Sunday, 3 May 2015

পৰিৱেশ সচেতনতাৰ বাস্তৱ

বিশ্ব পৰিবেশ দিৱসলৈ মাজত এটা মাহ । স্বাভাৱিকতে পৰিৱেশৰ কথা কোৱাৰ বা চিন্তা কৰাৰ সময় এতিয়াও নৌ হয় !! কিয়নো, গোটেই বছৰটোৰ কেইটামান নিৰ্দিষ্ট দিনৰ বাহিৰে সততে আমাৰ অধিকাংশ লোকেই পৰিৱেশৰ কথা নাপাতে; অকল নপতাই নহয়, ভালকৈ চালে ক'ব পাৰি নেভাৱেও ! নাই, আমি কোনো ঋণাত্মক মনোবৃত্তিৰ মানুহ নহওঁ । কিন্তু পৰিৱেশ সচেতনতা বা পৰিৱেশক লৈ হোৱা চিন্তা-চৰ্চা বুলিলেই চকুত পৰা কিছুমান কটু বাস্তৱেহে আমাক এনেকৈ ভাৱিবলৈ বাধ্য কৰাইছে । কিন্তু কিয় ? 

চাবলৈ গ'লে আজিকালি পৰিৱেশ সজাগতাৰ অনুষ্ঠান বা আয়োজন সততে হৈ থাকে ! ভাল কথা । কোনোৱে চাফাই অভিযান, কোনোৱে বৃক্ষৰোপণৰ আয়োজন, কোনোৱে পথ-শোভাযাত্ৰা, কোনোৱে হয়তোবা মটৰ-চাইকেল ৰেলী - মুঠতে বিভিন্ন ধৰণেৰে পৰিৱেশ সংৰক্ষণৰ কথা ভাৱে, মানুহক জনাবলৈ চেষ্টা কৰে । অসমৰ গৌৰৱ ৰূপে চিহ্নিত এশিঙীয়া গড়ঁ  হত্যা তথা  অন্যান্য প্ৰাণীৰো চোৰাংচিকাৰ ৰোধৰ বাবে নানা প্ৰতিবাদ, ৰেলী আদি কৰে । এই সকলোবোৰেই আপাতত: আমাৰ সচেতনতাকে উনুকিয়াই দিয়ে । "আপাততঃ " বুলি এই কাৰণেই কৈছোঁ যে ভালদৰে গমি চালে কিন্তু এই অনুষ্ঠান-আয়োজন বোৰৰ বাস্তৱটো কিছু বেলেগ, আৰু এই "বেলেগ"টো কিন্তু বহুসময়তে সুখকৰ নহয় । 

আজি কিছুদিনৰ আগেয়ে প্ৰায়কেইখন দৈনিক কাকত আৰু বৈদ্যুতিন মাধ্যমৰ এনে এটা বাতৰিয়ে মোক এই কাৰ্য্যসূচীবোৰৰ বিষয়ে নকৈ ভাৱিবলৈ শিকালে । লেথাৰিকৈ হৈ থকা গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ কেইজনমান নামজ্বলা ব্যক্তিৰ উদ্যোগত দীপৰ বিল পৰ্য্যন্ত হোৱা বাইক ৰেলীৰ এই বাতৰিটোৱে মোক অলপ আচৰিত কৰিলে ! পৰিৱেশৰে এটা অংগৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ বাবে আন এটা অংগক মটৰ চাইকেল চলাই, অনাৱশ্যকভাৱে প্ৰদূষণেৰে জৰ্জৰিত কৰাটো উচিত নে? আজিৰ পটভূমিত যিমানে আমি জীৱাশ্ম ইন্ধনৰ ব্যয় কমাব পাৰিম, সিমানে সি আমাৰ পৃথিৱীৰ পৰিৱেশৰ বাবে মংগলজনক ; আৰু এই কথাটো যিকোনো পৰিৱেশ সচেতন মানুহে জনা তেনেই সাধাৰণ কথাৰ ভিতৰুৱা । জীৱাশ্ম ইন্ধনৰ দহনে বায়ুলৈ নানাধৰণৰ প্ৰদূষক দ্ৰৱ্য তথা গেছ এৰি দিয়াৰ লগতে, দহন প্ৰক্ৰিয়াত নিৰ্গত সেউজ্-গৃহ গেছ সমূহে বায়ুমণ্ডলীয় উষ্ণতা বঢ়োৱাত অৰিহণা যোগায় । তেনেক্ষেত্ৰত দীপৰবিলৰ দৰে সংবেদনশীল অঞ্চললৈ বাইক ৰেলী কৰি গৈ, পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱাৰ কিবা ব্যৱহাৰিক অৰ্থ আছে নে? বাইক বা মটৰ চাইকেল ৰেলীৰ কথাটো তেনেই এটা সৰু উদাহৰণ । 
বহুসময়ত আমি এনে অনেক সজাগতা কাৰ্য্যসূচীৰ প্ৰত্যক্ষদৰ্শী হৈছোঁ, য'ত পৰিৱেশ প্ৰদূষণ ৰোধৰ প্ৰয়োজনীতাৰ কথা কৈ পিছপাকতে আয়োজন থলীত জাৱৰ-জোঁথৰৰ দ'ম এৰি অহা হৈছে, প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে কৰা শোভাযাত্ৰাত শোভাযাত্ৰাকাৰীৰ বাবে যোগান ধৰা শীতল পানীয়ৰ খালী বটল পৰি ৰৈছে বাটৰ কাষত, গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে হোৱা বিয়াগোম আলোচনা চক্ৰত সভাকক্ষ বা ভোজনালয়ত অনাৱশ্যক স্থানত জ্বলি ৰৈছে লাইট, চলি ৰৈছে বৈদ্যুতিক পাংখা ! খাদ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা ৰাইজক জনাবলৈ পতা সভাত কাঁহীয়ে কাঁহীয়ে খাদ্যৰ অপচয় হৈছে ! বৃক্ষৰোপণ কাৰ্য্যসূচীৰ নামত ঢাক-ঢোল বজাই কৰা আয়োজনৰ  এমাহৰ ভিতৰতে তৃণভোজীৰ উদৰস্থ হোৱাৰ কথাবোৰতো বাদেই দি থওঁ সদ্যহতে !  এইবোৰ কথাই আমাৰ পৰিৱেশ সচেতনতাৰ বাস্তৱ ৰূপটোক উদঙাই দিয়ে দুঃখজনকভাৱে । 

কিন্তু এনে হোৱাৰ কাৰণ কি ? গমি চালে দেখা যায়, আমাৰ অধিকাংশ লোকৰ মনত থিতাপি লোৱা প্ৰদৰ্শনকামিতা ইয়াৰ এক অন্যতম কাৰণ । "পৰিৱেশ সচেতনতা" আজিৰ তাৰিখত এটা জনপ্ৰিয় "ফেশ্যন ট্ৰেণ্ড" ! গতিকে, ৰাইজৰ বাহ বাহ ল'ব পৰাকৈ, এনে কিছু আয়োজন কৰি, দামী দামী কেমেৰাৰে সুন্দৰ,  সুন্দৰ আলোকচিত্ৰ কেইখনমান তুলি ল'ব পাৰিলেই এইবিধ "ট্ৰেণ্ড"ত সফল হ'ব পৰা যায় ! তদুপৰি, বহুসময়ত, অনেক স্বেচ্ছাসেৱী অনুষ্ঠানৰ বাবে এনে ফোঁপোলা আয়োজনবোৰ উপৰুৱাকৈ মুনাফা আদায়ৰো বাট । অন্যহাতে, অনেক পৰিৱেশ-কৰ্মী, সমাজ-কৰ্মী অথবা তথাকথিত গৱেষকৰ বাবে পৰিৱেশ সচেতনতা একধৰণৰ পোছাক , যি যোৰ পোছাকে তেওঁলোকক সমাজত গণ্য-মান্যজনৰ আসন এখন দিবলৈ সক্ষম । সেইবাবেই, বিষয়বস্তূৰ গভীৰতালৈ নোযোৱাকৈয়ে, প্ৰকৃত কৰণীয়খিনি সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন তথা বিশ্লেষণ নকৰাকৈয়ে এইসকল লোকে এনেকুৱা ওপৰুৱা আয়োজনবোৰৰ নেতৃত্ব লয় । অথচ অনুষ্ঠান শেষ হোৱাৰ পাছতেই এওঁলোকে নানা ধৰণেৰে পৰিৱেশক ক্ষতি কৰা কাম জানি-নাজানি কৰি থাকে । আৰু এইচাম মানুহৰ বাবেই পৰিৱেশ সচেতনতা "ধৰিত্ৰী দিৱস", "জীৱবৈচিত্ৰ্য দিৱস" অথবা "বিশ্ব পৰিৱেশ দিৱস"ত ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলগীয়া বিষয়, জীৱনশৈলী বা আদৰ্শৰ ভিতৰুৱা নহয় । 

পৰিৱেশ সংৰক্ষণৰ বাবে আগবাঢ়ি অহাটো খুব ভাল কথা । সমাজৰ প্ৰতিটো স্তৰতে পৰিৱেশ সংক্ৰান্তীয় সচেতনতা বাঢ়ক, সেয়াই আমি বিচাৰোঁ । কিন্তু সেয়া সফল হ'বলৈ হ'লে আমি অন্তঃকৰণেৰে প্ৰকৃতি আৰু পৰিৱেশক ভাল পাব লাগিব । তাৰ বাবে অনেকসময়ত ৰাইজক দেখুৱাই "গ' গ্ৰীণ" লিখা "টি-চাৰ্ট" পিন্ধি  বছৰত এদিন "গ্ৰীণমাৰাথন"  দৌৰাৰ দৰকাৰ নাই । দৰকাৰ দৈনন্দিন জীৱনযাত্ৰাত অহৰহ ব্যক্তিগত বাহনখন লৈ ঘূৰাৰ পৰিৱৰ্তে, ওচৰৰ ঠাইখনলৈ খোজ কাঢ়ি বা চাইকেল লৈ যাবলৈ অভ্যাস কৰাৰ । প্ৰয়োজন আমাৰ সেইসকলো কামত সীমাবদ্ধতা অৱলম্বন কৰাৰ, যিবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিৱেশক অপকাৰ কৰে । প্ৰয়োজন নিজৰ ঘৰে-বাহিৰে সেইসকলোখিনি সচেতনতা বৰ্তাই ৰখাৰ, যিয়ে পৰিৱেশলৈ যোগাব পাৰে ধনাত্মক অৱদান । আৰু সেয়া হৈ উঠিলেহে আমাৰ 'এদিনীয়া' পৰিৱেশ সচেতনতা বাস্তৱতে পৰিৱেশ অনুকূল আৰু চিৰস্থায়ী  হৈ উঠিব । 


No comments:

Post a Comment