Monday, 4 June 2018

প্লাষ্টিকৰ পৃথিৱীত : বিশ্ব পৰিৱেশ দিৱসত

 

''....তাৰপাছত, পলিথিনৰ মোনা এটাই মোৰ ডিঙিটো সোপা মাৰি ধৰিলে। উশাহ নোপোৱা হ'লো মই....উস! অলপ বতাহ দিয়া মোক, মুকলি বতাহ! আন্ধাৰ চাৰিওপিনে। পলিথিনৰ ভিতৰত মই আৰু মোৰ শেষকণ সময়!!" ---- পৃথিৱীখনৰ বিননি এয়া। আমি য'তে ত'তে দলিয়াই দিয়া পলিথিন, প্লাষ্টিকৰ বস্তুবোৰে পৃথিৱীৰ উশাহকণৰ আয়ুসকণ কমাই আনিছে দিনে দিনে।


                                            প্লাষ্টিকৰ বিপদ - নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন


মই এগৰাকী গৃহিণী। প্লাষ্টিক আৰু পলিথিনে মোৰ দৈনন্দিন জীৱনটোক সহজ কৰি তুলিছে। মই জানো এই সহজ কৰি পেলোৱা কথাবোৰ বাদ দিয়াটো বৰ সহজ নহয়। বজাৰৰ পৰা মাছ-পাচলিখিনি অনাৰ সুবিধা, কেতিয়াবা ৰেস্তোৰাঁৰ পৰা ঘৰতে খাদ্য আনি খাব পৰাৰ সুবিধাবোৰ প্লাষ্টিকৰ বাবেই। আৰু ঠাণ্ডাৰ দিনত, ঘৰত আয়োজন কৰা জন্মদিন-নিউ ইয়েৰ পাৰ্টিৰ ডিছপোজেবল কাপ-প্লেট-চামুচবোৰ! ধূবলগীয়া বাচন বেছি হ'লে নিজৰতো সমস্যাই, কাম কৰা মহিলাগৰাকীৰো মুখখন চাবলগীয়া হয়। তাতকৈ ডিছপোজেবল বাচন কেইটা অনাই ভাল-ডাষ্টবিনত পেলাই দিলেই সকলো সমস্যা শেষ!

ঘৰখনত পুৱাৰে পৰা ৰাতিলৈ প্লাষ্টিকৰ বস্তু নহ'লে নছলেইচোন।  টুথব্ৰাছডালৰ পৰা আৰম্ভ কৰি পানী থোৱা বাল্টিটো প্লাষ্টিকৰ। ফ্ৰিজত পানী ৰখা বটলকেইটা, পাচলি সোমাই থোৱা পলিথিনৰ বেগকেইখন। ভাগে ভাগে সকলোকে লগা হৰলিক্স, বৰ্ণভিটাৰ টেমাকেইটা প্লাষ্টিকৰ, সেইকেইটাৰ লগত বিনামূলীয়াকৈ দিয়া পানীৰ বটলকেইটাও।

ইপিনে পঢ়া টেবুলৰ কলমকেইটা? আগতেহে চিয়াঁহীকলম আছিল! একেটা কলমেই লিখিছিলো বছৰৰ পাছত বছৰ। এতিয়া চিয়াঁহীও নাই,সেই বছৰ যোৱা কলমো নাই। পাঁচ-দহটকা দিলে পোৱা কলমৰ ৰিফিল বিছাৰি পোৱা নেযায়, গতিকে এটা কলমৰ ৰিফিল শেষ মানে কলমো ডাষ্টবিনত। আকৌ এটা নতুন কলম।

বিয়া-বাৰুত কলপাত-ডোং আউট হ'ল কেতিয়াবাই, তাৰ ঠাইত অহা ভোজপত্ৰও নাই। এতিয়া ৰংচঙীয়া থাৰ্ম'কলৰ প্লেট-বাতিৰ দিন।  ডিছপোজেবল বাটি-গিলাছ-কাপ-চামুচৰ দম বান্ধে বাহিৰত। দ'মবোৰ নপচে। বহুদিনলৈ অ'ত ত'ত ওলাই থাকে। বতাহত দুই-এটুকুৰা উৰিওঅ আহে চোতাললৈ বহু পিছত।

থাওকতে বজাৰখনলৈ যাব লগা হ'ল। এহ! ইমান ভালকৈ ওলালো , হাতত আৰু মোনাটো নিমনে? পলিথিনৰ বেগ জিন্দাবাদ। ক'লা-বগা-সেউজীয়া বিচিত্ৰ ৰঙৰ পলিথিন। পাকঘৰৰ জাৱৰখিনি ক'ত পেলাম? চহৰৰ ঘৰ, চুৱা পাতনি নাই নহয়। কিয়, পলিথিনত ভৰাই সামৰি থোৱা, কাইলৈ পুৱা ডাষ্টবিনৰ কাষলৈ দলিয়াই দিম।

আৰু - এই মাহে মাহে লগা চেনিটাৰী নেপকিনবোৰ! কাপোৰ  লোৱাটো অস্ৱাস্থ্যকৰ আৰু অসুবিধাজনক জানো। সেয়েই নেপকিনবোৰ। পিছে, এইবোৰৰ বাহিৰে ভিতৰে থকা প্লাষ্টিকখিনি- সেইখিনি কি কৰোঁ! মাহে মাহে, বছৰে বছৰে দ'মটো বাঢ়ি গৈয়েইতো থাকিব! উপায় কি?

এনেকুৱা অনেক প্ৰশ্নই  জুমুৰি দি ধৰেহি। কি কৰিম? এগৰাকী সাধাৰণ নাগৰিক হিচাপে কি কৰিবই বা পাৰোঁ মই! ক'ত এই প্ৰশ্নৰ উত্তৰ মোৰ?

বিচাৰিলো। আছে উত্তৰ। মোৰ হাততেই আছে অনেক উপায়। মই কি কৰিব পাৰোঁ জুকিয়াই চাওঁ বুলি ভাৱিলো আজি -

  • বজাৰলৈ মোনা নিয়াৰ নিয়ম কৰিম। মাছ-মাংস আনিবলৈ দৰকাৰ হ'লে ধূব পৰা এটা বেগ বেলেগে নিম। যিমান পাৰোঁ পলিথিনৰ বেগ কমাম বা একেবাৰে নল'ম। 
  • কৰ'বালৈ যাওঁতে লগত পানীৰ বটল নিম। পেকেজড পানীৰ বটল কিনাটো বন্ধ কৰিম। সভা-সমিতিত পানীৰ বটল দিলে ব্যৱহাৰ নকৰোঁ বুলি জনাম । 
  • এবাৰেই ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ যিকোনো বস্তুক নাকচ কৰিম। যথাসম্ভৱ প্লাষ্টিকৰ পুনঃব্যৱহাৰ আৰু পুনৰাৱৰ্তন প্ৰক্ৰিয়া নিশ্চিত কৰিম। প্লাষ্টিক সামগ্ৰীৰে নানা সজোৱা বস্তু, লাগতিয়াল সামগ্ৰী তৈয়াৰ কৰিম। 
  • চেনিটাৰী নেপকিনৰ উপযুক্ত বিকল্পৰ সন্ধান কৰিম। পৰিৱেশ অনুকূল, বহুবাৰ ব্যৱহাৰ কৰিব পৰা নেপকিনৰ বিষয়ে নিজেও জানিম, আনকো জনাম। 
  • সভা-সমিতিত প্লাষ্টিকৰ ফ্লেক্সৰ ঠাইত কাপোৰৰ বেনাৰ লগাম। 
  • ৰিফিল থকা কলম বা চিয়াঁহী ভৰাব পৰা কলমৰহে ব্যৱহাৰ কৰিম। 
  • বজাৰৰ কল্ড ড্ৰিংকৰ বটল নিকিনো। প্লাষ্টিকৰ ষ্ট্ৰ'ৰ ঠাইত খেৰ, বাঁহ, কাগজৰ ষ্ট্ৰ'ৰ কথা ভাৱিম। 

অকল এয়াইনে? মোৰ নিজৰ ঠাইতেতো প্লাষ্টিকৰ ব্যৱহাৰ কমোৱাৰ কত উপায় আছিল, যাক আমি পাহৰিলো। বজাৰলৈ মোনা নিয়া, বাঁহৰ তঙাল, খেৰ-ঘাঁহেৰে মাছ বান্ধি অনা কথাবোৰ দেখিছিলো চোন সৰুতে। বিয়াঘৰত কলপাত-কলৰ দোনা আছিল সণ্ঢালনি। আৰু কলৰ দোনাৰ তলত দিয়া পটুৱাৰ টুকুৰাৰে সত্যনাৰায়ণৰ ভোগ খুৱাৰ মজাই আছিল বেলেগ। তাৰ পাছত ভোজপত্ৰ আহিল। মৰলীয়াৰ নে চেগুণৰ পাত আছিল-সেই পাতৰ কাঁহী আৰু বাতিত খোৱা লুচিৰ সোৱাদ আছিল বেলেগ। সেইবোৰ এলাগী কৰি ক'ৰ এই শাওপাত প্লাষ্টিকৰ বাচনসোপা সামৰিলো আমি! আৰু আছে চোন তামোলৰ চকুৱা-যাৰ প্লেট পঞ্চতাৰকা হোটেলৰ 'পৰিৱেশ অনুকূল সূচক'ৰ অন্যতম উপাদান। মোৰ বাৰীৰ ঢকুৱাৰেই প্লেটৰ দাম খনে প্ৰতি ৩০-৪০ টকা।  কাষতে থকা উপায়বোৰ, সুযোগবোৰ নেদেখি কিয় যে আওকণীয়া হৈ মৰিছো!

কথাবোৰ কেৱল কথাৰ লগৰ কথা নহয়। প্লাষ্টিক কমাব নোৱাৰিলে যে সকলোৰে বিপদ। নৈ-বিল-জান-জুৰি-পাহাৰ-সাগৰ সকলোৰে বুকু ভৰি প্লাষ্টিকৰ দম। বছৰ বছৰ জুৰি সেইবোৰ নপচাকৈ ৰ'ব। বছৰে বছৰে জমা হ'ব নতুন আৱৰ্জনা। মাছ-কাছ-শেলাই-প্ৰৱাল সকলোৰে জীৱন টুটিব। টুটিব ধৰাৰো আয়ুস। আৰু ধৰাৰ আয়ুস টুটা মানেইতো মোৰ পোনা-পিতৌৰ দৰে ভৱিষ্যত প্ৰজন্মৰ জীৱন আন্ধাৰ। আমি গুচি যাম, গুচি যোৱাৰ পৰত কি থৈ যাম আমাৰ সন্তানৰ বাবে- সেইটোৱেই আজি আমি নিজকে নিজে কৰিব লগীয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন!

কথাবোৰ ভাৱোঁচোন- বিশ্ব পৰিৱেশ দিৱস বুলিয়েই নহয়; নিজৰ ভৱিষ্যতৰ তাড়্ণাতে ভাৱোঁ। কিজানিবা মই দেখা দুঃস্বপ্নটোৰ পৰা পৃথিৱীখন মুকলি হয়েই ------!!


No comments:

Post a Comment