Tuesday, 11 August 2015

বিশ্ব জনসংখ্যা দিৱস: কিছু প্ৰাসংগিক বিষয়



১১ জুলাই, ১৯৮৭ । সমগ্ৰ বিশ্বতে এই দিনটোতে কিছু নতুন চিন্তা, নতুন পৰিস্থিতিৰ আৰম্ভণি হৈছিল। “পাঁচ বিলিয়নৰ দিন” ৰূপে জনাজাত এই দিনটোতে চৰকাৰীভাৱে, লিপিবদ্ধ তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যাই চুইছিল পাঁচ বিলিয়নৰ সীমা। জনস্ংখ্যাৰ এই বৰ্ধিত মাত্ৰাই স্বাভাৱিকতে  বিশ্বৰ বিজ্ঞানী, অৰ্থনীতিবিদ, সমাজবিজ্ঞানী সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ দুবছৰৰ পিছত, ১৯৮৯ চনৰ ১১ জুলাইৰ পৰা ৰাষ্ট্ৰ্সংঘৰ উন্নয়নমূলক কাৰ্য্যসূচীৰ (United Nation's Development Program) ৰ পৃষ্ঠপোষকতাত সমগ্ৰ বিশ্বতে এই দিনটো পৃথিৱীৰ জনসংখ্যা তথা ইয়াৰ স’তে জড়িত বিষয়ত সজাগতা সৃষ্টিৰ বাবে “বিশ্ব জনসংখ্যা দিৱস” হিচাপে পালন কৰিবলৈ লোৱা হয়। এই উদ্দেশ্যৰেই প্ৰত্যেক বছৰে জনস্ংখ্যা সম্পৰ্কীয় একোটা মুল বিষয়ক এই দিৱসৰ কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হয়।


জনসংখ্যাৰ বৃদ্ধি: সমস্যাৰ আৰম্ভণি

শিল্প বিপ্লৱৰ পিছৰ সময়ছোৱাত, বিজ্ঞান বিশেষকৈ চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতিয়ে মানুহৰ গড় আয়ুস বৃদ্ধিত সহায় কৰিলে, মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস হ’ল । এনে অনেক কাৰকৰ পৰিণতিত পৃথিৱীৰ জনস্ংখ্যাৰ জ্যামিতিক হাৰত বৃদ্ধি হ’বলৈ ল’লে। ১৯৮৭ চনৰ পৰৱৰ্তী প্ৰায় ২৭ বছৰত জনস্ংখ্যাৰ বৃদ্ধি হ’লগৈ দুই বিলিয়নৰো কিছু বেছি, অৰ্থাৎ ২০১৪ চনতে পৃথিৱীত মানুহৰ সংখ্যা হ’লগৈ ৭ বিলিয়নৰো অধিক। এই হাৰ অব্যাহত থাকিলে, ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৯.৬ বিলিয়ন অতিক্ৰম কৰিবগৈ বুলি অনুমান কৰা হৈছে।
কোৱা বাহুল্য মাত্ৰ যে, জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে আনুষংগিকভাৱে নানা সমস্যাৰ তীব্ৰতাও বাঢ়িবলৈ ধৰে। খাদ্য-সামগ্ৰীৰ অভাৱ, পৰিস্কাৰ খোৱাপানীৰ ব্যৱস্থা, উপযুক্ত অনাময় ব্যৱস্থা, বাসস্থানৰ অভাৱ আদি জনস্ংখ্যাৰ সমান্তৰালকৈ বৃদ্ধি পায়। লগতে বৃদ্ধি হয় প্ৰাকৃতিক সম্পদ আহৰণৰ প্ৰয়োজনীয়তা। খাদ্যগ্ৰহণকাৰীৰ সংখ্যা বঢ়াৰ লগে লগে কৃষিত উৎপাদন বঢ়োৱাৰ প্ৰয়োজনীয়তা সৃষ্টি হয়, বাসস্থানৰ বাবে প্ৰয়োজন হয় ন ন ঠাই। মুঠ কথাত সামগ্ৰিক ভাৱে আমাৰ ভূগ্ৰহৰ ওপৰত বৰ্ধিত জনস্ংখ্যাই একধৰণৰ চাপৰ জন্ম দিয়ে। ফলস্বৰূপে বনাঞ্চল হ্ৰাস, ব্যৱহাৰযোগ্য কৃষিভূমিৰ পৰিমাণ হ্ৰাস, জলসম্পদৰ সংকোচন তথা প্ৰদূষণ, শক্তি উৎসৰ বিশেষকৈ জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ তথা বায়ুপ্ৰদূষণ আদিৰ দৰে বিপদ ক্ৰমান্বয়ে বাঢ়ি আহে। এই সকলোবোৰৰ লগত যোগ হয় প্ৰাকৃতিক সম্পদ তথা উৎপাদিত সামগ্ৰীৰ অসমতুল বিতৰণ, বিশ্বৰ নানা দেশৰ মাজৰ আৰ্থিক অৱস্থাৰ পাৰ্থক্য আদিৰ দৰে আৰ্থ-সামাজিক সমস্যা। ইয়ে এফালে যিদৰে এচাম লোকক সকলো সুবিধা সহজে উপভোগ কৰাৰ লগতে সম্পদৰ অপব্যয় কৰিবলৈকো সুযোগ দিয়ে, আনফালে আন এচামৰ বাবে দাৰিদ্ৰ্য, ক্ষুধা, অপুষ্টি, ৰোগ-ব্যাধি আদিৰ দৰে বিপৰ্য্যয়ৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি কৰে। এই সকলোবোৰ মিলি গোটেই পৃথিৱীতে এক সামাজিক, অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয়।
বিগত শতিকাটোত সমগ্ৰ বিশ্বৰে জ্বলন্ত সমস্যা ৰূপে গণ্য কৰা জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণায়নৰো এক অন্যতম কাৰক হৈছে জনস্ংখ্যাৰ  অনিয়ন্ত্ৰিত বৃদ্ধি। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে, জনস্ংখ্যা বঢ়াৰ লগে লগে সম্পদৰ ব্যৱহাৰ বাঢ়ে, জীৱাশ্ম ইন্ধনৰ প্ৰয়োগ বৃদ্ধি পায় তথা নানা কাৰণত অৰণ্যানিৰ পৰিমাণ হ্ৰাস হয়। ইয়াৰ পৰিণতিত আমাৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে আদি কৰি নানাবিধ সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িবলৈ লৈছে আৰু ইয়ে বায়ুমণ্ডলৰ উষ্ণতা পূৰ্বৰ তুলনাত বৃদ্ধি কৰিছে। জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ আন্তৰ্জাতিক সংস্থা আই.পি.চি.চি.(Intergovernmental Panel on Climate Change)ৰ তথ্য অনুযায়ী ১৮৮০ চনৰ পৰা ২০১২ চনৰ ভিতৰত পৃথিৱীৰ গঢ় তাপমাত্ৰা প্ৰায় ১.৫৩ ফাৰেনহাইট (০.৮৫ ছেণ্টিগ্ৰেড) বৃদ্ধি পাইছে। ইয়াৰ লগে লগে সমগ্ৰ পৃথিৱীৰে জলবায়ুলৈও অভাৱনীয় পৰিৱৰ্তন আহিব বুলি শংকা কৰা হৈছে। শেহতীয়াকৈ আমাৰ দেশৰ মৌচুমী জলবায়ুত দেখা পোৱা খেলিমেলি এনে বৃহৎ জলবায়ৱিক পৰিৱৰ্তনৰে পৰিণাম বুলিও বিজ্ঞানীসকলে চৰ্চা কৰিছে। অন্যহাতে জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উত্তাপনৰ ফলত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, হিমবাহ গলন, জলসংকট, কৃষিৰ উৎপাদন হ্ৰাস, জীৱবৈচিত্ৰ্যৰ বিলুপ্তি, ন ন ৰোগৰ প্ৰাদূৰ্ভাৱ আদিৰ জৰিয়তে পুনৰাই মানৱসমাজলৈকে যে সংকট নামি আহিব, সেই কথাও এই প্ৰসংগতে উল্লেখ কৰি থ’ব পাৰি।


জনবিষ্ফোৰণ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান
জনস্ংখ্যাৰ এই বিষ্ফোৰণে সৃষ্টি কৰিব পৰা এক জটিল সংকট হ’ল – খাদ্য নিৰাপত্তাৰ সমস্যা। গোটেই পৃথিৱীৰ মুঠ ৭৯৫ মিলিয়ন লোক অদ্যপি অপুষ্টিৰ চিকাৰ আৰু ইয়াৰে ভিতৰত অধিকাংশই বাস কৰে উন্নয়নশীল দেশত। আনপিনে, প্ৰতি বছৰে পৃথিৱীত প্ৰায় ৮০ মিলিয়ন লোক বৃদ্ধি পায়। এই হাৰ অব্যাহত থাকিলে, ২০৫০ চনৰ ভিতৰত সমগ্ৰ পৃথিৱীৰ লোকৰ ক্ষুধা নিবাৰণৰ বাবে আমাক লাগিব ৬০ শতাংশ অধিক খাদ্য । অন্যহাতে উন্নয়নশীল দেশৰ বাবে এই পৰিমাণ হ’বগৈ ১০০ শতাংশ অধিক। ইয়াৰ বিপৰীতে এই বছৰৰ জুলাই মাহত ৰাষ্ট্ৰ্সংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা তথ্য অনুযায়ী বিগত বৰ্ষতকৈ এইবছৰৰ আনুমানিক খাদ্যশস্যৰ উৎপাদন হ’ব ১.১ শতাংশ কম। অন্যহাতে জলবায়ু পৰিবৰ্তনে কৃষিক্ষেত্ৰত সৃষ্টি কৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বাবে অনাগত ৫০ বছৰত যথেষ্ট পৰিমাণে উৎপাদনো হ্ৰাস হ’ব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। এনে পৰিপ্ৰেক্ষিতত,  এই বিশাল সংখ্যক খাৱৰীয়াৰ বাবে প্ৰয়োজনীয় খাদ্যৰ যোগান নিসন্দেহে অনাগত সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব।
জীৱন-ধাৰণৰ বাবে পানীৰ প্ৰয়োজনীয়তাক দুনাই কোৱাৰ প্ৰয়োজন হয়তো নাই । কিন্তু আজিকোপতি বিশ্বৰ প্ৰায় এক বিলিয়ন লোক পৰিস্কাৰ খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। অন্যহাতে, মুঠ জনস্ংখ্যাৰ প্ৰায় ২.৭ বিলিয়ন লোকে বছৰৰ অন্তত: এমাহ পানীৰ অভাৱত ভোগে। ৰাষ্ট্ৰসংঘৰ “বিশ্ব জল উন্নয়ন প্ৰতিবেদন, ২০১৫”ত প্ৰকাশিত তথ্য মতে, এতিয়াৰ হাৰত জনসংখ্যা বাঢ়ি থাকিলে আৰু  জলসম্পদৰ ব্যৱহাৰৰ ধৰণ-কৰণত বিশেষ পৰিৱৰ্তন নানিলে, ২০৫০ চনৰ ভিতৰত বিশ্বত প্ৰায় ৫৫ শতাংশ অধিক পানীৰ প্ৰয়োজন হ’ব। অন্যহাতে একেখন প্ৰতিবেদনতে ২০৩০ চনৰ ভিতৰত বিশ্বত  প্ৰয়োজনীয় পানীৰ প্ৰায় ৪০ শতাংশ কমকৈ পোৱা যাব । পৰিস্কাৰ পানীৰ সুলভতাই যিহেতু ৰাইজৰ স্বাস্থ্য তথা অনাময় প্ৰক্ৰিয়াক বিপুলভাৱে প্ৰভাৱিত কৰে, এনে ক্ষেত্ৰত পানীৰ এই সম্ভাৱ্য অভাৱ নিসন্দেহে আমাৰ সন্মুখত এক জটিল সংকট হিচাপে পৰিগণিত হ’ব । কেৱল সেয়াই নহয়, পানীৰ এই অভাৱে প্ৰভাৱ পেলাব কৃষিৰ দৰে ক্ষেত্ৰৰ উৎপাদনৰ সম্ভাৱনীয়তাতো।
খাদ্য আৰু পানীৰ সংকটৰ ওপৰিও বৰ্ধিত জনস্ংখ্যাই কিছুমান আনুষংগিক আৰ্থ-সামাজিক সমস্যাৰো সৃষ্টি কৰে। জীৱন আৰু জীৱিকাৰ সন্ধানত এঠাইৰ পৰা আনএঠাইলৈ মানুহে প্ৰব্ৰজন কৰিবলগীয়া অৱস্থাৰ জন্ম হয়। ইয়াৰ পৰিণতিত বহুসময়ত নৃ-গোষ্ঠীয় সংঘাত, ৰাজনৈতিক-সামাজিক সংঘাত, পৰিকাঠামোগত দূৰ্বলতা আদিৰ জন্ম হয় । অনাগত সময়ত সমগ্ৰ বিশ্বতে এনে আন্ত:দেশীয় সমস্যাৰ মাত্ৰা বঢ়াৰ সম্ভাৱনাও তেনেই কম নহয়। তদুপৰি, ক্ৰমবৰ্ধিত পৰিৱেশ প্ৰদূষণো জনসংখ্যা বৃদ্ধিয়ে মানৱজাতিলৈ কঢ়িওৱা অন্য এক জটিল সংকট।

জনসংখ্যাৰ জটিলতা, দূৰ্য্যোগ বিপৰ্য্যস্ত জীৱন

পুনৰ বিশ্ব জনসংখ্যা দিৱসৰ প্ৰসংগলৈ আহোঁ। এই দিৱসৰ এইবাৰৰ অৰ্থাৎ ২০১৫ চনত জনস্ংখ্যা দিৱসৰ মূল বিষয় – “জৰুৰীকালীন অৱস্থাত থকা বিপদগ্ৰস্ত জনসাধাৰণ।’’ ইয়াৰ জৰিয়তে, যুদ্ধ, প্ৰাকৃতিক দূৰ্য্যোগ, পাৰিৱেশিক সমস্যা বা অন্যান্য কাৰকৰ পৰিণতিত বিপদগ্ৰস্ত হোৱা, জীৱনৰ ভীতি সৃষ্টি হোৱা, নিজ গৃহৰ পৰা স্থানান্তৰিত সকলো লোকৰ বাবে এক সামগ্ৰিকভাৱে সুস্থিৰ বাতাৱৰণৰ সৃষ্টি কৰাৰ ওপৰত গূৰুত্ব আৰোপ কৰা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে সমগ্ৰ বিশ্বতে নানাবিধ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬০ মিলিয়ন লোক গৃহহাৰা হ’ব লগা হৈছে। শেহতীয়াকৈ ছিৰিয়া, য়েমেন আদিৰ অবিন্যস্ত ৰাজনৈতিক সংকট, যুদ্ধ, সন্ত্ৰাসবাদ আদিৰ ফলত ২০১৪-১৫ বৰ্ষৰ সময়ছোৱাত গৃহহাৰা হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অন্যহাতে নেপালৰ ভূমিকম্পৰ দৰে ভয়াবহ প্ৰাকৃতিক দূৰ্য্যোগেও অনেক লোকক শৰণাৰ্থী শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য কৰাইছে। কিন্তু এই সকলোবোৰ ক্ষেত্ৰতে এক উমৈহতীয়া বৈশিষ্ট্য বিৰাজমান আৰু সেয়া হৈছে, এনে সংকটময় সময়ত সচৰাচৰ কিশোৰী, গাভৰুকে ধৰি সকলো নাৰীয়েই নানা সমস্যা, শাৰীৰিক নিৰ্য্যাতন, ধৰ্ষণ আদিৰ দৰে বিপদৰ সন্মুখীন হ’ব লগা হয়, নিৰাপত্তাহীনতাত ভোগে। সমাজৰ এই অৰ্ধেকসংখ্যকৰ বাবে বহুসময়ত প্ৰয়োজনীয় নিম্নতম সা-সুবিধাখিনিৰ অভাৱ হয়। সেয়েহে, যুদ্ধ-বিগ্ৰহ, বান-ভূমিকম্প আদিৰ দৰে বিপদকালত বিশেষভাৱে নাৰী তথা শিশুসকলৰ নিৰাপত্তাৰ বিষয়টোত গূৰুত্ব আৰোপ কৰাটোও দূৰ্য্যোগ পৰিচালনাৰ এক অন্যতম বিষয়। গতিকে, এই সকলো কথা জুকিয়াই চায়েই এইবৰ্ষত সংকটাক্ৰান্ত ৰাইজৰ বাবে সমাজৰ কৰণীয় সম্পৰ্কে সজাগতা আনিবলৈ এই বিষয়টো গ্ৰহণ কৰা হৈছে।

আমাৰ কৰণীয়
গত ১১ জুলাই তাৰিখে, দিনৰ ২.৩০ বজাত  চৰকাৰী তথ্য মতে ভাৰতৰ জনসংখ্যা হ’লগৈ – ১,২৭৪,২৩৪,৫৩৮ জন আৰু ই বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.২৩ শতাংশ। দাৰিদ্ৰ্য আৰু অনগ্ৰসৰতা পীড়িত এখন দেশৰ বাবে এই বিপুল সংখ্যক লোক সম্পদ নে বিপদ সেই কথা নিসন্দেহে চিন্তনীয় বিষয়। দেশৰ এক বুজনসংখ্যক লোক এতিয়াও খাদ্য, পানী আৰু বাসস্থানৰ অভাৱত জৰ্জৰিত। ইয়াৰ লগতে যোগ হোৱা শিক্ষাগত তথা কাৰিকৰী কৌশলগত অৰ্হতাহীনতাৰ বাবে উৎপাদনশীল বয়সৰ যথেষ্টসংখ্যকে এতিয়াও উপযুক্ত উপাৰ্জন কৰিব নোৱাৰাৰ অৱস্থাই দৰিদ্ৰতাৰ হাৰ ক্ৰমে বঢ়াই নিছে।অন্যহাতে, কৃষিভিত্তিক অৰ্থনীতিৰ দেশখনত কৃষিক্ষেত্ৰৰ বতৰ নিৰ্ভৰশীলতাৰ ফলত উৎপাদনৰ বঢ়া-টুটাও এক চিন্তনীয় বিষয় দিশ। মৌচুমী বায়ুৰ সামান্য বিচ্যুতিয়েও আমাৰ দেশৰ কৃষি-অৰ্থনীতিক যে কোঙা কৰি পেলাব পাৰে, সেই কথা এই প্ৰসংগতে ক’ব পাৰি। আমি ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে জলবায়ু পৰিৱৰ্তনে খুব বেয়াকৈ দেশৰ কৃষি আৰু কৃষিভিত্তিক জীৱিকাসমূহক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি ক’লেও মিছা কোৱা নহয়। অৰ্থাৎ একেসময়তে দেশৰ সন্মুখত অনেক পৰস্পৰ বিপৰীত অৱস্থাৰ উৎপত্তি। এফালেদি, খাদ্য আৰু পানীৰ চাহিদা বাঢ়িছে, কিন্তু যোগান হ্ৰাস পাইছে।স্বাস্থ্য সেৱাৰ মান বহুক্ষেত্ৰত উন্নীত হ’লেও দাৰিদ্ৰ্য আৰু অপুষ্টি বঢ়াৰ লগে লগে এইধৰণৰ সমস্যাৰো বৃদ্ধি হৈছে। অইনহাতে নৱীকৰণযোগ্য আৰু “পৰিস্কাৰ” শক্তি উৎসৰ ব্যৱহাৰ দেশৰ প্ৰায় অৰ্ধেক লোকৰ বাবে  এতিয়াও সূদুৰ পৰাহত।   
  এনে এক অৱস্থাত দেশৰ এই ক্ৰমবৰ্ধিত আবাদীক সম্পদ বুলি ক’ব পাৰিবলৈ হ’লে আমি সমগ্ৰ দেশৰ আৰ্থ-সামাজিক পৰিকাঠামোকে শক্তিশালী আৰু নতুন কৰি গঢ় দিব লাগিব। ক্ষুধা তথা অভাৱ নিবাৰণ, খোৱা পানীৰ যোগান, যথোপযুক্ত অনাময় আঁচনি আদিৰ লগতে উপযুক্ত শিক্ষা তথা স্বাস্থ্য সেৱাৰ সুবিধাৰ জৰিয়তে এই বৃহৎ সংখ্যক মানুহক ভৱিষ্যতৰ বাবে উপযুক্ত কৰি তোলাটো আধুনিক ভাৰতৰ উন্নয়নৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। সমস্যাসমূহৰ অন্তৰ্নিহিত কাৰকক অনুধাৱন কৰি তৃণমুল পৰ্য্যায়ৰ পৰা সেই সমস্যাৰ সমাধানকল্পে পৰিস্থিতিসাপেক্ষ বিকাশমূলক কাৰ্য্যসূচী গ্ৰহণ কৰিব লাগিব। কাৰিকৰী দক্ষতা বৃদ্ধি, ক্ষুদ্ৰ তথা কুটীৰ শিল্পসমূহৰ বিকাশ, স্থানীয় সম্পদক বহনক্ষমভাৱে ব্যৱহাৰ কৰি সামাজিক লাভালাভ বৃদ্ধি আদিৰ দৰে সৰ্বাংগীন পদ্ধতিক আমি নকৈ আঁকোৱালি ল’ব লাগিব।জলবায়ুৰ তাৰতম্যই আনিব পৰা বিপৰ্য্যয় ৰোধৰ বাবে পৰম্পৰাগত কাৰিকৰী কৌশল, থলুৱা জ্ঞান আদিৰ সঠিক ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। এই সকলোখিনি সূচাৰুৰুপে কৰিব পাৰিলেহে বহনক্ষম উন্নয়নৰ বাটত দেশক আগুৱাই নিব পৰা যাব। আৰু এই সকলোটি দিশ নিশ্চিত কৰাত কেৱল চৰকাৰ নহয়, আমি প্ৰত্যেকেই হ’ব লাগিব সচেতন আৰু সদা তৎপৰ। আৰু সেয়া হৈ উঠিলেহে বিশ্ব জনসংখ্যা দিৱসৰ দৰে কাৰ্য্যসূচী পালন প্ৰকৃতাৰ্থতে সফল হ’ব।

------------------xxxxxxxxx--------------------
(মাহেকীয়া অনুভূতি, আগষ্ট,২০১৫)




No comments:

Post a Comment