অ’জন স্তৰ। পৃথিৱীৰ সমগ্ৰ জীৱকূলৰ বাবে এক সুৰক্ষা-কৱচ ৰুপী এই স্তৰে মুখ্যত: আমাক সূৰ্য্যৰ অতি ক্ষয়ংকাৰী অতি-বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ নামৰ মণ্ডলটোৰ একেবাৰে তলৰ অংশৰ পৰা প্ৰায় মধ্যাংশলৈ অৰ্থাৎ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২০ ৰ পৰা ৩০ কি.মি. উচ্চতালৈ বিয়পি থকা এই স্তৰ এই বাবেই জীৱমণ্ডলৰ বাবে অপৰিহাৰ্য্য। অৱশ্যে কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থান তথা বছৰৰ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি ওপৰৰ বায়ুমণ্ডলত অ’জনৰ পৰিমাণৰ বঢ়া-টুটা হৈ থাকে। সচৰাচৰ সুমেৰু আৰু কুমেৰু অঞ্চলতকৈ ক্ৰান্তীয় অঞ্চলত অ’জনৰ পৰিমাণ বেছি হোৱা দেখা যায়।এইখিনিতে এক লক্ষণীয় কথা হল - বায়ুমণ্ডলৰ নিম্নস্তৰ বা ট্ৰপ’স্ফিয়েৰ অৰ্থাৎ য’ত জীৱকূলৰ বাবে দৰকাৰী অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আদি থাকে, সেইস্তৰত কিন্তু এই একেবিধ অজ’নকে প্ৰদূষক হিচাপে গণ্য কৰা হয় আৰু এই স্তৰত অজ’নৰ উপস্থিতিয়ে সকলো জীৱৰে যথেষ্ট ক্ষতি সাধন কৰে।
অ’জন বিন্ধা আৰু ক্লৰ’ফ্লৰ’কাৰ্বন
১৯২৮ চনত আৱিস্কৃত হোৱাৰ পাছত, ১৯৫০-৭০ চনৰ
কালছোৱাত সমগ্ৰ পৃথিৱীতে ক্লৰ’ফ্লৰ’কাৰ্বন নামৰ শ্ৰেণীৰ অন্তৰ্গত ৰাসায়নিক
পদাৰ্থসমূহৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হয়। সাধাৰণতে, শীতলকাৰক যন্ত্ৰ, বাতানুকূল
যন্ত্ৰ, এৰ’ছল স্প্ৰে, ফ’ম তৈয়াৰী, পৰিস্কাৰকাৰক দ্ৰৱ্য তথা দ্ৰাৱক হিচাপে এই
“অৰ্গেন’-হেল’ন” গোটৰ যৌগসমূহ প্ৰয়োগ কৰা হৈছিল।১৯৭১ চনত বায়ুমণ্ডলত পোনপ্ৰথমে এই
ক্লৰ’ফ্ল’ৰকাৰ্বনৰ নিৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ তিনি বছৰৰ ভিতৰতে ৰ’লেণ্ড আৰু
ম’লিনা নামৰ বিজ্ঞানীদ্বয়ে (Rowland and Molina) ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ
অৱক্ষয়ত এই ৰাসায়নিক যৌগবিধৰ প্ৰভাৱৰ কথা আৱিস্কাৰ কৰে।ইয়াৰ কিছুবছৰৰ পাছত, ১৯৮৫
চনত বসন্তকালত এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত “অজ’ন বিন্ধা” সৃষ্টি হোৱাৰ
কথা বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হয়। জীৱকূলৰ সুৰক্ষা-কৱচ ৰূপী অজ’ন স্তৰৰ এই
অস্বাভাৱিক অৱক্ষয়ৰ বাতৰিয়ে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে আৰু সকলো দেশকে এই
সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰে।
ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ হ’ল কাৰ্বনৰ সতে
ক্ল’ৰিণ আৰু ফ্ল’ৰিণ যোগ হৈ গঠন কৰা জৈৱ-হেল’ন শ্ৰেণীৰ যৌগ।এই
ক্লৰ’ফ্লৰ’কাৰ্বনসমূহত থকা ক্ল’ৰিণ আৰু ফ্ল’ৰিণ সমূহে ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জনৰ
স’তে বাৰম্বাৰ বিক্ৰিয়া কৰি অজ’নকণিকাসমূহক অক্সিজেনলৈ ভাঙি পেলায় আৰু ফলস্বৰূপে
ষ্ট্ৰেট’স্ফিয়েৰত অজ’নৰ পৰিমাণ কমিবলৈ ধৰে। এনেকৈ এটা ক্ল’ৰিণৰ বা ফ্ল’ৰিণৰ
পৰমাণুৰ পৰা প্ৰায় একলাখ অজ’ন কণা ধ্বংস হ’ব পাৰে। মনকৰিবলগীয়া এয়ে
যে, এই ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ অতিশয় দীৰ্ঘস্থায়ী যৌগ আৰু এবাৰ বায়ুমণ্ডলত প্ৰৱেশ
কৰাৰ পাছত বহুবছৰ জুৰি বায়ুমণ্ডলত ৰৈ যায়। আৰু সেইবাবেই ইয়াৰ পৰা হোৱা সামগ্ৰিক
ক্ষতিৰ পৰিমাণো অতি বেছি।সাধাৰণতে এণ্টাৰ্কটিকা মহাদেশত নানা প্ৰাকৃতিক কাৰকৰ
প্ৰভাৱৰ বাবে এনে ক্ষতিৰ পৰিমাণ আন অঞ্চলতকৈ অধিক। এনেদৰেই এই মহাদেশত হোৱা অ’জন
কণাৰ অতিমাত্ৰা অৱক্ষয়ৰ ফলত অজ’ন স্তৰটো ইমানেই পাতল হৈ পৰিবলৈ লয় যে ইয়াক
বিজ্ঞানীসকলে “অজ’ন বিন্ধা” ৰুপে অভিহিত কৰে। ১৯৮৫ চনৰে পৰা
বায়ুমণ্ডলীয় অজ’ন সম্পৰ্কীয় চলি থকা অহৰহ গৱেষণাৰ মাজতে ২০০০ চনত অ’জন বিন্ধাই
অভিলেখ আকাৰ ধাৰণ কৰাৰ কথা প্ৰকাশিত হয়।
অ’জন অৱক্ষয়ৰ কু-প্ৰভাৱ
আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে বায়ুমণ্ডলৰ
অজ’ন স্তৰে সূৰ্য্যৰ পোহৰৰ অপকাৰী অতি-বেঙুনীয়া ৰশ্মিক (Ultra-violet) শোষণ কৰি
জীৱক ৰক্ষা কৰে।সূৰ্য্যৰ পোহৰত থকা অতি-বেঙুনীয়া ৰশ্মিত মূলত: তিনিটা অংশ থাকে –
UV-A, UV-B আৰু UV-C। ইয়াৰে
প্ৰথমটোৰ বাহিৰে বাকী দুয়োটা অংশ জীৱজগতৰ বাবে অতিশয় অপকাৰী আৰু অজ’ন স্তৰে
দুই ৰশ্মিক শোষণ কৰি ৰাখে। UV-A ৰশ্মি অজ’ন স্তৰ অতিক্ৰম কৰি পৃথিৱী পায় যদিও ইয়াৰ পৰা হোৱা ক্ষতিৰ
পৰিমাণ তেনেই সামান্য।
এতিয়া কথা হল’- অজ’ন স্তৰৰ অৱক্ষয়ৰ লগে লগে এই অপকাৰী উপাংশসমূহো
পৃথিৱীপৃষ্ঠলৈ পাৰ হৈ আহিব পাৰিব।ইয়ে সমগ্ৰ জীৱমণ্ডলৰ ওপৰতে বিৰূপ প্ৰভাৱ
পেলাব।মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰিণতিত ৰ’দে পোৰা, চকুৰ ছানি পৰাকে ধৰি অন্যান্য ৰোগ
আদিৰ মাত্ৰা বৃদ্ধি হোৱাৰ ওপৰিও ছালৰ কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱ অস্বাভাৱিকভাৱে
বৃদ্ধি হ’ব। অন্যহাতে অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ দেহৰ সামগ্ৰিক ৰোগ-প্ৰতিৰোধ
ব্যৱস্থা (Immune
System)ক দূৰ্বল কৰি তুলি অন্যান্য ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাও
বৃদ্ধি কৰে। মানুহৰ ওপৰিও অন্যান্য প্ৰাণী তথা উদ্ভিদৰ ক্ষেত্ৰতো এই ৰশ্মিৰ অপকাৰী
প্ৰভাৱ যথেষ্ট বেছি। অতি-বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত উদ্ভিদৰ বৃদ্ধি,
বিকাশ তথা অন্যান্য শাৰীৰিক প্ৰক্ৰিয়াবোৰো বাধাগ্ৰস্ত হয়। সালোক সংশ্লেষণ, পোষক
মৌলৰ শোষণ আদিৰ দৰে প্ৰক্ৰিয়াত হোৱা পৰিৱৰ্তনৰ ফলত শস্যৰ উৎপাদনশীলতা হ্ৰাস পায়।
ইয়ে সামগ্ৰিকভাৱে খাদ্যৰ উৎপাদনক ক্ষতিগ্ৰস্ত কৰে।অন্যহাতে সাগৰীয়
পৰিস্থিতিতন্ত্ৰত থকা প্লেংকটনসমূহ, মাছ, কেকোঁৰা, মিছা-মাছ তথা ভেকুলীকে ধৰি
অন্যান্য উভচৰ প্ৰাণীকূল আদিকো এই ৰশ্মিয়ে বিৰূপভাৱে প্ৰভাৱিত কৰে।কেৱল সেয়াই নহয়,
অন্যান্য জলজ পৰিস্থিতিতন্ত্ৰত থকা জীৱকূলৰো প্ৰজননপ্ৰক্ৰিয়াকে ধৰি সকলো শাৰীৰিক
প্ৰক্ৰিয়াক অতি-বেঙুনীয়া ৰশ্মিয়ে বাধাগ্ৰস্ত কৰে। গতিকে অ’জন স্তৰৰ অৱক্ষয়ৰ
লগে লগে সমগ্ৰ পৃথিৱীৰে জীৱমণ্ডলত অতি-বেঙুনীয়া ৰশ্মিৰ এইসকলো কুপ্ৰভাৱৰ মাত্ৰা তীব্ৰতৰ হৈ
উঠিব।
এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত অ’জন
বিন্ধাৰ আৱিস্কাৰে সমগ্ৰ বিশ্বতে অ’জন অৱক্ষয় সম্পৰ্কে আন্তৰ্জাতিক পৰ্য্যায়ত
চিন্তা-চৰ্চাৰ সূত্ৰপাত ঘটায়। ইয়াৰ আলমতে ১৯৮৫ চনৰ ২২ মাৰ্চত অজ’ন স্তৰ সংৰক্ষণ সম্পৰ্কীয় ভিয়েনা চুক্তি (Vienna Convention for the Protection of
Ozone Layer) সম্পাদিত কৰা হয় ।মন কৰিবলগীয়া যে ২০১৫ চনত ত্ৰিশটা বছৰ সম্পূৰ্ণ কৰা
ভিয়েনা চুক্তিয়ে অজ’ন সম্পৰ্কীয় গৱেষণা, অধ্যয়ন তথা নীতি নিৰ্ধাৰণৰ বাবে
পোনপ্ৰথমবাৰলৈ এক আন্তৰ্জাতিক পৰিকাঠামো গঠন
কৰাৰ লগতে ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্যই স্বীকৃতি দিয়া প্ৰথমখন আন্তৰ্জাতিক চুক্তিৰ
মৰ্য্যদাও অৰ্জন কৰে।
ইয়াৰ পৰৱৰ্তী কালত, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত অ’জন স্তৰ ধ্বংসকাৰী
পদাৰ্থৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি ভিয়েনা চুক্তিৰ আধাৰতে মণ্ট্ৰিয়েল প্ৰট’কল গৃহীত কৰা হয়। এই
প্ৰট’কলৰ জৰিয়তে অজ’ন অৱক্ষয়কাৰী পদাৰ্থসমূহৰ উৎপাদন তথা ব্যৱহাৰ পৰ্য্যায়ক্ৰমে
হ্ৰাস কৰিবৰ বাবে বিশ্বৰ মুঠ ১৯৬ খন ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ তথা ইউৰোপীয়ান
ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে সন্মতি প্ৰকাশ কৰে। এই প্ৰট’কল গৃহীত হোৱাৰ দিনটোক,
অৰ্থাৎ ১৬ ছেপ্তেম্বৰৰ দিনটোক প্ৰতিবছৰে আন্তৰ্জাতিক অজ’ন দিৱস হিচাপে পালন কৰা
হয়। এই বছৰ ভিয়েনা চুক্তিৰ ৩০ বছৰ হোৱা উপলক্ষে “একেলগে অজ’ন স্তৰৰ পৰিচৰ্য্যাৰ ৩০
বছৰ”ক এই দিৱসৰ মূল বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আনুষংগিক শ্ল’গান
হিচাপে নিৰ্ধাৰণ কৰা বাক্যটো হ’ল – “অ’জন: আপোনাৰ আৰু অতি-বেঙুনীয়া ৰশ্মিৰ মাজৰ
একমাত্ৰ ব্যৱধান” ।
ভিয়েনা চুক্তি তথা মণ্ট্ৰিয়েল প্ৰট’কলৰ
অধীনত সমগ্ৰ বিশ্বতে অজ’ন অৱক্ষয় প্ৰতিৰোধৰ বাবে আৰম্ভ হোৱা আন্তৰ্জাতিক সহযোগিতা
বিশ্বৰ ইতিহাসত এক লেখত লৱলগীয়া বিষয় হৈ থাকিব। কিয়নো ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্য
ৰাষ্ট্ৰই স্বীকৃতি দিয়া আৰু প্ৰযোজ্য কৰা এই দুখনেই প্ৰথম চুক্তি।মন কৰিবলগীয়া যে
ইয়াৰ পদক্ষেপ হিচাপেই সমগ্ৰ বিশ্বতে ক্লৰ’ফ্লৰ’কাৰ্বনৰ উৎপাদন তথা ব্যৱহাৰ
বহুলপৰিমাণে হ্ৰাস পাবলৈ ধৰে। অন্যহাতে এই দুই চুক্তিৰ অধীনত লোৱা কাৰ্য্যাৱলীৰ
পৰিণতিতে ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্য্যসূচী আৰু বিশ্ব বতৰবিজ্ঞান সংস্থাৰ
প্ৰতিবেদনত কেইবাদশক ধৰি ক্ষয়ীভূত অৱস্থাত থকা অ’জন স্তৰটো পুনৰ পূৰ্বৰ অৱস্থালৈ
ঘূৰি আহিবৰ উপক্ৰম হোৱাৰ তথ্য প্ৰকাশ পায়।শেহতীয়াকৈ ২০১৪ চনতো
এণ্টাৰ্কটিকা মহাদেশত প্ৰতিবছৰে সৃষ্টি হোৱা অ’জন বিন্ধাৰ আকাৰ হ্ৰাস হোৱাৰ কথা
গৱেষকসকলে প্ৰকাশ কৰিছে।আন্তৰ্জাতিক সহযোগিতাৰ সৱল ৰূপায়নৰ এনে ধনাত্মক তথা সফল
উদাহৰণ অতিশয় বিৰল হোৱাৰ লগতে অন্যান্য পাৰিৱেশিক তথা সামাজিক সহযোগিতা
কাৰ্য্যসূচীৰ বাবে নিসন্দেহে এক আদৰ্শ বুলি একেষাৰে ক’ব পাৰি।ইয়াৰ বিপৰীতে জলবায়ু
পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে গৃহীত কিয়’ট’ প্ৰটক’ল তথা ইয়াৰ সহযোগী চুক্তিসমূহ
আজিকোপতি বাৰম্বাৰ প্ৰচেষ্টাৰ পাছতো সকলো দেশে একেমুখে গ্ৰহণ নকৰাটো দূৰ্ভাগ্যজনক।
অ’জন স্তৰৰ অৱক্ষয় নিশ্চয়কৈ জীৱজগতৰ বাবে এক সাংঘাতিক বিপদজনক বিষয়।
কিন্তু শেহতীয়াকৈ এই অৱক্ষয় প্ৰতিৰোধত লাভ কৰা সফলতাই এই ক্ষেত্ৰত অনেক আশাৰ
সঞ্চাৰ কৰিছে। অৱশ্যে এইখিনিতে আমি মনত ৰখা ভাল যে, এতিয়াও এই ক্ষেত্ৰত বহুখিনি
কাম বাকী আছে। অন্যহাতে জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণায়ন প্ৰক্ৰিয়াই এই অ’জন
অৱক্ষয়ৰ প্ৰক্ৰিয়াক আৰু জটিল কৰি তোলাৰ লগতে অ’জন অৱক্ষয়েও গোলকীয় উষ্ণায়নক
প্ৰভাৱিক কৰিব বুলি বিজ্ঞানীসকলে নানা অধ্যয়নত প্ৰকাশ কৰিছে। পৃথিৱীৰ পৰিৱেশত
সৃষ্টি হোৱা নিত্য-নতুন প্ৰত্যাহ্বান, ন-ন অপকাৰী ৰসায়ন আদিৰ পৰা সৃষ্টি হ’ব পৰা
সম্ভাৱ্য বিপদৰ পৰিপ্ৰেক্ষিততে মানুহকে ধৰি সকলো জীৱৰ তথা পৃথিৱীৰ সামগ্ৰিক
পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত এই দিশত অহৰ্নিশে প্ৰচেষ্টা চলাই যোৱাৰ প্ৰয়োজন আছে।
(ছৱিৰ উৎস:wikimedia-commons)
------------------------------x
---------------------------------
(মাহেকীয়া অনুভূতি, ছেপ্তেম্বৰ, ২০১৫ সংখ্যাত, বিশ্ব অ'জ'ন দিৱস উপলক্ষে প্ৰকাশিত)
No comments:
Post a Comment