Wednesday, 1 March 2017

জলবায়ু সক্ষম কৃষি আৰু অসম

জলবায়ু নিৰ্ভৰশীল অৰ্থনৈতিক কাৰ্য্য হিচাপে কৃষি সদায়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অতিশয় সংবেদনশীল। উষ্ণতাৰ সালসলনি, বৰষুণৰ মাত্ৰা,তীব্ৰতা আৰু বিস্তৃতিৰ তাৰতম্য, জলবায়ুসৃষ্ট প্ৰাকৃতিক দূৰ্য্যোগ যেনে বান, খৰাং, ধুমুহা, শিলাবৃষ্টি আদিবোৰে শস্যসমূহক নানাধৰণেৰে, নানা মাত্ৰাত প্ৰভাৱ পেলায়। জলবায়ুজনিত এনে প্ৰত্যক্ষ প্ৰভাৱৰ উপৰিও পৰোক্ষ প্ৰভাৱ যেনে নতুন নতুন কীট-পতংগৰ আক্ৰমণ, ভূজলৰ পৰিমাণ হ্ৰাস, কৃষি-জীৱবৈচিত্ৰ্যৰ বিলুপ্তি আদিবোৰেও কৃষিক্ষেত্ৰক নানাভাৱে জুৰুলা কৰি তোলে বা তুলিব পাৰে। এনেবোৰ পৰিপ্ৰেক্ষিততে, কৃষিখণ্ডৰ উৎপাদনশীলতাৰ হ্ৰাস তথা খাদ্য-নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈছে, জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰিব পৰা গুৰুতৰ বিপদসমূহৰ মাজত অন্যতম।
 দেশৰ অন্যান্য ৰাজ্যৰ কথা বাদেই দিলো, আমাৰ ৰাজ্যখনতো জলবায়ুৰ তাৰতম্যই সৃষ্টি কৰিব পৰা প্ৰভাৱৰ উদাহৰণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। বিগত বৰ্ষটোতে, জুন-জুলাই মাহত, প্ৰথমে দোকোলটকা বান আৰু তাৰ পিছত খৰাং – এই দুই বিপৰীত পৰিস্থিতিয়ে ৰাজ্যৰ কৃষিজীৱী ৰাইজক জুৰুলা কৰি তোলে। অন্যহাতে, এই পৰিস্থিতিৰ প্ৰতিক্ৰিয়া হিচাপেই, আগষ্ট মাহত ৰাজ্যৰ অধিকাংশ জিলাত শুঁৰ পোকৰ আক্ৰমণত , কোনোমতে জী থকা শালিখেতিৰো পৰালি পৰাৰ অৱস্থা সৃষ্টি হয়। সচৰাচৰ গৌণ কীট হিচাপেই জনাজাত শুঁৰ পোকৰ দৰে অপকাৰী জীৱৰ এনে প্ৰাদূৰ্ভাৱে আগন্তুক সময়বোৰত ৰাজ্যৰ কৃষিক্ষেত্ৰখনক জলবায়ুৰ তাৰতম্যই কি কি ধৰণে ব্যতিব্যস্ত কৰি তুলিব পাৰে, তাৰ এক সম্যক ধাৰণা আমাক দিয়ে। কেৱল ধান বুলিয়েই নহয়, মাহ, পাচলি, চাহ, ৰেছম উদ্যোগ, মীনপালন - কৃষি তথা আনুষংগিক সকলো কাৰ্য্যকলাপকে এনেকৈয়ে জলবায়ুৰ তাৰতম্যই স্পৰ্শ কৰি যোৱাৰ এক ইংগিত ইতিমধ্যেই ৰাজ্যত পৰিলক্ষিত হ’ব ধৰিছে বুলি ক’লে বঢ়াই কোৱা নহয়। সেইসূত্ৰেই ৰাজ্যৰ কৃষিখণ্ডক জলবায়ু সক্ষম কৰি তোলাৰ প্ৰয়োজনীয়তা আজিৰ তাৰিখত অত্যন্ত বেছি।
এই খিনিতে প্ৰশ্ন হয় – জলবায়ু সক্ষম কৃষি (Climate Resilient Agriculture) মানে কি? তেনেই চমূতে ক’বলৈ হ’লে – জলবায়ুৰ তাৰতম্যসমূহ থাকিলেও, তাৰ সৈতে অভিযোজন কৰিব পৰাকৈ, সেই তাৰতম্যসমূহে সৃষ্টি কৰা প্ৰত্যাহ্বানবোৰক সম্ভাৱনাৰ পিনে পৰিৱৰ্তন কৰিব পৰাকৈ, কৃষি খণ্ডক সকলো পিনৰ পৰাই স্থিতিস্থাপক আৰু সক্ষম কৰি তোলাই হৈছে জলবায়ু সক্ষম কৃষিৰ মূল কথা। উদাহৰণস্বৰূপে- অসমৰ থলুৱা বাওধান হ’ল বানৰ মাজতো জী থাকি উৎপাদন যোগাব পৰা এবিধ জাত। এতিয়া, অত্যাধিক বান প্ৰৱণ এলেকাত বাও ধানৰ জাতৰ খেতি তথা উৎপাদিত ধানৰ সঠিক প্ৰক্ৰিয়াকৰণ আৰু মূল্যসংযোজনৰ দ্বাৰা ৰাইজৰ বাবে জীৱিকা নিশ্চিত কৰি তোলাটো হ’ল জলবায়ু সক্ষম কৃষিব্যৱস্থাৰ উদাহৰণ।
যদিওবা, শেহতীয়াকৈ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনত, কৃষিক্ষেত্ৰৰ অৱদান ক্ৰমে হ্ৰাস পাব ধৰিছে, নিয়োজিত হৈ থকা লোকৰ সংখ্যা আৰু জীৱিকাৰ বাবে কৃষিৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল লোকৰ সংখ্যালৈ চাই, কৃষি ৰাজ্যৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ খণ্ড। লক্ষণীয় ভাৱে, ২০১০-১১ চনৰ কৃষি পিয়ল অনুযায়ী, ৰাজ্যৰ কৃষি-নিৰ্ভৰ পৰিয়ালৰ ভিতৰত ৮৫% পৰিয়ালেই ক্ষুদ্ৰ আৰু উপান্ত কৃষক। তদুপৰি, পৰম্পৰাগত কৃষি ব্যৱস্থা, উপযুক্ত প্ৰযুক্তিৰ প্ৰয়োগ আৰু প্ৰসাৰৰ সীমিত হাৰ, জলসিঞ্চন ব্যৱস্থাসমূহৰ কাৰিকৰী আসোঁৱাহ তথা কৃষকসকলৰ সীমিত প্ৰযুক্তিগত জ্ঞান আৰু দক্ষতা আদি এশ এবুৰি কাৰকে ৰাজ্যৰ কৃষিখণ্ডক জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাত অৰিহণা যোগাইছে। এইখিনিতে উল্লেখনীয় যে, বিগত ১৯৫০-২০১০ৰ সময়ছোৱাত, ৰাজ্যৰ গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰতি বছৰে ২.৯৬ মিলিমিটাৰকৈ হ্ৰাস পোৱাৰ লগতে, বাৰ্ষিক বৃষ্টিপাত হোৱা দিনৰ সংখ্যা আৰু ২৪ ঘণ্টাত হোৱা সৰ্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ আদিৰ দৰে গুৰুত্বপূৰ্ণ মাপকৰ ক্ষেত্ৰতো তাৰতম্য দেখা পোৱা গৈছে। (অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কৰ্ম আঁচনি, ২০১৫) এই কথাটো উল্লেখ কৰাটো এই বাবেই দৰকাৰী কিয়নো অসমৰ দৰে জলবায়ু নিৰ্ভৰ কৃষিব্যৱস্থাত বৰষুণৰ মাত্ৰা, বৰষুণৰ বাৰ্ষিক বিস্তৃতি আদিয়ে কৃষিকৰ্মৰ সফলতাক বহু পৰিমাণে নিয়ন্ত্ৰিত কৰে। অন্যহাতে, বিগত বৰ্ষটোত (২০১৬), বানৰ বাবে ৰাজ্যৰ প্ৰায় ২লাখ হেক্টৰ কৃষিভূমি প্ৰভাৱিত হোৱাৰ উপৰিও, দহখনৰ জিলাৰ প্ৰায় ১৮ হাজাৰ কৃষিভূমিৰ ধানখেতিত শুঁৰ পোকে আক্ৰমণ কৰে। কেৱল সেয়াই নহয়, ৰাজ্যৰ অন্যতম অৰ্থকৰী শস্য, চাহখেতিকো বতৰৰ পৰিৱৰ্তনে বহুল পৰিমাণে প্ৰভাৱিত কৰাৰ তথ্য জানিবলৈ পোৱা গৈছে।
এই পটভূমিতে, এটা কথা দ্বিধাহীনভাৱে ক’ব পাৰি যে, ৰাজ্যৰ কৃষিখণ্ডক জলবায়ু পৰিৱৰ্তনৰ সমূহ বিৰূপ প্ৰভাৱৰ সতে মোকাবিলা কৰিব পৰাকৈ সক্ষম আৰু স্থিতিস্থাপক কৰি তোলাটো আজিৰ তাৰিখত সৰ্বাধিক প্ৰয়োজনীয় বিষয়। লক্ষনীয় যে,  আমাৰ কৃষিব্যৱস্থাত আজিকোপতি গৱেষণাৰ দিশৰ পৰাই হওক বা কৃষিনীতিৰ দিশৰ পৰাই হওক, সততে উৎপাদনৰ পৰিমাণক বৃদ্ধি কৰাটোকেই লক্ষ্য হিচাপে ধাৰ্য্য কৰি অহা হৈছে। উদাহৰণস্বৰূপে, ৰাজ্য চৰকাৰৰ ২০১৬ৰ ভিজন ডকুমেণ্টতো, কৃষিক্ষেত্ৰত উৎপাদন দুগুণ বঢ়াই তোলাৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু সেই মৰ্মেই, ৰাজ্যৰ কৃষিগৱেষণা তথা কৃষিনীতিত নানা প্ৰযুক্তি তথা পদ্ধতি যেনে উচ্চ উৎপাদনক্ষম জাত, উপযুক্ত সাৰ তথা কৃষি পদ্ধতি, দ্বি বা বহু শস্যাৱৰ্তন প্ৰক্ৰিয়া, সমন্বিত অপকাৰী জীৱ ব্যৱস্থাপনা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ দৰে ৰাজ্যত কৃষি উৎপাদন বৃদ্ধিৰ প্ৰয়োজনীয়তা সম্পৰ্কে দ্বিমত নিশ্চয় থাকিব নোৱাৰে। কিন্তু একে সময়তে আমি এই কথাও মনত ৰাখিব লাগিব, উৎপাদন বৃদ্ধিৰ এই সমূহ পদ্ধতি জলবায়ু সক্ষম হয়নে? অনাগত দিনত জলবায়ুৰ তাৰতম্যৰ মাত্ৰা বৃদ্ধি পালে, এই পদ্ধতিবোৰৰ জৰিয়তে উৎপাদন তথা কৃষিজীৱি ৰাইজৰ জীৱিকাক নিশ্চিত কৰি ৰাখিব পৰা যাবনে? কেৱল উৎপাদন বৃদ্ধিৰ মাধ্যেমেৰে আমাৰ সমগ্ৰ কৃষিসংলগ্ন ব্যৱস্থাটো জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ পৰিণতি সমূহৰ মোকাবিলা কৰিব পৰাকৈ স্থিতিস্থাপক হৈ উঠিব নে? এই প্ৰশ্নকেইটাৰ উত্তৰতে আমাৰ কৃষিব্যৱস্থাত দৰকাৰী সক্ষমতাৰ দিশ সমূহ সন্নিহিত হৈ আছে। উদাহৰণস্বৰূপে প্ৰতিবছৰে, জহ বা শীতৰ সময়ত ৰাজ্যৰ পাচলি খেতিয়কসকলে এক অভাৱনীয় বিপদৰ সন্মুখীন হয় । সেয়া হ’ল-  উৎপাদিত সামগ্ৰীৰ সুলভতাৰ বিপৰীতে মূল্যৰ হ্ৰাস। যিয়ে, আমাৰ ৰাইজক অতি কষ্টেৰে উৎপাদিত সা-সামগ্ৰী নষ্ট কৰি পেলাবলৈ বাধ্য কৰে। অৰ্থাৎ ইয়ে আমাৰ বজাৰ ব্যৱস্থা তথা উৎপাদনৰ পিছৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থাটোত আসোঁৱাহৰ কথাই নিৰ্দেশ কৰে। শস্য আছে, বজাৰ নাই, সংৰক্ষণৰ বাবে উপযুক্ত সংখ্যক শীতলীকৰণ গৃহ নাই। এই আঁসোৱাহবোৰ নিৰ্মূলকৰি সকলো দিশৰ পৰা কৃষি ব্যৱস্থাক সক্ষম কৰি তোলাটো জলবায়ু সক্ষমতা আহৰণৰ অন্যতম দিশ হ’ব পাৰে। বীজ, উৎপাদন ব্যৱস্থা, প্ৰক্ৰিয়াকৰণ, বজাৰ ব্যৱস্থা তথা উপভোগ – কৃষি ব্যৱস্থাৰ এই সমগ্ৰ মূল্য শৃংখলতে (Value Chain) জলবায়ু পৰিৱৰ্তনে নানাধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে, যিয়ে গোটেই ব্যৱস্থাটোকে দূৰ্বল কৰি তুলিব। সেই হেতুকেই, জলবায়ু সক্ষম কৃষি ব্যৱস্থা এটাক গঢ় দিবলৈ যাওঁতে, এই কেওটা স্তৰক গুৰুত্ব দিয়াৰ দৰকাৰ। উপযুক্ত বীজৰ সুলভতা, যথোপযুক্ত, সময় আৰু পৰিস্থিতিসাপেক্ষ উৎপাদন ব্যৱস্থা, সমোচিত প্ৰক্ৰিয়াকৰণ প্ৰণালীৰ ব্যাপকতা, দৃঢ় আৰু কৃষক অনুকূল বজাৰ ব্যৱস্থা তথা সুদক্ষ মূল্য নিৰ্ধাৰণ তথা যোগান ব্যৱস্থাৰ মাধ্যমেৰে ৰাজ্যৰ কৃষিখণ্ডক স্থিতিস্থাপক কৰি তোলাৰ দৰকাৰ সম্প্ৰতি সৰ্বাধিক।
এইখিনিতে, মন কৰিবলগীয়া যে, আমাৰ কৃষিক্ষেত্ৰত প্ৰত্যাহ্বান যিদৰে আছে, একেসময়তে, অনেক সম্ভাৱনীয়তাও আছে। শস্যৰ নানা পাৰম্পৰিক জাত, থলুৱা তথা বনৰীয়া জাত, থলুৱা উদ্যান শস্য আদিত ৰাজ্যখন অতিশয় চহকী। জনজাতীয় বসতি প্ৰধান হোৱাৰ বাবে, অনেক সময়ত এনে কিছুমান থলুৱা পৰম্পৰাগত প্ৰযুক্তি ৰাজ্যৰ ঠায়ে ঠায়ে দেখা যায়, যাৰ যথাযথ প্ৰয়োগে কৃষিখণ্ডক নানাধৰণে সহায় কৰিব পাৰে। অন্যহাতে, কৃষি আনুসংগিক ক্ষেত্ৰ যেনে পশুপালন, মীনপালন, ৰেছমশিল্প আদিৰ মাধ্যমেৰে, কৃষিজীৱি ৰাইজৰ বাবে বিকল্প জীৱিকা পদ্ধতিৰ ব্যৱস্থা কৰাটোও সম্ভৱ, যিয়ে কৃষকসকলৰ জীৱিকা সুনিশ্চিতকৰণত সহায় কৰিব। ইয়ে ৰাজ্যৰ জলবায়ু সংবেদনশীলতা হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি, কৃষি ব্যৱস্থাক জলবায়ু সহনশীল কৰি তোলাত অৱদান যোগোৱাৰ সম্ভাৱনা অনেক।


খাদ্য মানৱ জীৱনৰ অন্যতম মৌলিক প্ৰয়োজন আৰু সেইসূত্ৰেই কৃষিখণ্ডৰ প্ৰয়োজনীয়তা কোনো অৰ্থব্যৱস্থাই অস্বীকাৰ কৰিব নোৱাৰে। আৰু সেইসূত্ৰেই, অসমৰ দৰে ৰাজ্যত কৃষিখণ্ডত জলবায়ু সক্ষমতা আৰু সহনশীলতাৰ বিকাশ ঘটাই, অৰ্থনৈতিক ব্যৱস্থাক সুদৃঢ় কৰি তোলাৰ  প্ৰয়োজনীয়তা অসীম। আৰু এইক্ষেত্ৰত সময়োচিত কৃষি নীতি নিৰ্ধাৰণ তথা তাৰ ৰূপায়েনেহে ৰাজ্যখণ্ডত কৃষি ব্যৱস্থাক বহনক্ষম কৰি তুলিব আৰু প্ৰকৃততে ৰাজ্যখনক “সুজলা সুফলা শস্য শ্যামলা” কৰি ৰখাত অৰিহণা যোগাব। 


No comments:

Post a Comment