উত্তৰ-পূৱ
মৌচুমীৰ অভাৱনীয় ৰৌদ্ৰমূৰ্তিয়ে চেন্নাইৰ দৰে
দেশৰ আগশাৰীৰ মহানগৰী এখনৰ যি অৱস্থা কৰিছে, সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। বতৰবিজ্ঞান
কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা দিনকেইটাত চেন্নাইত হোৱা বৰষুণৰ মাত্ৰাই বিগত ১০০ বছৰৰ
ৰেকৰ্ড ভংগ কৰিছে। সচৰাচৰ, উত্তৰ-পূৱ মৌচুমী বায়ুৱে তামিলনাডু-কেৰালা আদিৰ দৰে দেশৰ
দক্ষিণপ্ৰান্তৰ ৰাজ্যকেইখনত বছৰৰ শেষভাগতো যথেষ্ট বৃষ্টিপাতৰ সৃষ্টি কৰে যদিও এইবাৰ
এই বৰষুণৰ মাত্ৰা অভূতপূৰ্বধৰণেৰে বৃদ্ধি পালে। কেৱল চেন্নাই তথা ইয়াৰ উপকণ্ঠ অঞ্চলতে
এই বৰষুণ তথা প্ৰলয়ংকৰী বানে এই পৰ্য্যন্ত দুই শতাধিক লোকৰ প্ৰাণহানি ঘটাইছে। কেৱল
এয়াই নহয়, এইটো বছৰতে এনে কেবাটাও জলবায়ুৰ লগত সম্পৰ্কিত, সততে নোহোৱা ধৰণৰ বতৰৰ খেলিমেলি
দেশৰ নানা প্ৰান্তত দেখা পোৱা গ’ল। ২০১৫ৰ আগভাগতে, মাৰ্চ-এপ্ৰিল মাহত, সমগ্ৰ উত্তৰ
ভাৰতত হোৱা আকস্মিক আৰু প্ৰৱল শিলা-বৰষুণে এই গোটেই অঞ্চলবোৰত ৰবি শস্যক বিৰূপভাৱে
প্ৰভাৱিত কৰিলে। কপাহ, মাহজাতীয় শস্য, বিবিধ পাচলিক সম্পূৰ্ণৰৰুপে নষ্ট কৰা সেই কাল-বৰষুণৰ
প্ৰভাৱত সৰ্বস্ৰান্ত হোৱা অনেক কৃষকৰ আত্মহত্যা জলবায়ুজনিত কাৰণত হ’ব পৰা সামাজিক প্ৰতিক্ৰিয়াৰ
চাক্ষুষ উদাহৰণ। একেদৰে, যোৱা দুটামান বছৰত কাশ্মীৰ-লাডাখ-উত্তৰাখণ্ডত হোৱা অভাৱনীয়
বানপানীৰ ঘটনাও আমাৰ জলবায়ুলৈ তেনেই নীৰৱে নামি অহা পৰিৱৰ্তনৰ প্ৰমাণ বুলি বিগানীসকলে
মত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে, ২০১৫ চনত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনত দক্ষিণ-পশ্চিম
মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণৰ মাত্ৰা ২৬ ৰ পৰা ৫৯ শতাংশ পৰ্য্যন্ত হ্ৰাস পাইছে
বুলি ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
এই
সকলো তথ্যই নিৰ্দেশ কৰা সত্য এটাই আৰু সেয়া হ’ল – আমি অৱহেলা কৰিলেও, গুৰুত্বহীন বুলি
ভাৱিলেও জলবায়ু পৰিৱৰ্তন এক বাস্তৱ সত্য। আমাৰ অসমৰ দৰে প্ৰচুৰ বৰষুণ হোৱা ৰাজ্যত ভৰ
বাৰিষা চিৰালফাঁট মেলা পথাৰৰ দৃশ্য শেহতীয়াকৈ সুলভ হ’বলৈ লৈছে। অন্যহাতে, গৰমৰ মাত্ৰায়ো
ভংগ কৰিছে বিগত অনেক বছৰৰ ৰেকৰ্ড। ২০০০ চনৰ পৰা ২০১৫ লৈ, মুঠ ১৬টা বছৰৰ ১৩টাই ঔদ্যোগিক
বিপ্লৱৰ পৰৱৰ্তী কালৰ আটাইতকৈ গৰম বছৰ হিচাপে চিহ্নিত হোৱাৰ তথ্য বিজ্ঞানীসকলে প্ৰকাশ
কৰিছে। প্ৰায় একে সময়তে, পৃথিৱীৰ বায়ুমণ্ডলৰ অন্যতম সেউজগৃহ গেছ কাৰ্বন-ডাই-অক্সাইডৰ
মাত্ৰাই ৪০০ পিপিএমৰ সীমা স্পৰ্শ কৰাৰ তথ্যও আমি লাভ কৰিছোঁ।
আমি
ওপৰত উল্লেখ কৰা প্ৰায় প্ৰতিটো তথ্যই এটা কথাই নিৰ্দেশ কৰে আৰু সেয়া হ’ল –জলবায়ু পৰিৱৰ্তনে
সূচনা কৰিব পৰা অভাৱনীয় প্ৰতিক্ৰিয়াবোৰ। মূলতঃ বতৰৰ গতি-বিধিয়ে নিয়ন্ত্ৰণ কৰা দেশৰ
কৃষিক্ষেত্ৰ, কৃষিভিত্তিক অৰ্থনীতিৰ পৰা আৰম্ভ কৰি ৰাইজৰ স্বাস্থ্য তথা জীৱনৰ নিৰাপত্তালৈকে,
সকলো দিশকে জলবায়ু পৰিৱৰ্তনে প্ৰভাৱিত কৰিব পাৰে। গ্ৰাম্যাঞ্চলৰ কৃষিজীৱি ৰাইজকে নহয়,বতৰৰ
খেলিলেমিয়ে কিদৰে তুলনামূলকভাৱে সূচল অৱস্থানত থকা মহানগৰীৰ বাসিন্দাকো কিদৰে বিপৰ্য্যস্ত
কৰিব পাৰে, সেই কথা আমি চেন্নাইৰ এই ঘটনাৰ জৰিয়তেই দেখা পালোঁ।অন্যহাতে, চেন্নাইৰ এই
দূৰ্যোগ যে বহুপৰিমানে মানৱসৃষ্ট ন’হলেও মানৱকৃত যে হয় সেই কথাও অস্বীকাৰ কৰা নাযায়।
অপৰিকল্পিত নগৰীকৰণ, জলধাৰক হিচাপে এক গূৰুত্বপূৰ্ণ ভূমিকা লোৱা জলাহভূমি, বিল সমূহ
পূতি, তাত অট্টালিকা নিৰ্মাণ, জাৱৰ-জোঁথেৰে ৰুদ্ধ কৰা নলা-নৰ্দমা আদিৰ অৱস্থা –এই সকলোবোৰ
মিলি চেন্নাইত বতৰে চলোৱা তাণ্ডৱক দহগুণ অধিক কৰি তুলিলে। একেটা অৱস্থাই পৰিলক্ষিত
হয় অসমৰ গুৱাহাটী মহানগৰীকে ধৰি ক্ৰমে “বিকাশ”ৰ দৌৰত দৌৰা ডিব্ৰুগড়, তিনিচুকীয়া,নলবাৰীৰ
দৰে মফচলীয়া চহৰবোৰতো। এজাক বৰষুণেই সততে বিধ্বস্ত কৰি তোলা গুৱাহাটীত চেন্নাইত হোৱা
পৰিমাণৰ বৰষুণ হ’বলৈ হ’লে যে কি হ’ব, সেই কথা কল্পনাৰো বাহিৰৰ।অইনপিনে, চেন্নাইৰ এই
বিপৰ্য্যস্ত পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিছে চেম্বাৰাম্বক্কম(Chembarambakkam)হ্ৰদত থকা বান্ধৰ পৰা আগজাননী অবিহনেই
মুকলি কৰি দিয়া পানীয়ে।অৰ্থাৎ আমাৰ ইয়াত নিৰ্মিয়মান নদীবান্ধসমূহৰ নিৰ্মাণৰ সময়ত এইধৰণৰ
অভাৱনীয় বৃষ্টিৰ দিশবোৰ বিবেচনা নকৰাটো যে কিমান মাৰাত্মক হৈ উঠিব পাৰে, সেই কথাও আমি
ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ।
যিসময়ত চেন্নাই তথা ইয়াৰ কাষৰীয়া অঞ্চলবোৰ আৰু অন্ধ্ৰপ্ৰদেশত এই আবতৰীয়া বানৰ
তাণ্ডৱ চলিছে, একেসময়তে বিশ্বৰ অন্য এক প্ৰান্তত, অৰ্থাৎ পেৰিছত চলি আছে COP21 শীৰ্ষক জলবায়ু পৰিৱৰ্তন ৰোধৰ পৰিকল্পনা নিৰূপনৰ আন্তৰ্জাতিক
সন্মিলন, য’ত ভাৰতকে ধৰি প্ৰায় ১৫০
খন দেশে এইবিষয়ত এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পাৰিব বুলি আশা কৰা গৈছে।সম্ভৱত:
চেন্নাইৰ দৰে পৰিস্থিতিয়ে এই সকলো দেশ তথা আমালৈকো কঢ়িয়াই আনিছে সেই সংকেত, অনতিপলমে
এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু সেউজগৃহ গেছৰ নিয়ন্ত্ৰণ কমাবলৈ আমি সকলোৱে ব্যৱস্থা
লোৱা উচিত।বিকাশ তথা উন্নয়নৰ নামত পৰিকল্পিত নিৰ্মাণ, নিৰ্বনানীকৰণ, জলাহভূমিৰ বিলুপ্তি,
প্ৰাকৃতিক জলাধাৰবোৰৰ ধ্বংসৰ দৰে কামৰ পৰিণতিৰ এই ভয়াবহতাৰ পৰা আমি সকলোৱে শিক্ষা ল’ব
নোৱাৰিলে আৰু সেই শিক্ষাৰ ভেটিত সংশোধন তথা সমাধানৰ বাবে তৎপৰ নহ’লে, ইয়াতকৈও ভয়াবহ
দূৰ্য্যোগে যে আমালৈ বাট চাই আছে, সেই কথাও তেনেই নিশ্চিত।
(অসমীয়া খবৰ, ৭ ডিচেম্বৰ, ২০১৫; আলোকচিত্ৰ উৎস-ইণ্টাৰনেট)
No comments:
Post a Comment