প্ৰাকৃতিক পৰিৱেশৰ বিশ্বজনীন
সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজনীয়তাক দোহৰাৰ প্ৰয়োজন নিসন্দেহে
নাই। বায়ু প্ৰদূষণ, গোলকীয় উষ্ণায়ন, জলবায়ুৰ পৰিৱৰ্তন, অ’জন স্তৰৰ অৱক্ষয় আদিবোৰ হ’ল
এনে কিছুমান উমৈহতীয়া, সৰ্বব্যাপী সমস্যা, যিবোৰৰ সমাধান বিশ্বৰ সকলো দেশৰে সহযোগিতা
অবিহনে অসম্ভৱ। এই প্ৰসংগতে উল্লেখনীয় কথাষাৰ হ’ল – এই সকলোবোৰ সমস্যাৰে মূল কাৰকসমূহ
অতীতত বা বৰ্তমানসৃষ্ট হ’লেও, ইবিলাকৰ পৰিণতি সুদূৰপ্ৰসাৰী আৰু এইবোৰৰ কুপ্ৰভাৱ ভৱিষ্যত
প্ৰজন্ময়ো ভোগ কৰিব লগা হয়। অন্যহাতে এই সমস্যাবোৰৰ অন্য এক বৈশিষ্ট্য এয়ে যে, সমস্যাৰ
কাৰকবোৰ যি স্থানতে নাথাকক কিয়, ইয়াৰ প্ৰভাৱ উক্ত অঞ্চল বা দেশৰ ভৌগোলিক সীমাতে সীমাবদ্ধ
হৈ নাথাকি, সমগ্ৰ বিশ্বতে বিয়পি পৰে। আৰু এই দুই মুখ্য কাৰণতে এইবোৰৰ সমাধানকল্পে সকলোৰে
সহযোগিতাৰ প্ৰয়োজনীয়তা সৰ্বাধিক।
চলিত বৰ্ষত ৩০ বছৰ সম্পূৰ্ণ কৰা ভিয়েনা সন্মিলন
তথা ভিয়েনা চুক্তি আৰু ইয়াৰ স’তেই সম্পৰ্কিত মণ্ট্ৰিয়েল প্ৰ’ট’কলক (১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত স্বাক্ষৰিত) বিশ্বজনীন
পাৰিৱেশিক সমস্যা সমাধানৰ ক্ষেত্ৰত সফলতম আন্তৰ্জাতিক বুজাপৰাৰ উদাহৰণ বুলি একেষাৰে
ক’ব পাৰি। ১৯৮৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত ভিয়েনা সন্মিলনতে পোন-প্ৰথমবাৰৰ বাবে পৃথিৱীৰ
সুৰক্ষাকৱচৰূপী অ’জন স্তৰৰ অৱক্ষয়ৰ ভয়াবহতা তথা তাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়টো সৰ্বসন্মতভাৱে
গূৰুত্ব আৰোপ কৰা হয়। ১৯৭৪ চনত পোনপ্ৰথমবাৰলৈ মানুহে ব্যৱহাৰ কৰা ক্লৰ’ফ্ল’ৰ’কাৰ্বন
জাতীয় যৌগই অ’জ’ন স্তৰক ধ্বংস কৰাৰ কথা আৱিস্কৃত হোৱাৰ পিছতে ভিয়েনা চুক্তিৰ জৰিয়তে
এই ক্ষেত্ৰত সমন্বিত কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৮৮ চনৰ
২২ ছেপ্তেম্বৰত মুঠ ২৪ খন দেশে এই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই ই কাৰ্য্যকৰী হয়।
অন্যহাতে ভিয়েনা চুক্তিয়ে গঠন কৰি দিয়া পৰিকাঠামোৰ ওপৰত ভিত্তি কৰিয়েই, ১৯৮৭ চনৰ ১৬
ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰ’ট’কল স্বাক্ষৰিত হয়, যাৰ জৰিয়তে পোনপ্ৰথমে বিশ্বৰ মুঠ ২৪
খন ৰাষ্ট্ৰই অ’জন ধ্বংসকাৰী দ্ৰৱ্যৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস বা বন্ধ কৰিবলৈ সন্মতি
প্ৰদান কৰে।এই দিনটোকে ১৯৯৪ চনৰ পৰা বিশ্ব অজ’ন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এইখিনিতে
উল্লেখ কৰিব পাৰি যে, এই দুই চুক্তিয়েই হ’ল দীৰ্ঘম্যাদী পৰিণতি সৃষ্টি কৰিব পৰা কোনো
পাৰিৱেশিক সমস্যাৰ সমাধানকল্পে স্বাক্ষৰিত প্ৰথম আন্তৰ্জাতিক চুক্তি। কেৱল সেয়াই নহয়,
আজিকোপতি বিশ্বৰ আটাইতকৈ অধিক স্ংখ্যক দেশে (১৯৭ খন)স্বাক্ষৰ তথা ৰূপায়ন কৰিবলৈ সন্মত
হোৱা চুক্তিও হ’ল এই ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰ’ট’কল। সেই সূত্ৰেই এই দুই চুক্তিক
আন্তৰ্জাতিক সহযোগিতাৰ সফলতম উদাহৰণ বুলি ক’লেও বঢ়াই কোৱা নহয়।
![]() |
দৈনিক অসম কাকতত ১৬ ছেপ্তেম্বৰ, ২০১৫ ত প্ৰকাশিত এই লেখা |
ভি্যেনা
চুক্তিৰ আনুষংগিক প্ৰ’ট’কল হিচাপে বলৱৎ কৰা মণ্ট্ৰিয়েল প্ৰ’ট’কলৰ জৰিয়তে কৃত্ৰিমভাৱে
প্ৰস্তুত অজ’ন স্তৰ ক্ষয়কাৰী যৌগবোৰৰ উৎপাদন তথা ব্যৱহাৰ নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা চলোৱাৰ
লগতে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে নিজ নিজ দেশৰ
পৰা এই দ্ৰ্ৱ্যবোৰ ক্ৰমান্বয়ে নোহোৱা কৰাৰ বাবে ব্যৱস্থা হাতত লোৱাটো বাধ্যতামূলক কৰা
হৈছিল। বিগত ২৮টা বছৰত বিভিন্ন অধ্যয়নৰ পৰা এটা কথাত নিশ্চিত হ’ব পৰা গৈছে যে, এই দুই
চুক্তিৰ অনুপস্থিতিত, ২০৫০ চনৰ ভিতৰত অজ’ন অৱক্ষয়ৰ পৰিমাণ এতিয়াতকৈ প্ৰায় দহগূণে বেছি
হ’লহেতেন। তদুপৰি, এই প্ৰট’ক’ল গ্ৰহণৰ পৰিণতিতে সমগ্ৰ পৃথিৱীত আনুমানিক ১৯ মিলিয়ন লোকক
নন-মেলান’মা কেঞ্চাৰ, ১.৫ মিলিয়ন লোকক মেলান’মা কেঞ্চাৰ আৰু ১৩০ মিলিয়ন পৰ্য্যন্ত লোকক
চকুত ছানি পৰা ৰোগত আক্ৰান্ত হোৱাৰ পৰা বচাব পৰা গৈছে তথা আজি পৰ্য্যন্ত প্ৰায় ৯৮%
অজ’ন ক্ষয়কাৰী দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে পৃথিৱীৰ বায়ুমণ্ডলৰ
ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ ওপৰত চলিঅ থকা নিৰন্তৰ নিৰীক্ষণৰ শেহতীয়া তথ্য অনুযায়ী
২০৫০-৭৫ চনৰ ভিতৰত এই স্তৰৰ অজ’নৰ মাত্ৰা ১৯৮০ চনৰ পূৰ্বৰ পৰিমাণলৈ ঘূৰি আহিব বুলি
আগতীয়াকৈ অনুমান কৰা হৈছে।
অ’জন সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্মিলিত প্ৰচেষ্টাৰ
মাত্ৰ ৩০টা বছৰৰ ভিতৰতে আশানুৰূপ সফলতা লাভ কৰাত সক্ষম এই দুই চুক্তিক সূক্ষ্মভাৱে
বিশ্লেষণ কৰিলে এই সফলতাৰ কাৰণসমূহ ভালকৈ চকুত পৰে। অজ’নস্তৰৰ বাবে চিএফচিজাতীয় ৰাসায়নিক
পদাৰ্থৰ অপকাৰিতাৰ দিশটো বিশ্ববাসীৰ সন্মুখত উত্থাপন হোৱাৰ মাত্ৰ দহটা বছৰৰ ভিতৰতে
এই অৱক্ষয়ক ৰোধ কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক সকলো ৰাষ্ট্ৰই উপলব্ধি কৰি, সেই দিশত কৰ্মপন্থা
গ্ৰহণ কৰাটো এই সফলতাৰ অন্যতম মুখ্য কাৰক বুলি উল্লেখ কৰিব পাৰি। কেৱল সেয়াই নহয়, ১৯৮৫
চনত ভিয়েনা সন্মিলন তথা চুক্তিৰ দ্বাৰা অজ’ন সুৰক্ষা তথা অজ’ন স্তৰ সম্পৰ্কীয় গৱেষণাৰ
জুমুঠিটো তৈয়াৰ কৰি লোৱাৰ দুবছৰৰ ভিতৰতে মণ্ট্ৰিয়েল প্ৰট’ক’লৰ জৰিয়তে অজ’ন স্তৰ ক্ষয়কাৰী
সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ প্ৰয্যায়ক্ৰমে হ্ৰাস আৰু বন্ধ কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণৰ দৰে এক দ্ৰুত পদক্ষেপেও এই সমগ্ৰ প্ৰক্ৰিয়াৰ
সফলতাত ইন্ধন যোগালে।
ভিয়েনা বুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত
বৈজ্ঞানিক গৱেষণা তথা অধ্যয়নৰ ভূমিকা অপৰিসীম। দুয়োখন চুক্তিতে অজ’ন স্তৰৰ সুৰক্ষাৰ
বাবে বৈজ্ঞানিক গৱেষণালব্ধ তথ্যক বিশেষভাৱে গূৰুত্ব প্ৰদান কৰা হৈছিল আৰু তাৰ আলমতে
সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ স’তে সংলগ্ন নানা গৱেষণাৰো সূত্ৰপাত হয়। অজ’ন স্তৰৰ বঢ়া-টুটাৰ
নিয়মীয়া নিৰীক্ষণ, বায়ুমণ্ডলত অজ’নক্ষয়ী দ্ৰ্ৱ্যৰ পৰিমাণৰ তথ্য সংগ্ৰহ আদি গৱেষণাৰ
লগতে অজ’ন স্তৰত ক্ষয়ৰ সৃষ্টি কৰা দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাসৰ উদ্দেশ্যৰে বিকল্প প্ৰযুক্তিৰ
উদ্ভাৱনৰ ক্ষেত্ৰত আৰোপ কৰা বিশেষ গূৰুত্বই সমগ্ৰ প্ৰক্ৰিয়াটোকে অধিক গতিময় কৰি তোলে।
চুক্তিত স্বাক্ষৰ কৰা দেশসমূহক বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত
কৰিবলৈ হাতত লোৱা ব্যৱস্থাবোৰেও এনে পদাৰ্থবোৰৰ মাত্ৰা হ্ৰাসত অৰিহণা যোগাইছে। মণ্ট্ৰিয়েল
প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক অন্বেষণ তথা বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ অৱদানৰ এই উদাহৰণ
অন্যন্য পাৰিৱেশিক সমস্যাৰ সমাধানৰ বাবেও আদৰ্শ হৈ উঠিব পাৰে বুলি একেষাৰে ক’ব পাৰি।
আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে অজ’ন অৱক্ষয়ৰ দৰে
গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনো এক বিশ্বজনীন সমস্যা। কিন্তু এই সমস্যাৰ সমাধানকল্পে
আন্তৰ্জাতিক পাৰ্য্যায়ত স্বাক্ষৰিত কিয়’ট’ প্ৰট’ক’ল অদ্যপি সৰ্বাত্মকভাৱে গৃহীত নোহোৱাৰ
অন্যতম কাৰক হ’ল উন্নত দেশ আৰু উন্নয়নশীল দেশৰ মাজত বিষয়টো লৈ অৰ্থনৈতিক তথা ৰাজনৈতিক
নীতিগত পাৰ্থক্য। ইয়াৰ বিপৰীতে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লত এই দুই গোটৰ
দেশৰ মাজ্ৰ পাৰ্থক্য হ্ৰাসৰ বাবে লোৱা বিশেষ ব্যৱস্থাসমূহ প্ৰণিধানযোগ্য। এই দুয়োখন
চুক্তিতে, বিশেষকৈ মণ্ট্ৰিয়েল প্ৰট’ক’লত, উন্নয়নশীল দেশসমূহৰ বাবে কিছুমান আছুতীয়া
সুবিধা ৰখা হৈছে, যাৰ ফলত আৰ্থিকভাৱে পিছপৰা দেশসমূহেও বিশেষ অৰ্থনৈতিক চাপৰ সন্মুখীন
নোহোৱাকৈ উক্ত চুক্তিক কাৰ্য্যকৰী কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থা সমূহৰ অনুযায়ী, উন্নয়নশীল
দেশৰ বাবে অজ’ন ক্ষয়কাৰী যৌগক পৰ্য্যায়ক্ৰমে নোহোৱা কৰাৰ ক্ষেত্ৰত ১০ বছৰৰ অতিৰিক্ত
সময় প্ৰদান, এনে যৌগৰ ব্যৱহাৰ জনমূৰি ০.৩ কি.গ্ৰা.তকৈ কম হৈ থকা দেশৰ ক্ষেত্ৰত বহুদেশীয়
নিধিৰ জৰিয়তে বিত্তীয় সাহায্যৰ সুবিধা আদি উপায় গ্ৰহণ কৰা হৈছে। এই নিধিৰ ধন উন্নয়নশীল
দেশত বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগ, প্ৰয়োগ সংক্ৰান্তীয় প্ৰশিক্ষণ, নতুন প্ৰযুক্তিৰ
পেটেণ্টকৰণ আদিৰ দৰে কামত ব্যৱহাৰ কৰাৰ এনে ব্যৱস্থাই চুক্তিকেইখন কাৰ্য্যকৰী কৰাৰ
ফলত দুখীয়া দেশসমূহে সন্মূখীন হ’বলগীয়া লোকচানক বহুলাংশে হ্ৰাস কৰিব পৰা গৈছে আৰু ইয়ে
এই দুই চুক্তিৰ গ্ৰহণযোগ্যতা বঢ়াই তোলাত অনুঘটক হিচাপে কাম কৰিছে বুলি ক’লেও ভুল নহয়।
১৯৮৫ চনৰে
পৰা ২০১৫ লৈ বিগত ৩০টা বছৰত সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা
সকলো কৰ্মসূচী, তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ পৰিণতিত ক্ৰমান্বয়ে আমাৰ জীৱনৰ সুৰক্ষাকৱচ
অজ’ন স্তৰে ভয়ংকৰ অৱক্ষয়ৰ পৰা ক্ৰমান্বয়ে ৰক্ষা
পোৱাৰ পথত অগ্ৰসৰ হৈছে। বিগত বৰ্ষটোত এই সম্পৰ্কে লাভ কৰা তথ্য যথেষ্ট আশাব্যঞ্জক।
তথাপিতো, সম্পূৰ্ণৰূপে পূৰ্বৰ অৱস্থালৈ ঘূৰি নহা পৰ্য্যন্ত ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল
প্ৰট’ক’লৰ আওঁতাৰ ভিতৰৰ সকলোখিনি কৰণীয় ৰূপায়নৰ প্ৰতি সকলো দেশেই যত্নপৰ হ’ব লাগিব।
অন্যহাতে, এই দুই চুক্তিৰ সফলতাৰ আধাৰতে পৃথিৱীৰ পৰিৱেশলৈ জটিল সংকট কঢ়িয়াই অনা অন্যান্য
উমৈহতীয়া সমস্যাবোৰৰ সমাধানৰ বাবেও আন্তৰ্জাতিক সহযোগিতাই এক নতুন ৰূপ লোৱাৰ দৰকাৰ
আছে; য’ত ধনী-দুখীয়া নিৰ্বিশেষে সকলো দেশে সমমৰ্য্যদাৰে আৰু সমভাৱে সমাধান প্ৰক্ৰিয়াৰ
অংশীদাৰ হোৱাৰ বাট মুকলি হ’ব। আজিৰ বিশ্ব অজ’ন দিৱসৰ জৰিয়তে, আন্তৰ্জাতিক সহযোগিতাৰ
সফলতা তথা প্ৰয়োজনীয়তাৰ এই বাৰ্তা সমগ্ৰ বিশ্বই অনুধাৱন কৰিবলৈ সক্ষম হওক; কিয়নো তাকে
নহ’লে অনতিপলমে আমাৰ এই সেউজীয়া ভূ-গ্ৰহটি ইয়াৰ সমগ্ৰ জীৱকূল সমন্বিতে বিলুপ্তিৰ পিনে
ধাৱমান হ’ব।
(এই লেখাটিৰে এক সম্পাদিত ৰূপ পঢ়িবলৈ পাব তলৰ সূত্ৰত -
http://www.xukhdukh.com/2015/09/OZONE-DAY.html?spref=fb)
No comments:
Post a Comment