Friday, 18 March 2016

৬০ টা মিনিট, পৃথিৱীৰ বাবে ................

      

         এখনেই পৃথিৱী। আমাৰ জীৱনৰ উঁহ। মাটি, পানী আৰু পৰিস্কাৰ বায়ুৰ লগতে, গণনা কৰি শেষ কৰিব নোৱাৰা সম্পদৰ উৎস এই ধৰা আৰু ইয়াৰ পৰিৱেশ।চকু জুৰোৱা, মন মোহা, বিস্ময় আৰু আৱেগেৰে হৃদয় ওপচোৱা সৌন্দৰ্য্যৰো থল এই একমাত্ৰ ধৰণীখন।পিছে, সম্পদৰ মূল নুবুজা, জীৱশ্ৰেষ্ঠ বুলি আত্মগৌৰৱেৰে বিভোৰ মানৱজাতিৰ ক্ৰিয়া-কলাপত পৃথিৱীৰ অৱস্থা তথৈবচ। প্ৰদূষণ, শক্তিৰ অপব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ নিৰ্বিচাৰ আহৰণ আদি নানান কাৰক আৰু প্ৰতিক্ৰিয়াই ব্যতিব্যস্ত কৰা পৃথিৱীখন এতিয়া ৰোগাক্ৰান্ত। গোলকীয় উষ্ণায়ন, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, দুৰ্ভিক্ষ, অচিনা ৰোগ, জলসংকট, খাদ্যসংকট আদি নানা পৰিণতিয়ে জুৰুলা কৰি তোলা ধৰাখনৰ সুস্বাস্থ্যৰ বাবে  আমি সকলোৱে চেষ্টা কৰাৰ প্ৰয়োজনীয়তা যে অনেক বেছি, সেয়া দোঁহৰাৰ প্ৰয়োজন হয়তো নাই।
  ঠিক এনে এক সঁহাৰিৰে উদাহৰণ – পৃথিৱী ঘণ্টা (Earth Hour)। ২০০৭ চনৰ ৩১ মাৰ্চত , পোন প্ৰথমবাৰলৈ, অষ্ট্ৰেলিয়াৰ চিডনীত বিশ্ব বন্যপ্ৰাণী নিধি (World Wildlife Fund-WWF)ৰ উদ্যোগত, সন্ধিয়া ৭.৩০ বজাৰ পৰা এঘণ্টা সময়, অপ্ৰয়োজনীয় বৈদ্যুতিক চাকিবোৰ নুমুৱাই ৰখা হয়, শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ এক প্ৰতীকী আন্দোলন হিচাপে। উদ্দেশ্য, জীৱাশ্ম ইন্ধন নিৰ্ভৰ শক্তি উৎসৰ ব্যৱহাৰে নিৰ্গত কৰা কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হ্ৰাসৰ বাবে সজাগতা সৃষ্টি। প্ৰথমবছৰতে প্ৰায় ২.২ মিলিয়ন লোকে এই প্ৰতীকী কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন যোগায়।
২০০৮ চনৰে পৰা এই প্ৰতীকী কাৰ্য্যসূচীক আন্তৰ্জাতিকভাৱে পালন কৰি অহা হৈছে। প্ৰতিবছৰে, মাৰ্চ মাহৰ শেষৰ ফালে এটা পূৰ্বনিৰ্ধাৰিত দিনত, নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈ এঘণ্টা সময়, সকলো অপ্ৰয়োজনীয় পোহৰ নুমুৱাই দি পালন কৰা এই  পৃথিৱী ঘণ্টাত বৰ্তমানে বিশ্বৰ ১৭০ খন দেশে অংশগ্ৰহণ কৰে। ২০১৫ চনত, এই কাৰ্য্যসূচীত এই দেশসমুহৰ প্ৰায় ১২০০ মুখ্য স্থান আৰু প্ৰায় ৪০ টা ইউনেস্ক’ ঐতিহ্য ক্ষেত্ৰই অংশ লৈ এঘণ্টা সময়ৰ বাবে পোহৰৰ ব্যৱহাৰ সীমিত কৰি ৰাখে। পেৰিছৰ আইফেল টাৱাৰ, ভাৰতৰ ইণ্ডিয়া গেট, ডুবাইৰ বুৰ্জ খলিফা, চিডনী অপেৰা হাউচ, কল’জিয়াম, ইংলেণ্ডৰ বিগ বেন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয় আদিৰ দৰে স্থানত এই এঘণ্টীয়া পোহৰবিহীন সময় পালন কৰা হয়।
কেৱল এয়াই নহয়, গুগল, ইউ টিউব আদিৰ দৰে জনপ্ৰিয় ৱেবচাইট, বিবিচি, চিএনএন, নেচনেল জিঅ’গ্ৰাফিক, কাৰ্টুন নেটৱৰ্ক আদি জনপ্ৰিয় টিভি চেনেলেও উক্ত সময়চোৱাত এই বিষয়ক কাৰ্য্যসূচী প্ৰচাৰ আৰু আনুষংগিক কাৰ্য্যক্ৰমৰ জৰিয়তে এই আন্দোলনৰ প্ৰতি সঁহাৰি আগবঢ়ায়।
এইখিনিতে প্ৰশ্ন হয়, মাত্ৰ এঘ্ণ্টা সময়ৰ বাবে লাইট বন্ধ কৰি ৰাখিনো কিমান শক্তিৰ ব্যৱহাৰ বা কাৰ্বন নিৰ্গমন হ্ৰাস হ’ব পাৰে? আমি আগতেই কৈছোঁ, এই কাৰ্য্যসূচী মুখ্যতঃ প্ৰতীকী আৰু ইয়াৰ জৰিয়তে পৃথিৱীৰ ৰাইজলৈ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবৰ বাবে কিদৰে একো একোটা সৰু পদক্ষেপেও সহায় কৰিব পাৰে, তাৰেই বাৰ্তা প্ৰেৰণ কৰা হয়। মূল কথা হ’ল – ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে, প্ৰত্যেক ব্যক্তি,প্ৰত্যেক ঘৰ, প্ৰত্যেক চহৰ, প্ৰত্যেক ৰাজ্য আৰু দেশতে যদি এই বিষয়ত ব্যৱস্থা হাতত লোৱা হয়, তেন্তে তাৰ সামূহিক পৰিণতি কিন্তু তেনেই নগণ্য হৈ নৰয়। ঠিক এই কথাষাৰেই পৃথিৱী ঘণ্টাৰ জৰিয়তে ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে।
অন্যহাতে, পৃথিৱী ঘণ্টাৰ এই মঞ্চৰ আলমতে, এই আনুষ্ঠানিক কাৰ্য্যসূচীৰ জৰিয়তে আন কেতবোৰ পাৰিৱেশিক কাৰ্য্যপন্থাও সফলভাৱে সমাপন কৰা হৈছে।পৃথিৱীৰ নানা অঞ্চলত অৰণ্যৰ সুৰক্ষা, সাগৰীয় জলভাগ আৰু উপকূল অঞ্চলৰ পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ, শক্তি সংৰক্ষণকাৰী চৌকাৰ ব্যৱহাৰ, সৌৰ শক্তিৰ ব্যৱস্থাপনা আদি নানা কাৰ্য্যসূচীক এই আন্দোলনৰ মাধ্যমেৰেও ৰূপায়িত কৰা হৈছে বা কৰিবৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

এইবছৰ, এই আন্দোলনৰ বাবে ধাৰ্য্য কৰা দিনটো হৈছে, ১৯ মাৰ্চ, শনিবাৰ; সময় নিশা ৮.৩০ৰ পৰা ৯.৩০ লৈ। আপোনাৰ মোৰ দৰে যিসকলে উপযুক্ত পৰিমাণৰ বিদ্যুতৰ যোগান উপভোগ কৰি আছোঁ, সেইসকল লোকে উক্ত সময়চোৱাত নিম্নতম বিদ্যুত ব্যয়েৰে এই কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন যোগাব পাৰোঁ নিশ্চয়। যিখন পৃথিৱীক আধাৰ কৰি আমি জীয়াই আছোঁ, যাৰ সম্পদেই আমাৰ জীৱনৰ সকলো স্তৰৰ ভেটি, সেই পৃথিৱীৰ বাবে, আমি মাত্ৰ এটা ঘণ্টা অপ্ৰয়োজনীয় শক্তিখিনি ব্যয় নকৰাকৈ থাকিব নোৱাৰিম নে? এই এটা ঘণ্টা মানে ৬০ টা মিনিট। আমাৰ জীৱনৰ উঁহৰূপী এই পৃথিৱীৰ ভৱিষ্যতৰ বাবে এই ৬০টা মিনিটৰ অন্ধকাৰে কঢ়িয়াই নিব পৰা পাৰিৱেশিক সংৰক্ষণৰ বাৰ্তাৰ গুৰুত্ব কেৱল এদিনীয়া নহয়।পৃথিৱীৰ বাবে পালন কৰা এই এটা ঘণ্টাই আমাক প্ৰতিদিনেই পৰিৱেশৰ হিতৰ কথা ভাৱিবলৈ উদ্বুদ্ধ কৰক, সেয়াই এই ৬০টা মিনিটৰ মহত্ব! আৰু সমাজৰ প্ৰত্যেক ব্যক্তিলৈ এই মহত্বৰ বাৰ্তা কঢ়িয়াই নিব পাৰিলেহে আমাৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে পোহৰ হৈ ৰ’ব আমাৰ পৃথিৱী, চিৰদিন ……………


Monday, 14 March 2016

পেৰিছ জলবায়ু চুক্তি: এক পৰ্য্যালোচনা


অৱশেষত সকলো জল্পনা-কল্পনা-অনিশ্চয়তা-সংশয়-উৎকণ্ঠাৰ অন্ত পেলাই, ২০১৫ চনৰ ১২ ডিচেম্বৰত, বিশ্বৰ মুঠ ১৯৬ খন দেশে পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক জলবায়ু সন্মিলনৰ শেষৰ দিনা, সৰ্বসন্মতিক্ৰমে এক ঐতিহাসিক জলবায়ু চুক্তি গ্ৰহণ কৰে। এই চুক্তিৰ জৰিয়তে, বিভিন্ন উপায় তথা প্ৰযুক্তিৰ মাধ্যমেৰে পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতাৰ বৃদ্ধি, শিল্প বিপ্লৱৰ পূৰ্ৱৰ মাত্ৰাতকৈ যাতে ২ ছেলছিয়াছৰ ভিতৰতে সীমিত কৰি ৰাখিব পৰা যায়, সেই উদ্দেশ্যৰে সদ্যহতে ১.৫ ছেলছিয়াছ উষ্ণতা সীমাক লক্ষ্য কৰি লোৱা হৈছে। ২০০৯ চনত ক’পেনহেগেনত হোৱা জলবায়ু সন্মিলনৰ বিফলতাৰ পৰৱৰ্তী সময়ত, সমগ্ৰ বিশ্বৰে প্ৰাকৃতিক পৰিৱেশ তথা জনকল্যাণৰ বাবে আটাইতকৈ বিপদজনক ৰূপে পৰিগণিত হোৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যা ৰোধৰ ক্ষেত্ৰত এক সাৰ্বজনীন পদক্ষেপ আগবঢ়োৱাৰ যি প্ৰয়োজনীয়তা সৃষ্টি হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত পেৰিছ সন্মিলনত গৃহীত এই চুক্তিক যথেষ্ট আশাব্যঞ্জক হিচাপে গণ্য কৰা হৈছে।
১৯৯৭ চনৰ কিয়’ট’ চুক্তিৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ ২০১২ চনত সামৰণি পৰাৰ পাছত, পৰৱৰ্তী সময়ছোৱাত জলবায়ু পৰিৱৰ্তনৰ গতি স্তিমিত কৰাৰ বাবে আন্তৰ্জাতিকভাৱে গ্ৰহণীয় কাৰ্য্যপন্থাসম্পৰ্কে একমতত উপনীত হ’বৰ বাবেই ক’পেনহেগেনত ২০০৯ চনত কিয়’ট’ প্ৰট’ক’লক স্বীকৃতি দিয়া দেশসমূহ মিলিত হৈছিল। কিন্তু আন্তৰ্জাতিক ৰাজনীতিৰ মেৰপেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ তথা চীনৰ দৰে দেশৰ কূটনৈতিক আকোৰগোঁজামি আদি নানা কাৰণত ক’পেনহেগেনত এই দিশত কোনো আইনীভাৱে দৃঢ় তথা সৰ্বসন্মত চুক্তি গ্ৰহণ কৰিব পৰা নগ’ল। ইয়াৰ পাছৰ বিগত ৬টা বছৰতো, তাৎক্ষণিকভাৱে বলবৎ হোৱা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত প্ৰকৃততেই কাৰ্য্যক্ষম সিদ্ধান্ত লোৱাত বিফলতাই পৰিস্থিতিক অধিক জটিল কৰি তোলে। সেই সূত্ৰেই পেৰিছৰ জলবায়ু সন্মিলনক ভূগ্ৰহটিৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত সকলো দেশে সন্মিলিত সিদ্ধান্ত লোৱাৰ শেষটো সুযোগ হিচাপে ধৰা হৈছিল।যিনহওক, অৱশেষত উন্নত, উন্নয়নশীল তথা সকলোতকৈ কম উন্নয়নশীল দেশসমূহৰ মাজত জলবায়ু পৰিৱৰ্তন ৰোধ আৰু সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধৰ কৰ্মপদ্ধতি আদিক লৈ থকা মত তথা নীতিৰ পাৰ্থক্যসমূহ বহুলাংশে আঁতৰাই, পেৰিছ সন্মিলনে এক আপাতত: সৰ্বসন্মত চুক্তিৰ বাট কাটিবলৈ সক্ষম হ’ল আৰু এয়া নিসন্দেহে পেৰিছ সন্মিলনৰ অন্যতম ধনাত্মক দিশ।
পেৰিছত গৃহীত জলবায়ু চুক্তিৰ জৰিয়তে, প্ৰথমবাৰলৈ নিৰ্দিষ্ট নীতিৰ আধাৰত বিষয়সমূহ আলোচনা কৰাৰ সুযোগ মুকলি হোৱাৰ লগতে, “সাৰ্বজনীন কিন্তু পৃথক দায়বদ্ধতা”ৰ নীতিক গুৰুত্ব দিয়া হৈছে; অৰ্থাৎ ইয়ে উন্নত দেশ আৰু উন্নয়নশীল বা অনুন্নত দেশসমূহৰ জলবায়ু পৰিৱৰ্তন সৃষ্টিৰ প্ৰতি অৱদান সাপেক্ষে তাক ৰোধৰ ব্যৱস্থাগ্ৰহণৰ দায়বদ্ধতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। এই কথাষাৰ এইকাৰণেই গুৰুত্বপূৰ্ণ যে, শিল্প বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত, জীৱাশ্ম ইন্ধনৰ ব্যাপক প্ৰয়োগৰ জৰিয়তে উন্নত অৰ্থনীতিৰ দেশসমূহে এতিয়ালৈ হোৱা কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন, গোলকীয় উত্তাপন তথা জলবায়ৱিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৱদান যোগাইছে। গতিকেই, কাৰ্বন-ডাই-অক্সাইডকে ধৰি অন্যান্য সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস তথা জলবায়ুৰ সালসলনি ৰোধৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ মাজত পাৰ্থক্য থকাটো আন্তৰ্জাতিক ন্যায়ৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। কিয়নো, তাৎক্ষনিকভাৱে কাৰ্বন-ডাই-অক্সাইদকে ধৰি যিকোনো সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাটো বিশ্বৰ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ পক্ষে, নিজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থতে অসম্ভৱ আৰু এই কথাষাৰ বিবেচনা নকৰাকৈ জলবায়ু পৰিৱৰ্তনৰ কাৰ্য্যপন্থা হাতত লোৱাটো ন্যায়ৰ পৰিপন্থী। এইখিনিতে উল্লেখ কৰিব পাৰি, পেৰিছ সন্মিলনৰ প্ৰাক-কালৰে পৰা ভাৰতৰ তৰফৰ পৰা “জলবায়ু ন্যায়”ৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল আৰু এই কথাক পেৰিছ চুক্তিত লিপিবদ্ধ কৰা হৈছে।
অন্যহাতে এই চুক্তিৰ জৰিয়তে, প্ৰত্যেকখন দেশেই পাঁচবছৰৰ মূৰে মূৰে নিজা নিজা কাৰ্বন নিৰ্গমনৰ পৰিমাণৰ (Intended Nationally Defined Contribution, INDC) প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই নিৰ্গমনৰ হাৰ হ্ৰাসৰ প্ৰতি বিশেষ ব্যৱস্থা ল’ব লাগিব।ইয়াৰ লগতে, এই চুক্তিত উন্নয়নশীল সমূহে যাতে নিজৰ অৰ্থনৈতিক বিকাশ অক্ষুণ্ণ ৰখাৰ সমান্তৰালকৈ নৱীকৰণ যোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰকে ধৰি জলবায়ু পৰিৱৰ্তন ৰোধৰ ব্যৱস্থাসমূহ ক্ৰমান্বয়ে নিজা নিজা অৰ্থনৈতিক পৰিকল্পনাত সন্নিবিষ্ট কৰে, সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে। এইখিনিতে উল্লেখনীয় যে, পেৰিছ সন্মিলন আৰম্ভ হোৱাৰ আগে আগেই ভাৰত তথা চীনকে ধৰি বিশ্বৰ ১৮০খনতকৈও অধিক দেশে নিৰ্গমন ৰোধৰ নিজা নিজা লক্ষ্য তথা সেই লক্ষ্যত উপনীত হোৱাৰ সম্যক পদ্ধতিক প্ৰতিবেদন যোগে দাখিল কৰিছিল। অৱশ্যে, এই লক্ষ্যক ধাৰ্য্য কৰাটো  আৰু প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক হ’লেও, নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰা দেশৰ প্ৰতি কোনো আইনী ব্যৱস্থা গ্ৰহণৰ কথা এই চুক্তিত উল্লেখ কৰা হোৱা নাই আৰু  সেয়ে লক্ষ্য ধাৰ্য্য কৰাৰ এই প্ৰক্ৰিয়াই নিৰ্গমন হ্ৰাসত বিশেষ অৰিহণা যোগাব নোৱাৰিব বুলি আশংকা কৰা হৈছে।
পেৰিছ চুক্তিৰ জৰিয়তে উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তনৰ ৰোধ তথা মোকাবিলাৰ বাবে তথা নিৰ্গমন হ্ৰাসৰ প্ৰযুক্তিত বিনিয়োগ কৰাৰ বাবে বিত্তৰ যোগান ধৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু ২০২o চনৰ ভিতৰত নিম্নতম ১০০ বিলিয়ন আমেৰিকান ডলাৰ এই পুঁজিত জমা কৰিব লাগিব বুলি ধাৰ্য্য কৰা হৈছে। অৱশ্যে, এই ১০০ বিলিয়নৰ সীমাটোক মূল চুক্তিৰ পৰা আঁতৰাই ৰাখি, সন্মিলনৰ সিদ্ধান্ত শিতানলৈ নিয়াটোৱে উন্নয়নশীল দেশসমূহক আশ্বস্ত কৰিব পৰা নাই। অন্যহাতে, অন্যান্য দেশসমূহেও স্ব-ইচ্ছাই এই বিত্তীয় পূঁজিলৈ অনুদান আগবঢ়োৱাৰ বিষয়টোক উৎসাহিত কৰা হৈছে।  
পেৰিছ চুক্তিয়ে বহনক্ষম জীৱনশৈলী তথা বহনক্ষম উৎপাদন তথা উপভোগ প্ৰক্ৰিয়াক, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে অন্যতম প্ৰয়োজনীয় বিষয় হিচাপেও স্বীকৃতি দিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, শক্তিৰ ব্যৱহাৰৰ দিশৰ পৰা বিশ্বৰ নানা দেশৰ মাজত, বিশেষকৈ উন্নত তথা উন্নয়নশীল দেশসমূহৰ মাজত থকা বিশাল পাৰ্থক্যক হ্ৰাস কৰি, শক্তিৰ সমবিতৰণ কৰাটো বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম অংগ আৰু ইয়াৰ জৰিয়তে, এই দুই শ্ৰেণীৰ দেশৰ মাজত থকা অসমতাকো নোহোৱা কৰি, জলবায়ু পৰিৱৰ্তনৰ স’তে মোকাবিলা কৰাৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি।
ইয়াৰ বিপৰীতে, পেৰিছৰ এই সদ্যগৃহীত চুক্তিখনৰ আটাইতকৈ দূৰ্ৱল দিশটো হ’ল এয়ে যে –ইয়াৰ বিভিন্ন কাৰ্য্যব্যৱস্থা ৰূপায়ন কৰিবলৈ অসমৰ্থ বা অনিচ্ছুক দেশৰ প্ৰতি কোনো আইনী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা নোহোৱাটো। ইয়াৰ কাৰণ হ’ল – আইনী বাধ্যবাধকতা থকা চুক্তি এখনত সন্মতি দিয়া আৰু গ্ৰহণ কৰাত বিশ্বৰ অন্যতম কূটনৈতিক তথা ৰাজনৈতিকভাৱে শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসমৰ্থতা বা অনিচ্ছুকতা।আইনী বাধ্যবাধকতা নথকা হেতুকে চুক্তিত কথা দিয়া অনুযায়ী, সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব নোৱাৰা দেশসমূহৰ ওপৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাথাকিব আৰু এই কথাই গোতেই চুক্তিখনৰ সম্পূৰ্ণ সফল হোৱাত বাধা দিব বুলি আশংকা কৰিব পাৰি। অন্যহাতে, অধিকাংশ ক্ষেত্ৰতে এই চুক্তিখনত কাৰ্বন-ডাই-অক্সাইডকে ধৰি সকলো সেউজ-গৃহ গেছৰ কোনো সাংখ্যিক নিৰ্গমন সীমা নাই, নিৰ্দিষ্ট কৰি দিয়া লক্ষ্য নাই, আৰ্থিক দায়বদ্ধতা বা চুক্তি নমনা দেশৰ ক্ষেত্ৰত কোনো জৰিমণা নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। তদুপৰি,  নিৰ্গমন হ্ৰাস আদিৰ দৰে বিষয়বোৰত কোনো তাৰিখ বা বৰ্ষক নিৰ্দিষ্ট সীমা হিচাপে ধৰি দিয়াৰ সলনি “যিমান পাৰি সোনকালে” বুলি উল্লেখ কৰা কথাষাৰে গোটেই চুক্তিখনৰ ৰূপায়ন প্ৰক্ৰিয়ালৈ একধৰণৰ অস্পষ্টতা আনি দিছে।কেৱল সেয়াই নহয়, এনে নিৰ্দিষ্ট সময়সীমা নথকা হেতুকে আৰু তাৎক্ষনিকভাৱে উন্নয়নশীল আৰু সবাতোকৈ কম উন্নত দেশসমূহত বিনিয়োগৰ ব্যৱস্থাহীনতাৰ বাবে, আশাকৰা ধৰণেৰে ১.৫ ছেলছিয়াছৰ সীমাৰ ভিতৰত উষ্ণতা বৃদ্ধিক নিয়ন্ত্ৰিত কৰি ৰাখিব পৰাৰ সম্ভাৱনা অতি কম বুলি অনুমান কৰিব পাৰি।ইয়ে স্বাভাৱিকতে, সাগৰতলীৰ পৰা নিম্ন উচ্চতাত থকা, উপকূলীয় দেশসমূহ তথা ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ্সমূহক এই চুক্তিৰ কাৰ্য্যকাৰীতা সম্পৰ্কে সন্দিহান কৰি তুলিছে। এইখিনিতে, উল্লেখনীয় যে, ১.৫ ছেলছিয়াছৰ এই সীমাৰ ভিতৰত উষ্ণতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, হিমবাহ তথা হিমশিলাৰ গলনৰ পৰিণতিত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিশ্বৰ প্ৰায় সকলো দ্বীপৰাষ্ট্ৰকে প্লাৱিত কৰিব বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। অন্যহাতে, পেৰিছ চুক্তিৰ দফাসমুহত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ  “ঐতিহাসিক দায়বদ্ধতা”ৰ প্ৰসংগটোক কৌশলপূৰ্ণভাৱে আঁতৰাই ৰখা, এই দায়বদ্ধতাৰ ভিত্তিত
সকলো ৰাষ্ট্ৰৰ মাজত “কাৰ্বন বাজেট”ৰ সমবিতৰণৰ উল্লেখ নথকা আদি কথাই তুলনামূলকভাৱে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক বঞ্চিত কৰিব বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

পেৰিছত গৃহীত নতুন আন্তৰ্জাতিক জলবায়ু চুক্তি সম্পূৰ্ণৰূপে নিখুঁত বুলি নিশ্চয় ক’ব নোৱাৰি। হ’লেও, এই চুক্তিয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা তথা ইয়ে মানৱ সমাজত সৃষ্টি কৰিব পৰা সমূহ সমস্যাৰ গুৰুত্বক অনুধাৱন কৰাৰ লগতে, এই ক্ষেত্ৰত বিশ্বৰ সকলো দেশৰে সহযোগিতাৰ প্ৰয়োজনীয়তাক স্পষ্টভাৱে স্বীকাৰ কৰিছে। অন্যহাতে, ক’পেনহেগেন আলোচনাৰ কিছু আগৰে পৰা দিক-বিদিক হেৰুৱাই পেলোৱা আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্য্যপন্থাক পেৰিছ চুক্তিয়ে নকৈ এক নিৰ্দিষ্ট গতি প্ৰদান কৰিছে বুলিও একেমুখে ক’ব পাৰি। শুধৰণি আৰু অধিক দৃঢ় কৰাৰ সুযোগ থাকিলেও, আগন্তুক ২০১৬ চনৰ এপ্ৰিল মাহৰে পৰা ৰাষ্ট্ৰ্সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিবলৈ মুকলি হ’বলগীয়া চুক্তিখনৰ ৰূপায়নৰ প্ৰতি সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছা তথা সততাৰ ওপৰতে চুক্তিৰ কাৰ্য্যকৰীতা তথা সমান্তৰালভাৱে এই ভূগ্ৰহটিৰ ভৱিষ্যত যে নিৰ্ভৰশীল, সেই কথাত সন্দেহৰ অৱকাশ নাই। আৰু এই কথাষাৰকে, চুক্তিত সন্মতি জনোৱা সকলো সদস্য ৰাষ্ট্ৰই উপলব্ধি কৰাৰ প্ৰয়োজন সৰ্বাধিক।

Monday, 7 March 2016

প্ৰকৃতি সুৰক্ষা আন্দোলন আৰু নাৰী

   

“Throughout Africa, women are the primary caretakers, holding significant responsibility for tilling the land and feeding their families. As a result, they are often the first to become aware of environmental damage as resources become scarce and incapable of sustaining their families.” -Wangari Maathai, Nobel Peace Prize Winner Environmentallist


     ১৯৭০ৰ দশক। উত্তৰ হিমালয়ৰ গাঢ়োৱাল অঞ্চল। অলকানন্দা উপত্যকাৰ মণ্ডল নামৰ গাওঁখনকে ধৰি কাষৰীয়া অঞ্চলৰ গাওঁবাসীৰ জীৱন আৰু জীৱিকাৰ আধাৰ কাষৰীয়া অৰণ্যৰ গছ কাটিবলৈ অহা ঠিকাদাৰক বাধা দিবৰ বাবে এজাক মহিলাই স্বত:স্ফূৰ্তভাৱে গাইপতি সাৱটি ধৰিছিল একোজোপা গছক। কৈছিল – “গছ কটাৰ আগতে আমাক কাটা, কাৰণ এই গছে আমাক দিয়ে খাদ্য, পৰিস্কাৰ পানী আৰু নিৰ্মল বায়ু।” ঠিক একে কামকে কৰিছিল ১৮ শতিকাতে ৰাজস্থানৰ অমৃতা দেৱী আৰু তেওঁৰ লগৰীয়া ৮৪ গৰাকী নাৰীয়ে।ৰাজনিৰ্দেশত আৰম্ভ হোৱা অৰণ্য ধ্বংসক ৰোধ কৰিবলৈ তেওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি গছবোৰ সাৱটি ধৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৯৭৩ৰ পাছত, “চিপকো আন্দোলন” হিচাপে জনাজাত এই আন্দোলনে সুন্দৰলাল বহুগূণাকে ধৰি অনেক পৰিৱেশ কৰ্মীৰ জৰিয়তে এক নতুন ৰুপ লাভ কৰে আৰু সকলোকে অনুপ্ৰাণিত কৰি তোলে।একোজোপা গছক সাৱটি ধৰি, তাৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো আগবঢ়াই দিবলৈ সাজু হোৱা এই অভিনৱ, আন্তৰিক অহিংস আন্দোলনে পৰিৱেশৰ হকে কাম কৰি থকা মুষ্টিমেয় মানুহচামলৈ লৈ গৈছিল এক বিশেষ বাৰ্তা।“চিপকো আন্দোলনে” সূচনা কৰা এই বাৰ্তাৰ অন্তৰ্নিহিত কথাষাৰকে পৃথিৱীৰ অন্য এক প্ৰান্তত, অন্য এক ব্যক্তিত্বই অন্য এক ৰূপেৰে তুলি ধৰিছিল।


   সেয়া আছিল ১৯৭৬-৭৭ চন। স্থান কেনিয়া, আফ্ৰিকা মহাদেশ। ক্ৰমাগত বনাঞ্চল ধ্বংসৰ পৰিণতিত আৰম্ভ হোৱা মৰুভূমিভৱনে স্থানীয় ৰাইজৰ জীৱন স্ংগ্ৰামক অধিক জটিল কৰি তুলিছিল। শস্যক্ষেত্ৰৰ উৰ্বৰা শক্তি, জীৱনৰ আধাৰৰুপী পানীৰ উৎসবোৰ ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছিল।প্ৰ্ৰ্কৃতিৰ এই প্ৰতিকূলতাত আটাইতকৈ প্ৰভাৱিত হৈছিল সাধাৰণ নাৰীসকল। পানী, খৰি, খাদ্যসামগ্ৰীৰ বাবে বহুদুৰ বাটকূৰি বাই অশেষ কষ্টৰ মুখামুখী হোৱা এইসকল নাৰীৰ কথা ভাৱিছিল অন্য এক নাৰীয়ে; নাম ৱাংগাৰি মাথাই। কেনিয়াৰ ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ অধ্যক্ষ তথা পৰিৱেশ বিজ্ঞানী মাথায়ে, মৰুভূমিভৱনত বিপৰ্য্যস্ত মহিলাসকলক লৈয়ে ১৯৭৭ চনৰ ২২ এপ্ৰিলৰ পৰা আৰম্ভ কৰে এক নতুন আন্দোলন।নাম “গ্ৰীণ বেল্ট আন্দোলন”।ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ তত্বাৱধানত হেজাৰৰো অধিক মহিলাক লৈ গছপুলি ৰোপনৰ এই কাৰ্য্যসূচীৰ জৰিয়তে নিৰ্বনানীকৰণ প্ৰতিৰোধ, খাদ্য, জল তথা ঘৰুৱা ইন্ধন সংকটৰ সমাধান, মৰুভূমিভৱন প্ৰতিৰোধ, কৃষিভূমিৰ উৰ্বৰা শক্তিক পুনৰুজ্জীৱিত কৰা আদিৰ দৰে ধনাত্মক পাৰিৱেশিক পৰিৱৰ্তনৰ সূচনা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। অন্যহাতে, প্ৰতিটো গছপুলিক প্ৰতিপাল কৰি ডাঙৰ কৰাৰ বিনিময়ত, অভাৱে জুৰুলা কৰা মহিলাসকলক দিয়া হৈছিল কিছু বানচ, যাৰ জৰিয়তে তেওঁলোকে কিছু ধনো উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেনিয়াৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে উপযুক্ত, স্থানীয় ৰাইজৰ কামত অহা গছৰ এই ডাঙৰ ডাঙৰ এলেকাবোৰে মৰুৰ শুকান, বালিময় বতাহৰ পৰা শস্যক্ষেত্ৰক সুৰক্ষা দিছিল; লাহে লাহে শুকান মৰুময় কেনিয়া সেউজীয়া হৈছিল পুনৰ। এই আন্দোলনৰ জৰিয়তে দহবছৰৰ ভিতৰত মুঠ ৬০০০ নাৰ্ছাৰী ৰোপন, ২০ মিলিয়নতকৈ অধিক গছ ৰোপন কৰা হ’ল ৫০হাজাৰ মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা। শেহতীয়া তথ্য অনুযায়ী, এই গ্ৰীণ বেল্ট আন্দোলনৰ দ্বাৰা মুঠ ৫১ মিলিয়ন গছৰ ৰোপন তথা প্ৰতিপালন হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ মহিলাক খাদ্য সংৰক্ষণ, বনানিকৰণ, মৌ-পালন আদিৰ দৰে নানা বিষয়ত প্ৰশিক্ষণ দিয়া হৈছে। এই অভিনৱ ধাৰণাৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা তথা শান্তিৰ বাৰ্তা কঢ়িওৱা ৱাংগাৰি মাথাইক ২০০৪ চনত প্ৰদান কৰা হয় শান্তিৰ নোবেল বঁটা। মাথাই তথা তেওঁৰ সহযোগী মহিলাসকলে, চিপকো আন্দোলনৰ দৰেই স্পষ্ট কৰি দিলে – বহনক্ষম উন্নয়ন তথা প্ৰকৃতি সুৰক্ষাত মহিলাসকলে ল’ব পৰা গূৰুত্বপূৰ্ণ ভূমিকাৰ কথা।
     আদিম কালৰে পৰা প্ৰকৃতি তথা পৰিৱেশৰ স’তে নাৰীসমাজৰ সম্পৰ্ক অতি নিবিড় তথা গভীৰ। চিকাৰী মানৱৰ জীৱনতো নাৰীয়েই চিকাৰ তথা খাদ্যসংগ্ৰহ প্ৰক্ৰিয়াত মুখ্য অংশ লোৱাৰ কথা জানিবলৈ পোৱা যায়। পৰৱৰ্তী কালতো মানুহৰ সামাজিক জীৱন আৰম্ভ হোৱাৰ পাছত, ঘৰ-পৰিয়ালৰ ক্ষেত্ৰত নাৰীয়ে লাভ কৰা দায়িত্বই নাৰীক অহৰহ প্ৰকৃতিনিৰ্ভৰ কৰি তোলে। খাদ্য সংগ্ৰহ, কৃষিকৰ্মত অংশগ্ৰহণ, খাদ্য ৰান্ধিবৰ বাবে খৰি-খেৰ সংগ্ৰহ আদিৰ জৰিয়তে মহিলাসকলে প্ৰকৃতিক অধিক ভালদৰে জানিবলৈ সুযোগ লাভ কৰে। একেসময়তে, জলসংকট, বিশুদ্ধ পানীৰ অভাৱ, খোৱাবস্তুৰ নাটনি, খৰি-খেৰৰ নাটনি আদিয়ে সৃষ্টি কৰিব পৰা সমস্যাৰ প্ৰতিও তেওঁলোকে চকু দিবলগীয়া হয়। গতিকেই প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ তথা সংৰক্ষণৰ প্ৰতি নাৰীসকল খুৱ স্বাভাৱিকভাৱেই সচেতন হৈ উঠে বা উঠিবলগীয়া হয়। কিয়নো এনে কোনো সংকটত আটাইতকৈ সহজে প্ৰভাৱিত হয় এই নাৰীসকলেই। পানীৰ অভাৱ হ’লে অধিক দূৰলৈ পানী বিচাৰি যাবলগীয়া হোৱা, গছ-গছনি কমি গ’লে খৰি-খেৰ গোটোৱাত অধিক সময় ব্যয় কৰিবলগীয়া হোৱা আদি কাৰক আছিল নাৰীসকলৰ এই প্ৰকৃতি সচেতনতাৰ আঁৰৰ কাৰণ।
    সচৰাচৰ গ্ৰাম্য বা জনগোষ্ঠীয় সমাজত নাৰীসকলে আৰু নানা ধৰণেৰে প্ৰকৃতি তথা জীৱ-সম্পদৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰে। নিজস্ব অভিজ্ঞতা তথা অনুসন্ধানৰ জৰিয়তে ফল-মূল তথা অন্যান্য খাদ্যসামগ্ৰীৰ যোগান ধৰা উদ্ভিদ, ঔষধি উদ্ভিদ আদিৰ চিনাক্তকৰণ তথা এইবোৰৰ সংৰক্ষণত মহিলাসকলে এই বিশেষ দায়িত্ব পালন কৰে। একেদৰে, শস্যৰ বীজ সংৰক্ষণ, খাদ্যৰ সংৰক্ষণ আদিৰ দ্বাৰাও মহিলাসকলে প্ৰাকৃতিক জীৱবৈচিত্ৰ্যক জীয়াই ৰখাত সহায় কৰে। কেৱল খাদ্যৰ স’তে সম্পৰ্কিত জীৱসম্পদ বুলিয়েই নহয়, দৈনন্দিন জীৱনৰ বাবে দৰকাৰী নানা তৰহৰ সা-সামগ্ৰীৰ প্ৰাকৃতিক উৎসৰ চিনাক্তকৰণ তথা সংৰক্ষণতো এইসকল নাৰীৰ অৱদান অনস্বীকাৰ্য্য। এনেবোৰ কাৰণতে প্ৰাকৃতিক সম্পদৰ সুপৰিচালনাত নাৰীসকলৰ প্ৰয়োজনীয়তাও অনেক বেছি।
    পৰৱৰ্তী সময়ত, সামাজিক নেতৃত্বৰ পৰিৱৰ্তন, আৰ্থ-সামাজিক ব্যৱস্থাৰ সালসলনি আদিৰ ফলত নাৰীৰ অৱস্থানৰ পৰিৱৰ্তন হ’ল। বিভিন্ন অৰ্থনৈতিক সিদ্ধান্ত, যেনে ভূমিৰ অধিকাৰ তথা ব্যৱহাৰ, সামাজিক প্ৰাকৃতিক সম্পদসমূহৰ সুব্যৱহাৰ আদিৰ বিষয়ত নাৰীসকলৰ সিদ্ধান্তগ্ৰহণৰ অধিকাৰ নোহোৱা হ’ল। পৰিণতিত কেৱল আৰ্থিক লাভৰ বাবে প্ৰাকৃতিক সম্পদৰ বিবেচনাহীন আহৰণ তথা ব্যৱহাৰ আৰম্ভ হ’ল; যিবিলাকৰ পাৰিৱেশিক কুপ্ৰভাৱ সম্পৰ্কে সবিস্তাৰ আলোচনাৰ প্ৰয়োজন হয়তো নাই। এনে পৰিপ্ৰেক্ষিতত আৰ্থ-সামাজিক উন্নয়ন তথা পৰিৱেশ-প্ৰকৃতিৰ সংৰক্ষণক সমান্তৰালভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যৰে আৰম্ভ হোৱা বহনক্ষম উন্নয়নৰ ধাৰণাত পুনৰ পৰিৱেশ সংৰক্ষণত নাৰীসকলে ল’ব পৰা উল্লেখনীয় দায়িত্বৰ কথা সন্নিবিষ্ট কৰা হ’ল। ১৯৯২ চনৰ ৰিঅ’ ঘোষণাপত্ৰ(Rio Declaration) তথা এজেণ্ডা ২১ ৰ জৰিয়তেও বহনক্ষম উন্নয়ন তথা পাৰিৱেশিক পৰিচালনাত মহিলাসকলৰ এই দায়িত্ব তথা ভূমিকাক বিশেষভাৱে স্বীকৃতি দিয়া হৈছে।

           পৰিশেষত এষাৰ কথা উল্লেখ কৰা ভাল যে প্ৰকৃতি আৰু মানৱসমাজৰ সম্পৰ্ক অতিশয় জটিল আৰু সূহ্ম।মানুহে কৰা এক সামান্য কামেও প্ৰাকৃতিক পৰিৱেশক বিপুলভাৱে প্ৰভাৱিত কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত প্ৰকৃতি সংৰক্ষণ তথা উন্নয়ন প্ৰক্ৰিয়াত নাৰীসকলৰ সমানুপাতিক অংশগ্ৰহণ তথা সমবিকাশ অবিহনে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা অসম্ভৱ।সেই বাবেই আধুনিক প্ৰেক্ষাপটত প্ৰাকৃতিক সম্পদ পৰিচালনাত নাৰীসকলৰ অভিজ্ঞতা আৰু সামাজিক ভূমিকাক ন-ৰূপত প্ৰয়োগ কৰাটো সময়ৰ দাবী।  
    
(৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে, পূৰ্ব প্ৰকাশিত এই লেখা আগবঢ়োৱা হ'ল বিশ্বৰ সকলো নাৰীৰ হাতত, যাৰ অক্লান্ত শ্ৰম আৰু আৱেগিক ভালপোৱাই প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিছে চিৰদিন)