Monday, 19 October 2015

উৎসৱৰ বিপদ


এতিয়া উছৱৰ বতৰ। চাৰিওফালে আনন্দমুখৰতা, ৰং-ৰহইছ। পূজা-বেলুন-দীপাৱলী-চাকি-ফটকা-বিজুলীবাতি-মিঠাইৰ সময়। এই আনন্দমুখৰতাৰ মাজত আমি কিছুমান কথা মনলৈ নানো, আনিবলৈ ভাল নেপাওঁ। পিছে, আমাৰ চৌপাশৰ প্ৰকৃতি-পৰিৱেশৰ স’তে আমাৰ সম্পৰ্কটো ইমানেই জটিল আৰু সূহ্ম যে, আমি ৰং-ৰহইছত মতলীয়া হৈ পৰাৰ এই সময়বোৰে আমাৰ অজানিতে প্ৰকৃতিত আঘাত হানে আৰু পিছত আমাকেই অপকাৰ কৰে! সেইবাবেই আমি উৎসৱৰ বতৰৰ এই  বিপদবোৰৰ কথা  জনা দৰকাৰ। 

উৎসৱৰ আঁচলত প্ৰদূষণৰ বীজ
 এই বতৰত উৎসৱ বুলিলেই পূজাৰ কথাই মনলৈ আহে! দূৰ্গা পূজা, গণেশ পূজা, বিশ্বকৰ্মা পূজা, কালী পূজা – এই সকলো পাৰ্বনতে উপাস্য দেৱ-দেৱীৰ মূৰ্তি পূজা কৰা হয়। এই মূৰ্তিবোৰ নিৰ্মাণত সচৰাচৰ ব্যৱহৃত হোৱা সামগ্ৰীবোৰ হ’ল – বাঁহ, কাঠ, বোকামাটি, মৰাপাটৰ জৰী, খেৰ, প্লাষ্টাৰ অৱ পেৰিছ, নানাবিধ স্ংশ্লেষিত ৰং ইত্যাদি। অন্যহাতে, পূজাৰ সময়ত এই মূৰ্তিবোৰক নানা বস্ত্ৰ তথা আ-অলংকাৰ দি সজোৱা হয়, ফুল, ফুলৰ মালা, সেন্দুৰ, তেলজাতীয় দ্ৰৱ্য পিন্ধোৱা হয়। পূজাৰ শেষত যেতিয়া এই মূৰ্তিবোৰ, প্ৰথা অনুযায়ী কোনো জলভাগত, বিশেষকৈ নদীত বিসৰ্জন দিয়া হয়, সমস্যাৰ সূত্ৰপাত হয় তেতিয়াই।
প্লাষ্টাৰ অৱ পেৰিছ, সংশ্লেষিত ৰং, কাপোৰ, কৃত্ৰিম আ-অলংকাৰ, সেন্দুৰ, থাৰ্ম’ক’ল আদিত নানাবিধ অপকাৰী ৰাসানিক  পদাৰ্থ থাকে। বিশেষকৈ মূৰ্তিৰ গাত দিয়া ৰং, কাপোৰত ব্যৱহৃত ৰঞ্জকদ্ৰৱ্য তথা সেন্দুৰত অনেক তৰহৰ ধাতু বা ধাতুজাতীয় দ্ৰৱ্য যেনে সীহ, পাৰা, দস্তা বা জিংক, ক্ৰমিয়াম আদি থাকে। এই ধাতুবিলাকৰ অতি কম পৰিমাণো জীৱকূলৰ বাবে অপকাৰী। গতিকে পানীত বিসৰ্জিত মূৰ্তিৰ পৰা এই সকলো অপকাৰী ধাতু পানীত মিহলি হৈ পানীৰ গূণাগুণ নষ্ট কৰে। সাধাৰণতে মূৰ্তিত ব্যৱহৃত মাটি কেঁচাকৈয়ে থাকিলে সি পানীত মিহলি হৈ যায়। তদুপৰি পূজাত ব্যৱহৃত ফুল, প্ৰসাদ জাতীয় দ্ৰৱ্য আদিবোৰ জৈৱজাত সামগ্ৰী বাবে পানীত পৰাৰ পাছত এইবোৰ পছিবলৈ আৰম্ভ কৰে। পৰিমাণ বহু বেছি হয় বাবে, এইবোৰে ক্ৰমান্বয়ে পানীত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰি আনে।একেদৰে বাঁহ বা সৰু সৰু কাঠৰ কাঠি, থাৰ্ম’ক’ল আদিবোৰ নদী বা হ্ৰদৰ তলিভাগত জমা হ’বলৈ ধৰে। অন্যহাতে পূজাৰ ব্যৱহৃত তেলজাতীয় সামগ্ৰীৰ তৈলাক্ত অংশই পানীৰ ওপৰত চামনি সৃষ্টি কৰাই নহয়, জলজ জীৱ যেনে মাছৰ শ্বাসাংগ অৰ্থাৎ ফুল আদিত একোটা চামনিৰ তৰপ পেলায়। ফলত এই জীৱবিলাকৰ শ্বসন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। তদুপৰি মূৰ্তি বিসৰ্জনৰ ফলত নদী বা হ্ৰদৰ পানীত দ্ৰৱীভূত গোটা পদাৰ্থ, অদ্ৰৱণীয় গোটা পদাৰ্থ আদিৰো মাত্ৰা বাঢ়ি, পানী অধিক ঘোলা হয়। ইয়াৰ ফলত জলভাগৰ ভিতৰলৈ প্ৰৱেশ কৰা  সূৰ্য্যৰ ৰশ্মিৰ  পৰিমাণ কমি, শেলাই বা অন্য জলজ উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে। অন্যহাতে আমি ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত, অবাত শ্বসন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পানীৰ গোন্ধ, স্বাদ ক্ৰমে বেয়া হ’বলৈ ধৰে। ২০০৯ চনত গুৱাহাটীৰ কাছাৰী ঘাট আৰু পাণ্ডুঘাটত দূৰ্গাপূজাৰ মূৰ্তি বিসৰ্জনৰ আগত আৰু পাছত কৰা এক অধ্যয়ন অনুযায়ী মূৰ্তি বিসৰ্জনৰ পাছত এই দুই  স্থানত ব্ৰক্ষমপুত্ৰৰ পানীত ১৮ শতাংশ অক্সিজেনৰ হ্ৰাস, পানীৰ অস্বচ্ছতা ৫০ শতাংশ অধিক তথা নিকেল আৰু দস্তাৰ দৰে গধুৰ ধাতুৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছিল।
উৎসৱৰ এই বতৰত দেৱালীক বাদ দিলে উৎসৱৰ সকলো কথাই আধৰুৱা হৈ ৰয়। একেদৰেই উৎসৱ আৰু প্ৰদূষণৰ কথাও দেৱালীৰ কথা বাদ দি আধৰুৱা। পোহৰৰ এই উৎসৱটোৰ বুকুত অজস্ৰ আন্ধাৰ ভৰাই দিয়ে প্ৰদূষণে। সততে দীপাৱলীৰ বতৰত জ্বলোৱা ফটকা-ফুলজাৰী-ব’ম আদিবোৰত থাকে পটাছিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰেট, পটাছিয়াম পাৰক্ল’ৰেট, এঙাৰ, ছালফাৰ, মেংগানিজ, ছডিয়াম অক্‌জেলেট, এলুমিনিয়াম আৰু আইৰণৰ গুড়ি, ষ্ট্ৰ্নছিয়াম নাইট্ৰেট তথা বেৰিয়াম নাইট্ৰেট আদিৰ দৰে উদ্বায়ী ৰাসায়নিক পদাৰ্থ। ফটকা-ফুলজাৰী আদি জ্বলোৱাৰ পাছত এইবোৰ যৌগৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকা, ধোঁৱা আদিবোৰ বায়ুৰ লগত মিহলি হৈ বায়ুক সাংঘাতিকভাৱে প্ৰদূষিত কৰি তোলে। ফলস্বৰূপে প্ৰাণীকূলৰ শ্বাসতন্ত্ৰজনিত অসুস্থতাৰ সৃষ্টি হয়। অন্যহাতে, এই কণিকাজাতীয় পদাৰ্থবোৰ উদ্ভিদৰ পাতত জমা হৈ, পাতৰ পত্ৰৰন্ধক বন্ধ কৰি দিয়ে আৰু পৰিণতিত সালোকসংশ্লেষণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।অন্যহাতে ফটকা-ব’ম আদি জ্বলাওঁতে সৃষ্টি হোৱা শব্দৰ প্ৰাৱল্য আমাৰ শ্ৰৱণেন্দ্ৰিয়ৰ সহ্যশক্তিতকৈ বহু বেছি আৰু সেয়ে ইয়াৰ ফলত সামগ্ৰিকভাৱে মানুহকে ধৰি সকলো প্ৰাণীৰে শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদুপৰি এই প্ৰজ্বালকসমূহ জ্বলাওঁতে অসাৱধানতা বশত: হ’ব পৰা দূৰ্ঘটনাবোৰেও অনেকসময়ত জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।
অন্যহাতে আমাৰ উৎসৱ-পাৰ্বনবোৰৰ ক্ষেত্ৰত সচৰাচৰ প্ৰচলিত নিয়ম অনুযায়ী সমজুৱাভাৱে বিশ্বাসীসকলে নদী বা তেনে কোনো পৱিত্ৰ জ্ঞান কৰা পানীৰ উৎসত স্নান কৰে। ইয়ে নদ-নদী-হ্ৰদৰ পানীক ভয়ংকৰভাৱে প্ৰদূষিত কৰে। এনেকুৱা অনুষ্ঠান যেনে কুম্ভমেলা, চঠ পূজা, মাঘী স্নান আদিত মানুহৰ শৰীৰৰ ময়লা, খাদ্য সামগ্ৰী, পূজাৰ দ্ৰৱ্য, ফুল আদি বিপুল পৰিমাণে জলভাগত মিহলি হয়। এনে প্ৰদূষণৰ জৰিয়তে পানীৰ সামগ্ৰিক গূণাগুণ নষ্ট হোৱাৰ লগতে জলজ জীৱসমূহৰো জীৱন-প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ঠিক একেদৰে, আমাৰ অন্য এক পাৰম্পৰিক উৎসৱ ফাকুৱাতো আজিকালি ব্যৱহৃত নানাবিধ কৃত্ৰিম ৰঙ আমাৰ ছাল-চকু আদিত এলাৰ্জীৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগলৈকে নানা বেমাৰৰ  কাৰক হৈ উঠাৰ লগতে গা ধোঁওতে  পানীত মিহলি হৈ পানীক প্ৰদূষিত কৰে।  
উৎসৱ আৰু সম্পদৰ অপচয়
আধুনিক সমাজত উৎসৱৰ ৰূপ যে বহুলাংশে সলনি হৈছে, সেই কথা অনস্বীকাৰ্য্য। এটা সময়ত যি উৎসৱ আছিল অসত্যক আঁতৰাই সত্যক প্ৰতিষ্ঠাৰ নীৰৱ বাৰ্তাবাহক, সেই উৎসৱ এতিয়া বৰ্হিমুখী, জাকজমকতাপূৰ্ণ আৰু বিলাসী। পূৰ্ৱে যি উৎসৱে প্ৰকৃতিৰ সৌন্দৰ্য্যক নকৈ বিচাৰি চোৱাৰ সুযোগ দিছিল, এতিয়া সেইবোৰ উৎসৱত প্ৰকৃতিৰ অৱস্থিতি শতযোজন দূৰৈত। পূজা বুলিলেই ব্যৱহৃত অলেখ-অসংখ্য বিজুলী চাকি, উচ্চগ্ৰামৰ সংগীত, বিলাসী মণ্ডপৰ ধামখুমীয়াত আটাইতকৈ অপচয় হয় বিজুলী শক্তিৰ। ফলত পৰোক্ষভাৱে ই বিৰূপ প্ৰভাৱ পেলায় পৃথিৱীৰ পৰিৱেশত। বিজুলী শক্তিৰ অপচয় মানেই অধিক কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন আৰু পৰিৱেশৰ প্ৰদূষণ। তদুপৰি অপচয় হয় খাদ্যসামগ্ৰীৰ, অপচয় হয় জলসম্পদৰ। আমি অনুধাৱন নকৰিলেও এনে অপচয়ৰ সামগ্ৰিক পাৰিৱেশিক পৰিণতি অতি গভীৰ আৰু বিপদজনক।
সেউজীয়া উৎসৱৰ উদযাপন
সমাজ আছে মানে উৎসৱ থাকিবই। পিছে মন কৰিবলগীয়া কথাষাৰ হ’ল – এসময়ত এনে পূজা-পাৰ্বন আদিত ব্যৱহৃত সামগ্ৰীবোৰ আছিল কম ক্ষতিকাৰক বা ক্ষতিশূণ্য। মূৰ্তিত ব্যৱহৃত হৈছিল হেঙুল-হাইতালৰ দৰে প্ৰাকৃতিক ৰং, ফাকুৱাৰ ৰং আছিল প্ৰকৃতিদত্ত। পিছে আজিৰ তাৰিখত বজাৰত উপলব্ধ আৰু বহুলভাৱে ব্যৱহৃত সামগ্ৰীবোৰৰ অধিকাংশই কৃত্ৰিম ভাৱে সংশ্লেষিত আৰু পৰিৱেশৰ বাবে প্ৰতিকূল। সেইবাবেই এনেবোৰ ক্ষেত্ৰত উৎসৱত মতলীয়া হোৱাৰ পূৰ্ৱে কিছু কথা আমি চিন্তা কৰি চোৱা উচিত। মূৰ্তি নিৰ্মাণত যিমান পাৰি প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ, মণ্ডপত বিজুলী-বতিৰ সুচিন্তিত প্ৰয়োগ, প্ৰতীকি ৰূপত জলভাগত মূৰ্তি বিসৰ্জন দি উঠাই আনি সেই মূৰ্তিক ভালদৰে পেলাই দিয়া, সম্ভৱক্ষেত্ৰত কাঠ বা বাঁহৰ স্থায়ী মূৰ্তি নিৰ্মাণ, মণ্ডপ তথা মূৰ্তিৰ উচ্চতা বা আকাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ, পূজাত ব্যৱহৃত ফুল-তুলসী-ফুলৰ মালা আদিক পচন সাৰ নিৰ্মাণত ব্যৱহাৰ, নিম-নাৰ্জী-হালধি আদিৰ ৰঙক ফাকুৱাত ৰং হিচাপে প্ৰয়োগ, ফটকা-ব’ম আদিৰ বিক্ৰী নিয়ন্ত্ৰণ  আদিৰ জৰিয়তে উৎসৱৰ স’তে জড়িত বিপদবোৰকো নিয়ন্ত্ৰণ কৰিব পৰা যায়। একেদৰে পৰম্পৰাৰ নামত নদীৰ দৰে অতি মূল্যৱান জলসম্পদক আৱৰ্জনাস্থলীলৈ ৰূপান্তৰিত কৰাৰ বিষয়টোতো নিয়ন্ত্ৰণ আৰোপ কৰাৰ প্ৰয়োজন। কিয়নো, সত্যটো হ’ল – আমি কৰা প্ৰতিটো কামেই প্ৰকৃতি তথা আমাৰ পৰিৱেশক নানাধৰণে প্ৰতিকূলতাৰ মুখামুখী কৰিছে। গতিকেই উৎসৱৰ বতৰত প্ৰকৃতিৰ এই দূৰ্গতিক নোহোৱা কৰিবলৈ প্ৰয়োজনসাপেক্ষে প্ৰচলিত ৰীতি-নীতিৰ সময়-সাপেক্ষ সংশোধন বা পৰিমাৰ্জনহে প্ৰকৃততে আধুনিকতা আৰু প্ৰগতিশীলতাৰ চানেকি।
পূজা মানে যদি দূৰ্গতি ৰূপী অসুন্দৰক ধ্বংস কৰি সুন্দৰৰ আৱাহন, দীপাৱলী মানে যদি আন্ধাৰ আঁতৰাই পোহৰক মতাৰ আয়োজন, তেন্তে আজিৰ পৰিৱেশৰ সমগ্ৰ অসুন্দৰতা, সকলো আন্ধাৰৰ প্ৰতিমূৰ্তি প্ৰদূষণৰ দৰে দানৱক চিৰবিদায় দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ সময়ো এই উৎসৱৰে বতৰ। কিয়নো উৎসৱ মানেই উলাহ-আনন্দ, মন মুকলি হোৱাৰ সময়। গতিকে এই উৎসৱৰ বতৰত নিজৰ লগতে প্ৰকৃতিকো সুন্দৰ আৰু সেউজীয়া কৰি তুলিব পাৰিলেহে প্ৰকৃততে উৎসৱৰ অৰ্থ ৰক্ষা হ’ব। আৰু সেইটোৱেই, মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিৰ পৰিৱেশ-পৰিস্থিতিৰ দাবী।  

No comments:

Post a Comment