মানৱ সমাজৰ উন্নয়ন প্ৰক্ৰিয়া প্ৰকৃতি নিৰ্ভৰশীল।
প্ৰাকৃতিক সম্পদ অবিহনে আৰ্থিক বিকাশ অসম্ভৱ। বিকাশ আৰু উন্নয়নৰ বাবে মাটি, পানী, শক্তি
অথবা খনিজাত সম্পদসমূহৰ বাহিৰেও জৈৱসম্পদসমূহ বা জীৱবৈচিত্ৰ্য অপৰিহাৰ্য্য। জীৱন-ধাৰণৰ
বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰোঁতা গছৰ পৰা আৰম্ভ কৰি, আমাৰ চকুত নপৰা অণুজীৱসমূহলৈ
সকলো জীৱই আমাক নানা ধৰণেৰে সহায় কৰে । কিন্তু আমি, সততে চৌপাশৰ এই জীৱকূলৰ প্ৰয়োজনীয়তাৰ
কথা পাহৰি থাকোঁ। সচৰাচৰ “জীৱবৈচিত্ৰ্য” শব্দটো আমাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত
থকা গঁড়, হৰিণ, হাতী, বাঘ, দেওহাঁহ জাতীয় পক্ষী বা কপৌগোত্ৰীয় উদ্ভিদৰ দৰে দৃষ্টিনন্দন
আৰু দু:স্প্ৰাপ্য জীৱকূলৰহে “সমাৰ্থক” হৈয়ে ৰৈ যায় যদিও, প্ৰকৃততে জীৱবৈচিত্ৰ্য শব্দটোৱে
পৃথিৱীৰ জীৱমণ্ডলত থকা সকলো জীৱৰ বিভিন্নতাক সাঙুৰি লয়। আমাৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ
তথা খাদ্য-জালখন সুষমভাৱে চলি থাকিবলৈ হ’লে
যে সকলোবিধ জীৱৰ অস্তিত্ব থকাটো দৰকাৰ, সেই কথা দুনাই বহলাই কোৱাৰ প্ৰয়োজন হয়তো
নাই ।মানৱ সমাজৰ সামাজিক তথা অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়াত জীৱসমষ্টিৰ এই ব্যাপক ভূমিকাৰ
কথা মনত ৰাখিয়েই, প্ৰতি বছৰে ২২ মে’ তাৰিখে উদযাপিত “আন্তৰ্জাতিক জীৱবৈচিত্ৰ্য দিৱস”
(International Day for Biodiversity)ৰ ২০১৫ৰ মূল বিষয় হিচাপে “বহনক্ষম উন্নয়নৰ বাবে
জীৱবৈচিত্ৰ্য” (Biodiversity for Sustainable Development) শীৰ্ষক বিষয়টোক গ্ৰহণ কৰা
হৈছে ।
আমি ইতিপূৰ্ৱেই উল্লেখ কৰিছোঁ যে, “জীৱবৈচিত্ৰ্য”
মানে কেৱল সংৰক্ষিত এলেকাত থকা, পৰ্যটকক আকৰ্ষণ কৰা জীৱকূল নহয়। থলুৱাভাৱে প্ৰাপ্ত
ধান, যৱ, মাকৈ, চাহ, ফল আদিৰ একো একোটা জাত, ঔষধি গছ-লতা, ঘৰখনৰ ভিতৰে-বাহিৰে থকা মকৰা,
জেঠী, বিছা, পৰুৱা, শামুক, কুমজেলেকুৱা আদিৰ দৰে “বিৰক্তিকৰ” প্ৰাণী, পুখুৰীৰ শেলাই,
পুণী, মেটেকা, পানীপৰুৱা, জিঞা, মাছ – এই সকলোবোৰেই জীৱবৈচিত্ৰ্যৰ ভিতৰুৱা; মৃত প্ৰাণীদেহ,
গছৰ পাত, পেলনীয়া খাদ্যদ্ৰৱ্য আদিৰ পচনত অহৰহ ব্যস্ত ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱবোৰো
জীৱবৈচিত্ৰ্যৰ অংশ । ইহঁতৰ প্ৰত্যেকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাৰ জীৱমণ্ডল বা পৰিস্থিতিতন্ত্ৰৰ
সমতা ৰক্ষাকাৰী প্ৰক্ৰিয়াবোৰ অবিৰতভাৱে চলি থকাত নিজস্ব অৱদান যোগায়। সেয়েই এনে একোটি
জাত বা প্ৰাণী বা অণুজীৱৰ বিলুপ্তিয়ে সমগ্ৰ জীৱমণ্ডলতে ভাৰসাম্যহীনতাৰ জন্ম দিব পাৰে।
উদাহৰণস্বৰূপে – আধুনিক কৃষি পদ্ধতিত কীটনাশক আৰু ৰাসায়নিক সাৰৰ মাত্ৰাধিক প্ৰয়োগে
শস্যক্ষেত্ৰত থকা মকৰা, কেঁচু, সোণপৰুৱা (lady bird beetle) আদি উপকাৰী জীৱকূলকো ধ্বংস
কৰে । ফলস্বৰূপে মকৰা বা সোণপৰুৱাই ভক্ষণ কৰা অপকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বাঢ়ে, কেঁচুৱে
যোগান ধৰা পুষ্টিদ্ৰৱ্য কমে, ফলত কৃষিত উৎপাদন হ্ৰাস হয়। এয়া হ’ল অবহনক্ষম কৃষিৰ উদাহৰণ।
কিন্তু “সংহত অপকাৰী জীৱ পৰিচালনা” (Integrated Pest Management) বা “সংহত পুষ্টি পৰিচালনা”
(Integrated Nutrient Management) পদ্ধতিত এনে প্ৰাকৃতিকভাৱে উপকাৰী জীৱৰ সংখ্যা কৃষি
পৰিস্থিতিতন্ত্ৰত বৃদ্ধি কৰাত গূৰুত্ব দিয়া হয়। সেয়ে এই কৌশলবোৰে প্ৰাকৃতিক ভাৰসাম্যত
আঘাত নকৰাকৈ উৎপাদন বৃদ্ধিত সহায় কৰে। এয়া বহনক্ষম কৃষিৰ এটা সৰু উদাহৰণ।
বিগত শতিকাটোত পৃথিৱীৰ জীৱবৈচিত্ৰ্যলৈ অহা সংকটে
সমগ্ৰ বিশ্বৰে বিজ্ঞানীকুলৰ দৃষ্টি আকৰ্ষন কৰিছে। অৱশ্যে জীৱবৈচিত্ৰ্যৰ এই সংকট তেনেই
নতুন কথা নহয়। ডাইন’ছৰ জাতীয় জীৱৰ সামূহিক বিলুপ্তি এনে একোটা প্ৰাকৃতিক পৰিঘটনাৰে
উদাহৰণ বুলি আমি চমুৱাই কৈ থ’ব পাৰোঁ। কিন্তু, বৰ্তমান কালত জীৱবৈচিত্ৰ্যৰ এই ক্ৰমবিলুপ্তি
প্ৰাকৃতিক প্ৰক্ৰিয়াসৃষ্ট মুঠেও নহয় আৰু সেই বাবেই ইয়াক লৈ আমি চিন্তা কৰা দৰকাৰ। আধুনিক
জীৱন-ব্যৱস্থা, ঔদ্যোগিকৰণ, নগৰায়ন আৰু সৰ্বোপৰি জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ পৰিণতিত প্ৰাকৃতিক
অৰণ্যাঞ্চল সমূহৰ পৰিসৰ খুব খৰতকীয়াকৈ হ্ৰাস হোৱাৰ লগে লগে পৰিৱেশৰ এই জীৱসম্পদ সমূহৰ
অস্তিত্বৰো সংকট আৰম্ভ হ’ল। বৰ্ধিত জনস্ংখ্যাৰ বাবে খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ
প্ৰয়োজন পূৰাবৰ বাবে কৃষিভূমি সম্প্ৰসাৰণৰ প্ৰয়োজন হ’ল।জীৱন-ধাৰণৰ বাবে কৰা সীমিত কৃষিৰ
পৰিৱৰ্তে কৃষিনিৰ্ভৰ অৰ্থনীতি গঢ় ল’লে, অৰ্থকৰী শস্য, চাহ-কফি-ৰাবাৰৰ দৰে বাগিছা-ভিত্তিক
শস্যৰ কৃষি আৰম্ভ হ’ল। জনস্ংখ্যা বঢ়াৰ লগে লগে বসতিৰ বাবে প্ৰয়োজনীয় ভূমিৰ চাহিদা পূৰাবলৈকো
অৰণ্য ধ্বংস কৰা হ’ল। আৰ্থিক তথা সামাজিক বিকাশৰ লগে লগে উন্নত যোগাযোগৰ বাবে ৰাজপথ,
শিক্ষানুষ্ঠান আদিৰ স্থাপন আদিয়েও বনাঞ্চল হ্ৰাস কৰিলে । কেৱল সেয়াই নহয়, কেৱল উন্নয়নমুখী
আৰূ অৰ্থমুখী ব্যৱস্থাৰ ফলত মাটি, পানী আৰু বায়ুৰ
ব্যাপক প্ৰদূষণ আৰম্ভ হ’ল । এই সকলোবোৰে মিলি একো একোটা পৰিৱেশত থকা জীৱকূলক
ক্ৰমে বিলুপ্তিৰ ফালে আগবঢ়াই আনিবলৈ ধৰিলে। মূলতঃ মানুহৰ সৰ্বগ্ৰাসী স্বভাৱৰ পৰিণতিয়ে
জীৱবৈচিত্ৰৰ এই বিলুপ্তিক অধিক ভয়াবহ কৰি তুলিছে আৰু সেইবাবেই ই প্ৰাচীন যুগৰ আকস্মিক
জীৱবিলুপ্তিৰ ঘটনাতকৈ ভিন্ন।
এইখিনিতে কোৱা বাহুল্য মাত্ৰ যে কৃষিৰ তথা অন্যান্য
আৰ্থিক ক্ৰিয়াকলাপে যিদৰে বনাঞ্চল হ্ৰাস্ৰ জৰিয়তে পোনপটীয়াকৈ উদ্ভিদৰ বৈচিত্ৰ্য আৰু
আওপকীয়াকৈ উক্ত উদ্ভিদনিৰ্ভৰ প্ৰাণীকূলৰ বৈচিত্ৰ্য হ্ৰাসত অৰিহণা যোগাইছে, একেদৰে কৃষিৰ
আধুনিকীকৰনেও নানাধৰনে জীৱৰ বিভিন্নতা কমোৱাত সহায় কৰিছে।ৰাসায়নিক দ্ৰ্ৱ্য যেনে কৃত্ৰিম
সাৰ আৰু ৰাসায়নিক কীটনাশকৰ অতিমাত্ৰা প্ৰয়োগৰ ফলত মাটিত থকা নানাবিধ উপকাৰী জীৱ যেনে
কেঁচু, বিভিন্ন অণুজীৱ, মকৰা, মৌ-মাখি, পখিলা, ভেকুলী, নানাবিধ পৰভক্ষী পতংগ
(Predator)আদিৰো সংখ্যা হ্ৰাস পাইছে। ইয়াৰ ফলত কৃষিক্ষেত্ৰত আনুষংগিক বিৰুপ প্ৰতিক্ৰিয়াৰো
সৃষ্টি হৈছে। অন্যহাতে বিগত শতিকাত ভূ-গ্ৰহটিৰ সামগ্ৰিক উষ্ণতাৰ বৃদ্ধি তথা জলবায়ুৰ
পৰিৱৰ্তনেও জীৱবৈচিত্ৰ্যৰ বিলুপ্তিক ত্বৰান্বিত কৰি তুলিছে। মুঠ কথাত, সামাজিক তথা
আৰ্থিক বিকাশ প্ৰক্ৰিয়াৰ সতে সংলগ্ন সকলো প্ৰভাৱৰ লগতে, গোলকীয় উষ্ণায়ন তথা জলবায়ুৰ
পৰিৱৰ্তন আৰু মানুহৰ সামগ্ৰিক অসচেতনতা আৰু অৰ্থলিপসাই আমাৰ পৰিৱেশত একপ্ৰকাৰৰ জীৱবৈচিত্ৰিক
খহনীয়াৰ (Biodiversity Erosion)সৃষ্টি কৰিছে।
কিন্তু যোৱা কিছু বছৰত সামগ্ৰিকভাৱে এনে থলুৱা
জীৱবৈচিত্ৰ্যৰ বিলুপ্তিৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। কৃষি-জীৱবৈচিত্ৰ্যৰ
সংকোচন এনে থলুৱা জীৱবৈচিত্ৰ্যৰ বিলুপ্তিৰ অন্যতম উদাহৰণ। উদাহৰণস্বৰুপে, আমাৰ ৰাজ্য
ধানৰ বিভিন্ন থলুৱা জাতৰ ক্ষেত্ৰত অতিশয় সমৃদ্ধিশালী।আজি প্ৰায় চাৰিটা দশকৰ আগলৈকে
অসমত ভিন ভিন সঁচৰ, ভিন ভিন জাতৰ খেতি কৰা গৈছিল। কিন্তু লক্ষণীয় কথাটো হ’ল খাদ্যৰ
চাহিদা পূৰাবৰ বাবে উচ্চ উৎপাদনক্ষম, বৰ্ণসংকৰ ধানৰ জাতৰ উদ্ভাৱন তথা কৰ্ষণ হোৱাৰ লগে
লগে অধিকাংশ কৃষকেই এই থলুৱা জাতবোৰৰ খেতি কৰিবলৈ বাদ দিলে বুলি ক’লেও ভুল নহয়। ফলস্বৰূপে
বিভিন্ন গুণ তথা বৈশিষ্ট্যৰ সমাহাৰ এই থলুৱা ধানৰ জাতবোৰ এতিয়া থাওকতে নোপোৱা অৱস্থা
এটা সৃষ্টি হ’ল । এইদৰে খাদ্যৰ উৎপাদন বৃদ্ধিৰ তাগিদাই নোহোৱা কৰা থলুৱা শস্যৰ জাতৰ
সংখ্যা তেনেই কম নহয়। এইধৰণৰ উদাহৰণ আমাৰ চৌপাশে লক্ষ্য কৰিলে অনেক বিচাৰি পোৱা যাব।
কেৱল সেয়াই নহয়, অধিক লাভৰ বাবে বাহিৰৰ পৰিৱেশৰ পৰা আনি লগাবলৈ লোৱা ইউকেলিপ্টাছ, চেগুণ,
একেছিয়া আদিৰ দৰে গছৰ মাত্ৰাধিক ৰোপণ আদিয়েও আমাৰ থলুৱা অনেক সুকাঠী গছ বা তেনে জীৱবৈচিত্ৰ্যৰ
অস্তিত্বক স্ংকটত পেলাইছে। একেদৰে বিশেষ পাৰিৱেশিক প্ৰভাৱৰ অধ্যয়ন নকৰাকৈ কৰিবলৈ লোৱা
ন ন উদ্ভিদৰ কৃষিয়ে থলুৱা অন্যান্য উদ্ভিদ যেনে ঔষধি গছ, থলুৱা ফলমূল আদিৰো প্ৰাচূৰ্য্য
হ্ৰাস কৰিবলৈ লোৱাৰ কথাটো আমি পোনতে অস্বীকাৰ কৰিব নোৱাৰোঁ। অন্যহাতে আকস্মিক আৰু অনাকাংক্ষিতভাৱে
বাহিৰা পৰিৱেশৰ পৰা নতুন একোখন ঠাইলৈ আমদানি হোৱা দ্ৰুতবৰ্ধী প্ৰজাতিৰ অপতৃণ
(Invasive alien species)আদিয়েও স্থানীয় জীৱবৈচিত্ৰ্যক সংকটত পেলায়।
জীৱবৈচিত্ৰ্যৰ বিলুপ্তিৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া
দিশ হ’ল এয়ে যে – প্ৰকৃতিত কোনো এবিধ জীৱই এককভাৱে নাথাকে। যিকোনো পৰিস্থিতিতন্ত্ৰতে
যিকোনো এটা প্ৰজাতি খাদ্যশৃংখল আৰু খাদ্য-জালিকাৰ মাধ্যমেৰে অন্যান্য জীৱকূলৰ লগত সংলগ্ন
হৈ থাকে। এইবাবে এবিধ উদ্ভিদ বা এটা প্ৰজাতিৰ বিলুপ্তিয়ে সামগ্ৰিকভাৱে উক্ত প্ৰজাতিৰ
লগত সংলগ্ন সকলোবিধ প্ৰজাতিৰে অস্তিত্বক প্ৰভাৱিত কৰে। সেইবাবেই এবিধ থলুৱা প্ৰজাতিৰ
বিলুপ্তি মানে উক্ত প্ৰজাতিৰ ওপৰত নিৰ্ভৰশীল আৰু বহুকেইটা থলুৱা প্ৰজাতিৰ বিলুপ্তিৰ
আৰম্ভণি হ’ব পাৰে। অন্যহাতে থলুৱা উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতি একোটাই নিজে জীয়াই থকা অঞ্চলটোৰ বতৰ তথা জলবায়ুৰ সমূহ প্ৰতিকূলতা,
তাত থকা পোক-পতংগ বা ৰোগৰ সতে মোকাবিলা কৰি বিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে গৈ উক্ত পৰিৱেশত
বৰ্তি থকাৰ শক্তি আহৰণ কৰি লয় আৰু এই সমূহ ক্ষমতা ইয়াৰ জিনীয় সংযুতিত লুকাই থাকে। গতিকে
এনে একোটা স্থানীয় প্ৰজাতি নোহোৱা হৈ যোৱা মানে সেই সকলো প্ৰতিকূল ব্যৱস্থা প্ৰতিহত
কৰিব পৰাৰ সম্ভাৱনা বহন কৰা জিনসমূহৰ বিলুপ্তি।ই শস্যৰ উৎকৰ্ষসাধন প্ৰক্ৰিয়াৰ বাবেও
ক্ষতিকাৰক। অন্যহাতে, বহুসময়ত এনেকুৱাও হ’ব পাৰে যে, আমাৰ কাষৰ পৰিৱেশতে থকা কোনো উদ্ভিদ
বা প্ৰাণীৰ গাত একেকুৱা কোনো বৈশিষ্ট্য আছে,
যি মানুহৰ বাবে অতিশয় প্ৰয়োজনীয় বুলি গণ্য হ’ব পাৰে; অথচ অদ্যপি সেই গুণ বিজ্ঞানী বা
গৱেষণাকাৰী বা আন কোনো লোকৰে দৃষ্টিৰ আওঁতালৈ অহাই নাই । গতিকে এনে গুণসম্পন্ন প্ৰজাতিটো
যদি আমি জনাৰ আগেয়েই নোহোৱা হৈ যায়, তেন্তে সেয়া মানৱসমাজৰ বাবেই ডাঙৰ ক্ষতি ৰূপে চিহ্নিত
হোৱাৰ সম্ভাৱনা নোহোৱা নহয় ।
আমি এই লেখাৰ আৰম্ভণিতে উল্লেখ কৰিছোঁ যে, মানৱ
সমাজৰ উন্নয়ন প্ৰকৃতি নিৰ্ভৰশীল ।গতিকে সমাজৰ বহনক্ষম উন্নয়নৰ বাবে স্বাভাৱিকতে জীৱবৈচিত্ৰ্যৰ
উপযুক্ত ব্যৱহাৰ কৰাটো দৰকাৰী।বহনক্ষম উন্নয়নৰ প্ৰসংগতে আমি মনত পেলোৱা ভাল যে, জলবায়ুৰ
অৱাভাৱিক পৰিৱৰ্তন এই অবিৰত উন্নয়ন প্ৰক্ৰিয়ালৈ শংকা আৰু অন্তৰায় হৈ থিয় দিছে। গোলকীয়
গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়ে পৃথিৱীৰ সমগ্ৰ জলবায়ু সংলগ্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াক অবিন্যস্ত
কৰি তুলিছে। খাদ্যস্ংকট, জলসংকট, আৰ্থিক দূৰৱস্থা, পাৰিৱেশিক প্ৰব্ৰজন, অসমতুল বিকাশ
আদিৰ দৰে জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য আৰ্থ-সামাজিক বিপৰ্য্যয়ে, “বহনক্ষম উন্নয়ন”ৰ সামগ্ৰিক
ধাৰণাটোকে অসম্ভৱ যেন কৰি তুলিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ
অপৰিহাৰ্য্য। পৰিৱৰ্তিত জলবায়ুৱে কৃষিক্ষেত্ৰত সৃষ্টি কৰিব পৰা সকলো প্ৰত্যাহ্বানৰ
উত্তৰ হয়তো জীৱবৈচিত্ৰ্যৰ জৰিয়তেহে পোৱা যাব। সচৰাচৰ আমি কৰি থকা শস্যবোৰৰ মাজ্ৰে কোনোটোৱে
হয়তো আমাক প্ৰতিকূল জলবায়ুতো অধিক উৎপাদনৰ জৰিয়তে আৰ্থিক তথা খাদ্য সংকটৰ পৰা মুকলি
কৰিব। সেইবাবেই, অৰ্থাৎ একপ্ৰকাৰে পুনৰ স্বাৰ্থপৰৰ দৰেই মানৱজাতিৰ ভৱিষ্যত সুৰক্ষাৰ
বাবেই আমি সকলো জীৱবৈচিত্ৰ্যৰ সংৰক্ষনৰ প্ৰতি সদা যত্নপৰ হোৱা উচিত। এই আপাহতে আমি
মনত পেলোৱা ভাল যে, বহুসময়ত পৰম্পৰাগত জ্ঞান, কৌশল, জনগোষ্ঠীয় কিছু বিশ্বাস আদিয়ে জীৱবৈচিত্ৰ্যৰ
সংৰক্ষণত এক ধনাত্মক ভূমিকা সদায়ে গ্ৰহণ কৰি আহিছে। থলুৱা কৃষি পদ্ধতিসমূহত জীৱবৈচিত্ৰ্য
সংৰক্ষণৰ নানা কৌশল লুকাই থাকে। একেদৰে গ্ৰাম্য কৃষি ব্যৱস্থাত বা জনজাতীয় সমাজত মহিলাসকলে
জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ তথা পোষণত এক দৃঢ় ভূমিকা পালন কৰি আহিছে।একেদৰে, দেওহাবি
(Sacred Groves) আদিৰ দৰে লোকবিশ্বাসে জীৱবৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণত
কৰা সহায়ৰ কথা বিজ্ঞানীসকলেও স্বীকৃতি দিছে। এই সকলোবোৰ কৌশল তথা পদ্ধতিৰ সঠিক ব্যৱহাৰ
কৰিব পাৰিলে, জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ সম্ভৱপৰ।
পৰিশেষত ক’ব পাৰি যে, প্ৰকৃতি তথা প্ৰাকৃতিক সম্পদক
কেৱল তাৎক্ষণিক অৰ্থ আহৰণত ব্যৱহাৰ কৰাৰ সলনি, বহনক্ষম উন্নয়ৰ লক্ষ্যৰে সকলো দিশ চালি-জাৰি
চাই, সচেতনভাৱে আগবঢ়া উচিত।আমাৰ ক্ৰিয়া-কলাপে যাতে অবাঞ্চিতভাৱে কোনো প্ৰজাতিকে বিলুপ্তিৰ
গৰ্ভলৈ ঠেলি নিদিয়ে, সেই ক্ষেত্ৰত আমি অহৰহ সতৰ্কতা অৱলম্বন কৰিব লাগিব। যিকোনো বিকাশমূলক
যোজনা প্ৰস্তূত কৰাৰ সময়তো প্ৰাকৃতিক পৰিৱেশ তথা জীৱবৈচিত্ৰ্যত সৃষ্টি হ’ব পৰা প্ৰভাৱৰ
কথা গূৰুত্বসহকাৰে বিবেচনা কৰিবলৈ ল’ব লাগিব। সেয়ে হ’লেহে আমি পৃথিৱীৰ জীৱকূলৰ এই বিলুপ্তিক
বাধা দিবলৈ সক্ষম হ্’ম।আৰু তাকে কৰিব নোৱাৰিলে, উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষাও সম্ভৱপৰ
হ’ব নোৱাৰে ।
(২২
মে’ৰ আন্তৰ্জাতিক জীৱবৈচিত্ৰ্য দিৱস উপলক্ষ্যে আগবঢ়োৱা এই লেখাটি ইতিপূৰ্বে “মাহেকীয়া
অনুভূতি”, মে-২০১৫ আৰু “ফেহুঁজালি”, মে-২০১৫ নামৰ দুখন আলোচনীত প্ৰকাশিত দুটি প্ৰৱন্ধৰ
সম্পাদিত, সংযোজিত আৰু পৰিমাৰ্জিত ৰূপ ।)
No comments:
Post a Comment