Tuesday, 29 September 2015

অ’জন সুৰক্ষাৰ ৩০ বছৰ : আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সফলতম উদাহৰণ

   প্ৰাকৃতিক পৰিৱেশৰ বিশ্বজনীন সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজনীয়তাক দোহৰাৰ প্ৰয়োজন নিসন্দেহে নাই। বায়ু প্ৰদূষণ, গোলকীয় উষ্ণায়ন, জলবায়ুৰ পৰিৱৰ্তন, অ’জন স্তৰৰ অৱক্ষয় আদিবোৰ হ’ল এনে কিছুমান উমৈহতীয়া, সৰ্বব্যাপী সমস্যা, যিবোৰৰ সমাধান বিশ্বৰ সকলো দেশৰে সহযোগিতা অবিহনে অসম্ভৱ। এই প্ৰসংগতে উল্লেখনীয় কথাষাৰ হ’ল – এই সকলোবোৰ সমস্যাৰে মূল কাৰকসমূহ অতীতত বা বৰ্তমানসৃষ্ট হ’লেও, ইবিলাকৰ পৰিণতি সুদূৰপ্ৰসাৰী আৰু এইবোৰৰ কুপ্ৰভাৱ ভৱিষ্যত প্ৰজন্ময়ো ভোগ কৰিব লগা হয়। অন্যহাতে এই সমস্যাবোৰৰ অন্য এক বৈশিষ্ট্য এয়ে যে, সমস্যাৰ কাৰকবোৰ যি স্থানতে নাথাকক কিয়, ইয়াৰ প্ৰভাৱ উক্ত অঞ্চল বা দেশৰ ভৌগোলিক সীমাতে সীমাবদ্ধ হৈ নাথাকি, সমগ্ৰ বিশ্বতে বিয়পি পৰে। আৰু এই দুই মুখ্য কাৰণতে এইবোৰৰ সমাধানকল্পে সকলোৰে সহযোগিতাৰ প্ৰয়োজনীয়তা সৰ্বাধিক।

    চলিত বৰ্ষত ৩০ বছৰ সম্পূৰ্ণ কৰা ভিয়েনা সন্মিলন তথা ভিয়েনা চুক্তি আৰু ইয়াৰ স’তেই সম্পৰ্কিত মণ্ট্ৰিয়েল প্ৰ’ট’কলক  (১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত স্বাক্ষৰিত) বিশ্বজনীন পাৰিৱেশিক সমস্যা সমাধানৰ ক্ষেত্ৰত সফলতম আন্তৰ্জাতিক বুজাপৰাৰ উদাহৰণ বুলি একেষাৰে ক’ব পাৰি। ১৯৮৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত ভিয়েনা সন্মিলনতে পোন-প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সুৰক্ষাকৱচৰূপী অ’জন স্তৰৰ অৱক্ষয়ৰ ভয়াবহতা তথা তাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়টো সৰ্বসন্মতভাৱে গূৰুত্ব আৰোপ কৰা হয়। ১৯৭৪ চনত পোনপ্ৰথমবাৰলৈ মানুহে ব্যৱহাৰ কৰা ক্লৰ’ফ্ল’ৰ’কাৰ্বন জাতীয় যৌগই অ’জ’ন স্তৰক ধ্বংস কৰাৰ কথা আৱিস্কৃত হোৱাৰ পিছতে ভিয়েনা চুক্তিৰ জৰিয়তে এই ক্ষেত্ৰত সমন্বিত কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৮৮ চনৰ ২২ ছেপ্তেম্বৰত মুঠ ২৪ খন দেশে এই চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই ই কাৰ্য্যকৰী হয়। অন্যহাতে ভিয়েনা চুক্তিয়ে গঠন কৰি দিয়া পৰিকাঠামোৰ ওপৰত ভিত্তি কৰিয়েই, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰ’ট’কল স্বাক্ষৰিত হয়, যাৰ জৰিয়তে পোনপ্ৰথমে বিশ্বৰ মুঠ ২৪ খন ৰাষ্ট্ৰই অ’জন ধ্বংসকাৰী দ্ৰৱ্যৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস বা বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰে।এই দিনটোকে ১৯৯৪ চনৰ পৰা বিশ্ব অজ’ন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই দুই চুক্তিয়েই হ’ল দীৰ্ঘম্যাদী পৰিণতি সৃষ্টি কৰিব পৰা কোনো পাৰিৱেশিক সমস্যাৰ সমাধানকল্পে স্বাক্ষৰিত প্ৰথম আন্তৰ্জাতিক চুক্তি। কেৱল সেয়াই নহয়, আজিকোপতি বিশ্বৰ আটাইতকৈ অধিক স্ংখ্যক দেশে (১৯৭ খন)স্বাক্ষৰ তথা ৰূপায়ন কৰিবলৈ সন্মত হোৱা চুক্তিও হ’ল এই ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰ’ট’কল। সেই সূত্ৰেই এই দুই চুক্তিক আন্তৰ্জাতিক সহযোগিতাৰ সফলতম উদাহৰণ বুলি ক’লেও বঢ়াই কোৱা নহয়।

দৈনিক অসম কাকতত ১৬ ছেপ্তেম্বৰ, ২০১৫ ত প্ৰকাশিত এই লেখা
 ভি্যেনা চুক্তিৰ আনুষংগিক প্ৰ’ট’কল হিচাপে বলৱৎ কৰা মণ্ট্ৰিয়েল প্ৰ’ট’কলৰ জৰিয়তে কৃত্ৰিমভাৱে প্ৰস্তুত অজ’ন স্তৰ ক্ষয়কাৰী যৌগবোৰৰ উৎপাদন তথা ব্যৱহাৰ নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা চলোৱাৰ লগতে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে নিজ নিজ দেশৰ পৰা এই দ্ৰ্ৱ্যবোৰ ক্ৰমান্বয়ে নোহোৱা কৰাৰ বাবে ব্যৱস্থা হাতত লোৱাটো বাধ্যতামূলক কৰা হৈছিল। বিগত ২৮টা বছৰত বিভিন্ন অধ্যয়নৰ পৰা এটা কথাত নিশ্চিত হ’ব পৰা গৈছে যে, এই দুই চুক্তিৰ অনুপস্থিতিত, ২০৫০ চনৰ ভিতৰত অজ’ন অৱক্ষয়ৰ পৰিমাণ এতিয়াতকৈ প্ৰায় দহগূণে বেছি হ’লহেতেন। তদুপৰি, এই প্ৰট’ক’ল গ্ৰহণৰ পৰিণতিতে সমগ্ৰ পৃথিৱীত আনুমানিক ১৯ মিলিয়ন লোকক নন-মেলান’মা কেঞ্চাৰ, ১.৫ মিলিয়ন লোকক মেলান’মা কেঞ্চাৰ আৰু ১৩০ মিলিয়ন পৰ্য্যন্ত লোকক চকুত ছানি পৰা ৰোগত আক্ৰান্ত হোৱাৰ পৰা বচাব পৰা গৈছে তথা আজি পৰ্য্যন্ত প্ৰায় ৯৮% অজ’ন ক্ষয়কাৰী দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ ওপৰত চলিঅ থকা নিৰন্তৰ নিৰীক্ষণৰ শেহতীয়া তথ্য অনুযায়ী ২০৫০-৭৫ চনৰ ভিতৰত এই স্তৰৰ অজ’নৰ মাত্ৰা ১৯৮০ চনৰ পূৰ্বৰ পৰিমাণলৈ ঘূৰি আহিব বুলি আগতীয়াকৈ অনুমান কৰা হৈছে। 

 ভাৰতে ১৯৯১ চনৰ মাৰ্চ মাহৰ ১৮ তাৰিখে ভিয়েনা চুক্তি আৰু ১৯৯২ চনৰ ১৭ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰট’ক’ল কাৰ্য্যকৰী কৰাত সন্মতি দিয়ে। লক্ষনীয় কথা এয়ে যে  ভাৰত হ’ল বিশ্বত ২য় সৰ্বাধিক ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন উৎপাদন কাৰী অথচ আটাইতকৈ কম ব্যৱহাৰকাৰী দেশ। এই প্ৰট’ক’ল বলৱৎ কৰাৰ পাছতে ভাৰত অজ’ন ক্ষয়কাৰী যৌগ ব্যৱহাৰ নোহোৱা সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৱকাৰী তথা আমদানি শুল্ক ৰেহাই দিয়ে। তদুপৰি, মুঠ ৩৫৭ টা প্ৰকল্পত বিকল্প পদ্ধতি তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে মুঠ ১১,০৫২.৩ টন পৰ্য্যন্ত অজ’ন ক্ষয়কাৰী যৌগৰ ব্যৱহাৰ হ্ৰাসৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। অন্যহাতে দেশৰ প্ৰায়ভাগ মুখ্য শীতলকাৰক যন্ত্ৰ নিৰ্মাণ, ফ’ম উৎপাদন তথা প্ৰসাধনজাত এৰ’ছ’ল উৎপাদন উদ্যোগৰ ক্ষেত্ৰত বিকল্প প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে। তদুপৰি এইধৰণৰ সামগ্ৰীৰ নতুনকৈ কৰা উৎপাদন প্ৰক্ৰিয়াত ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এইধৰণে গ্ৰহণ কৰা ধনাত্মক ব্যৱস্থাৱলীৰ পৰিণতিস্বৰূপেই ২০১০ চনৰ ভিতৰত চিএফচি, হেল’ন, কাৰ্বন টেট্ৰাক্ল’ৰাইড আদিৰ ব্যৱহাৰ প্ৰায় ১০০ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ লগতে মিথাইল ক্ল’ৰাইডৰ ব্যৱহাৰ প্ৰায় ৭০ শতাংশ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে এই বছৰৰ ভিতৰতে মিথাইল ব্ৰমাইডৰ ব্যৱহাৰো ১০০ শতাংশই কমাব পৰা যাব বুলি আশা কৰা হৈছে। লগতে ২০৪০ চনৰ ভিতৰত এইচচিএফচি নামৰ যৌগবিধো সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে।

    অ’জন সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্মিলিত প্ৰচেষ্টাৰ মাত্ৰ ৩০টা বছৰৰ ভিতৰতে আশানুৰূপ সফলতা লাভ কৰাত সক্ষম এই দুই চুক্তিক সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে এই সফলতাৰ কাৰণসমূহ ভালকৈ চকুত পৰে। অজ’নস্তৰৰ বাবে চিএফচিজাতীয় ৰাসায়নিক পদাৰ্থৰ অপকাৰিতাৰ দিশটো বিশ্ববাসীৰ সন্মুখত উত্থাপন হোৱাৰ মাত্ৰ দহটা বছৰৰ ভিতৰতে এই অৱক্ষয়ক ৰোধ কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক সকলো ৰাষ্ট্ৰই উপলব্ধি কৰি, সেই দিশত কৰ্মপন্থা গ্ৰহণ কৰাটো এই সফলতাৰ অন্যতম মুখ্য কাৰক বুলি উল্লেখ কৰিব পাৰি। কেৱল সেয়াই নহয়, ১৯৮৫ চনত ভিয়েনা সন্মিলন তথা চুক্তিৰ দ্বাৰা অজ’ন সুৰক্ষা তথা অজ’ন স্তৰ সম্পৰ্কীয় গৱেষণাৰ জুমুঠিটো তৈয়াৰ কৰি লোৱাৰ দুবছৰৰ ভিতৰতে মণ্ট্ৰিয়েল প্ৰট’ক’লৰ জৰিয়তে অজ’ন স্তৰ ক্ষয়কাৰী সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ প্ৰয্যায়ক্ৰমে হ্ৰাস আৰু বন্ধ কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত  গ্ৰহণৰ দৰে এক দ্ৰুত পদক্ষেপেও এই সমগ্ৰ প্ৰক্ৰিয়াৰ সফলতাত ইন্ধন যোগালে।

    ভিয়েনা বুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক গৱেষণা তথা অধ্যয়নৰ ভূমিকা অপৰিসীম। দুয়োখন চুক্তিতে অজ’ন স্তৰৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক গৱেষণালব্ধ তথ্যক বিশেষভাৱে গূৰুত্ব প্ৰদান কৰা হৈছিল আৰু তাৰ আলমতে সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ স’তে সংলগ্ন নানা গৱেষণাৰো সূত্ৰপাত হয়। অজ’ন স্তৰৰ বঢ়া-টুটাৰ নিয়মীয়া নিৰীক্ষণ, বায়ুমণ্ডলত অজ’নক্ষয়ী দ্ৰ্ৱ্যৰ পৰিমাণৰ তথ্য সংগ্ৰহ আদি গৱেষণাৰ লগতে অজ’ন স্তৰত ক্ষয়ৰ সৃষ্টি কৰা দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাসৰ উদ্দেশ্যৰে বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত আৰোপ কৰা বিশেষ গূৰুত্বই সমগ্ৰ প্ৰক্ৰিয়াটোকে অধিক গতিময় কৰি তোলে। চুক্তিত স্বাক্ষৰ কৰা দেশসমূহক বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ হাতত লোৱা ব্যৱস্থাবোৰেও এনে পদাৰ্থবোৰৰ মাত্ৰা হ্ৰাসত অৰিহণা যোগাইছে। মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক অন্বেষণ তথা বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ অৱদানৰ এই উদাহৰণ অন্যন্য পাৰিৱেশিক সমস্যাৰ সমাধানৰ বাবেও আদৰ্শ হৈ উঠিব পাৰে বুলি একেষাৰে ক’ব পাৰি।

    আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে অজ’ন অৱক্ষয়ৰ দৰে গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনো এক বিশ্বজনীন সমস্যা। কিন্তু এই সমস্যাৰ সমাধানকল্পে আন্তৰ্জাতিক পাৰ্য্যায়ত স্বাক্ষৰিত কিয়’ট’ প্ৰট’ক’ল অদ্যপি সৰ্বাত্মকভাৱে গৃহীত নোহোৱাৰ অন্যতম কাৰক হ’ল উন্নত দেশ আৰু উন্নয়নশীল দেশৰ মাজত বিষয়টো লৈ অৰ্থনৈতিক তথা ৰাজনৈতিক নীতিগত পাৰ্থক্য। ইয়াৰ বিপৰীতে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লত এই দুই গোটৰ দেশৰ মাজ্ৰ পাৰ্থক্য হ্ৰাসৰ বাবে লোৱা বিশেষ ব্যৱস্থাসমূহ প্ৰণিধানযোগ্য। এই দুয়োখন চুক্তিতে, বিশেষকৈ মণ্ট্ৰিয়েল প্ৰট’ক’লত, উন্নয়নশীল দেশসমূহৰ বাবে কিছুমান আছুতীয়া সুবিধা ৰখা হৈছে, যাৰ ফলত আৰ্থিকভাৱে পিছপৰা দেশসমূহেও বিশেষ অৰ্থনৈতিক চাপৰ সন্মুখীন নোহোৱাকৈ উক্ত চুক্তিক কাৰ্য্যকৰী কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থা সমূহৰ অনুযায়ী, উন্নয়নশীল দেশৰ বাবে অজ’ন ক্ষয়কাৰী যৌগক পৰ্য্যায়ক্ৰমে নোহোৱা কৰাৰ ক্ষেত্ৰত ১০ বছৰৰ অতিৰিক্ত সময় প্ৰদান, এনে যৌগৰ ব্যৱহাৰ জনমূৰি ০.৩ কি.গ্ৰা.তকৈ কম হৈ থকা দেশৰ ক্ষেত্ৰত বহুদেশীয় নিধিৰ জৰিয়তে বিত্তীয় সাহায্যৰ সুবিধা আদি উপায় গ্ৰহণ কৰা হৈছে। এই নিধিৰ ধন উন্নয়নশীল দেশত বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগ, প্ৰয়োগ সংক্ৰান্তীয় প্ৰশিক্ষণ, নতুন প্ৰযুক্তিৰ পেটেণ্টকৰণ আদিৰ দৰে কামত ব্যৱহাৰ কৰাৰ এনে ব্যৱস্থাই চুক্তিকেইখন কাৰ্য্যকৰী কৰাৰ ফলত দুখীয়া দেশসমূহে সন্মূখীন হ’বলগীয়া লোকচানক বহুলাংশে হ্ৰাস কৰিব পৰা গৈছে আৰু ইয়ে এই দুই চুক্তিৰ গ্ৰহণযোগ্যতা বঢ়াই তোলাত অনুঘটক হিচাপে কাম কৰিছে বুলি ক’লেও ভুল নহয়। 

  মণ্ট্ৰিয়েল প্ৰট’ক’লৰ অন্য এক উল্লেখনীয় দিশ হ’ল  চুক্তি স্বাক্ষৰ কৰা আৰ্থিকভাৱে পিছপৰা দেশৰ বাবে থকা উৎসাহজনক ব্যৱস্থাৰ বিপৰীতে চুক্তিত স্বাক্ষৰ নকৰা দেশৰ বাবে থকা শাস্তিৰ ব্যৱস্থা। চুক্তিত স্বাক্ষৰ নকৰা দেশ আৰু কৰা দেশৰ মাজত চিএফচি জাতীয় যৌগ বা এনে যৌগৰ ব্যৱহাৰ হোৱা সামগ্ৰীৰ বাণিজ্যৰ ক্ষেত্ৰত আৰোপিত নিষেধাজ্ঞাৰ বাবেও বিশ্বৰ অধিকাংশ দেশেই এই চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। এনে কঠোৰ নীতিৰ প্ৰয়োগকো অজ’ন স্তৰৰ সুৰক্ষাৰ আন্তৰ্জাতিক পদক্ষেপত সফলতাৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰিব পাৰি। ইয়াৰ বিপৰীতে কিন্তু গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল সমস্যাৰ সমাধানৰ আন্তৰ্জাতিক বিধি বা চুক্তিসমূহত এনে দৃঢ় নীতিৰ অভাৱ লক্ষণীয়।


    ১৯৮৫ চনৰে পৰা ২০১৫ লৈ বিগত ৩০টা বছৰত সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সকলো কৰ্মসূচী, তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ পৰিণতিত ক্ৰমান্বয়ে আমাৰ জীৱনৰ সুৰক্ষাকৱচ অজ’ন স্তৰে  ভয়ংকৰ অৱক্ষয়ৰ পৰা ক্ৰমান্বয়ে ৰক্ষা পোৱাৰ পথত অগ্ৰসৰ হৈছে। বিগত বৰ্ষটোত এই সম্পৰ্কে লাভ কৰা তথ্য যথেষ্ট আশাব্যঞ্জক। তথাপিতো, সম্পূৰ্ণৰূপে পূৰ্বৰ অৱস্থালৈ ঘূৰি নহা পৰ্য্যন্ত ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ আওঁতাৰ ভিতৰৰ সকলোখিনি কৰণীয় ৰূপায়নৰ প্ৰতি সকলো দেশেই যত্নপৰ হ’ব লাগিব। অন্যহাতে, এই দুই চুক্তিৰ সফলতাৰ আধাৰতে পৃথিৱীৰ পৰিৱেশলৈ জটিল সংকট কঢ়িয়াই অনা অন্যান্য উমৈহতীয়া সমস্যাবোৰৰ সমাধানৰ বাবেও আন্তৰ্জাতিক সহযোগিতাই এক নতুন ৰূপ লোৱাৰ দৰকাৰ আছে; য’ত ধনী-দুখীয়া নিৰ্বিশেষে সকলো দেশে সমমৰ্য্যদাৰে আৰু সমভাৱে সমাধান প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ বাট মুকলি হ’ব। আজিৰ বিশ্ব অজ’ন দিৱসৰ জৰিয়তে, আন্তৰ্জাতিক সহযোগিতাৰ সফলতা তথা প্ৰয়োজনীয়তাৰ এই বাৰ্তা সমগ্ৰ বিশ্বই অনুধাৱন কৰিবলৈ সক্ষম হওক; কিয়নো তাকে নহ’লে অনতিপলমে আমাৰ এই সেউজীয়া ভূ-গ্ৰহটি ইয়াৰ সমগ্ৰ জীৱকূল সমন্বিতে বিলুপ্তিৰ পিনে ধাৱমান হ’ব। 

(এই লেখাটিৰে এক সম্পাদিত ৰূপ পঢ়িবলৈ পাব তলৰ সূত্ৰত
http://www.xukhdukh.com/2015/09/OZONE-DAY.html?spref=fb)

Thursday, 10 September 2015

অ’জন বিন্ধাৰ কাহিনী


অ’জন স্তৰ। পৃথিৱীৰ সমগ্ৰ জীৱকূলৰ বাবে এক সুৰক্ষা-কৱচ ৰুপী এই স্তৰে মুখ্যত: আমাক সূৰ্য্যৰ অতি ক্ষয়ংকাৰী অতি-বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ নামৰ মণ্ডলটোৰ একেবাৰে তলৰ অংশৰ পৰা প্ৰায় মধ্যাংশলৈ অৰ্থাৎ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২০ ৰ পৰা ৩০ কি.মি. উচ্চতালৈ বিয়পি থকা এই স্তৰ এই বাবেই জীৱমণ্ডলৰ বাবে  অপৰিহাৰ্য্য। অৱশ্যে কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থান তথা বছৰৰ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি ওপৰৰ বায়ুমণ্ডলত অ’জনৰ পৰিমাণৰ বঢ়া-টুটা হৈ থাকে। সচৰাচৰ সুমেৰু আৰু কুমেৰু অঞ্চলতকৈ ক্ৰান্তীয় অঞ্চলত অ’জনৰ পৰিমাণ বেছি হোৱা দেখা যায়।এইখিনিতে এক লক্ষণীয় কথা হল - বায়ুমণ্ডলৰ নিম্নস্তৰ বা ট্ৰপ’স্ফিয়েৰ অৰ্থাৎ য’ত জীৱকূলৰ বাবে দৰকাৰী অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আদি থাকে, সেইস্তৰত কিন্তু এই একেবিধ অজ’নকে প্ৰদূষক হিচাপে গণ্য কৰা হয় আৰু এই স্তৰত অজ’নৰ উপস্থিতিয়ে সকলো জীৱৰে যথেষ্ট ক্ষতি সাধন কৰে।

অ’জন বিন্ধা আৰু ক্লৰ’ফ্লৰ’কাৰ্বন

১৯২৮ চনত আৱিস্কৃত হোৱাৰ পাছত, ১৯৫০-৭০ চনৰ কালছোৱাত সমগ্ৰ পৃথিৱীতে ক্লৰ’ফ্লৰ’কাৰ্বন নামৰ শ্ৰেণীৰ অন্তৰ্গত ৰাসায়নিক পদাৰ্থসমূহৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হয়। সাধাৰণতে, শীতলকাৰক যন্ত্ৰ, বাতানুকূল যন্ত্ৰ, এৰ’ছল স্প্ৰে, ফ’ম তৈয়াৰী, পৰিস্কাৰকাৰক দ্ৰৱ্য তথা দ্ৰাৱক হিচাপে এই “অৰ্গেন’-হেল’ন” গোটৰ যৌগসমূহ প্ৰয়োগ কৰা হৈছিল।১৯৭১ চনত বায়ুমণ্ডলত পোনপ্ৰথমে এই ক্লৰ’ফ্ল’ৰকাৰ্বনৰ নিৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ তিনি বছৰৰ ভিতৰতে ৰ’লেণ্ড আৰু ম’লিনা নামৰ বিজ্ঞানীদ্বয়ে (Rowland and Molina) ষ্ট্ৰেট’স্ফিয়েৰৰ অজ’ন স্তৰৰ অৱক্ষয়ত এই ৰাসায়নিক যৌগবিধৰ প্ৰভাৱৰ কথা আৱিস্কাৰ কৰে।ইয়াৰ কিছুবছৰৰ পাছত, ১৯৮৫ চনত বসন্তকালত এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত “অজ’ন বিন্ধা” সৃষ্টি হোৱাৰ কথা বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হয়। জীৱকূলৰ সুৰক্ষা-কৱচ ৰূপী অজ’ন স্তৰৰ এই অস্বাভাৱিক অৱক্ষয়ৰ বাতৰিয়ে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে আৰু সকলো দেশকে এই সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰে।



                                      
ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ হ’ল কাৰ্বনৰ সতে ক্ল’ৰিণ আৰু ফ্ল’ৰিণ যোগ হৈ গঠন কৰা জৈৱ-হেল’ন শ্ৰেণীৰ যৌগ।এই ক্লৰ’ফ্লৰ’কাৰ্বনসমূহত থকা ক্ল’ৰিণ আৰু ফ্ল’ৰিণ সমূহে ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জনৰ স’তে বাৰম্বাৰ বিক্ৰিয়া কৰি অজ’নকণিকাসমূহক অক্সিজেনলৈ ভাঙি পেলায় আৰু ফলস্বৰূপে ষ্ট্ৰেট’স্ফিয়েৰত অজ’নৰ পৰিমাণ কমিবলৈ ধৰে। এনেকৈ এটা ক্ল’ৰিণৰ বা ফ্ল’ৰিণৰ পৰমাণুৰ পৰা প্ৰায় একলাখ অজ’ন কণা ধ্বংস হ’ব পাৰে।মনকৰিবলগীয়া এয়ে যে, এই ক্লৰ’ফ্লৰ’কাৰ্বনসমূহ অতিশয় দীৰ্ঘস্থায়ী যৌগ আৰু এবাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত বহুবছৰ জুৰি বায়ুমণ্ডলত ৰৈ যায়। আৰু সেইবাবেই ইয়াৰ পৰা হোৱা সামগ্ৰিক ক্ষতিৰ পৰিমাণো অতি বেছি।সাধাৰণতে এণ্টাৰ্কটিকা মহাদেশত নানা প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ বাবে এনে ক্ষতিৰ পৰিমাণ আন অঞ্চলতকৈ অধিক। এনেদৰেই এই মহাদেশত হোৱা অ’জন কণাৰ অতিমাত্ৰা অৱক্ষয়ৰ ফলত অজ’ন স্তৰটো ইমানেই পাতল হৈ পৰিবলৈ লয় যে ইয়াক বিজ্ঞানীসকলে “অজ’ন বিন্ধা” ৰুপে অভিহিত কৰে।১৯৮৫ চনৰে পৰা বায়ুমণ্ডলীয় অজ’ন সম্পৰ্কীয় চলি থকা অহৰহ গৱেষণাৰ মাজতে ২০০০ চনত অ’জন বিন্ধাই অভিলেখ আকাৰ ধাৰণ কৰাৰ কথা প্ৰকাশিত হয়।

অ’জন অৱক্ষয়ৰ কু-প্ৰভাৱ

আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে বায়ুমণ্ডলৰ অজ’ন স্তৰে সূৰ্য্যৰ পোহৰৰ অপকাৰী অতি-বেঙুনীয়া ৰশ্মিক (Ultra-violet) শোষণ কৰি জীৱক ৰক্ষা কৰে।সূৰ্য্যৰ পোহৰত থকা অতি-বেঙুনীয়া ৰশ্মিত মূলত: তিনিটা অংশ থাকে – UV-A, UV-B আৰু UV-C। ইয়াৰে প্ৰথমটোৰ বাহিৰে বাকী দুয়োটা অংশ জীৱজগতৰ বাবে অতিশয় অপকাৰী  আৰু অজ’ন স্তৰে দুই ৰশ্মিক শোষণ কৰি ৰাখে। UV-A ৰশ্মি অজ’ন স্তৰ অতিক্ৰম কৰি পৃথিৱী পায় যদিও ইয়াৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ তেনেই সামান্য।
এতিয়া কথা হল’- অজ’ন স্তৰৰ অৱক্ষয়ৰ লগে লগে এই অপকাৰী উপাংশসমূহো পৃথিৱীপৃষ্ঠলৈ পাৰ হৈ আহিব পাৰিব।ইয়ে সমগ্ৰ জীৱমণ্ডলৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলাব।মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰিণতিত ৰ’দে পোৰা, চকুৰ ছানি পৰাকে ধৰি অন্যান্য ৰোগ আদিৰ মাত্ৰা বৃদ্ধি হোৱাৰ ওপৰিও ছালৰ কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱ অস্বাভাৱিকভাৱে বৃদ্ধি হ’ব। অন্যহাতে অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ দেহৰ সামগ্ৰিক ৰোগ-প্ৰতিৰোধ ব্যৱস্থা (Immune System)ক দূৰ্বল কৰি তুলি অন্যান্য ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। মানুহৰ ওপৰিও অন্যান্য প্ৰাণী তথা উদ্ভিদৰ ক্ষেত্ৰতো এই ৰশ্মিৰ অপকাৰী প্ৰভাৱ যথেষ্ট বেছি।অতি-বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত উদ্ভিদৰ বৃদ্ধি, বিকাশ তথা অন্যান্য শাৰীৰিক প্ৰক্ৰিয়াবোৰো বাধাগ্ৰস্ত হয়। সালোক সংশ্লেষণ, পোষক মৌলৰ শোষণ আদিৰ দৰে প্ৰক্ৰিয়াত হোৱা পৰিৱৰ্তনৰ ফলত শস্যৰ উৎপাদনশীলতা হ্ৰাস পায়। ইয়ে সামগ্ৰিকভাৱে খাদ্যৰ উৎপাদনক ক্ষতিগ্ৰস্ত কৰে।অন্যহাতে সাগৰীয় পৰিস্থিতিতন্ত্ৰত থকা প্লেংকটনসমূহ, মাছ, কেকোঁৰা, মিছা-মাছ তথা ভেকুলীকে ধৰি অন্যান্য উভচৰ প্ৰাণীকূল আদিকো এই ৰশ্মিয়ে বিৰূপভাৱে প্ৰভাৱিত কৰে।কেৱল সেয়াই নহয়, অন্যান্য জলজ পৰিস্থিতিতন্ত্ৰত থকা জীৱকূলৰো প্ৰজননপ্ৰক্ৰিয়াকে ধৰি সকলো শাৰীৰিক প্ৰক্ৰিয়াক অতি-বেঙুনীয়া ৰশ্মিয়ে বাধাগ্ৰস্ত কৰে।গতিকে অ’জন স্তৰৰ অৱক্ষয়ৰ লগে লগে সমগ্ৰ পৃথিৱীৰে জীৱমণ্ডলত অতি-বেঙুনীয়া ৰশ্মিৰ এইসকলো কুপ্ৰভাৱৰ মাত্ৰা তীব্ৰতৰ হৈ উঠিব। 
  
অ’জন অৱক্ষয়ৰ প্ৰতিৰোধ  আৰু  আন্তৰাষ্ট্ৰীয় সহযোগিতা 

এণ্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অজ’ন স্তৰত অ’জন বিন্ধাৰ আৱিস্কাৰে সমগ্ৰ বিশ্বতে অ’জন অৱক্ষয় সম্পৰ্কে আন্তৰ্জাতিক পৰ্য্যায়ত চিন্তা-চৰ্চাৰ সূত্ৰপাত ঘটায়। ইয়াৰ আলমতে ১৯৮৫ চনৰ ২২ মাৰ্চত অজ’ন স্তৰ সংৰক্ষণ সম্পৰ্কীয় ভিয়েনা চুক্তি (Vienna Convention for the Protection of Ozone Layer) সম্পাদিত কৰা হয় ।মন কৰিবলগীয়া যে ২০১৫ চনত ত্ৰিশটা বছৰ সম্পূৰ্ণ কৰা ভিয়েনা চুক্তিয়ে অজ’ন সম্পৰ্কীয় গৱেষণা, অধ্যয়ন তথা নীতি নিৰ্ধাৰণৰ বাবে পোনপ্ৰথমবাৰলৈ এক আন্তৰ্জাতিক পৰিকাঠামো গঠন কৰাৰ লগতে ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্যই স্বীকৃতি দিয়া প্ৰথমখন আন্তৰ্জাতিক চুক্তিৰ মৰ্য্যদাও অৰ্জন কৰে।
ইয়াৰ পৰৱৰ্তী কালত, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত অ’জন স্তৰ ধ্বংসকাৰী পদাৰ্থৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি ভিয়েনা চুক্তিৰ আধাৰতে মণ্ট্ৰিয়েল প্ৰট’কল গৃহীত কৰা হয়। এই প্ৰট’কলৰ জৰিয়তে অজ’ন অৱক্ষয়কাৰী পদাৰ্থসমূহৰ উৎপাদন তথা ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস কৰিবৰ বাবে বিশ্বৰ মুঠ ১৯৬ খন ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ তথা ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে সন্মতি প্ৰকাশ কৰে। এই প্ৰট’কল গৃহীত হোৱাৰ দিনটোক, অৰ্থাৎ ১৬ ছেপ্তেম্বৰৰ দিনটোক প্ৰতিবছৰে আন্তৰ্জাতিক অজ’ন দিৱস হিচাপে পালন কৰা হয়। এই বছৰ ভিয়েনা চুক্তিৰ ৩০ বছৰ হোৱা উপলক্ষে “একেলগে অজ’ন স্তৰৰ পৰিচৰ্য্যাৰ ৩০ বছৰ”ক এই দিৱসৰ মূল বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আনুষংগিক শ্ল’গান হিচাপে নিৰ্ধাৰণ কৰা বাক্যটো হ’ল – “অ’জন: আপোনাৰ আৰু অতি-বেঙুনীয়া ৰশ্মিৰ মাজৰ একমাত্ৰ ব্যৱধান” ।
ভিয়েনা চুক্তি তথা মণ্ট্ৰিয়েল প্ৰট’কলৰ অধীনত সমগ্ৰ বিশ্বতে অজ’ন অৱক্ষয় প্ৰতিৰোধৰ বাবে আৰম্ভ হোৱা আন্তৰ্জাতিক সহযোগিতা বিশ্বৰ ইতিহাসত এক লেখত লৱলগীয়া বিষয় হৈ থাকিব। কিয়নো ৰাষ্ট্ৰ্সংঘৰ সকলো সদস্য ৰাষ্ট্ৰই স্বীকৃতি দিয়া আৰু প্ৰযোজ্য কৰা এই দুখনেই প্ৰথম চুক্তি।মন কৰিবলগীয়া যে ইয়াৰ পদক্ষেপ হিচাপেই সমগ্ৰ বিশ্বতে ক্লৰ’ফ্লৰ’কাৰ্বনৰ উৎপাদন তথা ব্যৱহাৰ বহুলপৰিমাণে হ্ৰাস পাবলৈ ধৰে। অন্যহাতে এই দুই চুক্তিৰ অধীনত লোৱা কাৰ্য্যাৱলীৰ পৰিণতিতে ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্য্যসূচী আৰু বিশ্ব বতৰবিজ্ঞান সংস্থাৰ প্ৰতিবেদনত কেইবাদশক ধৰি ক্ষয়ীভূত অৱস্থাত থকা অ’জন স্তৰটো পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবৰ উপক্ৰম হোৱাৰ তথ্য প্ৰকাশ পায়।শেহতীয়াকৈ ২০১৪ চনতো এণ্টাৰ্কটিকা মহাদেশত প্ৰতিবছৰে সৃষ্টি হোৱা অ’জন বিন্ধাৰ আকাৰ হ্ৰাস হোৱাৰ কথা গৱেষকসকলে প্ৰকাশ কৰিছে।আন্তৰ্জাতিক সহযোগিতাৰ সৱল ৰূপায়নৰ এনে ধনাত্মক তথা সফল উদাহৰণ অতিশয় বিৰল হোৱাৰ লগতে অন্যান্য পাৰিৱেশিক তথা সামাজিক সহযোগিতা কাৰ্য্যসূচীৰ বাবে নিসন্দেহে এক আদৰ্শ বুলি একেষাৰে ক’ব পাৰি।ইয়াৰ বিপৰীতে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে গৃহীত কিয়’ট’ প্ৰটক’ল তথা ইয়াৰ সহযোগী চুক্তিসমূহ আজিকোপতি বাৰম্বাৰ প্ৰচেষ্টাৰ পাছতো সকলো দেশে একেমুখে গ্ৰহণ নকৰাটো দূৰ্ভাগ্যজনক।
অ’জন স্তৰৰ অৱক্ষয় নিশ্চয়কৈ জীৱজগতৰ বাবে এক সাংঘাতিক বিপদজনক বিষয়। কিন্তু শেহতীয়াকৈ এই অৱক্ষয় প্ৰতিৰোধত লাভ কৰা সফলতাই এই ক্ষেত্ৰত অনেক আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে এইখিনিতে আমি মনত ৰখা ভাল যে, এতিয়াও এই ক্ষেত্ৰত বহুখিনি কাম বাকী আছে। অন্যহাতে জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উষ্ণায়ন প্ৰক্ৰিয়াই এই অ’জন অৱক্ষয়ৰ প্ৰক্ৰিয়াক আৰু জটিল কৰি তোলাৰ লগতে অ’জন অৱক্ষয়েও গোলকীয় উষ্ণায়নক প্ৰভাৱিক কৰিব বুলি বিজ্ঞানীসকলে নানা অধ্যয়নত প্ৰকাশ কৰিছে। পৃথিৱীৰ পৰিৱেশত সৃষ্টি হোৱা নিত্য-নতুন প্ৰত্যাহ্বান, ন-ন অপকাৰী ৰসায়ন আদিৰ পৰা সৃষ্টি হ’ব পৰা সম্ভাৱ্য বিপদৰ পৰিপ্ৰেক্ষিততে মানুহকে ধৰি সকলো জীৱৰ তথা পৃথিৱীৰ সামগ্ৰিক পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত এই দিশত অহৰ্নিশে প্ৰচেষ্টা চলাই যোৱাৰ প্ৰয়োজন আছে।
(ছৱিৰ উৎস:wikimedia-commons) 
------------------------------x ---------------------------------

 (মাহেকীয়া অনুভূতি, ছেপ্তেম্বৰ, ২০১৫ সংখ্যাত, বিশ্ব অ'জ'ন দিৱস উপলক্ষে প্ৰকাশিত)