Thursday, 9 July 2015

খাদ্য ১: “মেগী” বিতৰ্ক আৰু কিছু জানিবলগীয়া কথা



“মেগী”আশীৰ দশকৰ পৰা ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ, মধ্যবিত্তীয় ভাৰতীয়ৰ ঘৰুৱা খাদ্য হৈ পৰা এইবিধ খাদ্যসামগ্ৰীৰ আকস্মিক পতনে  যোৱা কিছুদিনত সকলোৰে দৃষ্টি কাঢ়িছে। আন্তৰ্জাতিক প্ৰতিষ্ঠন “নেচলে”ৰ ভাৰতীয় শাখাৰ আটাইতকৈ জনপ্ৰিয় সামগ্ৰীয়েই হ’ল মেগীৰ ইনষ্টেণ্ট নুডলচ কেইবিধ। ১৯৮২ চনত প্ৰথমবাৰলৈ ভাৰতত নেচলে ইণ্ডিয়া কোম্পানীয়ে মেগীৰ “ইনষ্টেণ্ট নুডলচ্” বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰে পৰা ‘মেগী’ হৈ পৰে এক ঘৰুৱা আৰু আপোন নাম।  ৰন্ধনপ্ৰক্ৰিয়াৰ জটিলতাহীনতা তথা মুখৰোচক সোৱাদৰ বাবে চাৰি-পাঁচ বছৰৰ শিশুৰ পৰা কিশোৰ-কিশোৰীলৈ, হোষ্টেলত-ভাৰাঘৰত নিজে ৰান্ধি খাবলৈ বাধ্য হোৱা যুৱক-যুৱতীৰ পৰা চল্লিশোৰ্ধৰ আদহীয়ালৈ সকলোৰে “আকালৰ ভাত, বিপদৰ মাত” হৈ মেগীয়ে সকলোকে তৃপ্ত কৰি আহিছে। আনহে নেলাগে, দূৰ্গম স্থানতো নানা কাৰণত কৰ্তব্যৰ খাতিৰত সময় কটাব লগাত পৰা  দূৰ্য্যোগ সেৱা বাহিনী, পৰ্বতাৰোহী – সকলোৰে বাবে মেগীৰ এই “ইনষ্টেণ্ট নুডল”সমূহে ভাত বা ৰুটিৰ দায়িত্ব পালন কৰিছে যোৱা ৩০টা বছৰে। আৰু সেইবাবেই হয়তো, “মেগী” ব্ৰেণ্ডৰ নামত চুপ, চচ বা মছলাৰ দৰে অন্যান্য সামগ্ৰীৰ উৎপাদন হ’লেও ভাৰতীয় মধ্যবিত্তীয় পৰিয়ালৰ বাবে “মেগী” মানে কেৱল সেই নিৰ্দিষ্ট ‘ইনষ্টেণ্ট নুডলচ’ কেইবিধহে!


এইহেন পৰম লোকপ্ৰিয় খাদ্যবিধক লৈ হঠাতে আৰম্ভ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ বজাৰৰ পৰা “মেগী”ৰ কেওবিধ নুডলচ অপসাৰণ কৰিবলৈ নেচলে ইণ্ডিয়া বাধ্য হয়। এই বিতৰ্কৰ আৰম্ভণি হয় উত্তৰ প্ৰদেশত । ৰাজ্যখনৰ লক্ষ্ণৌস্থিত খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে (Food Safety and Drug Administration) এই বছৰৰ মে’ মাহত মেগী নুডলচৰ নমুনাত মন’ছডিয়াম গ্লুটামেটৰ লগতে নিৰ্দিষ্ট অনুমোদিত সীমাতকৈ অধিক মাত্ৰাত সীহ (lead)ৰ উপস্থিতি ধৰা পেলায়। ইয়াৰ লগে লগে ৰাজ্যখনত এমাহৰ বাবে মেগীৰ বিক্ৰী নিষিদ্ধ কৰা হয়। উত্তৰ প্ৰদেশৰ পাছত দেশৰ আন কেবাখনো ৰাজ্য যেনে কৰ্ণাটক, দিল্লী, অসম, কেৰালা আদিতো মেগীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়। অৱশেষত জুন মাহৰ ৫ তাৰিখে দেশৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই (Food Safety and Standards Authority of India -FSSAI) নেচলে ইণ্ডিয়াক “মেগী” ব্ৰেণ্ডৰ নামত থকা ৯ বিধ নুডলচ বজাৰৰ পৰা ঘুৰাই নিবলৈ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া কথাষাৰ হ’ল ইয়াৰে “মেগী ওটচ্‌ মছলা নুডলচ”  নামৰ সামগ্ৰীবিধ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদন নোহোৱাকৈয়ে, যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈয়ে কোম্পানীটোৱে বজাৰত উলিয়াই দিছিল ।

সীহ (Lead) কি ?
সীহ হ’ল এবিধ গধুৰ ধাতু আৰু আমাৰ দেহত এই বিধ ধাতুৰ মাত্ৰাধিক্যই যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আমি খোৱা খাদ্য, পানী আৰু সেৱন কৰা বায়ুৰ পৰা শৰীৰত প্ৰৱেশ কৰা সীহৰ প্ৰভাৱত তেজত থকা হিম’গ্লবিন তথা অন্যান্য কিছু প্ৰটিনত থকা হিম’ অংশৰ সংশ্লেষণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ফলস্বৰুপে শৰীৰৰ অক্সিজেন তথা গ্লুক’জ ব্যৱহাৰৰ ক্ষমতা হ্ৰাস পায়। মানুহৰ তেজত সীহৰ মাত্ৰা ০.৮ পিপিএমতকৈ বেছি হ’লে হিম’গ্লবিনৰ মাত্ৰা দ্ৰুতভাৱে কমি ৰক্তাল্পতাৰ লক্ষণ দেখা দিয়াৰ ওপৰিও এনে মাত্ৰাত বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস তথা মগজুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। অন্যহাতে, শৰীৰত প্ৰৱেশ কৰা সীহ,  আমাৰ হাড়ত থকা কেলচিয়ামৰ সতে একে ৰাসায়নিক গঠনৰ হোৱাৰ বাবে ই কেলচিয়ামক আঁতৰাই ক্ৰমে হাড়ত জমা হবলৈ ধৰে । সাধাৰণ অৱস্থাত আমি খোৱা খাদ্য আৰু পানীত সীহৰ অনুমোদিত মাত্ৰা -  ০.০১ ৰ পৰা সৰ্বোচ্চ ২.৫ পিপিএম পৰ্য্যন্ত । অৱশ্যে, কিছুমান খাদ্যৰ ক্ষেত্ৰত এই মাত্ৰা ১০ পিপিএম পৰ্য্যন্ত হ’বগৈ পাৰে।  অন্যহাতে মেগীৰ নুডলচৰ পৰীক্ষিত নমুনাত থকা সীহৰ মাত্ৰা এই অনুমোদিত পৰিমাণতকৈ প্ৰায় সাত গুণ (১৭.২ পিপিএম) অধিক বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। (**১ পিপিএম মানে – এক লিটাৰত এক মিলিগ্ৰাম পৰিমাণৰ দ্ৰ্ৱ্য)

মন’ছডিয়াম গ্লুটামেট (Monosodium glutamate) : বিতৰ্কিত সোৱাদ

চমূকৈ MSG  বুলি পৰিচিত ‘মন’ছডিয়াম গ্লুটামেট’ নামৰ ৰাসায়নিক পদাৰ্থবিধৰ কাম খাদ্যৰ স্বাদ বঢ়োৱা। মন কৰিবলগীয়া কথাষাৰ হ’ল এই মন’ছডিয়াম গ্লুটামেট প্ৰাকৃতিক ভাৱেও নানা খাদ্য বস্তু যেনে কাঠফুলা, ছয়াবিন, বিলাহী, বাদাম জাতীয় দ্ৰৱ্যত পোৱা যায় । প্ৰকৃততে ই গ্লুটামিক এচিড নামৰ এমিন’ এচিদবিধৰ ছডিয়াম লৱণ আৰু ইয়ে খাদ্যক একপ্ৰকাৰৰ মাংসৰ দৰে স্বাদ, (যাক ইংৰাজীত কোৱা হয় ‘উমামী’ (Umami)) প্ৰদান কৰে। পোনপ্ৰথম বাৰৰ বাবে এই লৱণবিধ জাপানৰ কিকুনে ইকেদা (Kikunae Ikeda)নামৰ ব্যক্তিজনে কম্বু নামৰ এবিধ সাগৰীয় শেলাইৰ (kambu) পৰা কৃত্ৰিমভাৱে আহৰণ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানে কিন্বন (Fermentation) পদ্ধতিৰে গোমধান, বীট, শিমলু আলু আদিৰ দৰে শৰ্কৰাযুক্ত বস্তুৰ পৰা কৃত্ৰিম MSG ৰ বাণিজ্যিক উৎপাদন কৰা হয়। সাধাৰণতে কোৰিয়ান, চীনা আৰু জাপানীজ খাদ্যসম্ভাৰত বহুলভাৱে ব্যবহৃত হোৱা এইবিধ ৰাসায়নিক পদাৰ্থই খাদ্যবস্তুৰ স্বাদ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ইয়াৰ বাণিজ্যিক উৎপাদন দ্ৰুতগতিত বাঢ়িবলৈ লয় আৰু সমানুপাতিকভাৱে প্ৰক্ৰিয়াকৃত খাদ্য বা পেকেটত থকা খাদ্যত (processed or packaged food)ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাবলৈ ধৰে । এইবিধ সামগ্ৰী বজাৰত “আজিনাম’ট’”, “একচেণ্ট (Accent)”, চেজ’ন (Sazon) আদি নামেৰে বিক্ৰী কৰা হয়।

সচৰাচৰ MSGৰ স্বাস্থ্যজনিত প্ৰতিক্ৰিয়াক লৈ দুই বিশেষ মতবাদৰ প্ৰচলন দেখা যায় । সাধাৰণতে পশ্চিমীয়া বিশেষকৈ ইংৰাজী ভাষী দেশসমূহত (Anglosphere)MSG ৰ পৰা নানা অপকাৰ হয় বুলি বিভিন্ন খাদ্য গৱেষকসকলে প্ৰকাশ কৰিছে যদিও বহুসংখ্যক বিজ্ঞানীয়ে আকৌ ইয়াৰ বিপৰীতেহে মত দিয়া দেখা যায় । খাদ্যত থকা MSGৰ ভক্ষণৰ ফলত অনেক ব্যক্তি মূৰবিষ, মূৰ ঘূৰোৱা, বুকুৰ অস্বস্তি, ঘাম ওলোৱা, মুখৰ জ্বলা-পোৰা বা ফুলা,  ছাল ৰঙা পৰি যোৱা, ভাগৰ লগা আদি নানা অসুবিধাৰ সন্মুখীন হোৱাৰ কথা পোৱা যায় । সামূহিকভাৱে “চাইনীজ ৰেষ্টোৰাঁ চিনড্ৰ’ম” বুলি জনাজাত এই লক্ষণসমূহ একপ্ৰকাৰৰ এলাৰ্জী বুলি জানিব পৰা গৈছে । তদুপৰি অতিমাত্ৰাত মন’ছডিয়াম গ্লুটামেটৰ সেৱনে শৰীৰক এলেহুৱা কৰি তোলা, অতিমাত্ৰা পিয়াহ লগা, মুখৰ স্নায়ুৰ অনিয়ন্ত্ৰিত সঞ্চালন, জঠৰতা আদি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কথাও জানিব পৰা গৈছে। মন কৰিবলগীয়া যে গ্লুটামিক এচিদ বা গ্লুটামেটৰ মাত্ৰাধিক্যই আমাৰ স্নায়ুতন্ত্ৰক অতিমাত্ৰা উত্তেজিত কৰি তোলাৰ সম্ভাৱনা আছে বুলিও নানা গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে একাংশ বিজ্ঞানীৰ মতে মন’ছডিয়াম গ্লুটামেটৰ প্ৰকৃততে তেনে কোনো সাংঘাতিক পাৰ্শ্বক্ৰিয়া নাই । বৰঞ্চ চাইনীজ ৰেষ্টোৰা ছিনড্ৰ’ম একপ্ৰকাৰৰ ব্যক্তিনিৰ্ভৰ আৰু মানসিক ভীতিজনিত ৰোগ বুলিহে এইসকল লোকে প্ৰকাশ কৰে । অৱশ্যে এইখিনিতে উল্লেখনীয় এষাৰ কথা হ’লে – সচৰাচৰ MSG ক লৈ হোৱা গৱেষণাসমূহত অধ্যায়ন প্ৰক্ৰিয়াত ব্যৱহৃত অত্যাধিক বেছি MSGৰ  পৰিমাণ তথা পৰীক্ষাপদ্ধতিৰ আসোঁৱাহে অধিকাংশ গৱেষণাৰে বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন নকৰা  নহয়। অন্যহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা সংস্থা, Food and Drug Administration(FDA)ৰ মতে MSG এবিধ সাধাৰণভাৱে সুৰক্ষিত পদাৰ্থ (Generally safe) আৰু খাদ্যত ৩ গ্ৰাম পৰ্য্যন্ত MSG থাকিব পাৰে।অৱশ্যে মন’ছডিয়াম গ্লূটামেটে খাদ্য দ্ৰৱ্যক জিভাৰ বাবে অধিক লোভনীয় কৰি তুলি একধৰণৰ নিচাগ্ৰস্ততাৰ জন্ম দিয়ে বুলিও বিজ্ঞানীসকলে কয় । ফলস্বৰূপে উক্ত সোৱাদযুক্ত খাদ্যবস্তু বাৰম্বাৰ আৰু অধিক মাত্ৰাত খাবৰ বাবে ব্যক্তিজন আগ্ৰহী হৈ উঠে। প্ৰয়োজনীয় পৰিমানতকৈ বেছিকৈ ভক্ষণ কৰাৰ ফলত ইয়ে শৰীৰক মেদবহুলতাৰ দৰে ৰোগৰ চিকাৰ কৰি তোলাৰ সম্ভাৱনা নোহোৱা নহয়।

মেগী বিতৰ্ক : অশ্বত্থামা হত ইতি গজ

মন’ছডিয়াম গ্লুটামেটৰ শাৰীৰিক পাৰ্শ্বক্ৰিয়া থাকক বা নাথাকক, সচৰাচৰ বিভিন্ন দেশৰ নিৰ্দেশনা মতে যিকোনো খাদ্যসামগ্ৰীৰ পেকেটত যদিহে এই সামগ্ৰীবিধৰ কৃত্ৰিম প্ৰয়োগ কৰা হয়, তেন্তে সেয়া স্পষ্টকৈ বাহিৰৰ পেকেটত উল্লেখ থাকিব লাগে। অথবা যিবিলাক পেকেটত থকা সামগ্ৰীত ইয়াৰ উৎসৰূপী প্ৰাকৃতিক দ্ৰৱ্যবোৰৰ ব্যৱহাৰ হয়, তেনে সামগ্ৰীৰ পেকেটত “No Added MSG” বুলি লিখা থাকিব নালাগে।  কিন্তু সততে মেগী বা তেনে পেকেটত থকা খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰ্তা কোম্পানীবোৰে গ্ৰাহকে MSG থকা খাদ্য ক্ৰয় নকৰিব বুলি, এই ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰে । সৰলভাৱে কবলৈ গ’লে গোটেই কথাটো মহাভাৰতৰ যুদ্ধত যুধিষ্ঠিৰে দ্ৰোণাচাৰ্য্যক “অশ্বত্থামা হত ইতি গজ” বুলি মিছা মতাৰ দৰে ঘটনা । কিন্ত কেনেকৈ ?

আমি ইতিমধ্যে কৈ আহিছোঁ যে MSG প্ৰাকৃতিক ভাৱেও অনেক খাদ্যবস্তুত পোৱা যায় । এই কথাষাৰকে আমাৰ মেগীৰ দৰে তথাকথিত জনপ্ৰিয় আৰু ‘স্বাস্থ্যসন্মত’ খাদ্য প্ৰস্তুত কৰা কোম্পানী বিলাকে ব্যৱহাৰ কৰে । উদাহৰণস্বৰুপে মেগীৰ মছলা বা আন কোনো সোৱাদৰ নুডলছৰ পেকেটত উপাদানসমূহৰ নামত লিখা থকা হাইড্ৰ’লাইজড্ পিনাট প্ৰটিন (hydrolysed peanut protein), হাইড্ৰ’লাইজড চয় প্ৰটিন (hydrolysed soy protein), ইষ্ট এক্সট্ৰেক্ট (east extract), প্ৰটিন কনচেন্ট্ৰেট্ (protein concentrate), টেপিঅ’কা ষ্টাৰ্চ (tapioca starch) আদি উপাদানবোৰ, নেচাৰ আইডেণ্টিকেল আৰু আৰ্টিফিচিয়েল ফ্লেভাৰিং এজেণ্ট বোলা বস্তুবোৰ MSG ৰে ছদ্মবেশী পদাৰ্থ। অন্যহাতে পেকেটত লিখা থকা সতৰ্কবাণীটো – “ইয়াত গাখীৰ, চয়া বা সৰিয়হ থাকিব পাৰে” (May contain milk, soy/soybean, mustard)ও প্ৰকৃততে এনে এক ব্যৱসায়িক বুদ্ধিৰে ফচল। আচলতে এই সকলোবোৰ খাদ্য সামগ্ৰীয়েই কৃত্ৰিমভাৱে মন’ছডিয়াম গ্লুটামেট আহৰণৰ একোটা উৎস; অথচ এইবোৰক প্ৰাকৃতিক সামগ্ৰী ৰুপে দেখুৱাব পৰা যায় । অন্যহাতে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ এই সংক্ৰান্তীয় নিয়মাৱলীতো কিছু সুৰুঙা আছে, যাৰ গইনা লৈয়েই স্বাদ বৃদ্ধিৰ বাবে থকা মছলাৰ পেকেটত MSG যোগ দিও, এনে নুদলছ বিলাকৰ পেকেটৰ বাহিৰত “MSG নাই” বুলি ঘোষণা কৰিব পাৰি । কিয়নো এই নিয়ম অনুযায়ী মেগীৰ দৰে শুকান আৰু আগতে ৰন্ধা খাদ্যৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে MSG  থাকিব নোৱাৰে যদিও, এইবোৰৰ লগত থকা মছলাৰ পেকেটত (Seasoning)ৰ ক্ষেত্ৰত MSG  অনুমোদিত পৰিমাণত থাকিব পাৰে !! গতিকে গৈ গৈ কথাষাৰৰ ৰূপটো হয়গৈ এনেকুৱা – “আমাৰ খাদ্যত MSG নাই, কিন্তু MSG ৰ উৎসবোৰ আছে !!”

এই কথাষাৰ কেৱল মন’ছডিয়াম গ্লুটামেটৰ দৰে বিতৰ্কিত পদাৰ্থৰ ক্ষেত্ৰতে নহয়, এনে আন বহুতো উপাদানৰ ক্ষেত্ৰতে পোৱা যায়। সচৰাচৰ চৰ্বি জাতীয় উপাদানৰ ক্ষেত্ৰত সংপৃক্ত, অসংপৃক্ত আৰু ট্ৰেন্স চৰ্বি সম্পৰ্কে গ্ৰাহকৰ অজ্ঞানতাৰ সুযোগ লৈ এনে আভুৱা ভৰাৰ উদাহৰণ অনেক। আৰু এইদৰে চলাহী কথাৰে গ্ৰাহকক ভুলপথে পৰিচালনা কৰাৰ বাবেই মেগী বা তেনে প্ৰক্ৰিয়াকৃত খাদ্যসামগ্ৰী বিক্ৰেতা কোম্পানীবোৰ কঠোৰ শাস্তি পোৱাৰ যোগ্য বুলি ক’ব পাৰি।

কেৱল মেগীয়েই নে ?

মেগী ব্ৰেণ্ডৰ নুডলচৰ ক্ষেত্ৰত আৰম্ভ হোৱা বিতৰ্কই ইতিমধ্যে অন্যান্য ইনষ্টেণ্ট নুডলছ ব্ৰেণ্ড বিলাককো স্পৰ্শ কৰিছে। “ৱাই ৱাই”, “টপ ৰেমন”, “ইপ্পি”, “নৰ” আদি অন্যান্য জনপ্ৰিয় নুডল ব্ৰেণ্ডসমূহৰ উৎপাদ সমূহকো পৰীক্ষা কৰি চাবলৈ লোৱা হৈছে। ইয়াৰ ভিতৰত উল্লেখনীয় কথাষাৰ হ’ল হিন্দুস্থান ইউনিলিভাৰৰ “Knorr” ব্ৰেণ্ডৰ নুডলসমূহক FSSAIৰ সম্পুৰ্ণ অনুমোদন অবিহনেই বিক্ৰীৰ বাবে বজাৰলৈ মুকলি কৰি দিয়া হৈছিল। একেদৰে আই.টি.চি. লিমিটেডৰ “ইপ্পি(Yipee)” ৰ ক্ষেত্ৰতো MSG সংক্ৰান্তত গোপনীয়তা অৱলম্বনৰ অভিযোগ উঠাৰ সম্ভাৱনা দেখিয়েই কোম্পানীটোৱে পেকেটত “No Added MSG” বুলি থকা বাক্যাংশ উঠাই ল’বলৈ যো-জা চলাইছে। অন্যহাতে কেন্দ্ৰীয় খাদ্য সুৰক্ষা সংস্থাটোৰ তৰফৰ পৰাও, শেহতীয়াকৈ বজাৰত উপলব্ধ সকলোবোৰ নুডলছ, পাষ্টা আৰু মেকাৰণিৰ উপাদানসমূহৰ পৰীক্ষণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি এনে ধৰণৰ বিতৰ্কৰ আওঁতালৈ আন অনেক সামগ্ৰী যেনে গাখীৰ আৰু গাখীৰ জাতীয় খাদ্য, শিশু খাদ্য, শক্তিবৰ্ধক তথা শাৰীৰিক বিকাশ বৰ্ধক খাদ্যসমূহকো টানি অনা হৈছে।

বিতৰ্ক সম্পৰ্কত নেচলে’ৰ মন্তব্য

লক্ষনীয়ভাৱে মেগীৰ নিৰ্মাতা নেচলে ইণ্ডিয়াই FSSAI ৰ আগত মেগী নুডলছত সীহ আৰু মন’ছডিয়াম গ্লুটামেট্ৰ উপস্থিতি তথা অনুমতিবিহীন ভাৱেই অ’টছ মছলা নুডলছ বজাৰত এৰি দিয়াক লৈ গা এৰা দিয়া যুক্তি কিছুমান আগবঢ়াইছে আত্মপক্ষ সমৰ্থনত । তেওঁলোকৰ মতে – দুয়োবিধ সামগ্ৰীৰ পৰীক্ষাৰ ক্ষেত্ৰত উপযুক্ত পদ্ধতিৰে পৰীক্ষা কৰা হোৱা নাই। যিহেতু মেগী নুডলছ আৰু মছলা একেলগে খোৱা হয়, গতিকে দুয়োবিধ একেলগে সিজাই লৈহে পৰীক্ষা কৰা উচিত। অন্যহাতে উক্ত মেগীৰ নমুনাসমূহ পৰীক্ষাৰ পূৰ্বে দুমাহ মুকলিকৈ থৈ দিয়া বাবে সীহ পোৱা গৈছে । আনপিনে তেওঁলোকে যিহেতু অ’টছ নুডলছৰ বিক্ৰীৰ অনুমোদন বিচাৰি আবেদন কৰিছে আৰু অনুমোদনৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ ন্যায়ালয়ৰ দ্বাৰা স্থগিত কৰি ৰখা হৈছে, গতিকে সেয়েই তেওঁলোকে নুডলছ বিধ বজাৰলৈ উলিয়াই দিলে !! অন্যহাতে একে সময়তে তেওঁলোকে মেগীৰ পেকেটত ভুৱা তথ্যৰে গ্ৰাহকক আভুৱা ভাঁৰিছে বুলি মানি লৈ নতুন পেকেটৰ প্ৰস্তূতকৰণৰো কাম আৰম্ভ কৰিছে বুলি FSSAI ক জানিবলৈ দিয়ে! অৱশ্যে সংশ্লিষ্ট খাদ্য সুৰক্ষা সংস্থাটোৱে এইক্ষেত্ৰত নেচলে ইণ্ডিয়াই দিয়া সকলো যুক্তি অগ্ৰাহ্য কৰি, ১৫ দিনৰ ভিতৰত মেগীৰ মুঠ ৯ বিধ নুডলছৰ ক্ষেত্ৰত থকা অনুমোদন কিয় উঠাই লোৱা ন’হব, তাৰ কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছে।

আমি কি কৰিম??

কথা হ’ল – বজাৰৰ পৰা মেগী নোহোৱা হৈ গ’লে তাৰ ঠাইত আন এবিধ সামগ্ৰী বজাৰলৈ এৰি দিয়া হ’ব। লোভনীয় বিজ্ঞাপন দিয়া হ’ব, ভুৱা পুষ্টি সম্বন্ধীয় তথ্য, অৰ্ধসত্যৰে তাক বিক্ৰী কৰা হ’ব। অনুমোদন নোপোৱাকৈয়ে একোবিধ সামগ্ৰীয়ে বজাৰ দখল কৰিব, আমাৰ ৰান্ধনিঘৰো দখল কৰিব । আৰু বিশেষ কোনো ঘটনা নোহোৱালৈকে, FSSAIৰ দৰে সংস্থাৰ চকুত নপৰাকৈয়ে সেইবিলাক বজাৰত চলি থাকিব । আমাৰ  দৰে মধ্যবিত্ত পৰিয়ালবোৰত খাদ্যৰ নামত অপকাৰী ৰাসায়নিক পদাৰ্থ ভক্ষণৰ প্ৰক্ৰিয়াটোও এনেকৈয়ে চলি থাকিব। এনে পৰিপ্ৰেক্ষিতত আমি কি কৰা উচিত ?
প্ৰথম কথা,  যিকোনো সামগ্ৰী কিনোঁতে সচেতন হওক। বিজ্ঞাপনত ভাল বুলি ক’লেই যে বস্তু এবিধ ভাল হ’ব, তেনে নহয়। বিজ্ঞাপনে দাবী কৰাৰ দৰে পুষ্টি প্ৰকৃততে সামগ্ৰী বিধত আছে নে, সেয়া ভালকৈ লক্ষ্য কৰক। পেকেটত থকা লেবেল, সামগ্ৰী একোটা কিনাৰ আগতে পৰীক্ষা কৰক, ভালকৈ পঢ়ক। প্ৰাকৃতিক সোৱাদ আৰু ৰঙৰ কথা উল্লেখ থাকিলে, সেয়া আচলতে আছে নে সেয়া প্ৰাকৃতিক উপাদান সদৃশ আন কিবাহে, সেয়া বুজিবলৈ চেষ্টা কৰি চাওক । আৰু সকলোতকৈ ডাঙৰ কথা, পৰাপক্ষত এনে খাদ্য সামগ্ৰী ব্যৱহাৰ কৰাটো সীমিত কৰক বা একেবাৰে বন্ধ কৰক আৰু যিমান পাৰি সতেজ খাদ্য সামগ্ৰী, ঘৰতে প্ৰস্তুত কৰিব পৰা খাদ্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক! সেয়ে হ’লেহে আমি আজিৰ আধুনিক সময়ৰ নানাবিধ ৰোগ, মেদবহুলতা আদিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰিম, এক সুস্বাস্থ্যকৰ জীৱন উদযাপন কৰিব পাৰিম।

(ইত্যাদি জনসাধাৰণ, জুন, ২০১৫)



No comments:

Post a Comment