।


    ১৯৮৫ চনৰে পৰা ২০১৫ লৈ বিগত ৩০টা বছৰত সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সকলো কৰ্মসূচী, তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ পৰিণতিত ক্ৰমান্বয়ে আমাৰ জীৱনৰ সুৰক্ষাকৱচ অজ’ন স্তৰে  ভয়ংকৰ অৱক্ষয়ৰ পৰা ক্ৰমান্বয়ে ৰক্ষা পোৱাৰ পথত অগ্ৰসৰ হৈছে। বিগত বৰ্ষটোত এই সম্পৰ্কে লাভ কৰা তথ্য যথেষ্ট আশাব্যঞ্জক। তথাপিতো, সম্পূৰ্ণৰূপে পূৰ্বৰ অৱস্থালৈ ঘূৰি নহা পৰ্য্যন্ত ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ আওঁতাৰ ভিতৰৰ সকলোখিনি কৰণীয় ৰূপায়নৰ প্ৰতি সকলো দেশেই যত্নপৰ হ’ব লাগিব। অন্যহাতে, এই দুই চুক্তিৰ সফলতাৰ আধাৰতে পৃথিৱীৰ পৰিৱেশলৈ জটিল সংকট কঢ়িয়াই অনা অন্যান্য উমৈহতীয়া সমস্যাবোৰৰ সমাধানৰ বাবেও আন্তৰ্জাতিক সহযোগিতাই এক নতুন ৰূপ লোৱাৰ দৰকাৰ আছে; য’ত ধনী-দুখীয়া নিৰ্বিশেষে সকলো দেশে সমমৰ্য্যদাৰে আৰু সমভাৱে সমাধান প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ বাট মুকলি হ’ব। আজিৰ বিশ্ব অজ’ন দিৱসৰ জৰিয়তে, আন্তৰ্জাতিক সহযোগিতাৰ সফলতা তথা প্ৰয়োজনীয়তাৰ এই বাৰ্তা সমগ্ৰ বিশ্বই অনুধাৱন কৰিবলৈ সক্ষম হওক; কিয়নো তাকে নহ’লে অনতিপলমে আমাৰ এই সেউজীয়া ভূ-গ্ৰহটি ইয়াৰ সমগ্ৰ জীৱকূল সমন্বিতে বিলুপ্তিৰ পিনে ধাৱমান হ’ব। 

(এই লেখাটিৰে এক সম্পাদিত ৰূপ পঢ়িবলৈ পাব তলৰ সূত্ৰত
http://www.xukhdukh.com/2015/09/OZONE-DAY.html?spref=fb)

Thursday, 10 September 2015

অ’জন বিন্ধাৰ কাহিনী


অ’জন স্তৰ। পৃথিৱীৰ সমগ্ৰ জীৱকূলৰ বাবে এক সুৰক্ষা-কৱচ ৰুপী এই স্তৰে মুখ্যত: আমাক সূৰ্য্যৰ অতি ক্ষয়ংকাৰী অতি-বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ নামৰ মণ্ডলটোৰ একেবাৰে তলৰ অংশৰ পৰা প্ৰায় মধ্যাংশলৈ অৰ্থাৎ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২০ ৰ পৰা ৩০ কি.মি. উচ্চতালৈ বিয়পি থকা এই স্তৰ এই বাবেই জীৱমণ্ডলৰ বাবে  অপৰিহাৰ্য্য। অৱশ্যে কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থান তথা বছৰৰ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি ওপৰৰ বায়ুমণ্ডলত অ’জনৰ পৰিমাণৰ বঢ়া-টুটা হৈ থাকে। সচৰাচৰ সুমেৰু আৰু কুমেৰু অঞ্চলতকৈ ক্ৰান্তীয় অঞ্চলত অ’জনৰ পৰিমাণ বেছি হোৱা দেখা যায়।এইখিনিতে এক লক্ষণীয় কথা হল - বায়ুমণ্ডলৰ নিম্নস্তৰ বা ট্ৰপ’স্ফিয়েৰ অৰ্থাৎ য’ত জীৱকূলৰ বাবে দৰকাৰী অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আদি থাকে, সেইস্তৰত কিন্তু এই একেবিধ অজ’নকে প্ৰদূষক হিচাপে গণ্য কৰা হয় আৰু এই স্তৰত অজ’নৰ উপস্থিতিয়ে সকলো জীৱৰে যথেষ্ট ক্ষতি সাধন কৰে।

অ’জন বিন্ধা আৰু ক্লৰ’ফ্লৰ’কাৰ্বন

১৯২৮ চনত আৱিস্কৃত হোৱাৰ পাছত, ১৯৫০-৭০ চনৰ কালছোৱাত সমগ্ৰ পৃথিৱীতে ক্লৰ’ফ্লৰ’কাৰ্বন নামৰ শ্ৰেণীৰ অন্তৰ্গত ৰাসায়নিক পদাৰ্থসমূহৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হয়। সাধাৰণতে, শীতলকাৰক যন্ত্ৰ, বাতানুকূল যন্ত্ৰ, এৰ’ছল স্প্ৰে, ফ’ম তৈয়াৰী, পৰিস্কাৰকাৰক দ্ৰৱ্য তথা দ্ৰাৱক হিচাপে এই “অৰ্গেন’-হেল’ন” গোটৰ যৌগসমূহ প্ৰয়োগ কৰা হৈছিল।১৯৭১ চনত বায়ুমণ্ডলত পোনপ্ৰথমে এই ক্লৰ’ফ্ল’ৰকাৰ্বনৰ নিৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ তিনি বছৰৰ ভিতৰতে ৰ’লেণ্ড আৰু ম’লিনা নামৰ বিজ্ঞানীদ্বয়ে (Rowland and Molina) ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ অৱক্ষয়ত এই ৰাসায়নিক যৌগবিধৰ প্ৰভাৱৰ কথা আৱিস্কাৰ কৰে।ইয়াৰ কিছুবছৰৰ পাছত, ১৯৮৫ চনত বসন্তকালত এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত “অজ’ন বিন্ধা” সৃষ্টি হোৱাৰ কথা বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হয়। জীৱকূলৰ সুৰক্ষা-কৱচ ৰূপী অজ’ন স্তৰৰ এই অস্বাভাৱিক অৱক্ষয়ৰ বাতৰিয়ে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে আৰু সকলো দেশকে এই সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰে।



                                      
ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ হ’ল কাৰ্বনৰ সতে ক্ল’ৰিণ আৰু ফ্ল’ৰিণ যোগ হৈ গঠন কৰা জৈৱ-হেল’ন শ্ৰেণীৰ যৌগ।এই ক্লৰ’ফ্লৰ’কাৰ্বনসমূহত থকা ক্ল’ৰিণ আৰু ফ্ল’ৰিণ সমূহে ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জনৰ স’তে বাৰম্বাৰ বিক্ৰিয়া কৰি অজ’নকণিকাসমূহক অক্সিজেনলৈ ভাঙি পেলায় আৰু ফলস্বৰূপে ষ্ট্ৰেট’স্ফিয়েৰত অজ’নৰ পৰিমাণ কমিবলৈ ধৰে। এনেকৈ এটা ক্ল’ৰিণৰ বা ফ্ল’ৰিণৰ পৰমাণুৰ পৰা প্ৰায় একলাখ অজ’ন কণা ধ্বংস হ’ব পাৰে।মনকৰিবলগীয়া এয়ে যে, এই ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ অতিশয় দীৰ্ঘস্থায়ী যৌগ আৰু এবাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত বহুবছৰ জুৰি বায়ুমণ্ডলত ৰৈ যায়। আৰু সেইবাবেই ইয়াৰ পৰা হোৱা সামগ্ৰিক ক্ষতিৰ পৰিমাণো অতি বেছি।সাধাৰণতে এণ্টাৰ্কটিকা মহাদেশত নানা প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ বাবে এনে ক্ষতিৰ পৰিমাণ আন অঞ্চলতকৈ অধিক। এনেদৰেই এই মহাদেশত হোৱা অ’জন কণাৰ অতিমাত্ৰা অৱক্ষয়ৰ ফলত অজ’ন স্তৰটো ইমানেই পাতল হৈ পৰিবলৈ লয় যে ইয়াক বিজ্ঞানীসকলে “অজ’ন বিন্ধা” ৰুপে অভিহিত কৰে।১৯৮৫ চনৰে পৰা বায়ুমণ্ডলীয় অজ’ন সম্পৰ্কীয় চলি থকা অহৰহ গৱেষণাৰ মাজতে ২০০০ চনত অ’জন বিন্ধাই অভিলেখ আকাৰ ধাৰণ কৰাৰ কথা প্ৰকাশিত হয়।

অ’জন অৱক্ষয়ৰ কু-প্ৰভাৱ

আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে বায়ুমণ্ডলৰ অজ’ন স্তৰে সূৰ্য্যৰ পোহৰৰ অপকাৰী অতি-বেঙুনীয়া ৰশ্মিক (Ultra-violet) শোষণ কৰি জীৱক ৰক্ষা কৰে।সূৰ্য্যৰ পোহৰত থকা অতি-বেঙুনীয়া ৰশ্মিত মূলত: তিনিটা অংশ থাকে – UV-A, UV-B আৰু UV-C। ইয়াৰে প্ৰথমটোৰ বাহিৰে বাকী দুয়োটা অংশ জীৱজগতৰ বাবে অতিশয় অপকাৰী  আৰু অজ’ন স্তৰে দুই ৰশ্মিক শোষণ কৰি ৰাখে। UV-A ৰশ্মি অজ’ন স্তৰ অতিক্ৰম কৰি পৃথিৱী পায় যদিও ইয়াৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ তেনেই সামান্য।
এতিয়া কথা হল’- অজ’ন স্তৰৰ অৱক্ষয়ৰ লগে লগে এই অপকাৰী উপাংশসমূহো পৃথিৱীপৃষ্ঠলৈ পাৰ হৈ আহিব পাৰিব।ইয়ে সমগ্ৰ জীৱমণ্ডলৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলাব।মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰিণতিত ৰ’দে পোৰা, চকুৰ ছানি পৰাকে ধৰি অন্যান্য ৰোগ আদিৰ মাত্ৰা বৃদ্ধি হোৱাৰ ওপৰিও ছালৰ কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱ অস্বাভাৱিকভাৱে বৃদ্ধি হ’ব। অন্যহাতে অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ দেহৰ সামগ্ৰিক ৰোগ-প্ৰতিৰোধ ব্যৱস্থা (Immune System)ক দূৰ্বল কৰি তুলি অন্যান্য ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। মানুহৰ ওপৰিও অন্যান্য প্ৰাণী তথা উদ্ভিদৰ ক্ষেত্ৰতো এই ৰশ্মিৰ অপকাৰী প্ৰভাৱ যথেষ্ট বেছি।অতি-বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত উদ্ভিদৰ বৃদ্ধি, বিকাশ তথা অন্যান্য শাৰীৰিক প্ৰক্ৰিয়াবোৰো বাধাগ্ৰস্ত হয়। সালোক সংশ্লেষণ, পোষক মৌলৰ শোষণ আদিৰ দৰে প্ৰক্ৰিয়াত হোৱা পৰিৱৰ্তনৰ ফলত শস্যৰ উৎপাদনশীলতা হ্ৰাস পায়। ইয়ে সামগ্ৰিকভাৱে খাদ্যৰ উৎপাদনক ক্ষতিগ্ৰস্ত কৰে।অন্যহাতে সাগৰীয় পৰিস্থিতিতন্ত্ৰত থকা প্লেংকটনসমূহ, মাছ, কেকোঁৰা, মিছা-মাছ তথা ভেকুলীকে ধৰি অন্যান্য উভচৰ প্ৰাণীকূল আদিকো এই ৰশ্মিয়ে বিৰূপভাৱে প্ৰভাৱিত কৰে।কেৱল সেয়াই নহয়, অন্যান্য জলজ পৰিস্থিতিতন্ত্ৰত থকা জীৱকূলৰো প্ৰজননপ্ৰক্ৰিয়াকে ধৰি সকলো শাৰীৰিক প্ৰক্ৰিয়াক অতি-বেঙুনীয়া ৰশ্মিয়ে বাধাগ্ৰস্ত কৰে।গতিকে অ’জন স্তৰৰ অৱক্ষয়ৰ লগে লগে সমগ্ৰ পৃথিৱীৰে জীৱমণ্ডলত অতি-বেঙুনীয়া ৰশ্মিৰ এইসকলো কুপ্ৰভাৱৰ মাত্ৰা তীব্ৰতৰ হৈ উঠিব। 
  
অ’জন অৱক্ষয়ৰ প্ৰতিৰোধ  আৰু  আন্তৰাষ্ট্ৰীয় সহযোগিতা 

এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত অ’জন বিন্ধাৰ আৱিস্কাৰে সমগ্ৰ বিশ্বতে অ’জন অৱক্ষয় সম্পৰ্কে আন্তৰ্জাতিক পৰ্য্যায়ত চিন্তা-চৰ্চাৰ সূত্ৰপাত ঘটায়। ইয়াৰ আলমতে ১৯৮৫ চনৰ ২২ মাৰ্চত অজ’ন স্তৰ সংৰক্ষণ সম্পৰ্কীয় ভিয়েনা চুক্তি (Vienna Convention for the Protection of Ozone Layer) সম্পাদিত কৰা হয় ।মন কৰিবলগীয়া যে ২০১৫ চনত ত্ৰিশটা বছৰ সম্পূৰ্ণ কৰা ভিয়েনা চুক্তিয়ে অজ’ন সম্পৰ্কীয় গৱেষণা, অধ্যয়ন তথা নীতি নিৰ্ধাৰণৰ বাবে পোনপ্ৰথমবাৰলৈ এক আন্তৰ্জাতিক পৰিকাঠামো গঠন কৰাৰ লগতে ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্যই স্বীকৃতি দিয়া প্ৰথমখন আন্তৰ্জাতিক চুক্তিৰ মৰ্য্যদাও অৰ্জন কৰে।
ইয়াৰ পৰৱৰ্তী কালত, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত অ’জন স্তৰ ধ্বংসকাৰী পদাৰ্থৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি ভিয়েনা চুক্তিৰ আধাৰতে মণ্ট্ৰিয়েল প্ৰট’কল গৃহীত কৰা হয়। এই প্ৰট’কলৰ জৰিয়তে অজ’ন অৱক্ষয়কাৰী পদাৰ্থসমূহৰ উৎপাদন তথা ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস কৰিবৰ বাবে বিশ্বৰ মুঠ ১৯৬ খন ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ তথা ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে সন্মতি প্ৰকাশ কৰে। এই প্ৰট’কল গৃহীত হোৱাৰ দিনটোক, অৰ্থাৎ ১৬ ছেপ্তেম্বৰৰ দিনটোক প্ৰতিবছৰে আন্তৰ্জাতিক অজ’ন দিৱস হিচাপে পালন কৰা হয়। এই বছৰ ভিয়েনা চুক্তিৰ ৩০ বছৰ হোৱা উপলক্ষে “একেলগে অজ’ন স্তৰৰ পৰিচৰ্য্যাৰ ৩০ বছৰ”ক এই দিৱসৰ মূল বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আনুষংগিক শ্ল’গান হিচাপে নিৰ্ধাৰণ কৰা বাক্যটো হ’ল – “অ’জন: আপোনাৰ আৰু অতি-বেঙুনীয়া ৰশ্মিৰ মাজৰ একমাত্ৰ ব্যৱধান” ।
ভিয়েনা চুক্তি তথা মণ্ট্ৰিয়েল প্ৰট’কলৰ অধীনত সমগ্ৰ বিশ্বতে অজ’ন অৱক্ষয় প্ৰতিৰোধৰ বাবে আৰম্ভ হোৱা আন্তৰ্জাতিক সহযোগিতা বিশ্বৰ ইতিহাসত এক লেখত লৱলগীয়া বিষয় হৈ থাকিব। কিয়নো ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্য ৰাষ্ট্ৰই স্বীকৃতি দিয়া আৰু প্ৰযোজ্য কৰা এই দুখনেই প্ৰথম চুক্তি।মন কৰিবলগীয়া যে ইয়াৰ পদক্ষেপ হিচাপেই সমগ্ৰ বিশ্বতে ক্লৰ’ফ্লৰ’কাৰ্বনৰ উৎপাদন তথা ব্যৱহাৰ বহুলপৰিমাণে হ্ৰাস পাবলৈ ধৰে। অন্যহাতে এই দুই চুক্তিৰ অধীনত লোৱা কাৰ্য্যাৱলীৰ পৰিণতিতে ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্য্যসূচী আৰু বিশ্ব বতৰবিজ্ঞান সংস্থাৰ প্ৰতিবেদনত কেইবাদশক ধৰি ক্ষয়ীভূত অৱস্থাত থকা অ’জন স্তৰটো পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবৰ উপক্ৰম হোৱাৰ তথ্য প্ৰকাশ পায়।শেহতীয়াকৈ ২০১৪ চনতো এণ্টাৰ্কটিকা মহাদেশত প্ৰতিবছৰে সৃষ্টি হোৱা অ’জন বিন্ধাৰ আকাৰ হ্ৰাস হোৱাৰ কথা গৱেষকসকলে প্ৰকাশ কৰিছে।আন্তৰ্জাতিক সহযোগিতাৰ সৱল ৰূপায়নৰ এনে ধনাত্মক তথা সফল উদাহৰণ অতিশয় বিৰল হোৱাৰ লগতে অন্যান্য পাৰিৱেশিক তথা সামাজিক সহযোগিতা কাৰ্য্যসূচীৰ বাবে নিসন্দেহে এক আদৰ্শ বুলি একেষাৰে ক’ব পাৰি।ইয়াৰ বিপৰীতে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে গৃহীত কিয়’ট’ প্ৰটক’ল তথা ইয়াৰ সহযোগী চুক্তিসমূহ আজিকোপতি বাৰম্বাৰ প্ৰচেষ্টাৰ পাছতো সকলো দেশে একেমুখে গ্ৰহণ নকৰাটো দূৰ্ভাগ্যজনক।
অ’জন স্তৰৰ অৱক্ষয় নিশ্চয়কৈ জীৱজগতৰ বাবে এক সাংঘাতিক বিপদজনক বিষয়। কিন্তু শেহতীয়াকৈ এই অৱক্ষয় প্ৰতিৰোধত লাভ কৰা সফলতাই এই ক্ষেত্ৰত অনেক আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে এইখিনিতে আমি মনত ৰখা ভাল যে, এতিয়াও এই ক্ষেত্ৰত বহুখিনি কাম বাকী আছে। অন্যহাতে জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণায়ন প্ৰক্ৰিয়াই এই অ’জন অৱক্ষয়ৰ প্ৰক্ৰিয়াক আৰু জটিল কৰি তোলাৰ লগতে অ’জন অৱক্ষয়েও গোলকীয় উষ্ণায়নক প্ৰভাৱিক কৰিব বুলি বিজ্ঞানীসকলে নানা অধ্যয়নত প্ৰকাশ কৰিছে। পৃথিৱীৰ পৰিৱেশত সৃষ্টি হোৱা নিত্য-নতুন প্ৰত্যাহ্বান, ন-ন অপকাৰী ৰসায়ন আদিৰ পৰা সৃষ্টি হ’ব পৰা সম্ভাৱ্য বিপদৰ পৰিপ্ৰেক্ষিততে মানুহকে ধৰি সকলো জীৱৰ তথা পৃথিৱীৰ সামগ্ৰিক পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত এই দিশত অহৰ্নিশে প্ৰচেষ্টা চলাই যোৱাৰ প্ৰয়োজন আছে।
(ছৱিৰ উৎস:wikimedia-commons) 
------------------------------x ---------------------------------

 (মাহেকীয়া অনুভূতি, ছেপ্তেম্বৰ, ২০১৫ সংখ্যাত, বিশ্ব অ'জ'ন দিৱস উপলক্ষে প্ৰকাশিত)

Tuesday, 11 August 2015

বিশ্ব জনসংখ্যা দিৱস: কিছু প্ৰাসংগিক বিষয়



১১ জুলাই, ১৯৮৭ । সমগ্ৰ বিশ্বতে এই দিনটোতে কিছু নতুন চিন্তা, নতুন পৰিস্থিতিৰ আৰম্ভণি হৈছিল। “পাঁচ বিলিয়নৰ দিন” ৰূপে জনাজাত এই দিনটোতে চৰকাৰীভাৱে, লিপিবদ্ধ তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যাই চুইছিল পাঁচ বিলিয়নৰ সীমা। জনস্ংখ্যাৰ এই বৰ্ধিত মাত্ৰাই স্বাভাৱিকতে  বিশ্বৰ বিজ্ঞানী, অৰ্থনীতিবিদ, সমাজবিজ্ঞানী সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ দুবছৰৰ পিছত, ১৯৮৯ চনৰ ১১ জুলাইৰ পৰা ৰাষ্ট্ৰ্সংঘৰ উন্নয়নমূলক কাৰ্য্যসূচীৰ (United Nation's Development Program) ৰ পৃষ্ঠপোষকতাত সমগ্ৰ বিশ্বতে এই দিনটো পৃথিৱীৰ জনসংখ্যা তথা ইয়াৰ স’তে জড়িত বিষয়ত সজাগতা সৃষ্টিৰ বাবে “বিশ্ব জনসংখ্যা দিৱস” হিচাপে পালন কৰিবলৈ লোৱা হয়। এই উদ্দেশ্যৰেই প্ৰত্যেক বছৰে জনস্ংখ্যা সম্পৰ্কীয় একোটা মুল বিষয়ক এই দিৱসৰ কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হয়।


জনসংখ্যাৰ বৃদ্ধি: সমস্যাৰ আৰম্ভণি

শিল্প বিপ্লৱৰ পিছৰ সময়ছোৱাত, বিজ্ঞান বিশেষকৈ চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতিয়ে মানুহৰ গড় আয়ুস বৃদ্ধিত সহায় কৰিলে, মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস হ’ল । এনে অনেক কাৰকৰ পৰিণতিত পৃথিৱীৰ জনস্ংখ্যাৰ জ্যামিতিক হাৰত বৃদ্ধি হ’বলৈ ল’লে। ১৯৮৭ চনৰ পৰৱৰ্তী প্ৰায় ২৭ বছৰত জনস্ংখ্যাৰ বৃদ্ধি হ’লগৈ দুই বিলিয়নৰো কিছু বেছি, অৰ্থাৎ ২০১৪ চনতে পৃথিৱীত মানুহৰ সংখ্যা হ’লগৈ ৭ বিলিয়নৰো অধিক। এই হাৰ অব্যাহত থাকিলে, ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৯.৬ বিলিয়ন অতিক্ৰম কৰিবগৈ বুলি অনুমান কৰা হৈছে।
কোৱা বাহুল্য মাত্ৰ যে, জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে আনুষংগিকভাৱে নানা সমস্যাৰ তীব্ৰতাও বাঢ়িবলৈ ধৰে। খাদ্য-সামগ্ৰীৰ অভাৱ, পৰিস্কাৰ খোৱাপানীৰ ব্যৱস্থা, উপযুক্ত অনাময় ব্যৱস্থা, বাসস্থানৰ অভাৱ আদি জনস্ংখ্যাৰ সমান্তৰালকৈ বৃদ্ধি পায়। লগতে বৃদ্ধি হয় প্ৰাকৃতিক সম্পদ আহৰণৰ প্ৰয়োজনীয়তা। খাদ্যগ্ৰহণকাৰীৰ সংখ্যা বঢ়াৰ লগে লগে কৃষিত উৎপাদন বঢ়োৱাৰ প্ৰয়োজনীয়তা সৃষ্টি হয়, বাসস্থানৰ বাবে প্ৰয়োজন হয় ন ন ঠাই। মুঠ কথাত সামগ্ৰিক ভাৱে আমাৰ ভূগ্ৰহৰ ওপৰত বৰ্ধিত জনস্ংখ্যাই একধৰণৰ চাপৰ জন্ম দিয়ে। ফলস্বৰূপে বনাঞ্চল হ্ৰাস, ব্যৱহাৰযোগ্য কৃষিভূমিৰ পৰিমাণ হ্ৰাস, জলসম্পদৰ সংকোচন তথা প্ৰদূষণ, শক্তি উৎসৰ বিশেষকৈ জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ তথা বায়ুপ্ৰদূষণ আদিৰ দৰে বিপদ ক্ৰমান্বয়ে বাঢ়ি আহে। এই সকলোবোৰৰ লগত যোগ হয় প্ৰাকৃতিক সম্পদ তথা উৎপাদিত সামগ্ৰীৰ অসমতুল বিতৰণ, বিশ্বৰ নানা দেশৰ মাজৰ আৰ্থিক অৱস্থাৰ পাৰ্থক্য আদিৰ দৰে আৰ্থ-সামাজিক সমস্যা। ইয়ে এফালে যিদৰে এচাম লোকক সকলো সুবিধা সহজে উপভোগ কৰাৰ লগতে সম্পদৰ অপব্যয় কৰিবলৈকো সুযোগ দিয়ে, আনফালে আন এচামৰ বাবে দাৰিদ্ৰ্য, ক্ষুধা, অপুষ্টি, ৰোগ-ব্যাধি আদিৰ দৰে বিপৰ্য্যয়ৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি কৰে। এই সকলোবোৰ মিলি গোটেই পৃথিৱীতে এক সামাজিক, অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয়।
বিগত শতিকাটোত সমগ্ৰ বিশ্বৰে জ্বলন্ত সমস্যা ৰূপে গণ্য কৰা জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণায়নৰো এক অন্যতম কাৰক হৈছে জনস্ংখ্যাৰ  অনিয়ন্ত্ৰিত বৃদ্ধি। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে, জনস্ংখ্যা বঢ়াৰ লগে লগে সম্পদৰ ব্যৱহাৰ বাঢ়ে, জীৱাশ্ম ইন্ধনৰ প্ৰয়োগ বৃদ্ধি পায় তথা নানা কাৰণত অৰণ্যানিৰ পৰিমাণ হ্ৰাস হয়। ইয়াৰ পৰিণতিত আমাৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে আদি কৰি নানাবিধ সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িবলৈ লৈছে আৰু ইয়ে বায়ুমণ্ডলৰ উষ্ণতা পূৰ্বৰ তুলনাত বৃদ্ধি কৰিছে। জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ আন্তৰ্জাতিক সংস্থা আই.পি.চি.চি.(Intergovernmental Panel on Climate Change)ৰ তথ্য অনুযায়ী ১৮৮০ চনৰ পৰা ২০১২ চনৰ ভিতৰত পৃথিৱীৰ গঢ় তাপমাত্ৰা প্ৰায় ১.৫৩ ফাৰেনহাইট (০.৮৫ ছেণ্টিগ্ৰেড) বৃদ্ধি পাইছে। ইয়াৰ লগে লগে সমগ্ৰ পৃথিৱীৰে জলবায়ুলৈও অভাৱনীয় পৰিৱৰ্তন আহিব বুলি শংকা কৰা হৈছে। শেহতীয়াকৈ আমাৰ দেশৰ মৌচুমী জলবায়ুত দেখা পোৱা খেলিমেলি এনে বৃহৎ জলবায়ৱিক পৰিৱৰ্তনৰে পৰিণাম বুলিও বিজ্ঞানীসকলে চৰ্চা কৰিছে। অন্যহাতে জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উত্তাপনৰ ফলত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, হিমবাহ গলন, জলসংকট, কৃষিৰ উৎপাদন হ্ৰাস, জীৱবৈচিত্ৰ্যৰ বিলুপ্তি, ন ন ৰোগৰ প্ৰাদূৰ্ভাৱ আদিৰ জৰিয়তে পুনৰাই মানৱসমাজলৈকে যে সংকট নামি আহিব, সেই কথাও এই প্ৰসংগতে উল্লেখ কৰি থ’ব পাৰি।


জনবিষ্ফোৰণ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান
জনস্ংখ্যাৰ এই বিষ্ফোৰণে সৃষ্টি কৰিব পৰা এক জটিল সংকট হ’ল – খাদ্য নিৰাপত্তাৰ সমস্যা। গোটেই পৃথিৱীৰ মুঠ ৭৯৫ মিলিয়ন লোক অদ্যপি অপুষ্টিৰ চিকাৰ আৰু ইয়াৰে ভিতৰত অধিকাংশই বাস কৰে উন্নয়নশীল দেশত। আনপিনে, প্ৰতি বছৰে পৃথিৱীত প্ৰায় ৮০ মিলিয়ন লোক বৃদ্ধি পায়। এই হাৰ অব্যাহত থাকিলে, ২০৫০ চনৰ ভিতৰত সমগ্ৰ পৃথিৱীৰ লোকৰ ক্ষুধা নিবাৰণৰ বাবে আমাক লাগিব ৬০ শতাংশ অধিক খাদ্য । অন্যহাতে উন্নয়নশীল দেশৰ বাবে এই পৰিমাণ হ’বগৈ ১০০ শতাংশ অধিক। ইয়াৰ বিপৰীতে এই বছৰৰ জুলাই মাহত ৰাষ্ট্ৰ্সংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা তথ্য অনুযায়ী বিগত বৰ্ষতকৈ এইবছৰৰ আনুমানিক খাদ্যশস্যৰ উৎপাদন হ’ব ১.১ শতাংশ কম। অন্যহাতে জলবায়ু পৰিবৰ্তনে কৃষিক্ষেত্ৰত সৃষ্টি কৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বাবে অনাগত ৫০ বছৰত যথেষ্ট পৰিমাণে উৎপাদনো হ্ৰাস হ’ব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। এনে পৰিপ্ৰেক্ষিতত,  এই বিশাল সংখ্যক খাৱৰীয়াৰ বাবে প্ৰয়োজনীয় খাদ্যৰ যোগান নিসন্দেহে অনাগত সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব।
জীৱন-ধাৰণৰ বাবে পানীৰ প্ৰয়োজনীয়তাক দুনাই কোৱাৰ প্ৰয়োজন হয়তো নাই । কিন্তু আজিকোপতি বিশ্বৰ প্ৰায় এক বিলিয়ন লোক পৰিস্কাৰ খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। অন্যহাতে, মুঠ জনস্ংখ্যাৰ প্ৰায় ২.৭ বিলিয়ন লোকে বছৰৰ অন্তত: এমাহ পানীৰ অভাৱত ভোগে। ৰাষ্ট্ৰসংঘৰ “বিশ্ব জল উন্নয়ন প্ৰতিবেদন, ২০১৫”ত প্ৰকাশিত তথ্য মতে, এতিয়াৰ হাৰত জনসংখ্যা বাঢ়ি থাকিলে আৰু  জলসম্পদৰ ব্যৱহাৰৰ ধৰণ-কৰণত বিশেষ পৰিৱৰ্তন নানিলে, ২০৫০ চনৰ ভিতৰত বিশ্বত প্ৰায় ৫৫ শতাংশ অধিক পানীৰ প্ৰয়োজন হ’ব। অন্যহাতে একেখন প্ৰতিবেদনতে ২০৩০ চনৰ ভিতৰত বিশ্বত  প্ৰয়োজনীয় পানীৰ প্ৰায় ৪০ শতাংশ কমকৈ পোৱা যাব । পৰিস্কাৰ পানীৰ সুলভতাই যিহেতু ৰাইজৰ স্বাস্থ্য তথা অনাময় প্ৰক্ৰিয়াক বিপুলভাৱে প্ৰভাৱিত কৰে, এনে ক্ষেত্ৰত পানীৰ এই সম্ভাৱ্য অভাৱ নিসন্দেহে আমাৰ সন্মুখত এক জটিল সংকট হিচাপে পৰিগণিত হ’ব । কেৱল সেয়াই নহয়, পানীৰ এই অভাৱে প্ৰভাৱ পেলাব কৃষিৰ দৰে ক্ষেত্ৰৰ উৎপাদনৰ সম্ভাৱনীয়তাতো।
খাদ্য আৰু পানীৰ সংকটৰ ওপৰিও বৰ্ধিত জনস্ংখ্যাই কিছুমান আনুষংগিক আৰ্থ-সামাজিক সমস্যাৰো সৃষ্টি কৰে। জীৱন আৰু জীৱিকাৰ সন্ধানত এঠাইৰ পৰা আনএঠাইলৈ মানুহে প্ৰব্ৰজন কৰিবলগীয়া অৱস্থাৰ জন্ম হয়। ইয়াৰ পৰিণতিত বহুসময়ত নৃ-গোষ্ঠীয় সংঘাত, ৰাজনৈতিক-সামাজিক সংঘাত, পৰিকাঠামোগত দূৰ্বলতা আদিৰ জন্ম হয় । অনাগত সময়ত সমগ্ৰ বিশ্বতে এনে আন্ত:দেশীয় সমস্যাৰ মাত্ৰা বঢ়াৰ সম্ভাৱনাও তেনেই কম নহয়। তদুপৰি, ক্ৰমবৰ্ধিত পৰিৱেশ প্ৰদূষণো জনসংখ্যা বৃদ্ধিয়ে মানৱজাতিলৈ কঢ়িওৱা অন্য এক জটিল সংকট।

জনসংখ্যাৰ জটিলতা, দূৰ্য্যোগ বিপৰ্য্যস্ত জীৱন

পুনৰ বিশ্ব জনসংখ্যা দিৱসৰ প্ৰসংগলৈ আহোঁ। এই দিৱসৰ এইবাৰৰ অৰ্থাৎ ২০১৫ চনত জনস্ংখ্যা দিৱসৰ মূল বিষয় – “জৰুৰীকালীন অৱস্থাত থকা বিপদগ্ৰস্ত জনসাধাৰণ।’’ ইয়াৰ জৰিয়তে, যুদ্ধ, প্ৰাকৃতিক দূৰ্য্যোগ, পাৰিৱেশিক সমস্যা বা অন্যান্য কাৰকৰ পৰিণতিত বিপদগ্ৰস্ত হোৱা, জীৱনৰ ভীতি সৃষ্টি হোৱা, নিজ গৃহৰ পৰা স্থানান্তৰিত সকলো লোকৰ বাবে এক সামগ্ৰিকভাৱে সুস্থিৰ বাতাৱৰণৰ সৃষ্টি কৰাৰ ওপৰত গূৰুত্ব আৰোপ কৰা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে সমগ্ৰ বিশ্বতে নানাবিধ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬০ মিলিয়ন লোক গৃহহাৰা হ’ব লগা হৈছে। শেহতীয়াকৈ ছিৰিয়া, য়েমেন আদিৰ অবিন্যস্ত ৰাজনৈতিক সংকট, যুদ্ধ, সন্ত্ৰাসবাদ আদিৰ ফলত ২০১৪-১৫ বৰ্ষৰ সময়ছোৱাত গৃহহাৰা হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অন্যহাতে নেপালৰ ভূমিকম্পৰ দৰে ভয়াবহ প্ৰাকৃতিক দূৰ্য্যোগেও অনেক লোকক শৰণাৰ্থী শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য কৰাইছে। কিন্তু এই সকলোবোৰ ক্ষেত্ৰতে এক উমৈহতীয়া বৈশিষ্ট্য বিৰাজমান আৰু সেয়া হৈছে, এনে সংকটময় সময়ত সচৰাচৰ কিশোৰী, গাভৰুকে ধৰি সকলো নাৰীয়েই নানা সমস্যা, শাৰীৰিক নিৰ্য্যাতন, ধৰ্ষণ আদিৰ দৰে বিপদৰ সন্মুখীন হ’ব লগা হয়, নিৰাপত্তাহীনতাত ভোগে। সমাজৰ এই অৰ্ধেকসংখ্যকৰ বাবে বহুসময়ত প্ৰয়োজনীয় নিম্নতম সা-সুবিধাখিনিৰ অভাৱ হয়। সেয়েহে, যুদ্ধ-বিগ্ৰহ, বান-ভূমিকম্প আদিৰ দৰে বিপদকালত বিশেষভাৱে নাৰী তথা শিশুসকলৰ নিৰাপত্তাৰ বিষয়টোত গূৰুত্ব আৰোপ কৰাটোও দূৰ্য্যোগ পৰিচালনাৰ এক অন্যতম বিষয়। গতিকে, এই সকলো কথা জুকিয়াই চায়েই এইবৰ্ষত সংকটাক্ৰান্ত ৰাইজৰ বাবে সমাজৰ কৰণীয় সম্পৰ্কে সজাগতা আনিবলৈ এই বিষয়টো গ্ৰহণ কৰা হৈছে।

আমাৰ কৰণীয়
গত ১১ জুলাই তাৰিখে, দিনৰ ২.৩০ বজাত  চৰকাৰী তথ্য মতে ভাৰতৰ জনসংখ্যা হ’লগৈ – ১,২৭৪,২৩৪,৫৩৮ জন আৰু ই বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.২৩ শতাংশ। দাৰিদ্ৰ্য আৰু অনগ্ৰসৰতা পীড়িত এখন দেশৰ বাবে এই বিপুল সংখ্যক লোক সম্পদ নে বিপদ সেই কথা নিসন্দেহে চিন্তনীয় বিষয়। দেশৰ এক বুজনসংখ্যক লোক এতিয়াও খাদ্য, পানী আৰু বাসস্থানৰ অভাৱত জৰ্জৰিত। ইয়াৰ লগতে যোগ হোৱা শিক্ষাগত তথা কাৰিকৰী কৌশলগত অৰ্হতাহীনতাৰ বাবে উৎপাদনশীল বয়সৰ যথেষ্টসংখ্যকে এতিয়াও উপযুক্ত উপাৰ্জন কৰিব নোৱাৰাৰ অৱস্থাই দৰিদ্ৰতাৰ হাৰ ক্ৰমে বঢ়াই নিছে।অন্যহাতে, কৃষিভিত্তিক অৰ্থনীতিৰ দেশখনত কৃষিক্ষেত্ৰৰ বতৰ নিৰ্ভৰশীলতাৰ ফলত উৎপাদনৰ বঢ়া-টুটাও এক চিন্তনীয় বিষয় দিশ। মৌচুমী বায়ুৰ সামান্য বিচ্যুতিয়েও আমাৰ দেশৰ কৃষি-অৰ্থনীতিক যে কোঙা কৰি পেলাব পাৰে, সেই কথা এই প্ৰসংগতে ক’ব পাৰি। আমি ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে জলবায়ু পৰিৱৰ্তনে খুব বেয়াকৈ দেশৰ কৃষি আৰু কৃষিভিত্তিক জীৱিকাসমূহক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি ক’লেও মিছা কোৱা নহয়। অৰ্থাৎ একেসময়তে দেশৰ সন্মুখত অনেক পৰস্পৰ বিপৰীত অৱস্থাৰ উৎপত্তি। এফালেদি, খাদ্য আৰু পানীৰ চাহিদা বাঢ়িছে, কিন্তু যোগান হ্ৰাস পাইছে।স্বাস্থ্য সেৱাৰ মান বহুক্ষেত্ৰত উন্নীত হ’লেও দাৰিদ্ৰ্য আৰু অপুষ্টি বঢ়াৰ লগে লগে এইধৰণৰ সমস্যাৰো বৃদ্ধি হৈছে। অইনহাতে নৱীকৰণযোগ্য আৰু “পৰিস্কাৰ” শক্তি উৎসৰ ব্যৱহাৰ দেশৰ প্ৰায় অৰ্ধেক লোকৰ বাবে  এতিয়াও সূদুৰ পৰাহত।   
  এনে এক অৱস্থাত দেশৰ এই ক্ৰমবৰ্ধিত আবাদীক সম্পদ বুলি ক’ব পাৰিবলৈ হ’লে আমি সমগ্ৰ দেশৰ আৰ্থ-সামাজিক পৰিকাঠামোকে শক্তিশালী আৰু নতুন কৰি গঢ় দিব লাগিব। ক্ষুধা তথা অভাৱ নিবাৰণ, খোৱা পানীৰ যোগান, যথোপযুক্ত অনাময় আঁচনি আদিৰ লগতে উপযুক্ত শিক্ষা তথা স্বাস্থ্য সেৱাৰ সুবিধাৰ জৰিয়তে এই বৃহৎ সংখ্যক মানুহক ভৱিষ্যতৰ বাবে উপযুক্ত কৰি তোলাটো আধুনিক ভাৰতৰ উন্নয়নৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। সমস্যাসমূহৰ অন্তৰ্নিহিত কাৰকক অনুধাৱন কৰি তৃণমুল পৰ্য্যায়ৰ পৰা সেই সমস্যাৰ সমাধানকল্পে পৰিস্থিতিসাপেক্ষ বিকাশমূলক কাৰ্য্যসূচী গ্ৰহণ কৰিব লাগিব। কাৰিকৰী দক্ষতা বৃদ্ধি, ক্ষুদ্ৰ তথা কুটীৰ শিল্পসমূহৰ বিকাশ, স্থানীয় সম্পদক বহনক্ষমভাৱে ব্যৱহাৰ কৰি সামাজিক লাভালাভ বৃদ্ধি আদিৰ দৰে সৰ্বাংগীন পদ্ধতিক আমি নকৈ আঁকোৱালি ল’ব লাগিব।জলবায়ুৰ তাৰতম্যই আনিব পৰা বিপৰ্য্যয় ৰোধৰ বাবে পৰম্পৰাগত কাৰিকৰী কৌশল, থলুৱা জ্ঞান আদিৰ সঠিক ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। এই সকলোখিনি সূচাৰুৰুপে কৰিব পাৰিলেহে বহনক্ষম উন্নয়নৰ বাটত দেশক আগুৱাই নিব পৰা যাব। আৰু এই সকলোটি দিশ নিশ্চিত কৰাত কেৱল চৰকাৰ নহয়, আমি প্ৰত্যেকেই হ’ব লাগিব সচেতন আৰু সদা তৎপৰ। আৰু সেয়া হৈ উঠিলেহে বিশ্ব জনসংখ্যা দিৱসৰ দৰে কাৰ্য্যসূচী পালন প্ৰকৃতাৰ্থতে সফল হ’ব।

------------------xxxxxxxxx--------------------
(মাহেকীয়া অনুভূতি, আগষ্ট,২০১৫)




Tuesday, 14 July 2015

খাদ্য ২: পৰম্পৰাগত খাদ্যৰ বিজ্ঞান


Components of traditional foods

কলপাতত বাঢ়ি দিয়া গৰম কণজহা চাউলৰ ভাতকেইটা, কাষত কলৰ দোনা বা ডোঙত দিয়া গৰম গৰম ডাইল, ধনীয়াপাতেৰে মলমলাই থকা খাৰ দিয়া মাটিমাহৰ আঞ্জাখন, ভেদাইলতা-নৰসিংহ নহলে পদিনাৰ চাটনি অলপ, দোৰোণ/ঢেকীয়া/খুতুৰা শাকৰ ভাজি, ঔটেঙাৰে ৰন্ধা মাছৰ জোল, কঠালগুটি / পাতত দিয়া কচুথোৰৰ পিটিকা ---এনেকুৱা এসাঁজ ভাতৰ কথা ক’লেই আমাৰ জিভাৰ পানী পৰাটো সাধাৰণ কথা । পিছে এইধৰনৰ পৰম্পৰাগত খাদ্যাভ্যাসৰ আঁৰত বিজ্ঞান আৰু প্ৰকৃতিৰ কথা লুকাই আছে বুলি ভাতসাঁজ খাওঁতে আমাৰ মনলৈ নহাটোৱেই নিতান্তই স্বাভাৱিক কথা ।অইনপিনে অপ্ৰিয় হ’লেও সত্য কথাষাৰ হ’ল, আজিৰ তাৰিখত আমাৰ বহুতৰে বাবে ‘পৰম্পৰাগত খাদ্য’ৰ অৰ্থ হ’ল – মহানগৰীৰ তথাকথিত “জনগোষ্ঠীয়” খাদ্য মেলাত লোভনীয় অথচ অস্বাস্থ্যসন্মতভাৱে তৈয়াৰী খৰিকাত দিয়া নানাবিধ মাংস আৰু স্থানীয় সুৰাৰ জুতি । অথবা লোভনীয় “নাম”ৰ, অভিজাত ৰেষ্টোৰাঁৰ “থালি”,  য’ত একে লগতে “খাৰে-টেঙাই-তিতাই-মিঠাই” খাদ্যসম্ভাৰ আগবঢ়াই দিয়া হয় চৰা দামত।  পিছে, পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰাকৃতিক ভেটি, আঁৰৰ বৈজ্ঞানিক যুক্তিযুক্ততা এনে ধাৰণাতকৈ অনেক বেছি গভীৰ; উপাদানবোৰ অধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধ  ।

আমি ওপৰত কৈ অহা ভাতসাঁজ আচলতে জীৱবৈচিত্ৰ্যৰ প্ৰতিনিধি বুলি ক’লেও বঢ়াই কোৱা নহয়। পৰিবেশন কৰিবলৈ ব্যৱহাৰ কৰা কলপাতখিলাৰ পৰা পিটিকা, ভাজি, আঞ্জা, জলকীয়া, মচলাখিনিলৈ প্ৰতিবিধ বস্তুৱেই একো একোবিধ জৈৱসম্পদ। সহজলভ্য, প্ৰাকৃতিকভাৱে উপলব্ধ। গাঁৱৰ ঘৰৰ বাৰী এখনলৈ ওলাই গ’লেই, দুপৰীয়াৰ ভাতসাজৰ লগত খাব পৰাকৈ এনে অনেক গছ-বন-পাত-শাক-পাচলি পোৱা যায় যে, সিয়ে ভাতসাজ উপাদেয় কৰাই নহয়, দেখাতো ভাল লগা কৰি তোলে। কেৱল নিৰামিষ খাদ্যই নহয়, পুখুৰী-খাল-বিলত পোৱা মোৱা-পুঠি-চন্দা-গৰৈ-কাৱৈ-শিঙি-শ’ল-ৰৌ-বাহু – এই সকলো মাছ, যাৰ পাতত দিয়া, পোৰা পিটিকা, ভাজি, খোলাত দিয়া বা শুকুৱাই থোৱা খাদ্যৰ জুতি আমি লওঁ বা ল’বলৈ ভাল পাওঁ , সেইবোৰো জীৱবৈচিত্ৰ্যৰে অংগ। আৰু এই কথাতে আমাৰ খাদ্য আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কৰ কথাটো স্পষ্টকৈ প্ৰকাশ পায়। এতিয়া কথা হ’ল – পৰম্পৰাগত খাদ্যবোৰ আমি চিৰদিনে খাই আহিছোঁ আৰু হয়তো আগলৈকো খাই থাকিম!! এনেকুৱা গতানুগতিক প্ৰক্ৰিয়া এটাৰ মাজত জানো কিবা বিজ্ঞান লুকাই থাকিব পাৰে ? পোনপটিয়াকৈ ক’বলৈ হ’লে – নিশ্চয় পাৰে আৰু আছেও । কেৱল অসমৰ বুলিয়েই নহয়, পৃথিৱীৰ প্ৰত্যেকখন ঠাইৰে, প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা খাদ্যৰ বৈশিষ্ট্যৰ একোটা কাৰক আছে আৰু সেই কাৰকতে আছে বৈজ্ঞানিক ভিত্তি।

খাদ্যৰ প্ৰসংগলৈ যোৱাৰ পূৰ্ৱে এই কথা কোৱা অপ্ৰাসংগিক নহ’ব যে-  আন সকলো প্ৰাণী তথা উদ্ভিদৰ দৰে মানুহৰো জীৱনপ্ৰক্ৰিয়াক বতৰ তথা জলবায়ুৱে প্ৰভাৱান্বিত কৰে। কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ কেনে হ’ব – তাৰ অন্তৰালত ক্ৰিয়া কৰা মূল বিষয়টো হ’ল উক্ত স্থানৰ জলবায়ুৰ গতি-প্ৰকৃতি। ৰ’দ, বৰষুণ, উষ্ণতা, বতাহ, ডাৱৰ – আদিৰ দৰে বতৰৰ উপাদানৰ সামূহিক প্ৰভাৱৰ ফলত উক্ত ঠাইত কেনে গছ-গছনি থাকিব, কি কি জীৱ-জন্তু পোৱা যাব – সেই সকলো কথা নিৰ্ভৰ কৰে। একেদৰে, তাৰ মাটি-পানী কেনে হ’ব, কি কি শস্যৰ খেতি কৰিব পৰা যাব, সেয়াও বতৰ আৰু জলবায়ুৱে নিৰ্ধাৰণ কৰে। কেৱল সেয়াই নহয়, উক্ত স্থানৰ বাসিন্দাসকলৰ দৈনন্দিন জীৱন-যাত্ৰা, জীৱিকা, সমাজ-সংস্কৃতি, আচাৰ-আচৰণ-বিশ্বাস আদিতো বতৰ আৰু জলবায়ুজনিত কাৰকে প্ৰভাৱ পেলায়। শস্য উৎপাদন প্ৰক্ৰিয়াৰ বতৰ নিৰ্ভৰশীলতাৰ বাবে উক্ত অঞ্চলত কি কি খাদ্যবস্তু পোৱা যাব, সেয়াও বতৰ বা জলবায়ুৱেই নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ, একেবাৰে সৰলভাৱে ক’বলৈ গ’লে – কোনো এখন ঠাইৰ বাসিন্দাসকলৰ খাদ্যাভ্যাস প্ৰত্যক্ষ বা পৰোক্ষভাৱে বতৰ তথা জলবায়ু নিয়ন্ত্ৰিত। (অৱশ্যে এইক্ষেত্ৰত আমি আজিকালি বছৰৰ যিকোনো সময়তে উপলব্ধ হোৱা খাদ্যসম্ভাৰৰ কথা ক’ব খোজা নাই, কিয়নো সেয়া প্ৰকৃতাৰ্থত পৰম্পৰাগত খাদ্যাভ্যাসৰ ভিতৰুৱা নহয়।) সেইবাবেই পৃথিৱীৰ অঞ্চলবিশেষে খাদ্যাভ্যাসৰ যি ভিন্নতা দেখা যায়, সেয়া আচলতে বতৰ আৰু জলবায়ুৰ ভিন্নতাৰে পৰিণতি। একোটা অঞ্চলৰ পৰিৱেশত যি যি খাদ্যসামগ্ৰী প্ৰাকৃতিকভাৱে পোৱা যায়, সেইবোৰৰ বিষয়ে তাৰ বাসিন্দাসকলে বছৰৰ পাছত বছৰ ধৰি সঞ্চয় কৰা অভিজ্ঞতাৰ ভেটিতে স্থানীয় খাদ্যসংস্কৃতিয়ে গঢ় লয়। সেইসূত্ৰেই ঋতুভেদে খাদ্যৰ ধৰণ-কৰণ-প্ৰকাৰণৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, আমাৰ অতি প্ৰিয় পঁইতাভাতৰ জুতিটো গৰমৰ দিনতহে প্ৰচলিত, শীতকালি নহয়; একেদৰে শীতকালি খোৱা খাদ্যসমূহ সততে আমি গৰমৰ দিনত খোৱাৰ পৰা বিৰত থাকোঁ।

অন্যহাতে বতৰ আৰু জলবায়ুৰ খাদ্যৰ সতে থকা সম্পৰ্কৰ কথা ক’বলৈ লওঁতে আমি খাদ্যাভ্যাসে কেনেকৈ বতৰ বা জলবায়ুত প্ৰভাৱ পেলায় সেই কথাও আলোচনা কৰিব লাগিব। বতৰ বা জলবায়ুৱে যেনেকৈ আমাৰ খাদ্যক নিয়ন্ত্ৰণ কৰে, একেদৰে খাদ্যসামগ্ৰী আৰু খাদ্যাভ্যাসেও বতৰ বা জলবায়ুক প্ৰভাৱিত কৰে। থলুৱা খাদ্যপ্ৰণালী, থলুৱা খাদ্য বস্তু আদিৰ পৰা উৎপন্ন হোৱা মুঠ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আধুনিক খাদ্যপ্ৰণালী, আমদানিকৃত খাদ্যসামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে সৃষ্ট কাৰ্বন-ডাই-অক্সাইডতকৈ বেছি। কিয়নো অন্য ঠাইৰ পৰা খাদ্যৰ পৰিবহন কৰোঁতে, সংৰক্ষণ কৰোঁতে, পেকেজড খাদ্য প্ৰস্তুত কৰোঁতে অধিক পৰিমাণৰ শক্তিৰ ব্যৱহাৰ হয়। সেইফালৰ পৰা থলুৱা খাদ্যৰ তুলনাত আমদানিকৃত, বজাৰত পোৱা খাদ্যৰ পৰা হ’ব পৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰাও বেছি। এই কাৰণতে, শেহতী্যাকৈ, জলবায়ু পৰিৱৰ্তনৰ নিয়ন্ত্ৰণ বিষয়ক কৰ্মপদ্ধতিত থলুৱা খাদ্য প্ৰণালীৰ প্ৰচলন বৃদ্ধিৰ ওপৰত গূৰুত্ব প্ৰদান কৰা হৈছে।

আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে পৰম্পৰাগত খাদ্যৰ অন্যতম বৈশিষ্ট্য হ’ল – জীৱবৈচিত্ৰ্যৰ পয়োভৰ । ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুযায়ী পূৰ্বৰ অন্ধ্ৰপ্ৰদেশ আৰু বৰ্তমানৰ তেলেংগানাৰ “দলিত” সম্প্ৰদায়ৰ লোকসকলৰ পৰম্পৰাগত খাদ্যত মুঠ ৩২৯ বিধ তথা গুজৰাটৰ ‘ভীল’সকলৰ খাদ্যত মুঠ ৯৫ বিধ বেলেগ বেলেগ প্ৰজাতিৰ ব্যৱহাৰ হয়। আমাৰ ব’হাগ বিহুৰ সময়ত খোৱা এশ এবিধ শাকৰ পৰম্পৰাইও প্ৰকৃততে খাদ্য আৰু জীৱবৈচিত্ৰ্যৰ মাজৰ সম্পৰ্ককে প্ৰতিনিধিত্ব কৰে। মন কৰিবলগীয়া কথাটো হ’ল – পৰম্পৰাগত খাদ্যত সন্নিবিষ্ট অধিকাংশ উপাদানেই কিন্তু সাধাৰণতে বন্য অৱস্থাত পোৱা যায়, আধুনিক কৃষিকৰ্মৰ জৰিয়তে উৎপাদিত নহয়। বহুসময়ত আনকি এইবোৰ শস্যক্ষেত্ৰত থকা অপতৃণৰ পৰাও পোৱা যায়। এইপিনৰ পৰা লক্ষ্য কৰিলে স্পষ্ট হোৱা কথাষাৰ হ’ল – পৰম্পৰাগত খাদ্যাভ্যাসে জীৱবৈচিত্ৰ্যৰ সংৰক্ষণত কৰা সহায়। সেইবাবেই, আধুনিক জীৱনযাত্ৰাৰ মেৰ-পেঁচে আমাৰ খাদ্যপ্ৰণালী সলোৱাৰ লগে লগে, আমাৰ চৌপাশৰ পৰা বহুতো উদ্ভিদ, বহু প্ৰাণী লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিছে। আধুনিক কৃষিব্যৱস্থাই আনি দিয়া উচ্চ উৎপাদনক্ষম শস্যৰ জাতৰ খেতিৰ ব্যাপক প্ৰচলনৰ লগে  লগে নোহোৱা হ’বলৈ ধৰিছে থলুৱা সঁচবোৰ,  লেতেকু, পনিয়ল, নুনী, ডিমৰু, বনপিঠা, জেনেৰু আদি থলুৱা ফল, জাহিঙা, আমপাখী, মেমলাহি, মাগুৰী, মাণিকীমধুৰী, চকোৱা, আমনা আদি থলুৱা ধানৰ সঁচ পাবলৈ নোহোৱা হোৱাটোও আমাৰ খাদ্যলৈ অহা এনে পৰিৱৰ্তনৰে চিনাকি।

পৰম্পৰাগত খাদ্যসম্ভাৰৰ অন্য এক লেখত ল’বলগীয়া গূণ হ’ল – বিভিন্ন ঋতুকালীন বা অন্যান্য ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতা। বতৰৰ পৰিৱৰ্তনে শৰীৰত সৃষ্টি কৰিব পৰা অসুবিধাৰ পৰা হাত সৰাত আমাৰ থলুৱা খাদ্য বা পানীয়ই বিশেষভাৱে সহায় কৰে। গৰমৰ দিনৰ ডাব নাৰিকলৰ পানী, নেমুৰ চৰ্বত, থেকেৰাৰ চৰ্বত আদি পানীয়ই শৰীৰৰ উষ্ণতা কমোৱাত সহায় কৰে। সেইদৰে আমি শীতকালি ভজা বস্তু বা অধিক তেলজাতীয় বস্তু, মাংসজাতীয় খাদ্য খাওঁ, কিয়নো এনে খাদ্যই শৰীৰৰ শীত প্ৰতিৰোধী শক্তি বঢ়ায়। একেদৰে নিমপাত, শেৱালীপাত, ভেদাইলতা, নৰসিংহ, তুলসী, আদা, মৌজোল, দোৰোণ শাক, মানিমুনি, টেঙেচী, চিৰতা, শোকোতা, তিতাফুল, আমলখি, শিলিখা - আদিবোৰ আমি সময়ে সময়ে খোৱাৰ কাৰণো হ’ল শৰীৰত হ’ব পৰা ৰোগৰ প্ৰতিৰোধ।এই সকলোবোৰ খাদ্য কিন্তু একেদিনাই আমাৰ স্ংস্কৃতিৰ ভিতৰুৱা হোৱা নাই। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি, প্ৰকৃতিৰ সতে সহাৱস্থান কৰিবলৈ শিকা মানুহে নিজৰ অভিজ্ঞতাৰ আলমতহে এইবোৰ গছ-পাত-বনক খাদ্য তালিকাৰ অংগ কৰি লৈছে আৰু এইবোৰৰ উপকাৰীতাৰ জ্ঞান পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিছে। জনগোষ্ঠীয় সমাজবোৰত এনে ঔষধি গূণসমৃদ্ধ এনে বহু খাদ্যৰ প্ৰচলন আছে, যিবোৰৰ প্ৰকৃত অধ্যয়নে আমাক অনেক তথ্যৰ সন্ধান দিব পাৰে।

অন্যহাতে পৰম্পৰাগত খাদ্য সম্ভাৰৰ পুষ্টিগুণো আওকাণ কৰিব পৰা নহয়। আমি ওপৰত উল্লেখ কৰি অহা বনৰীয়া ফল-মূলবোৰ, শাক-পাতবোৰ অনেক খাদ্যপ্ৰাণ আৰু খনিজ দ্ৰৱ্যৰ উৎস। গতিকে, এইবিলাকৰ গ্ৰহণে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ সকলকো প্ৰয়োজনীয় পুষ্টি সঠিকভাৱে যোগান দিব পাৰে। উদাহৰণ হিচাপে আমি কঠালৰ কথা ক’ব পাৰো। সহজলভ্য এই ফলবিধৰ পুষ্টি মুল্য যথেষ্ট অধিক। অন্যহাতে, আজিকালি আমি, অৰ্থাৎ আধুনিক জীৱনযাত্ৰাত অভ্যস্ত সকলো লোকেই সততে পেকেটত পোৱা, সংৰক্ষণ কৰি থোৱা খাদ্য খোৱাত  অভ্যস্ত হৈ পৰিছোঁ । জীৱনযাত্ৰাৰ গতিবেগ বঢ়াৰ দৰেই আমাৰ “ফাষ্ট ফুড”ৰ প্ৰতি আসক্তি বাঢ়িছে। আমাৰ সলনি হোৱা খাদ্যৰ লগে লগে স্বাস্থ্যৰ অৱস্থাৰো পৰিৱৰ্তন হৈছে। কোমল চাউল, সান্দহ, মুৰি, চিৰা, পিঠা আদিৰ দৰে উপাদেয় আৰু স্বাস্থ্যসন্মত খাদ্যবোৰ আমাৰ খাদ্যতালিকাৰ পৰা বাদ পৰিছে। অথচ সময়ে সময়ে চলি অহা নানা অধ্যয়নত জানিব পৰা গৈছে যে কৃত্ৰিমভাৱে প্ৰস্তুত আৰু সংৰক্ষিত খাদ্যৰ গ্ৰহণৰ ফলত মেদবহুলতা, হৃদৰোগ, পাচনতন্ত্ৰৰ ৰোগ আদি নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে  বা হয়। এনেবোৰ তথ্যইও পৰম্পৰাগত খাদ্যৰ স্বাস্থ্যানুকূলতা আৰু বৈজ্ঞানিক যুক্তিযুক্ততাক প্ৰমাণ কৰে।

অৱশ্যে বহুসময়ত এনেকুৱা কিছুমান পৰম্পৰাগত খাদ্যও থাকে, যিবিলাকৰ পৰা উপকাৰতকৈ অপকাৰ বেছি। অন্যহাতে কিছুমান খাদ্যক কেন্দ্ৰ কৰি প্ৰচলিত অন্ধবিশ্বাসে কেতিয়াবা প্ৰকৃতিত অপূৰণীয় ক্ষতিও সাধন কৰিব পাৰে।কাছৰ মাংস, গূঁইসাপৰ মাংস আদিক লৈ থকা অন্ধবিশ্বাসে এই প্ৰজাতিবোৰৰ সংখ্যা দিনে দিনে হ্ৰাস কৰি আহিছে।একেদৰে, কিছুমান খাদ্য অস্বাস্থ্যসন্মতভাৱে খালে, সি দেহত অপকাৰ কৰিবও পাৰে। কাঠফুলাৰ বিষক্ৰিয়া এনে অসচেতনতাজনিত অপকাৰৰ উদাহৰণ। এনেবোৰ দিশ লৈও সচেতনতা সৃষ্টি হোৱাৰ দৰকাৰ।

খাদ্য কেৱল সংস্কৃতিৰে উপাদান নহয়। পৰম্পৰাগত খাদ্যই একোখন ঠাইৰ সামগ্ৰিক পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰক প্ৰতিনিধিত্ব কৰে। বনৰীয়া ৰূপত উপলব্ধ নানাবিধ জৈৱসম্পদক নিজৰ পুষ্টি তথা সুস্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা অৰু সফলতাৰ প্ৰতীক আমাৰ জনগোষ্ঠীয় খাদ্যসম্ভাৰ। অন্যহাতে, এনে খাদ্যৰ পৰম্পৰাক ধৰি ৰাখি প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত লোৱা ভূমিকা, বনৰীয়া বা উৎপাদিত খাদ্য দ্ৰৱ্যৰ সঠিক পদ্ধতিৰে কৰা সংৰক্ষণ, শস্যৰ বীজ সংৰক্ষণ তথা কৰ্ষণৰ ক্ষেত্ৰত লোৱা দায়িত্বৰ মাজেৰে সচেতন বা অসচেতনভাৱে এই জনগোষ্ঠীয় সমাজসমূহৰ মহিলাসকলে জৈৱবৈচিত্ৰিক সম্পদৰ ৰক্ষণাবেক্ষণত বিশেষভাৱে আগ-ভাগ লৈ আহিছে। এই সকলোবোৰ কথাকে কিন্তু আজিৰ প্ৰেক্ষাপটত, বহনক্ষম উন্নয়নৰ ভেটি দৃঢ় কৰিবৰ বাবে দৰকাৰী থলুৱা প্ৰযুক্তিগত কৌশল (Indigenous Technological Knowhow)ৰ নামত পুনঃ পুনঃ পৰ্য্যালোচনা কৰা হৈছে, বিশ্লেষণ কৰা হৈছে, অধ্যয়ন কৰা হৈছে। এনে পৰিপ্ৰেক্ষিততে পৰম্পৰাগত খাদ্যৰ মাজৰ এই বৈজ্ঞানিক দিশবোৰৰ যুক্তিসন্মত গৱেষণা কৰাতো দৰকাৰ আৰু এনে খাদ্যৰ ব্যৱহাৰিক উপকাৰিতাক বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ দৰকাৰ। ন’হলে আধুনিক খাদ্যাভ্যাসৰ মোহত বন্দী হৈ আমি এনে খাদ্যপ্ৰণালীক পৰিত্যাগ কৰা মানে বছৰৰ পাছত বছৰ ধৰি সঞ্চিত জ্ঞানৰ ভাণ্ডাৰ চিৰদিনলৈ লুপ্ত হৈ যোৱা আৰু স্বাস্থ্যসন্মত খাদ্যপ্ৰণালীৰ বিলুপ্তি ঘটা। সেয়া হোৱাটো নিশ্চয় আমাৰ কাৰোৰে কাম্য নহয়।  

(মাহেকীয়া অনুভূতি, জুলাই সংখ্যা, ২০১৫)

Thursday, 9 July 2015

খাদ্য ১: “মেগী” বিতৰ্ক আৰু কিছু জানিবলগীয়া কথা



“মেগী”আশীৰ দশকৰ পৰা ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ, মধ্যবিত্তীয় ভাৰতীয়ৰ ঘৰুৱা খাদ্য হৈ পৰা এইবিধ খাদ্যসামগ্ৰীৰ আকস্মিক পতনে  যোৱা কিছুদিনত সকলোৰে দৃষ্টি কাঢ়িছে। আন্তৰ্জাতিক প্ৰতিষ্ঠন “নেচলে”ৰ ভাৰতীয় শাখাৰ আটাইতকৈ জনপ্ৰিয় সামগ্ৰীয়েই হ’ল মেগীৰ ইনষ্টেণ্ট নুডলচ কেইবিধ। ১৯৮২ চনত প্ৰথমবাৰলৈ ভাৰতত নেচলে ইণ্ডিয়া কোম্পানীয়ে মেগীৰ “ইনষ্টেণ্ট নুডলচ্” বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰে পৰা ‘মেগী’ হৈ পৰে এক ঘৰুৱা আৰু আপোন নাম।  ৰন্ধনপ্ৰক্ৰিয়াৰ জটিলতাহীনতা তথা মুখৰোচক সোৱাদৰ বাবে চাৰি-পাঁচ বছৰৰ শিশুৰ পৰা কিশোৰ-কিশোৰীলৈ, হোষ্টেলত-ভাৰাঘৰত নিজে ৰান্ধি খাবলৈ বাধ্য হোৱা যুৱক-যুৱতীৰ পৰা চল্লিশোৰ্ধৰ আদহীয়ালৈ সকলোৰে “আকালৰ ভাত, বিপদৰ মাত” হৈ মেগীয়ে সকলোকে তৃপ্ত কৰি আহিছে। আনহে নেলাগে, দূৰ্গম স্থানতো নানা কাৰণত কৰ্তব্যৰ খাতিৰত সময় কটাব লগাত পৰা  দূৰ্য্যোগ সেৱা বাহিনী, পৰ্বতাৰোহী – সকলোৰে বাবে মেগীৰ এই “ইনষ্টেণ্ট নুডল”সমূহে ভাত বা ৰুটিৰ দায়িত্ব পালন কৰিছে যোৱা ৩০টা বছৰে। আৰু সেইবাবেই হয়তো, “মেগী” ব্ৰেণ্ডৰ নামত চুপ, চচ বা মছলাৰ দৰে অন্যান্য সামগ্ৰীৰ উৎপাদন হ’লেও ভাৰতীয় মধ্যবিত্তীয় পৰিয়ালৰ বাবে “মেগী” মানে কেৱল সেই নিৰ্দিষ্ট ‘ইনষ্টেণ্ট নুডলচ’ কেইবিধহে!


এইহেন পৰম লোকপ্ৰিয় খাদ্যবিধক লৈ হঠাতে আৰম্ভ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ বজাৰৰ পৰা “মেগী”ৰ কেওবিধ নুডলচ অপসাৰণ কৰিবলৈ নেচলে ইণ্ডিয়া বাধ্য হয়। এই বিতৰ্কৰ আৰম্ভণি হয় উত্তৰ প্ৰদেশত । ৰাজ্যখনৰ লক্ষ্ণৌস্থিত খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে (Food Safety and Drug Administration) এই বছৰৰ মে’ মাহত মেগী নুডলচৰ নমুনাত মন’ছডিয়াম গ্লুটামেটৰ লগতে নিৰ্দিষ্ট অনুমোদিত সীমাতকৈ অধিক মাত্ৰাত সীহ (lead)ৰ উপস্থিতি ধৰা পেলায়। ইয়াৰ লগে লগে ৰাজ্যখনত এমাহৰ বাবে মেগীৰ বিক্ৰী নিষিদ্ধ কৰা হয়। উত্তৰ প্ৰদেশৰ পাছত দেশৰ আন কেবাখনো ৰাজ্য যেনে কৰ্ণাটক, দিল্লী, অসম, কেৰালা আদিতো মেগীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়। অৱশেষত জুন মাহৰ ৫ তাৰিখে দেশৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই (Food Safety and Standards Authority of India -FSSAI) নেচলে ইণ্ডিয়াক “মেগী” ব্ৰেণ্ডৰ নামত থকা ৯ বিধ নুডলচ বজাৰৰ পৰা ঘুৰাই নিবলৈ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া কথাষাৰ হ’ল ইয়াৰে “মেগী ওটচ্‌ মছলা নুডলচ”  নামৰ সামগ্ৰীবিধ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদন নোহোৱাকৈয়ে, যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈয়ে কোম্পানীটোৱে বজাৰত উলিয়াই দিছিল ।

সীহ (Lead) কি ?
সীহ হ’ল এবিধ গধুৰ ধাতু আৰু আমাৰ দেহত এই বিধ ধাতুৰ মাত্ৰাধিক্যই যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আমি খোৱা খাদ্য, পানী আৰু সেৱন কৰা বায়ুৰ পৰা শৰীৰত প্ৰৱেশ কৰা সীহৰ প্ৰভাৱত তেজত থকা হিম’গ্লবিন তথা অন্যান্য কিছু প্ৰটিনত থকা হিম’ অংশৰ সংশ্লেষণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ফলস্বৰুপে শৰীৰৰ অক্সিজেন তথা গ্লুক’জ ব্যৱহাৰৰ ক্ষমতা হ্ৰাস পায়। মানুহৰ তেজত সীহৰ মাত্ৰা ০.৮ পিপিএমতকৈ বেছি হ’লে হিম’গ্লবিনৰ মাত্ৰা দ্ৰুতভাৱে কমি ৰক্তাল্পতাৰ লক্ষণ দেখা দিয়াৰ ওপৰিও এনে মাত্ৰাত বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস তথা মগজুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। অন্যহাতে, শৰীৰত প্ৰৱেশ কৰা সীহ,  আমাৰ হাড়ত থকা কেলচিয়ামৰ সতে একে ৰাসায়নিক গঠনৰ হোৱাৰ বাবে ই কেলচিয়ামক আঁতৰাই ক্ৰমে হাড়ত জমা হবলৈ ধৰে । সাধাৰণ অৱস্থাত আমি খোৱা খাদ্য আৰু পানীত সীহৰ অনুমোদিত মাত্ৰা -  ০.০১ ৰ পৰা সৰ্বোচ্চ ২.৫ পিপিএম পৰ্য্যন্ত । অৱশ্যে, কিছুমান খাদ্যৰ ক্ষেত্ৰত এই মাত্ৰা ১০ পিপিএম পৰ্য্যন্ত হ’বগৈ পাৰে।  অন্যহাতে মেগীৰ নুডলচৰ পৰীক্ষিত নমুনাত থকা সীহৰ মাত্ৰা এই অনুমোদিত পৰিমাণতকৈ প্ৰায় সাত গুণ (১৭.২ পিপিএম) অধিক বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। (**১ পিপিএম মানে – এক লিটাৰত এক মিলিগ্ৰাম পৰিমাণৰ দ্ৰ্ৱ্য)

মন’ছডিয়াম গ্লুটামেট (Monosodium glutamate) : বিতৰ্কিত সোৱাদ

চমূকৈ MSG  বুলি পৰিচিত ‘মন’ছডিয়াম গ্লুটামেট’ নামৰ ৰাসায়নিক পদাৰ্থবিধৰ কাম খাদ্যৰ স্বাদ বঢ়োৱা। মন কৰিবলগীয়া কথাষাৰ হ’ল এই মন’ছডিয়াম গ্লুটামেট প্ৰাকৃতিক ভাৱেও নানা খাদ্য বস্তু যেনে কাঠফুলা, ছয়াবিন, বিলাহী, বাদাম জাতীয় দ্ৰৱ্যত পোৱা যায় । প্ৰকৃততে ই গ্লুটামিক এচিড নামৰ এমিন’ এচিদবিধৰ ছডিয়াম লৱণ আৰু ইয়ে খাদ্যক একপ্ৰকাৰৰ মাংসৰ দৰে স্বাদ, (যাক ইংৰাজীত কোৱা হয় ‘উমামী’ (Umami)) প্ৰদান কৰে। পোনপ্ৰথম বাৰৰ বাবে এই লৱণবিধ জাপানৰ কিকুনে ইকেদা (Kikunae Ikeda)নামৰ ব্যক্তিজনে কম্বু নামৰ এবিধ সাগৰীয় শেলাইৰ (kambu) পৰা কৃত্ৰিমভাৱে আহৰণ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানে কিন্বন (Fermentation) পদ্ধতিৰে গোমধান, বীট, শিমলু আলু আদিৰ দৰে শৰ্কৰাযুক্ত বস্তুৰ পৰা কৃত্ৰিম MSG ৰ বাণিজ্যিক উৎপাদন কৰা হয়। সাধাৰণতে কোৰিয়ান, চীনা আৰু জাপানীজ খাদ্যসম্ভাৰত বহুলভাৱে ব্যবহৃত হোৱা এইবিধ ৰাসায়নিক পদাৰ্থই খাদ্যবস্তুৰ স্বাদ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ইয়াৰ বাণিজ্যিক উৎপাদন দ্ৰুতগতিত বাঢ়িবলৈ লয় আৰু সমানুপাতিকভাৱে প্ৰক্ৰিয়াকৃত খাদ্য বা পেকেটত থকা খাদ্যত (processed or packaged food)ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাবলৈ ধৰে । এইবিধ সামগ্ৰী বজাৰত “আজিনাম’ট’”, “একচেণ্ট (Accent)”, চেজ’ন (Sazon) আদি নামেৰে বিক্ৰী কৰা হয়।

সচৰাচৰ MSGৰ স্বাস্থ্যজনিত প্ৰতিক্ৰিয়াক লৈ দুই বিশেষ মতবাদৰ প্ৰচলন দেখা যায় । সাধাৰণতে পশ্চিমীয়া বিশেষকৈ ইংৰাজী ভাষী দেশসমূহত (Anglosphere)MSG ৰ পৰা নানা অপকাৰ হয় বুলি বিভিন্ন খাদ্য গৱেষকসকলে প্ৰকাশ কৰিছে যদিও বহুসংখ্যক বিজ্ঞানীয়ে আকৌ ইয়াৰ বিপৰীতেহে মত দিয়া দেখা যায় । খাদ্যত থকা MSGৰ ভক্ষণৰ ফলত অনেক ব্যক্তি মূৰবিষ, মূৰ ঘূৰোৱা, বুকুৰ অস্বস্তি, ঘাম ওলোৱা, মুখৰ জ্বলা-পোৰা বা ফুলা,  ছাল ৰঙা পৰি যোৱা, ভাগৰ লগা আদি নানা অসুবিধাৰ সন্মুখীন হোৱাৰ কথা পোৱা যায় । সামূহিকভাৱে “চাইনীজ ৰেষ্টোৰাঁ চিনড্ৰ’ম” বুলি জনাজাত এই লক্ষণসমূহ একপ্ৰকাৰৰ এলাৰ্জী বুলি জানিব পৰা গৈছে । তদুপৰি অতিমাত্ৰাত মন’ছডিয়াম গ্লুটামেটৰ সেৱনে শৰীৰক এলেহুৱা কৰি তোলা, অতিমাত্ৰা পিয়াহ লগা, মুখৰ স্নায়ুৰ অনিয়ন্ত্ৰিত সঞ্চালন, জঠৰতা আদি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কথাও জানিব পৰা গৈছে। মন কৰিবলগীয়া যে গ্লুটামিক এচিদ বা গ্লুটামেটৰ মাত্ৰাধিক্যই আমাৰ স্নায়ুতন্ত্ৰক অতিমাত্ৰা উত্তেজিত কৰি তোলাৰ সম্ভাৱনা আছে বুলিও নানা গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে একাংশ বিজ্ঞানীৰ মতে মন’ছডিয়াম গ্লুটামেটৰ প্ৰকৃততে তেনে কোনো সাংঘাতিক পাৰ্শ্বক্ৰিয়া নাই । বৰঞ্চ চাইনীজ ৰেষ্টোৰা ছিনড্ৰ’ম একপ্ৰকাৰৰ ব্যক্তিনিৰ্ভৰ আৰু মানসিক ভীতিজনিত ৰোগ বুলিহে এইসকল লোকে প্ৰকাশ কৰে । অৱশ্যে এইখিনিতে উল্লেখনীয় এষাৰ কথা হ’লে – সচৰাচৰ MSG ক লৈ হোৱা গৱেষণাসমূহত অধ্যায়ন প্ৰক্ৰিয়াত ব্যৱহৃত অত্যাধিক বেছি MSGৰ  পৰিমাণ তথা পৰীক্ষাপদ্ধতিৰ আসোঁৱাহে অধিকাংশ গৱেষণাৰে বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন নকৰা  নহয়। অন্যহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা সংস্থা, Food and Drug Administration(FDA)ৰ মতে MSG এবিধ সাধাৰণভাৱে সুৰক্ষিত পদাৰ্থ (Generally safe) আৰু খাদ্যত ৩ গ্ৰাম পৰ্য্যন্ত MSG থাকিব পাৰে।অৱশ্যে মন’ছডিয়াম গ্লূটামেটে খাদ্য দ্ৰৱ্যক জিভাৰ বাবে অধিক লোভনীয় কৰি তুলি একধৰণৰ নিচাগ্ৰস্ততাৰ জন্ম দিয়ে বুলিও বিজ্ঞানীসকলে কয় । ফলস্বৰূপে উক্ত সোৱাদযুক্ত খাদ্যবস্তু বাৰম্বাৰ আৰু অধিক মাত্ৰাত খাবৰ বাবে ব্যক্তিজন আগ্ৰহী হৈ উঠে। প্ৰয়োজনীয় পৰিমানতকৈ বেছিকৈ ভক্ষণ কৰাৰ ফলত ইয়ে শৰীৰক মেদবহুলতাৰ দৰে ৰোগৰ চিকাৰ কৰি তোলাৰ সম্ভাৱনা নোহোৱা নহয়।

মেগী বিতৰ্ক : অশ্বত্থামা হত ইতি গজ

মন’ছডিয়াম গ্লুটামেটৰ শাৰীৰিক পাৰ্শ্বক্ৰিয়া থাকক বা নাথাকক, সচৰাচৰ বিভিন্ন দেশৰ নিৰ্দেশনা মতে যিকোনো খাদ্যসামগ্ৰীৰ পেকেটত যদিহে এই সামগ্ৰীবিধৰ কৃত্ৰিম প্ৰয়োগ কৰা হয়, তেন্তে সেয়া স্পষ্টকৈ বাহিৰৰ পেকেটত উল্লেখ থাকিব লাগে। অথবা যিবিলাক পেকেটত থকা সামগ্ৰীত ইয়াৰ উৎসৰূপী প্ৰাকৃতিক দ্ৰৱ্যবোৰৰ ব্যৱহাৰ হয়, তেনে সামগ্ৰীৰ পেকেটত “No Added MSG” বুলি লিখা থাকিব নালাগে।  কিন্তু সততে মেগী বা তেনে পেকেটত থকা খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰ্তা কোম্পানীবোৰে গ্ৰাহকে MSG থকা খাদ্য ক্ৰয় নকৰিব বুলি, এই ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰে । সৰলভাৱে কবলৈ গ’লে গোটেই কথাটো মহাভাৰতৰ যুদ্ধত যুধিষ্ঠিৰে দ্ৰোণাচাৰ্য্যক “অশ্বত্থামা হত ইতি গজ” বুলি মিছা মতাৰ দৰে ঘটনা । কিন্ত কেনেকৈ ?

আমি ইতিমধ্যে কৈ আহিছোঁ যে MSG প্ৰাকৃতিক ভাৱেও অনেক খাদ্যবস্তুত পোৱা যায় । এই কথাষাৰকে আমাৰ মেগীৰ দৰে তথাকথিত জনপ্ৰিয় আৰু ‘স্বাস্থ্যসন্মত’ খাদ্য প্ৰস্তুত কৰা কোম্পানী বিলাকে ব্যৱহাৰ কৰে । উদাহৰণস্বৰুপে মেগীৰ মছলা বা আন কোনো সোৱাদৰ নুডলছৰ পেকেটত উপাদানসমূহৰ নামত লিখা থকা হাইড্ৰ’লাইজড্ পিনাট প্ৰটিন (hydrolysed peanut protein), হাইড্ৰ’লাইজড চয় প্ৰটিন (hydrolysed soy protein), ইষ্ট এক্সট্ৰেক্ট (east extract), প্ৰটিন কনচেন্ট্ৰেট্ (protein concentrate), টেপিঅ’কা ষ্টাৰ্চ (tapioca starch) আদি উপাদানবোৰ, নেচাৰ আইডেণ্টিকেল আৰু আৰ্টিফিচিয়েল ফ্লেভাৰিং এজেণ্ট বোলা বস্তুবোৰ MSG ৰে ছদ্মবেশী পদাৰ্থ। অন্যহাতে পেকেটত লিখা থকা সতৰ্কবাণীটো – “ইয়াত গাখীৰ, চয়া বা সৰিয়হ থাকিব পাৰে” (May contain milk, soy/soybean, mustard)ও প্ৰকৃততে এনে এক ব্যৱসায়িক বুদ্ধিৰে ফচল। আচলতে এই সকলোবোৰ খাদ্য সামগ্ৰীয়েই কৃত্ৰিমভাৱে মন’ছডিয়াম গ্লুটামেট আহৰণৰ একোটা উৎস; অথচ এইবোৰক প্ৰাকৃতিক সামগ্ৰী ৰুপে দেখুৱাব পৰা যায় । অন্যহাতে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ এই সংক্ৰান্তীয় নিয়মাৱলীতো কিছু সুৰুঙা আছে, যাৰ গইনা লৈয়েই স্বাদ বৃদ্ধিৰ বাবে থকা মছলাৰ পেকেটত MSG যোগ দিও, এনে নুদলছ বিলাকৰ পেকেটৰ বাহিৰত “MSG নাই” বুলি ঘোষণা কৰিব পাৰি । কিয়নো এই নিয়ম অনুযায়ী মেগীৰ দৰে শুকান আৰু আগতে ৰন্ধা খাদ্যৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে MSG  থাকিব নোৱাৰে যদিও, এইবোৰৰ লগত থকা মছলাৰ পেকেটত (Seasoning)ৰ ক্ষেত্ৰত MSG  অনুমোদিত পৰিমাণত থাকিব পাৰে !! গতিকে গৈ গৈ কথাষাৰৰ ৰূপটো হয়গৈ এনেকুৱা – “আমাৰ খাদ্যত MSG নাই, কিন্তু MSG ৰ উৎসবোৰ আছে !!”

এই কথাষাৰ কেৱল মন’ছডিয়াম গ্লুটামেটৰ দৰে বিতৰ্কিত পদাৰ্থৰ ক্ষেত্ৰতে নহয়, এনে আন বহুতো উপাদানৰ ক্ষেত্ৰতে পোৱা যায়। সচৰাচৰ চৰ্বি জাতীয় উপাদানৰ ক্ষেত্ৰত সংপৃক্ত, অসংপৃক্ত আৰু ট্ৰেন্স চৰ্বি সম্পৰ্কে গ্ৰাহকৰ অজ্ঞানতাৰ সুযোগ লৈ এনে আভুৱা ভৰাৰ উদাহৰণ অনেক। আৰু এইদৰে চলাহী কথাৰে গ্ৰাহকক ভুলপথে পৰিচালনা কৰাৰ বাবেই মেগী বা তেনে প্ৰক্ৰিয়াকৃত খাদ্যসামগ্ৰী বিক্ৰেতা কোম্পানীবোৰ কঠোৰ শাস্তি পোৱাৰ যোগ্য বুলি ক’ব পাৰি।

কেৱল মেগীয়েই নে ?

মেগী ব্ৰেণ্ডৰ নুডলচৰ ক্ষেত্ৰত আৰম্ভ হোৱা বিতৰ্কই ইতিমধ্যে অন্যান্য ইনষ্টেণ্ট নুডলছ ব্ৰেণ্ড বিলাককো স্পৰ্শ কৰিছে। “ৱাই ৱাই”, “টপ ৰেমন”, “ইপ্পি”, “নৰ” আদি অন্যান্য জনপ্ৰিয় নুডল ব্ৰেণ্ডসমূহৰ উৎপাদ সমূহকো পৰীক্ষা কৰি চাবলৈ লোৱা হৈছে। ইয়াৰ ভিতৰত উল্লেখনীয় কথাষাৰ হ’ল হিন্দুস্থান ইউনিলিভাৰৰ “Knorr” ব্ৰেণ্ডৰ নুডলসমূহক FSSAIৰ সম্পুৰ্ণ অনুমোদন অবিহনেই বিক্ৰীৰ বাবে বজাৰলৈ মুকলি কৰি দিয়া হৈছিল। একেদৰে আই.টি.চি. লিমিটেডৰ “ইপ্পি(Yipee)” ৰ ক্ষেত্ৰতো MSG সংক্ৰান্তত গোপনীয়তা অৱলম্বনৰ অভিযোগ উঠাৰ সম্ভাৱনা দেখিয়েই কোম্পানীটোৱে পেকেটত “No Added MSG” বুলি থকা বাক্যাংশ উঠাই ল’বলৈ যো-জা চলাইছে। অন্যহাতে কেন্দ্ৰীয় খাদ্য সুৰক্ষা সংস্থাটোৰ তৰফৰ পৰাও, শেহতীয়াকৈ বজাৰত উপলব্ধ সকলোবোৰ নুডলছ, পাষ্টা আৰু মেকাৰণিৰ উপাদানসমূহৰ পৰীক্ষণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি এনে ধৰণৰ বিতৰ্কৰ আওঁতালৈ আন অনেক সামগ্ৰী যেনে গাখীৰ আৰু গাখীৰ জাতীয় খাদ্য, শিশু খাদ্য, শক্তিবৰ্ধক তথা শাৰীৰিক বিকাশ বৰ্ধক খাদ্যসমূহকো টানি অনা হৈছে।

বিতৰ্ক সম্পৰ্কত নেচলে’ৰ মন্তব্য

লক্ষনীয়ভাৱে মেগীৰ নিৰ্মাতা নেচলে ইণ্ডিয়াই FSSAI ৰ আগত মেগী নুডলছত সীহ আৰু মন’ছডিয়াম গ্লুটামেট্ৰ উপস্থিতি তথা অনুমতিবিহীন ভাৱেই অ’টছ মছলা নুডলছ বজাৰত এৰি দিয়াক লৈ গা এৰা দিয়া যুক্তি কিছুমান আগবঢ়াইছে আত্মপক্ষ সমৰ্থনত । তেওঁলোকৰ মতে – দুয়োবিধ সামগ্ৰীৰ পৰীক্ষাৰ ক্ষেত্ৰত উপযুক্ত পদ্ধতিৰে পৰীক্ষা কৰা হোৱা নাই। যিহেতু মেগী নুডলছ আৰু মছলা একেলগে খোৱা হয়, গতিকে দুয়োবিধ একেলগে সিজাই লৈহে পৰীক্ষা কৰা উচিত। অন্যহাতে উক্ত মেগীৰ নমুনাসমূহ পৰীক্ষাৰ পূৰ্বে দুমাহ মুকলিকৈ থৈ দিয়া বাবে সীহ পোৱা গৈছে । আনপিনে তেওঁলোকে যিহেতু অ’টছ নুডলছৰ বিক্ৰীৰ অনুমোদন বিচাৰি আবেদন কৰিছে আৰু অনুমোদনৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ ন্যায়ালয়ৰ দ্বাৰা স্থগিত কৰি ৰখা হৈছে, গতিকে সেয়েই তেওঁলোকে নুডলছ বিধ বজাৰলৈ উলিয়াই দিলে !! অন্যহাতে একে সময়তে তেওঁলোকে মেগীৰ পেকেটত ভুৱা তথ্যৰে গ্ৰাহকক আভুৱা ভাঁৰিছে বুলি মানি লৈ নতুন পেকেটৰ প্ৰস্তূতকৰণৰো কাম আৰম্ভ কৰিছে বুলি FSSAI ক জানিবলৈ দিয়ে! অৱশ্যে সংশ্লিষ্ট খাদ্য সুৰক্ষা সংস্থাটোৱে এইক্ষেত্ৰত নেচলে ইণ্ডিয়াই দিয়া সকলো যুক্তি অগ্ৰাহ্য কৰি, ১৫ দিনৰ ভিতৰত মেগীৰ মুঠ ৯ বিধ নুডলছৰ ক্ষেত্ৰত থকা অনুমোদন কিয় উঠাই লোৱা ন’হব, তাৰ কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছে।

আমি কি কৰিম??

কথা হ’ল – বজাৰৰ পৰা মেগী নোহোৱা হৈ গ’লে তাৰ ঠাইত আন এবিধ সামগ্ৰী বজাৰলৈ এৰি দিয়া হ’ব। লোভনীয় বিজ্ঞাপন দিয়া হ’ব, ভুৱা পুষ্টি সম্বন্ধীয় তথ্য, অৰ্ধসত্যৰে তাক বিক্ৰী কৰা হ’ব। অনুমোদন নোপোৱাকৈয়ে একোবিধ সামগ্ৰীয়ে বজাৰ দখল কৰিব, আমাৰ ৰান্ধনিঘৰো দখল কৰিব । আৰু বিশেষ কোনো ঘটনা নোহোৱালৈকে, FSSAIৰ দৰে সংস্থাৰ চকুত নপৰাকৈয়ে সেইবিলাক বজাৰত চলি থাকিব । আমাৰ  দৰে মধ্যবিত্ত পৰিয়ালবোৰত খাদ্যৰ নামত অপকাৰী ৰাসায়নিক পদাৰ্থ ভক্ষণৰ প্ৰক্ৰিয়াটোও এনেকৈয়ে চলি থাকিব। এনে পৰিপ্ৰেক্ষিতত আমি কি কৰা উচিত ?
প্ৰথম কথা,  যিকোনো সামগ্ৰী কিনোঁতে সচেতন হওক। বিজ্ঞাপনত ভাল বুলি ক’লেই যে বস্তু এবিধ ভাল হ’ব, তেনে নহয়। বিজ্ঞাপনে দাবী কৰাৰ দৰে পুষ্টি প্ৰকৃততে সামগ্ৰী বিধত আছে নে, সেয়া ভালকৈ লক্ষ্য কৰক। পেকেটত থকা লেবেল, সামগ্ৰী একোটা কিনাৰ আগতে পৰীক্ষা কৰক, ভালকৈ পঢ়ক। প্ৰাকৃতিক সোৱাদ আৰু ৰঙৰ কথা উল্লেখ থাকিলে, সেয়া আচলতে আছে নে সেয়া প্ৰাকৃতিক উপাদান সদৃশ আন কিবাহে, সেয়া বুজিবলৈ চেষ্টা কৰি চাওক । আৰু সকলোতকৈ ডাঙৰ কথা, পৰাপক্ষত এনে খাদ্য সামগ্ৰী ব্যৱহাৰ কৰাটো সীমিত কৰক বা একেবাৰে বন্ধ কৰক আৰু যিমান পাৰি সতেজ খাদ্য সামগ্ৰী, ঘৰতে প্ৰস্তুত কৰিব পৰা খাদ্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক! সেয়ে হ’লেহে আমি আজিৰ আধুনিক সময়ৰ নানাবিধ ৰোগ, মেদবহুলতা আদিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰিম, এক সুস্বাস্থ্যকৰ জীৱন উদযাপন কৰিব পাৰিম।

(ইত্যাদি জনসাধাৰণ, জুন, ২০১৫)