Sunday, 11 December 2016

শীতৰ জুইকুৰা, ভোগালীৰ মেজিটো ইত্যাদি ...................


Fire, Burn, Burning, Bonfire, Campfire, Heat, Embers

আহোঁ নাহোকৈ হ'লেও শীত আহিছে। আঘোণ পাৰ হৈ পুহ সোমাওঁ সোমাওঁ। পুহৰ ঠেঁটুৱৈ লগা জাৰত দপদপীয়াকৈ জ্বলা জুইকুৰাৰ আমেজখিনিৰ কথা সুকীয়াকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই । মানৱ সভ্যতাৰ ইতিহাসত সম্ভৱতঃ জুইৰ আৱিস্কাৰেই হ’ল প্ৰথমটো দিকনিৰ্ণায়ক ঘটনা। নিশাৰ অন্ধকাৰ দূৰীকৰণ, শীতকালত শৰীৰৰ কষ্টৰ নিবাৰণ, নিশাচৰ প্ৰাণীৰ পৰা সুৰক্ষা তথা কালক্ৰমত খাদ্য প্ৰস্তুতকৰণ – মূলতঃ এই চাৰি কাৰ্য্যত জুইৰ ব্যৱহাৰে আদিম মানুহক ইয়াৰ গুৰুত্ব অনুধাৱন কৰিবলৈ শিকাইছিল। পৰৱৰ্তী সময়ত এই অনুধাৱনেই ৰূপ লয় অগ্নি বা জুইৰ উপাসনাৰ। এনে অগ্নি উপাসনাৰে এক ৰূপ হ’ল ভোগালীৰ মেজি জ্বলোৱাৰ সংস্কৃতি। কেৱল অসমতে নহয়, পঞ্জাৱতো মকৰ সংক্ৰান্তিত একে দৰেই অগ্নি উপাসনা কৰাৰ প্ৰথা আছে। মুঠ কথাত আমাৰ অনেক সমাজতে এতিয়াও জুইকুৰাক সংস্কৃতিৰ অপৰিহাৰ্য্য উপাদান হিচাপে ধৰা হয়। কিন্তু আজিৰ এই ৰচনাৰ মূল বিষয় অৱশ্যে জুইকুৰাৰ সাংস্কৃতিক গুৰুত্বৰ আলোচনা নহয়; বৰঞ্চ জুইকুৰাৰ সতে জড়িত এক গোপন ঘাতকৰ বিষয়ে জনোৱাহে।
আমাৰ গাঁৱে-ভূঁঞে সাধাৰণতে কেঁচা খৰিৰ ধোঁৱাই ক’লা কৰা ৰান্ধনিশালসমূহ তথা তাত ৰন্ধা-বঢ়াত ব্যস্ত লোকসকলৰ এটা বয়সৰ পাছত হোৱা চকুত ছানি পৰা ৰোগ – আমাৰ প্ৰায়ভাগৰে বাবে নিশ্চয় এক পৰিচিত ঘটনা। কিন্তু এই পৰিচিত হৈ পৰা ছবিখনৰ আঁৰত থকা স্বাস্থ্যজনিত কাৰকবিধক ইতিমধ্যেই সমগ্ৰ বিশ্বতে এক বিপুল সংখ্যক লোকৰ মৃত্যুৰ বাহক বুলি জানিব পৰা গৈছে। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ অধিকাংশ বাসিন্দাই শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে কাঠখৰি, বাঁহ, খেৰ, গোবৰ পিঠা, কেৰাচিন আদিৰ দৰে “নিম্নমান”ৰ ইন্ধনসমূহ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী এতিয়াও বিশ্বৰ প্ৰায় অৰ্ধেক জনসংখ্যাই তুলনামূলকভাৱে নিম্নমানৰ এই ইন্ধনবোৰ ব্যৱহাৰ কৰি আছে। দূৰ্বল আৰ্থিক অৱস্থা তথা এনে ইন্ধনৰ সহজলভ্যতা তথা কম মূল্যকে ইয়াৰ কাৰণ বুলি ক’ব পাৰি । শেহতীয়া পিয়লৰ তথ্য মতে অসমতো প্ৰায় ৭৮ শতাংশ পৰিয়ালত খৰি-খেৰ-কাঠ-বাঁহ আদিকে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ আন আন ৰাজ্যৰ দৰে অসমৰো গ্ৰাম্যাঞ্চলত LPGৰ দৰে “পৰিস্কাৰ” ইন্ধনৰ ব্যৱহাৰ তেনেই নগণ্য। এতিয়া কথা হ’ল , এনে ইন্ধনৰ ব্যৱহাৰে আমাৰ ৰান্ধনিঘৰবোৰত এক গোপন ঘাতকৰ জন্ম দিয়ে আৰু সেয়া হ’ল – আভ্যন্তৰীণ গৃহ প্ৰদূষণ (Indoor Air Pollution)। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী সমগ্ৰ বিশ্বতে পাঁচবছৰৰ তলৰ শিশুৰ অকালমৃত্যুৰ ৫০শতাংশই হয় ঘৰৰ ভিতৰত এলান্ধুজাতীয় দ্রব্যৰ প্ৰদূষণৰ পৰিণতিত হোৱা নিউম’নিয়া ৰোগৰ বাবে। কেৱল সেয়াই নহয়, বিশ্বৰ ৪ মিলিয়ন লোকৰ অকাল মৃত্যুৰ বাবে দায়ী আভ্যন্তৰীণ গৃহ প্ৰদূষণ জনিত বিভিন্ন ৰোগ। এই সংস্থাৰে ২০১৪ ত প্ৰকাশিত অন্য এক তথ্য অনুযায়ী দক্ষিণ-পূব এছিয়া আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ বাবে প্ৰায় ৩.৩ মিলিয়ন লোকৰ মৃত্যু হয়। এনে পৰিপ্ৰেক্ষিততে সামগ্ৰিকভাৱে বিশ্বৰ উন্নয়নশীল দেশসমূহত কঠিন জৈৱ ইন্ধনৰ দহনক জলজনিত ৰোগৰ পাছতে দ্বিতীয়টো মুখ্য ৰোগ সৃষ্টিকাৰক হিচাপে গণ্য কৰা হৈছে। ভাৰততো এই প্ৰদূষণৰ বাবে প্ৰতি বছৰে এক মিলিয়নৰো অধিক লোক মৃত্যুৰ মুখত পৰে বুলি জানিব পৰা গৈছে । কোৱা বাহুল্য মাত্ৰ যে এইসকলৰ অধিকাংশই মহিলা আৰু পাঁচবছৰৰ তলৰ শিশু।
আমাৰ পৰম্পৰাগত ৰান্ধনিশাল বা জুহালবোৰত এই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনৰ ফলস্বৰূপে বায়ুমণ্ডললৈ কাৰ্বন মনক্সাইড, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ্জেন অক্সাইড, চালফাৰ অক্সাইড আদিৰ লগতে বহুচক্ৰীয় এৰ’মেটিক হাইড্ৰ’কাৰ্বন যৌগসমূহ নিৰ্গত হয়। কেৱল সেয়াই নহয়, এনে অসম্পূৰ্ণ দহনে বায়ুমণ্ডললৈ এৰি দিয়া প্ৰদূষকদ্ৰব্যৰ মাজত আছে অতি ক্ষুদ্ৰাকৃতিৰ কণাজাতীয় দ্ৰৱ্য (particulate matter –PM10) আৰু ফৰমেলডিহাইড , যি মানৱ শৰীৰৰ বাবে অতিশয় অপকাৰী। অন্যহাতে সচৰাচৰ আমাৰ গ্ৰাম্যাঞ্চলৰ ৰান্ধনিশাল বা চহৰৰ বস্তি অঞ্চলৰ ঘৰবোৰত উপযুক্ত বায়ু চলাচলৰ ব্যৱস্থা নথকাৰ বাবে এই প্ৰদূষকবোৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি বিপদৰ মাত্ৰা আৰু বঢ়াই তোলে। এই মাৰাত্মক প্ৰদূষকবোৰৰ বিষক্ৰিয়াৰ ফলস্বৰূপে মানৱ শৰীৰত নিউম’নিয়া, ক্ৰ’নিক অৱষ্ট্ৰাকটিভ পালম’নাৰী ডিজিজ (COPD), হাওঁফাওঁ তথা সমগ্ৰ শ্বাসতন্ত্ৰৰ ৰোগ, ক্ৰ’নিক ব্ৰংকাইটিছ, চকুৰ চানি পৰাকে ধৰি বিভিন্ন ৰোগ, কৰ্কটৰোগ, হাঁপানী, পালম’নাৰী টিউবাৰকুলছিছ আদিৰ দৰে ৰোগৰ ওপৰিও নৱজাতকৰ ক্ষেত্ৰত নিম্ন ওজন, গৰ্ভৱতী নাৰীৰ ক্ষেত্ৰত মৃতসন্তানৰ জন্ম, অপৈণত ভ্ৰুণ আদিৰ দৰে সমস্যা হোৱা দেখা যায়। অন্যহাতে ৰান্ধনিশালত অধিক সময় কটোৱাৰ বাবে মহিলা আৰু মাকৰ সতে কটোৱা পাঁচবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত আভ্যন্তৰীণ প্ৰদূষণৰ কুপ্ৰভাৱ অধিক ।
মাঘৰ মাহত বা মকৰ সংক্ৰান্তিৰ সময়ত হোৱা ভোগালীৰ মেজিৰ দৰে অগ্নিৰ উপাসনাৰ পৰম্পৰাসমূহেও বায়ুমণ্ডলত প্ৰদূষকৰ মাত্ৰা বঢ়োৱাৰ তথ্য শেহতীয়াকৈ জানিব পৰা গৈছে। বিগত বৰ্ষত অসমত ভোগালী বিহুৰ সময়ত কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মেজিৰ জুই জ্বলোৱাৰ সময়ছোৱাত অধ্যয়নস্থলীৰ বায়ুমণ্ডলত কাৰ্বন মন’ক্সাইড তথা PM10 ৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়। এই অতিশয় ক্ষুদ্ৰাকৃতিৰ কণিকাবোৰ মানুহৰ শৰীৰৰ শ্বাসতন্ত্ৰত থকা সকলো প্ৰতিৰোধ ব্যৱস্থা পাৰ হৈ হাঁওফাওঁত প্ৰৱেশ কৰে।অন্যহাতে কাৰ্বন মন’ক্সাইডে শৰীৰৰ তেজৰ ৰক্তকণিকাৰ সতে বিক্ৰিয়া কৰি তেজৰ অক্সিজেন বহন কৰাৰ ক্ষমতা হ্ৰাস কৰে। ভোগালী বিহুৰ আগে-পিছে শস্য চপোৱাৰ পাছত সচৰাচৰ শস্যৰ অৱশিষ্ট খেৰ-নৰা আদি পুৰি পেলোৱাৰ প্ৰক্ৰিয়াইও এনে বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়াত সহায় কৰে। এনে প্ৰদূষণে স্বাভাৱিকতেই মানৱ শৰীৰত নানা বিপদ সৃষ্টি কৰাৰ লগতে অন্যান্য জীৱৰ শৰীৰতো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰে। প্ৰতি বছৰে বিশ্বৰ এক বুজন স্ংখ্যক লোক বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বুলি বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে।
সততে আমাৰ মনত খৰি-কাঠৰ জুইকুৰা বা ভোগালীৰ মেজিৰ সতে এক মানসিক আৰু সাংস্কৃতিক একাত্মতা নিহিত হৈ থাকে। আমাৰ স্থানীয় বা পাৰম্পৰিক খ্যাদ্যাভাসতো জুইত পোৰা বা ৰন্ধা খাদ্যৰ প্ৰতি আগ্ৰহ বেছি। কিন্তু এই মানসিক বা সাংস্কৃতিক একাত্মতাৰ কথা ক’বলৈ যাওঁতে আমি ওপৰত উল্লেখ কৰা ঘাতকৰূপী আভ্যন্তৰীণ আৰু সামগ্ৰিক বায়ু প্ৰদূষণৰ কথাও মনত ৰখা ভাল। অন্যহাতে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসংখ্যা, নিম্নবিত্ত জনসংখ্যাৰ বাবে এতিয়াও LPG টো বাদেই, কেৰাচিন তেলকণো অতি মহাৰ্ঘ। এনে পৰিপ্ৰেক্ষিতত এইসকল লোকক আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ পৰা আঁতৰাই ৰখাটো নিসন্দেহে এক প্ৰত্যাহ্বান । সেইবাবেই পৰিস্কাৰ ইন্ধনৰ সুলভ আৰু সুপৰিকল্পিত ব্যৱস্থা তথা সমাজৰ সকলো স্তৰতে সজাগতাৰ অবিহনে এই গোপন ঘাতকৰ নিৰ্মূলকৰণ একপ্ৰকাৰ অসম্ভৱ বুলিলেও বঢ়াই কোৱা নহয়।
তথ্যসূত্ৰ –
১) www.who.int/mediacentre/factsheet/fs292/en/
২) http://www.who.int/mediac…/…/releases/2014/air-pollution/en/
৩) Goswami. M; A Silent Killer ; The Assam Tribune, Oct 18, 2008.
৪) Haque RR and Deka P ; Aerosols and CO emissions during meji burning ; Current Science, Vol. 98(10); 2010.

প্ৰথম প্ৰকাশ: সাহিত্য.অৰ্গ , ১৪ জানুৱাৰী, ২০১৫ ; www.xahitya.org

Friday, 22 April 2016

ধৰিত্ৰী দিৱসত

আজি ধৰিত্ৰী দিৱস!



এখনেই পৃথিৱী আমাৰ। শস্য-শ্যামলা, সুজলা-সুফলা। কি দিয়া নাই এই ধৰাই আমাক!
আমাৰ জীৱন-ধাৰণৰ মূল আধাৰ এই ধৰণী। জীৱনৰ উঁহ, বিকাশৰ ভেটি।যিখন ধৰাৰ অবিহনে আমাৰ অস্তিত্ব নাথাকিলহেঁতেন, সেইখন ধৰণীক আমি নিজৰ মতে গঢ়িবলৈ গৈ অনেক ভুলেই কৰি পেলাইছো অতদিনে!

ধৰণীৰ এই সেউজীয়া জীয়াই থাকক। ধৰণীৰ বুকুৰ সমস্ত সম্পদৰ ব্যৱহাৰ হওক যথাযথ। আমাৰ নিগনি-দৌৰে কদৰ্য্য কৰি নোতোলক ধৰণী। সকলো জীৱই পাওক মৰ্য্যদাৰে জীয়াই থকাৰ অধিকাৰ, মাটি-পানী-বায়ুৰ অধিকাৰ। প্ৰদূষণমুক্ত এক জীৱনৰ অধিকাৰ।

আজিৰ দিনটোত ইয়াতকৈ দৃঢ়তাৰে একো ক'বলগীয়া একো নাই।

পৃথিৱীৰ মানুহ আমি, পৃথিৱীয়েই গঢ়িছে আমাক, জীপাল কৰিছে। গতিকে, পৃথিৱীক জীপাল কৰাৰ দায়িত্ব এতিয়া আমাৰেই।

আশাকৰোঁ, বিশ্বৰ প্ৰান্তে প্ৰান্তে, দেশ-জাতি-ধৰ্ম-ৰাজনীতিৰ সীমা নিৰ্বিশেষে মানুহে আজি গাব ধৰিত্ৰীৰ জয়গান।

শুভেচ্ছাৰে, সংকল্পৰে....................

Friday, 18 March 2016

৬০ টা মিনিট, পৃথিৱীৰ বাবে ................

      

         এখনেই পৃথিৱী। আমাৰ জীৱনৰ উঁহ। মাটি, পানী আৰু পৰিস্কাৰ বায়ুৰ লগতে, গণনা কৰি শেষ কৰিব নোৱাৰা সম্পদৰ উৎস এই ধৰা আৰু ইয়াৰ পৰিৱেশ।চকু জুৰোৱা, মন মোহা, বিস্ময় আৰু আৱেগেৰে হৃদয় ওপচোৱা সৌন্দৰ্য্যৰো থল এই একমাত্ৰ ধৰণীখন।পিছে, সম্পদৰ মূল নুবুজা, জীৱশ্ৰেষ্ঠ বুলি আত্মগৌৰৱেৰে বিভোৰ মানৱজাতিৰ ক্ৰিয়া-কলাপত পৃথিৱীৰ অৱস্থা তথৈবচ। প্ৰদূষণ, শক্তিৰ অপব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ নিৰ্বিচাৰ আহৰণ আদি নানান কাৰক আৰু প্ৰতিক্ৰিয়াই ব্যতিব্যস্ত কৰা পৃথিৱীখন এতিয়া ৰোগাক্ৰান্ত। গোলকীয় উষ্ণায়ন, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, দুৰ্ভিক্ষ, অচিনা ৰোগ, জলসংকট, খাদ্যসংকট আদি নানা পৰিণতিয়ে জুৰুলা কৰি তোলা ধৰাখনৰ সুস্বাস্থ্যৰ বাবে  আমি সকলোৱে চেষ্টা কৰাৰ প্ৰয়োজনীয়তা যে অনেক বেছি, সেয়া দোঁহৰাৰ প্ৰয়োজন হয়তো নাই।
  ঠিক এনে এক সঁহাৰিৰে উদাহৰণ – পৃথিৱী ঘণ্টা (Earth Hour)। ২০০৭ চনৰ ৩১ মাৰ্চত , পোন প্ৰথমবাৰলৈ, অষ্ট্ৰেলিয়াৰ চিডনীত বিশ্ব বন্যপ্ৰাণী নিধি (World Wildlife Fund-WWF)ৰ উদ্যোগত, সন্ধিয়া ৭.৩০ বজাৰ পৰা এঘণ্টা সময়, অপ্ৰয়োজনীয় বৈদ্যুতিক চাকিবোৰ নুমুৱাই ৰখা হয়, শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ এক প্ৰতীকী আন্দোলন হিচাপে। উদ্দেশ্য, জীৱাশ্ম ইন্ধন নিৰ্ভৰ শক্তি উৎসৰ ব্যৱহাৰে নিৰ্গত কৰা কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হ্ৰাসৰ বাবে সজাগতা সৃষ্টি। প্ৰথমবছৰতে প্ৰায় ২.২ মিলিয়ন লোকে এই প্ৰতীকী কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন যোগায়।
২০০৮ চনৰে পৰা এই প্ৰতীকী কাৰ্য্যসূচীক আন্তৰ্জাতিকভাৱে পালন কৰি অহা হৈছে। প্ৰতিবছৰে, মাৰ্চ মাহৰ শেষৰ ফালে এটা পূৰ্বনিৰ্ধাৰিত দিনত, নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈ এঘণ্টা সময়, সকলো অপ্ৰয়োজনীয় পোহৰ নুমুৱাই দি পালন কৰা এই  পৃথিৱী ঘণ্টাত বৰ্তমানে বিশ্বৰ ১৭০ খন দেশে অংশগ্ৰহণ কৰে। ২০১৫ চনত, এই কাৰ্য্যসূচীত এই দেশসমুহৰ প্ৰায় ১২০০ মুখ্য স্থান আৰু প্ৰায় ৪০ টা ইউনেস্ক’ ঐতিহ্য ক্ষেত্ৰই অংশ লৈ এঘণ্টা সময়ৰ বাবে পোহৰৰ ব্যৱহাৰ সীমিত কৰি ৰাখে। পেৰিছৰ আইফেল টাৱাৰ, ভাৰতৰ ইণ্ডিয়া গেট, ডুবাইৰ বুৰ্জ খলিফা, চিডনী অপেৰা হাউচ, কল’জিয়াম, ইংলেণ্ডৰ বিগ বেন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয় আদিৰ দৰে স্থানত এই এঘণ্টীয়া পোহৰবিহীন সময় পালন কৰা হয়।
কেৱল এয়াই নহয়, গুগল, ইউ টিউব আদিৰ দৰে জনপ্ৰিয় ৱেবচাইট, বিবিচি, চিএনএন, নেচনেল জিঅ’গ্ৰাফিক, কাৰ্টুন নেটৱৰ্ক আদি জনপ্ৰিয় টিভি চেনেলেও উক্ত সময়চোৱাত এই বিষয়ক কাৰ্য্যসূচী প্ৰচাৰ আৰু আনুষংগিক কাৰ্য্যক্ৰমৰ জৰিয়তে এই আন্দোলনৰ প্ৰতি সঁহাৰি আগবঢ়ায়।
এইখিনিতে প্ৰশ্ন হয়, মাত্ৰ এঘ্ণ্টা সময়ৰ বাবে লাইট বন্ধ কৰি ৰাখিনো কিমান শক্তিৰ ব্যৱহাৰ বা কাৰ্বন নিৰ্গমন হ্ৰাস হ’ব পাৰে? আমি আগতেই কৈছোঁ, এই কাৰ্য্যসূচী মুখ্যতঃ প্ৰতীকী আৰু ইয়াৰ জৰিয়তে পৃথিৱীৰ ৰাইজলৈ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবৰ বাবে কিদৰে একো একোটা সৰু পদক্ষেপেও সহায় কৰিব পাৰে, তাৰেই বাৰ্তা প্ৰেৰণ কৰা হয়। মূল কথা হ’ল – ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে, প্ৰত্যেক ব্যক্তি,প্ৰত্যেক ঘৰ, প্ৰত্যেক চহৰ, প্ৰত্যেক ৰাজ্য আৰু দেশতে যদি এই বিষয়ত ব্যৱস্থা হাতত লোৱা হয়, তেন্তে তাৰ সামূহিক পৰিণতি কিন্তু তেনেই নগণ্য হৈ নৰয়। ঠিক এই কথাষাৰেই পৃথিৱী ঘণ্টাৰ জৰিয়তে ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে।
অন্যহাতে, পৃথিৱী ঘণ্টাৰ এই মঞ্চৰ আলমতে, এই আনুষ্ঠানিক কাৰ্য্যসূচীৰ জৰিয়তে আন কেতবোৰ পাৰিৱেশিক কাৰ্য্যপন্থাও সফলভাৱে সমাপন কৰা হৈছে।পৃথিৱীৰ নানা অঞ্চলত অৰণ্যৰ সুৰক্ষা, সাগৰীয় জলভাগ আৰু উপকূল অঞ্চলৰ পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ, শক্তি সংৰক্ষণকাৰী চৌকাৰ ব্যৱহাৰ, সৌৰ শক্তিৰ ব্যৱস্থাপনা আদি নানা কাৰ্য্যসূচীক এই আন্দোলনৰ মাধ্যমেৰেও ৰূপায়িত কৰা হৈছে বা কৰিবৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

এইবছৰ, এই আন্দোলনৰ বাবে ধাৰ্য্য কৰা দিনটো হৈছে, ১৯ মাৰ্চ, শনিবাৰ; সময় নিশা ৮.৩০ৰ পৰা ৯.৩০ লৈ। আপোনাৰ মোৰ দৰে যিসকলে উপযুক্ত পৰিমাণৰ বিদ্যুতৰ যোগান উপভোগ কৰি আছোঁ, সেইসকল লোকে উক্ত সময়চোৱাত নিম্নতম বিদ্যুত ব্যয়েৰে এই কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন যোগাব পাৰোঁ নিশ্চয়। যিখন পৃথিৱীক আধাৰ কৰি আমি জীয়াই আছোঁ, যাৰ সম্পদেই আমাৰ জীৱনৰ সকলো স্তৰৰ ভেটি, সেই পৃথিৱীৰ বাবে, আমি মাত্ৰ এটা ঘণ্টা অপ্ৰয়োজনীয় শক্তিখিনি ব্যয় নকৰাকৈ থাকিব নোৱাৰিম নে? এই এটা ঘণ্টা মানে ৬০ টা মিনিট। আমাৰ জীৱনৰ উঁহৰূপী এই পৃথিৱীৰ ভৱিষ্যতৰ বাবে এই ৬০টা মিনিটৰ অন্ধকাৰে কঢ়িয়াই নিব পৰা পাৰিৱেশিক সংৰক্ষণৰ বাৰ্তাৰ গুৰুত্ব কেৱল এদিনীয়া নহয়।পৃথিৱীৰ বাবে পালন কৰা এই এটা ঘণ্টাই আমাক প্ৰতিদিনেই পৰিৱেশৰ হিতৰ কথা ভাৱিবলৈ উদ্বুদ্ধ কৰক, সেয়াই এই ৬০টা মিনিটৰ মহত্ব! আৰু সমাজৰ প্ৰত্যেক ব্যক্তিলৈ এই মহত্বৰ বাৰ্তা কঢ়িয়াই নিব পাৰিলেহে আমাৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে পোহৰ হৈ ৰ’ব আমাৰ পৃথিৱী, চিৰদিন ……………


Monday, 14 March 2016

পেৰিছ জলবায়ু চুক্তি: এক পৰ্য্যালোচনা


অৱশেষত সকলো জল্পনা-কল্পনা-অনিশ্চয়তা-সংশয়-উৎকণ্ঠাৰ অন্ত পেলাই, ২০১৫ চনৰ ১২ ডিচেম্বৰত, বিশ্বৰ মুঠ ১৯৬ খন দেশে পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক জলবায়ু সন্মিলনৰ শেষৰ দিনা, সৰ্বসন্মতিক্ৰমে এক ঐতিহাসিক জলবায়ু চুক্তি গ্ৰহণ কৰে। এই চুক্তিৰ জৰিয়তে, বিভিন্ন উপায় তথা প্ৰযুক্তিৰ মাধ্যমেৰে পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতাৰ বৃদ্ধি, শিল্প বিপ্লৱৰ পূৰ্ৱৰ মাত্ৰাতকৈ যাতে ২ ছেলছিয়াছৰ ভিতৰতে সীমিত কৰি ৰাখিব পৰা যায়, সেই উদ্দেশ্যৰে সদ্যহতে ১.৫ ছেলছিয়াছ উষ্ণতা সীমাক লক্ষ্য কৰি লোৱা হৈছে। ২০০৯ চনত ক’পেনহেগেনত হোৱা জলবায়ু সন্মিলনৰ বিফলতাৰ পৰৱৰ্তী সময়ত, সমগ্ৰ বিশ্বৰে প্ৰাকৃতিক পৰিৱেশ তথা জনকল্যাণৰ বাবে আটাইতকৈ বিপদজনক ৰূপে পৰিগণিত হোৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যা ৰোধৰ ক্ষেত্ৰত এক সাৰ্বজনীন পদক্ষেপ আগবঢ়োৱাৰ যি প্ৰয়োজনীয়তা সৃষ্টি হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত পেৰিছ সন্মিলনত গৃহীত এই চুক্তিক যথেষ্ট আশাব্যঞ্জক হিচাপে গণ্য কৰা হৈছে।
১৯৯৭ চনৰ কিয়’ট’ চুক্তিৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ ২০১২ চনত সামৰণি পৰাৰ পাছত, পৰৱৰ্তী সময়ছোৱাত জলবায়ু পৰিৱৰ্তনৰ গতি স্তিমিত কৰাৰ বাবে আন্তৰ্জাতিকভাৱে গ্ৰহণীয় কাৰ্য্যপন্থাসম্পৰ্কে একমতত উপনীত হ’বৰ বাবেই ক’পেনহেগেনত ২০০৯ চনত কিয়’ট’ প্ৰট’ক’লক স্বীকৃতি দিয়া দেশসমূহ মিলিত হৈছিল। কিন্তু আন্তৰ্জাতিক ৰাজনীতিৰ মেৰপেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ তথা চীনৰ দৰে দেশৰ কূটনৈতিক আকোৰগোঁজামি আদি নানা কাৰণত ক’পেনহেগেনত এই দিশত কোনো আইনীভাৱে দৃঢ় তথা সৰ্বসন্মত চুক্তি গ্ৰহণ কৰিব পৰা নগ’ল। ইয়াৰ পাছৰ বিগত ৬টা বছৰতো, তাৎক্ষণিকভাৱে বলবৎ হোৱা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত প্ৰকৃততেই কাৰ্য্যক্ষম সিদ্ধান্ত লোৱাত বিফলতাই পৰিস্থিতিক অধিক জটিল কৰি তোলে। সেই সূত্ৰেই পেৰিছৰ জলবায়ু সন্মিলনক ভূগ্ৰহটিৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত সকলো দেশে সন্মিলিত সিদ্ধান্ত লোৱাৰ শেষটো সুযোগ হিচাপে ধৰা হৈছিল।যিনহওক, অৱশেষত উন্নত, উন্নয়নশীল তথা সকলোতকৈ কম উন্নয়নশীল দেশসমূহৰ মাজত জলবায়ু পৰিৱৰ্তন ৰোধ আৰু সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধৰ কৰ্মপদ্ধতি আদিক লৈ থকা মত তথা নীতিৰ পাৰ্থক্যসমূহ বহুলাংশে আঁতৰাই, পেৰিছ সন্মিলনে এক আপাতত: সৰ্বসন্মত চুক্তিৰ বাট কাটিবলৈ সক্ষম হ’ল আৰু এয়া নিসন্দেহে পেৰিছ সন্মিলনৰ অন্যতম ধনাত্মক দিশ।
পেৰিছত গৃহীত জলবায়ু চুক্তিৰ জৰিয়তে, প্ৰথমবাৰলৈ নিৰ্দিষ্ট নীতিৰ আধাৰত বিষয়সমূহ আলোচনা কৰাৰ সুযোগ মুকলি হোৱাৰ লগতে, “সাৰ্বজনীন কিন্তু পৃথক দায়বদ্ধতা”ৰ নীতিক গুৰুত্ব দিয়া হৈছে; অৰ্থাৎ ইয়ে উন্নত দেশ আৰু উন্নয়নশীল বা অনুন্নত দেশসমূহৰ জলবায়ু পৰিৱৰ্তন সৃষ্টিৰ প্ৰতি অৱদান সাপেক্ষে তাক ৰোধৰ ব্যৱস্থাগ্ৰহণৰ দায়বদ্ধতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। এই কথাষাৰ এইকাৰণেই গুৰুত্বপূৰ্ণ যে, শিল্প বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত, জীৱাশ্ম ইন্ধনৰ ব্যাপক প্ৰয়োগৰ জৰিয়তে উন্নত অৰ্থনীতিৰ দেশসমূহে এতিয়ালৈ হোৱা কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন, গোলকীয় উত্তাপন তথা জলবায়ৱিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৱদান যোগাইছে। গতিকেই, কাৰ্বন-ডাই-অক্সাইডকে ধৰি অন্যান্য সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস তথা জলবায়ুৰ সালসলনি ৰোধৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ মাজত পাৰ্থক্য থকাটো আন্তৰ্জাতিক ন্যায়ৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। কিয়নো, তাৎক্ষনিকভাৱে কাৰ্বন-ডাই-অক্সাইদকে ধৰি যিকোনো সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাটো বিশ্বৰ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ পক্ষে, নিজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থতে অসম্ভৱ আৰু এই কথাষাৰ বিবেচনা নকৰাকৈ জলবায়ু পৰিৱৰ্তনৰ কাৰ্য্যপন্থা হাতত লোৱাটো ন্যায়ৰ পৰিপন্থী। এইখিনিতে উল্লেখ কৰিব পাৰি, পেৰিছ সন্মিলনৰ প্ৰাক-কালৰে পৰা ভাৰতৰ তৰফৰ পৰা “জলবায়ু ন্যায়”ৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল আৰু এই কথাক পেৰিছ চুক্তিত লিপিবদ্ধ কৰা হৈছে।
অন্যহাতে এই চুক্তিৰ জৰিয়তে, প্ৰত্যেকখন দেশেই পাঁচবছৰৰ মূৰে মূৰে নিজা নিজা কাৰ্বন নিৰ্গমনৰ পৰিমাণৰ (Intended Nationally Defined Contribution, INDC) প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই নিৰ্গমনৰ হাৰ হ্ৰাসৰ প্ৰতি বিশেষ ব্যৱস্থা ল’ব লাগিব।ইয়াৰ লগতে, এই চুক্তিত উন্নয়নশীল সমূহে যাতে নিজৰ অৰ্থনৈতিক বিকাশ অক্ষুণ্ণ ৰখাৰ সমান্তৰালকৈ নৱীকৰণ যোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰকে ধৰি জলবায়ু পৰিৱৰ্তন ৰোধৰ ব্যৱস্থাসমূহ ক্ৰমান্বয়ে নিজা নিজা অৰ্থনৈতিক পৰিকল্পনাত সন্নিবিষ্ট কৰে, সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে। এইখিনিতে উল্লেখনীয় যে, পেৰিছ সন্মিলন আৰম্ভ হোৱাৰ আগে আগেই ভাৰত তথা চীনকে ধৰি বিশ্বৰ ১৮০খনতকৈও অধিক দেশে নিৰ্গমন ৰোধৰ নিজা নিজা লক্ষ্য তথা সেই লক্ষ্যত উপনীত হোৱাৰ সম্যক পদ্ধতিক প্ৰতিবেদন যোগে দাখিল কৰিছিল। অৱশ্যে, এই লক্ষ্যক ধাৰ্য্য কৰাটো  আৰু প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক হ’লেও, নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰা দেশৰ প্ৰতি কোনো আইনী ব্যৱস্থা গ্ৰহণৰ কথা এই চুক্তিত উল্লেখ কৰা হোৱা নাই আৰু  সেয়ে লক্ষ্য ধাৰ্য্য কৰাৰ এই প্ৰক্ৰিয়াই নিৰ্গমন হ্ৰাসত বিশেষ অৰিহণা যোগাব নোৱাৰিব বুলি আশংকা কৰা হৈছে।
পেৰিছ চুক্তিৰ জৰিয়তে উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তনৰ ৰোধ তথা মোকাবিলাৰ বাবে তথা নিৰ্গমন হ্ৰাসৰ প্ৰযুক্তিত বিনিয়োগ কৰাৰ বাবে বিত্তৰ যোগান ধৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু ২০২o চনৰ ভিতৰত নিম্নতম ১০০ বিলিয়ন আমেৰিকান ডলাৰ এই পুঁজিত জমা কৰিব লাগিব বুলি ধাৰ্য্য কৰা হৈছে। অৱশ্যে, এই ১০০ বিলিয়নৰ সীমাটোক মূল চুক্তিৰ পৰা আঁতৰাই ৰাখি, সন্মিলনৰ সিদ্ধান্ত শিতানলৈ নিয়াটোৱে উন্নয়নশীল দেশসমূহক আশ্বস্ত কৰিব পৰা নাই। অন্যহাতে, অন্যান্য দেশসমূহেও স্ব-ইচ্ছাই এই বিত্তীয় পূঁজিলৈ অনুদান আগবঢ়োৱাৰ বিষয়টোক উৎসাহিত কৰা হৈছে।  
পেৰিছ চুক্তিয়ে বহনক্ষম জীৱনশৈলী তথা বহনক্ষম উৎপাদন তথা উপভোগ প্ৰক্ৰিয়াক, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে অন্যতম প্ৰয়োজনীয় বিষয় হিচাপেও স্বীকৃতি দিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, শক্তিৰ ব্যৱহাৰৰ দিশৰ পৰা বিশ্বৰ নানা দেশৰ মাজত, বিশেষকৈ উন্নত তথা উন্নয়নশীল দেশসমূহৰ মাজত থকা বিশাল পাৰ্থক্যক হ্ৰাস কৰি, শক্তিৰ সমবিতৰণ কৰাটো বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম অংগ আৰু ইয়াৰ জৰিয়তে, এই দুই শ্ৰেণীৰ দেশৰ মাজত থকা অসমতাকো নোহোৱা কৰি, জলবায়ু পৰিৱৰ্তনৰ স’তে মোকাবিলা কৰাৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি।
ইয়াৰ বিপৰীতে, পেৰিছৰ এই সদ্যগৃহীত চুক্তিখনৰ আটাইতকৈ দূৰ্ৱল দিশটো হ’ল এয়ে যে –ইয়াৰ বিভিন্ন কাৰ্য্যব্যৱস্থা ৰূপায়ন কৰিবলৈ অসমৰ্থ বা অনিচ্ছুক দেশৰ প্ৰতি কোনো আইনী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা নোহোৱাটো। ইয়াৰ কাৰণ হ’ল – আইনী বাধ্যবাধকতা থকা চুক্তি এখনত সন্মতি দিয়া আৰু গ্ৰহণ কৰাত বিশ্বৰ অন্যতম কূটনৈতিক তথা ৰাজনৈতিকভাৱে শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসমৰ্থতা বা অনিচ্ছুকতা।আইনী বাধ্যবাধকতা নথকা হেতুকে চুক্তিত কথা দিয়া অনুযায়ী, সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব নোৱাৰা দেশসমূহৰ ওপৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাথাকিব আৰু এই কথাই গোতেই চুক্তিখনৰ সম্পূৰ্ণ সফল হোৱাত বাধা দিব বুলি আশংকা কৰিব পাৰি। অন্যহাতে, অধিকাংশ ক্ষেত্ৰতে এই চুক্তিখনত কাৰ্বন-ডাই-অক্সাইডকে ধৰি সকলো সেউজ-গৃহ গেছৰ কোনো সাংখ্যিক নিৰ্গমন সীমা নাই, নিৰ্দিষ্ট কৰি দিয়া লক্ষ্য নাই, আৰ্থিক দায়বদ্ধতা বা চুক্তি নমনা দেশৰ ক্ষেত্ৰত কোনো জৰিমণা নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। তদুপৰি,  নিৰ্গমন হ্ৰাস আদিৰ দৰে বিষয়বোৰত কোনো তাৰিখ বা বৰ্ষক নিৰ্দিষ্ট সীমা হিচাপে ধৰি দিয়াৰ সলনি “যিমান পাৰি সোনকালে” বুলি উল্লেখ কৰা কথাষাৰে গোটেই চুক্তিখনৰ ৰূপায়ন প্ৰক্ৰিয়ালৈ একধৰণৰ অস্পষ্টতা আনি দিছে।কেৱল সেয়াই নহয়, এনে নিৰ্দিষ্ট সময়সীমা নথকা হেতুকে আৰু তাৎক্ষনিকভাৱে উন্নয়নশীল আৰু সবাতোকৈ কম উন্নত দেশসমূহত বিনিয়োগৰ ব্যৱস্থাহীনতাৰ বাবে, আশাকৰা ধৰণেৰে ১.৫ ছেলছিয়াছৰ সীমাৰ ভিতৰত উষ্ণতা বৃদ্ধিক নিয়ন্ত্ৰিত কৰি ৰাখিব পৰাৰ সম্ভাৱনা অতি কম বুলি অনুমান কৰিব পাৰি।ইয়ে স্বাভাৱিকতে, সাগৰতলীৰ পৰা নিম্ন উচ্চতাত থকা, উপকূলীয় দেশসমূহ তথা ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ্সমূহক এই চুক্তিৰ কাৰ্য্যকাৰীতা সম্পৰ্কে সন্দিহান কৰি তুলিছে। এইখিনিতে, উল্লেখনীয় যে, ১.৫ ছেলছিয়াছৰ এই সীমাৰ ভিতৰত উষ্ণতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, হিমবাহ তথা হিমশিলাৰ গলনৰ পৰিণতিত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিশ্বৰ প্ৰায় সকলো দ্বীপৰাষ্ট্ৰকে প্লাৱিত কৰিব বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। অন্যহাতে, পেৰিছ চুক্তিৰ দফাসমুহত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ  “ঐতিহাসিক দায়বদ্ধতা”ৰ প্ৰসংগটোক কৌশলপূৰ্ণভাৱে আঁতৰাই ৰখা, এই দায়বদ্ধতাৰ ভিত্তিত
সকলো ৰাষ্ট্ৰৰ মাজত “কাৰ্বন বাজেট”ৰ সমবিতৰণৰ উল্লেখ নথকা আদি কথাই তুলনামূলকভাৱে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক বঞ্চিত কৰিব বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

পেৰিছত গৃহীত নতুন আন্তৰ্জাতিক জলবায়ু চুক্তি সম্পূৰ্ণৰূপে নিখুঁত বুলি নিশ্চয় ক’ব নোৱাৰি। হ’লেও, এই চুক্তিয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা তথা ইয়ে মানৱ সমাজত সৃষ্টি কৰিব পৰা সমূহ সমস্যাৰ গুৰুত্বক অনুধাৱন কৰাৰ লগতে, এই ক্ষেত্ৰত বিশ্বৰ সকলো দেশৰে সহযোগিতাৰ প্ৰয়োজনীয়তাক স্পষ্টভাৱে স্বীকাৰ কৰিছে। অন্যহাতে, ক’পেনহেগেন আলোচনাৰ কিছু আগৰে পৰা দিক-বিদিক হেৰুৱাই পেলোৱা আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্য্যপন্থাক পেৰিছ চুক্তিয়ে নকৈ এক নিৰ্দিষ্ট গতি প্ৰদান কৰিছে বুলিও একেমুখে ক’ব পাৰি। শুধৰণি আৰু অধিক দৃঢ় কৰাৰ সুযোগ থাকিলেও, আগন্তুক ২০১৬ চনৰ এপ্ৰিল মাহৰে পৰা ৰাষ্ট্ৰ্সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিবলৈ মুকলি হ’বলগীয়া চুক্তিখনৰ ৰূপায়নৰ প্ৰতি সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছা তথা সততাৰ ওপৰতে চুক্তিৰ কাৰ্য্যকৰীতা তথা সমান্তৰালভাৱে এই ভূগ্ৰহটিৰ ভৱিষ্যত যে নিৰ্ভৰশীল, সেই কথাত সন্দেহৰ অৱকাশ নাই। আৰু এই কথাষাৰকে, চুক্তিত সন্মতি জনোৱা সকলো সদস্য ৰাষ্ট্ৰই উপলব্ধি কৰাৰ প্ৰয়োজন সৰ্বাধিক।

Monday, 7 March 2016

প্ৰকৃতি সুৰক্ষা আন্দোলন আৰু নাৰী

   

“Throughout Africa, women are the primary caretakers, holding significant responsibility for tilling the land and feeding their families. As a result, they are often the first to become aware of environmental damage as resources become scarce and incapable of sustaining their families.” -Wangari Maathai, Nobel Peace Prize Winner Environmentallist


     ১৯৭০ৰ দশক। উত্তৰ হিমালয়ৰ গাঢ়োৱাল অঞ্চল। অলকানন্দা উপত্যকাৰ মণ্ডল নামৰ গাওঁখনকে ধৰি কাষৰীয়া অঞ্চলৰ গাওঁবাসীৰ জীৱন আৰু জীৱিকাৰ আধাৰ কাষৰীয়া অৰণ্যৰ গছ কাটিবলৈ অহা ঠিকাদাৰক বাধা দিবৰ বাবে এজাক মহিলাই স্বত:স্ফূৰ্তভাৱে গাইপতি সাৱটি ধৰিছিল একোজোপা গছক। কৈছিল – “গছ কটাৰ আগতে আমাক কাটা, কাৰণ এই গছে আমাক দিয়ে খাদ্য, পৰিস্কাৰ পানী আৰু নিৰ্মল বায়ু।” ঠিক একে কামকে কৰিছিল ১৮ শতিকাতে ৰাজস্থানৰ অমৃতা দেৱী আৰু তেওঁৰ লগৰীয়া ৮৪ গৰাকী নাৰীয়ে।ৰাজনিৰ্দেশত আৰম্ভ হোৱা অৰণ্য ধ্বংসক ৰোধ কৰিবলৈ তেওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি গছবোৰ সাৱটি ধৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৯৭৩ৰ পাছত, “চিপকো আন্দোলন” হিচাপে জনাজাত এই আন্দোলনে সুন্দৰলাল বহুগূণাকে ধৰি অনেক পৰিৱেশ কৰ্মীৰ জৰিয়তে এক নতুন ৰুপ লাভ কৰে আৰু সকলোকে অনুপ্ৰাণিত কৰি তোলে।একোজোপা গছক সাৱটি ধৰি, তাৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো আগবঢ়াই দিবলৈ সাজু হোৱা এই অভিনৱ, আন্তৰিক অহিংস আন্দোলনে পৰিৱেশৰ হকে কাম কৰি থকা মুষ্টিমেয় মানুহচামলৈ লৈ গৈছিল এক বিশেষ বাৰ্তা।“চিপকো আন্দোলনে” সূচনা কৰা এই বাৰ্তাৰ অন্তৰ্নিহিত কথাষাৰকে পৃথিৱীৰ অন্য এক প্ৰান্তত, অন্য এক ব্যক্তিত্বই অন্য এক ৰূপেৰে তুলি ধৰিছিল।


   সেয়া আছিল ১৯৭৬-৭৭ চন। স্থান কেনিয়া, আফ্ৰিকা মহাদেশ। ক্ৰমাগত বনাঞ্চল ধ্বংসৰ পৰিণতিত আৰম্ভ হোৱা মৰুভূমিভৱনে স্থানীয় ৰাইজৰ জীৱন স্ংগ্ৰামক অধিক জটিল কৰি তুলিছিল। শস্যক্ষেত্ৰৰ উৰ্বৰা শক্তি, জীৱনৰ আধাৰৰুপী পানীৰ উৎসবোৰ ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছিল।প্ৰ্ৰ্কৃতিৰ এই প্ৰতিকূলতাত আটাইতকৈ প্ৰভাৱিত হৈছিল সাধাৰণ নাৰীসকল। পানী, খৰি, খাদ্যসামগ্ৰীৰ বাবে বহুদুৰ বাটকূৰি বাই অশেষ কষ্টৰ মুখামুখী হোৱা এইসকল নাৰীৰ কথা ভাৱিছিল অন্য এক নাৰীয়ে; নাম ৱাংগাৰি মাথাই। কেনিয়াৰ ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ অধ্যক্ষ তথা পৰিৱেশ বিজ্ঞানী মাথায়ে, মৰুভূমিভৱনত বিপৰ্য্যস্ত মহিলাসকলক লৈয়ে ১৯৭৭ চনৰ ২২ এপ্ৰিলৰ পৰা আৰম্ভ কৰে এক নতুন আন্দোলন।নাম “গ্ৰীণ বেল্ট আন্দোলন”।ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ তত্বাৱধানত হেজাৰৰো অধিক মহিলাক লৈ গছপুলি ৰোপনৰ এই কাৰ্য্যসূচীৰ জৰিয়তে নিৰ্বনানীকৰণ প্ৰতিৰোধ, খাদ্য, জল তথা ঘৰুৱা ইন্ধন সংকটৰ সমাধান, মৰুভূমিভৱন প্ৰতিৰোধ, কৃষিভূমিৰ উৰ্বৰা শক্তিক পুনৰুজ্জীৱিত কৰা আদিৰ দৰে ধনাত্মক পাৰিৱেশিক পৰিৱৰ্তনৰ সূচনা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। অন্যহাতে, প্ৰতিটো গছপুলিক প্ৰতিপাল কৰি ডাঙৰ কৰাৰ বিনিময়ত, অভাৱে জুৰুলা কৰা মহিলাসকলক দিয়া হৈছিল কিছু বানচ, যাৰ জৰিয়তে তেওঁলোকে কিছু ধনো উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেনিয়াৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে উপযুক্ত, স্থানীয় ৰাইজৰ কামত অহা গছৰ এই ডাঙৰ ডাঙৰ এলেকাবোৰে মৰুৰ শুকান, বালিময় বতাহৰ পৰা শস্যক্ষেত্ৰক সুৰক্ষা দিছিল; লাহে লাহে শুকান মৰুময় কেনিয়া সেউজীয়া হৈছিল পুনৰ। এই আন্দোলনৰ জৰিয়তে দহবছৰৰ ভিতৰত মুঠ ৬০০০ নাৰ্ছাৰী ৰোপন, ২০ মিলিয়নতকৈ অধিক গছ ৰোপন কৰা হ’ল ৫০হাজাৰ মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা। শেহতীয়া তথ্য অনুযায়ী, এই গ্ৰীণ বেল্ট আন্দোলনৰ দ্বাৰা মুঠ ৫১ মিলিয়ন গছৰ ৰোপন তথা প্ৰতিপালন হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ মহিলাক খাদ্য সংৰক্ষণ, বনানিকৰণ, মৌ-পালন আদিৰ দৰে নানা বিষয়ত প্ৰশিক্ষণ দিয়া হৈছে। এই অভিনৱ ধাৰণাৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা তথা শান্তিৰ বাৰ্তা কঢ়িওৱা ৱাংগাৰি মাথাইক ২০০৪ চনত প্ৰদান কৰা হয় শান্তিৰ নোবেল বঁটা। মাথাই তথা তেওঁৰ সহযোগী মহিলাসকলে, চিপকো আন্দোলনৰ দৰেই স্পষ্ট কৰি দিলে – বহনক্ষম উন্নয়ন তথা প্ৰকৃতি সুৰক্ষাত মহিলাসকলে ল’ব পৰা গূৰুত্বপূৰ্ণ ভূমিকাৰ কথা।
     আদিম কালৰে পৰা প্ৰকৃতি তথা পৰিৱেশৰ স’তে নাৰীসমাজৰ সম্পৰ্ক অতি নিবিড় তথা গভীৰ। চিকাৰী মানৱৰ জীৱনতো নাৰীয়েই চিকাৰ তথা খাদ্যসংগ্ৰহ প্ৰক্ৰিয়াত মুখ্য অংশ লোৱাৰ কথা জানিবলৈ পোৱা যায়। পৰৱৰ্তী কালতো মানুহৰ সামাজিক জীৱন আৰম্ভ হোৱাৰ পাছত, ঘৰ-পৰিয়ালৰ ক্ষেত্ৰত নাৰীয়ে লাভ কৰা দায়িত্বই নাৰীক অহৰহ প্ৰকৃতিনিৰ্ভৰ কৰি তোলে। খাদ্য সংগ্ৰহ, কৃষিকৰ্মত অংশগ্ৰহণ, খাদ্য ৰান্ধিবৰ বাবে খৰি-খেৰ সংগ্ৰহ আদিৰ জৰিয়তে মহিলাসকলে প্ৰকৃতিক অধিক ভালদৰে জানিবলৈ সুযোগ লাভ কৰে। একেসময়তে, জলসংকট, বিশুদ্ধ পানীৰ অভাৱ, খোৱাবস্তুৰ নাটনি, খৰি-খেৰৰ নাটনি আদিয়ে সৃষ্টি কৰিব পৰা সমস্যাৰ প্ৰতিও তেওঁলোকে চকু দিবলগীয়া হয়। গতিকেই প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ তথা সংৰক্ষণৰ প্ৰতি নাৰীসকল খুৱ স্বাভাৱিকভাৱেই সচেতন হৈ উঠে বা উঠিবলগীয়া হয়। কিয়নো এনে কোনো সংকটত আটাইতকৈ সহজে প্ৰভাৱিত হয় এই নাৰীসকলেই। পানীৰ অভাৱ হ’লে অধিক দূৰলৈ পানী বিচাৰি যাবলগীয়া হোৱা, গছ-গছনি কমি গ’লে খৰি-খেৰ গোটোৱাত অধিক সময় ব্যয় কৰিবলগীয়া হোৱা আদি কাৰক আছিল নাৰীসকলৰ এই প্ৰকৃতি সচেতনতাৰ আঁৰৰ কাৰণ।
    সচৰাচৰ গ্ৰাম্য বা জনগোষ্ঠীয় সমাজত নাৰীসকলে আৰু নানা ধৰণেৰে প্ৰকৃতি তথা জীৱ-সম্পদৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰে। নিজস্ব অভিজ্ঞতা তথা অনুসন্ধানৰ জৰিয়তে ফল-মূল তথা অন্যান্য খাদ্যসামগ্ৰীৰ যোগান ধৰা উদ্ভিদ, ঔষধি উদ্ভিদ আদিৰ চিনাক্তকৰণ তথা এইবোৰৰ সংৰক্ষণত মহিলাসকলে এই বিশেষ দায়িত্ব পালন কৰে। একেদৰে, শস্যৰ বীজ সংৰক্ষণ, খাদ্যৰ সংৰক্ষণ আদিৰ দ্বাৰাও মহিলাসকলে প্ৰাকৃতিক জীৱবৈচিত্ৰ্যক জীয়াই ৰখাত সহায় কৰে। কেৱল খাদ্যৰ স’তে সম্পৰ্কিত জীৱসম্পদ বুলিয়েই নহয়, দৈনন্দিন জীৱনৰ বাবে দৰকাৰী নানা তৰহৰ সা-সামগ্ৰীৰ প্ৰাকৃতিক উৎসৰ চিনাক্তকৰণ তথা সংৰক্ষণতো এইসকল নাৰীৰ অৱদান অনস্বীকাৰ্য্য। এনেবোৰ কাৰণতে প্ৰাকৃতিক সম্পদৰ সুপৰিচালনাত নাৰীসকলৰ প্ৰয়োজনীয়তাও অনেক বেছি।
    পৰৱৰ্তী সময়ত, সামাজিক নেতৃত্বৰ পৰিৱৰ্তন, আৰ্থ-সামাজিক ব্যৱস্থাৰ সালসলনি আদিৰ ফলত নাৰীৰ অৱস্থানৰ পৰিৱৰ্তন হ’ল। বিভিন্ন অৰ্থনৈতিক সিদ্ধান্ত, যেনে ভূমিৰ অধিকাৰ তথা ব্যৱহাৰ, সামাজিক প্ৰাকৃতিক সম্পদসমূহৰ সুব্যৱহাৰ আদিৰ বিষয়ত নাৰীসকলৰ সিদ্ধান্তগ্ৰহণৰ অধিকাৰ নোহোৱা হ’ল। পৰিণতিত কেৱল আৰ্থিক লাভৰ বাবে প্ৰাকৃতিক সম্পদৰ বিবেচনাহীন আহৰণ তথা ব্যৱহাৰ আৰম্ভ হ’ল; যিবিলাকৰ পাৰিৱেশিক কুপ্ৰভাৱ সম্পৰ্কে সবিস্তাৰ আলোচনাৰ প্ৰয়োজন হয়তো নাই। এনে পৰিপ্ৰেক্ষিতত আৰ্থ-সামাজিক উন্নয়ন তথা পৰিৱেশ-প্ৰকৃতিৰ সংৰক্ষণক সমান্তৰালভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যৰে আৰম্ভ হোৱা বহনক্ষম উন্নয়নৰ ধাৰণাত পুনৰ পৰিৱেশ সংৰক্ষণত নাৰীসকলে ল’ব পৰা উল্লেখনীয় দায়িত্বৰ কথা সন্নিবিষ্ট কৰা হ’ল। ১৯৯২ চনৰ ৰিঅ’ ঘোষণাপত্ৰ(Rio Declaration) তথা এজেণ্ডা ২১ ৰ জৰিয়তেও বহনক্ষম উন্নয়ন তথা পাৰিৱেশিক পৰিচালনাত মহিলাসকলৰ এই দায়িত্ব তথা ভূমিকাক বিশেষভাৱে স্বীকৃতি দিয়া হৈছে।

           পৰিশেষত এষাৰ কথা উল্লেখ কৰা ভাল যে প্ৰকৃতি আৰু মানৱসমাজৰ সম্পৰ্ক অতিশয় জটিল আৰু সূহ্ম।মানুহে কৰা এক সামান্য কামেও প্ৰাকৃতিক পৰিৱেশক বিপুলভাৱে প্ৰভাৱিত কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত প্ৰকৃতি সংৰক্ষণ তথা উন্নয়ন প্ৰক্ৰিয়াত নাৰীসকলৰ সমানুপাতিক অংশগ্ৰহণ তথা সমবিকাশ অবিহনে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা অসম্ভৱ।সেই বাবেই আধুনিক প্ৰেক্ষাপটত প্ৰাকৃতিক সম্পদ পৰিচালনাত নাৰীসকলৰ অভিজ্ঞতা আৰু সামাজিক ভূমিকাক ন-ৰূপত প্ৰয়োগ কৰাটো সময়ৰ দাবী।  
    
(৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে, পূৰ্ব প্ৰকাশিত এই লেখা আগবঢ়োৱা হ'ল বিশ্বৰ সকলো নাৰীৰ হাতত, যাৰ অক্লান্ত শ্ৰম আৰু আৱেগিক ভালপোৱাই প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিছে চিৰদিন)

Wednesday, 10 February 2016

বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ .................................................



জোনবিল, মেৰবিল, দীপৰ বিল, বগীবিল, চাৰণবিল, সোণবিল, তামৰঙা বিল, ধীৰ বিল, সোণাইবিল –-- হাজাৰটা নাম।অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি থকা এই বিল-জলাশয়বোৰৰ পানীত জিলিকি থকা ভেট-পদুমৰ কলি, পানীত খেলা কৰি থকা মাছ-কাছ, পানীযুঁৱলিত মাছ ধৰিবলৈ খাপ লৈ থকা মাছৰোকা-কুৰুৱা, বুৰ মাৰি ওলাই অহা পানীকাউৰীজনী, দলঘাঁহৰ ওপৰত হেলিকপ্টাৰ হৈ ঘূৰি ফুৰা জিঁয়াকেইটা, বিহুৱে-সংক্ৰান্তিয়ে জাক পাতি মাছ ধৰিবলৈ বিলৰ পাৰতে জুম পতা গঞা ৰাইজ --- অসমৰ প্ৰাকৃতিক আৰু সামাজিক জীৱনৰ ছৱি এখনত এইবোৰ উপাংশৰ স্থান তেনেই নিগাজী। পিছে, এই নিগাজী ছৱিখনৰ আঁৰৰ মূল আধাৰ ৰূপী বিল বা জলাশয়বোৰৰ বিষয়ে আমি কিমান সচেতন, কিমান সজাগ?কেৱল বিল বুলিয়েই নহয়, আমাৰ কাষৰে-পাজৰে থকা অসংখ্য খাল-পুখুৰী-হ্ৰদ-ডোং-পিতনি-জলাহ, নৈৰ মৰাসুঁতি, ঘূলি এই সকলোবোৰৰে আছে নিজা নিজা বৈশিষ্ট্য আৰু গুৰুত্ব। বৈজ্ঞানিক পৰিভাষাত আৰ্দ্ৰভূমি ৰূপে জনাজাত এই অঞ্চলবোৰৰ প্ৰাকৃতিক জলসম্পদ হিচাপে গূৰুত্ব অতিশয় বেছি।
আৰ্দ্ৰভূমি কি?
আৰ্দ্ৰভূমি বা জলাহ অঞ্চলবোৰ হৈছে, স্থায়ী বা অস্থায়ী ৰূপত বছৰৰ অধিকাংশ সময়ৰ বাবে স্থবিৰ অথবা বোঁৱতী পানীৰে ভৰা ঠাই। এনে অঞ্চলবোৰ লৱণাক্ত অথবা লৱণ-মুক্ত পানীৰে ভৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, নদীৰ মৰাসুঁতি, দ-পথাৰ, পিটনি, বিল, হ্ৰ্দ, পুখূৰী, খাল, নদীৰ মোহনা, সাগৰীয় ব-দ্বীপ বা উপকূলীয় অঞ্চল – এইসকলোবোৰকে আৰ্দ্ৰভূমিৰ আঁওতাত ধৰা হয়। পৃথিৱীৰ মুঠ মাটিকালিৰ ৬.৪ শতাংশই এনে আৰ্দ্ৰভূমি অঞ্চল।ভাৰতত থকা মুঠ ৬৭,৪২৯ খন এনে আদ্ৰভূমিয়ে দেশৰ মাটিকালিৰ ১৮.৪ শতাংশ আৱৰি ৰাখিছে। ইয়াৰে আকৌ দুই-তৃতীয়াংশতে ধানখেতি কৰা হয়।
আৰ্দ্ৰভূমি আৰু ৰামছৰ স্থান
     গূৱাহাটীৰ কাষৰীয়া আৰু অসমৰ মুখ্য আৰ্দ্ৰভূমিবোৰৰ মাজত সৰ্বাধিক চৰ্চিত, দীপৰ বিলক ৰামছৰ স্থান (Ramsar site) বুলি ঘোষণা কৰাৰ কথা আমি আটায়ে কম-বেছি পৰিমাণে জানো। আচলতে, ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত, ইৰাণৰ ৰামছৰ নামৰ চহৰখনত বিশ্বৰ সমূহ আৰ্দ্ৰভূমিলৈ অহা সংকটৰ অনুধাৱন কৰি, সেইবোৰৰ সংৰক্ষণ আৰু আৰ্দ্ৰভূমি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বহা এক আন্তৰ্জাতিক সন্মিলনৰ পাছত, বিভিন্ন বৈশিষ্ট্যৰ ভিত্তিত সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে মুঠ ২,২২২ খন এনে আৰ্দ্ৰভূমিক প্ৰাকৃতিক সম্পদ, পাৰিৱেশিক ভূমিকা তথা সংৰক্ষণৰ দিশৰ পৰা সৰ্বাধিক গূৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ দীপৰ বিলো ৰামছৰৰ আৰ্দ্ৰভূমি সন্মিলনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰ্দ্ৰভূমিসমূহৰ অন্যতম। ভাৰতত থকা মুঠ ২৬ খন ৰামছৰ আৰ্দ্ৰভূমিৰ মাজত দীপৰ বিলৰ লগতে মণিপুৰৰ লোকটাক হ্ৰদ আৰু ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ হ্ৰদেও এই মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে, কৰিমগঞ্জ জিলাৰ সোণবিল নামৰ অসমৰ সবাতোকৈ ডাঙৰ বিলখনৰ নামো এই স্বীকৃতিৰ বাবে বিবেচনা কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।
আৰ্দ্ৰভূমিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা
     প্ৰশ্ন হয়, বিল-খাল-জলাশয়বোৰনো আমাক লাগে কিয়? মাছ-কাছৰ বাবে? নে বিলৰ পানীত, ৰ’দৰ পোহৰৰ তিৰবিৰোৱা ভেট-পদুমৰ বাবে? শোভা বৰ্ধনৰ বাবে? নে আৰ্দ্ৰভূমিৰ গুৰুত্ব ইয়াতকৈও আৰু অনেক বেছি?
     এটা বাক্যতে ক’বলৈ হ’লে আমাৰ গোটেই পাৰিৱেশিক তন্ত্ৰটোক অৰ্থাৎ পৰিস্থিতিতন্ত্ৰটোৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিবলৈ এই আৰ্দ্ৰভূমিবোৰ প্ৰয়োজন আছে। একোটা অঞ্চলৰ পৰিৱেশৰ বাবে সেয়েই এই জলাশয়বোৰৰ গুৰুত্ব অতি বেছি। প্ৰাকৃতিক পৰিৱেশৰ শোভা বৰ্ধনৰ লগতে, একো একোখন আৰ্দ্ৰভূমিয়ে আমালৈ আগবঢ়াই নানা পৰিস্থিতিতান্ত্ৰিক সেৱা।
     পানীৰ উৎস আৰু জলাধাৰ হিচাপে আৰ্দ্ৰভূমিবোৰৰ প্ৰয়োজনীয়তা যথেষ্ট। বৰযুণৰ পানী ধৰি ৰাখি, এই জলাশয়বোৰে এফালে বানপানী নিয়ন্ত্ৰণ কৰাৰ লগতে, ভূতল জলৰ নৱীকৰণত সহায় কৰে। অন্যহাতে, মাটিত থকা পানীৰ স্তৰৰ মাত্ৰা নিয়ন্ত্ৰণতো একোটা অঞ্চলত থকা জলাশয়বোৰে বিশেষভাৱে সহায় কৰে। তদুপৰি, অন্যান্য জীৱকূলৰ লগতে মানুহৰো প্ৰয়োজনীয় পানীৰ চাহিদা পূৰণত এই জলাশয়বোৰৰ ভুমিকাৰ কথা নকৈ দোহৰাৰ প্ৰয়োজন হয়তো নাই।
     আমি ইতিমধ্যেই নৈ, বিল, খাল-ডোং, হ্ৰদত পোৱা মাছ-কাছ, ভেট-পদুমকে ধৰি নানান জীৱকূলৰ কথা উল্লেখ কৰিছোঁ। আমাৰ চাৰিওফালে সিঁচৰতি হৈ থকা এই জলভূমিবোৰে নানান তৰহৰ মাছ,কাছ,পোক,পতংগ,ঘাঁহকে ধৰি বিভিন্ন জলজ উদ্ভিদ, জলজ পক্ষী, মাছুৱৈ চৰাই আৰু জন্ত, শেলাই তথা অণুজীৱকে ধৰি এক বিশাল জীৱবৈচিত্ৰ্যৰ ৰম্যভূমি ৰূপে কাম কৰে। দীপৰ বিলৰ দৰে অসমৰ নানান বিললৈ নানা ঋতুত অহা পৰিভ্ৰমী পক্ষীৰ জাক, হাতীৰ জাক আদিও এই জীৱবৈচিত্ৰ্যৰ অন্যতম অংগ।
     অন্যহাতে আৰ্দ্ৰভূমিবোৰক প্ৰকৃতিৰ কিডনী বা ৰেচন অংগ হিচাপেও অভিহিত কৰা হয়। ইয়াৰ কাৰণ হ’ল – নানা স্থানৰ পৰা পানীৰ সোঁতৰ লগত উটি অহা পলস জাতীয় দ্ৰ্ৱ্যবোৰ, পানীত মিহলি হৈ থকা নানা প্ৰকাৰৰ গেদীয় দ্ৰৱ্য তথা প্ৰদূষকবোৰ অধঃক্ষেপনৰ পাছত জমা হয় এই আৰ্দ্ৰভূমিবোৰতে, যি পানীক পৰিস্কাৰ কৰাৰ লগতে, পুষ্টিমৌলবোৰৰ চক্ৰীয় পৰিৱৰ্তনতো সহায় কৰে। ইয়াৰ ওপৰি, আৰ্দ্ৰভূমিত হোৱা এই অধঃক্ষেপন প্ৰক্ৰিয়া তথা ইয়াত গজি উঠা নানাবিধ জলজ উদ্ভিদে বায়ুমণ্ডলীয় কাৰ্বনৰ জব্দীকৰণ প্ৰক্ৰিয়াত সহায় কৰে। লগতে, সমগ্ৰ পৃথিৱীৰে জলচক্ৰৰ নিয়ন্ত্ৰণ তথা সামঞ্জস্য ৰক্ষাত এই আৰ্দ্ৰভূমিবোৰৰ ভূমিকা অপৰিসীম।
     আৰ্দ্ৰভূমিসমূহে ইয়াৰ কাষৰে-পাঁজৰে বাস কৰা লোকসকলকে ধৰি এক বুজন সংখ্যক লোকৰ জীৱন আৰু জীৱিকাকো নানান ধৰণেৰে প্ৰভাৱিত কৰে। নদী, বিল আদিত পোৱা মাছ, পদুম-ভেট-শিঙৰি আদি নানান উদ্ভিদৰ পৰা লাভ কৰা সামগ্ৰী এই ঠাইবোৰৰ কাষৰীয়া জনসমষ্টিবোৰৰ বাবে পুষ্টিৰ উৎসই নহয়, জীৱিকা অৰ্জনৰো উপায়।কেৱল সেয়াই নহয়, এই বিল-পুখুৰীবোৰক কেন্দ্ৰ কৰি অনেক সামাজিক-সাংস্কৃতিক পৰম্পৰাও গঢ় লৈ উঠিছে। অসমৰ দৰে কৃষিভিত্তিক জীৱনপ্ৰণালীৰ ৰাজ্যত এই বিল-জলাশয়বোৰৰ আৰ্থ-সামাজিক গুৰুত্ব এনেবোৰ কাৰণতে অনেক বেছি।  অন্যহাতে,পৰ্য্যটন তথা প্ৰাকৃতিক শোভাবৰ্ধনৰ দিশৰ পৰা চালেও এই জলভূমিবোৰৰ অৰ্থনৈতিক অৱদান অনস্বীকাৰ্য্য।
সংকটৰ গৰাহত আৰ্দ্ৰভূমি
পাৰিৱেশিক তথা আৰ্থ-সামাজিক, নানা দিশৰ পৰা অতিশয় প্ৰয়োজনীয় এই বিল-জলাশয়বোৰ যে লাহে লাহে কমি আহিবলৈ লৈছে, সেই কথা অলপ লক্ষ্য কৰিলেই অনুধাৱন কৰিব পৰা যায়। প্ৰাপ্ত তথ্য মতে, বিগত শতিকাটোত বিশ্বৰ প্ৰায় ৫০ শতাংশ আৰ্দ্ৰভূমিয়েই মানুহৰ নানান ক্ৰিয়া-কলাপৰ পৰিণতিত বিলুপ্ত হৈছে।আমাৰ দেশতো, বিভিন্ন অধ্যয়নত প্ৰকাশিত তথ্য অনুযায়ী বিগত ৫০টা বছৰত দেশৰ গংগাৰ সমতলীয় অঞ্চলত থকা ৭০ৰ পৰা ৮০ শতাংশ পৰ্য্যন্ত জলাহভূমি আৰু হ্ৰদ ক্ৰমে নোহোৱা হৈ পৰিছে।
পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এই বিশেষ অংগবিধ নোহোৱা হোৱাৰ মূলতে যে মানুহৰ কাৰ্য্য-কলাপ, সেই কথা নকৈ কোৱাৰ প্ৰয়োজন  নাই। মুলতঃ, বৰ্ধিত জনসংখ্যাৰ বাসস্থানৰ চাহিদা পূৰণৰ বাবে ন-ন বসতি স্থাপন, অবাধ আৰু বিবেচনাহীন ঔদ্যোগিকীকৰণ, নগৰীকৰণ আৰু নগৰৰ প্ৰসাৰণ, অনিয়ন্ত্ৰিত মাছমৰা তথা চিকাৰ কাৰ্য্যসূচী, বনাঞ্চল ধ্বংসৰ পৰিণতিত হোৱা ভূমিস্খলন তথা পলস জমা হোৱাৰ প্ৰক্ৰিয়া, কৃষি-ভূমি তথা উদ্যোগৰ পৰা হোৱা প্ৰদূষণ আৰু অপতৃণৰ বিস্তৃতি আদিয়েই হ’ল আৰ্দ্ৰভূমিবোৰৰ ক্ৰমবিলুপ্তিৰ কাৰক। বসতিস্থল স্থাপন বা বিভিন্ন কাৰণত এনে বিল-জলাশয়বোৰ পুতি ডাঙৰ-ডাঙৰ অট্টালিকা নিৰ্মাণৰ দৰে কাৰ্য্য কিদৰে ক্ৰমশঃ বৃদ্ধি পাই আহিছে, সেয়া আমাৰ কাৰো অজানা কথা নহয়।অন্যহাতে, ভাৰতৰ দৰে অনেক দেশতে, এই আৰ্দ্ৰভূমিবোৰক নগৰ-চহৰৰ দৈনন্দিন আৱৰ্জনা নিস্কাষণৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ ফলত, এই বিল-জলাশয়বোৰৰ পানী দূষিত হোৱাৰ লগতে অধিকাংশ এলেকাই হৈছে আৱৰ্জনাৰে ভৰা। দীপৰ বিলৰ দৰে অসমৰ মুখ্য আৰ্দ্ৰভূমি এখনকে গুৱাহাটী মহানগৰীৰ সমস্ত জাৱৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা কাৰ্য্য আমাৰ এনে অবিবেকী আৰু অপৰিকল্পিত কৰ্মৰ জ্বলন্ত উদাহৰণ।
আনপিনে, এই আৰ্দ্ৰভূমিবোৰক আকৌ বহুসময়ত অবৈধভাৱে দখল কৰি, বসতি স্থাপন বা ইটা ভাটা স্থাপন আদিকে ধৰি নানা সৰু-বৰ উদ্যোগ প্ৰতিস্থাৰ বাবেও ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে নানা উদ্যোগিক আৱৰ্জনাসমূহো কোনো পৰিশোধন অবিহনেই এই অঞ্চলবোৰত পেলাই দিয়াৰ দৰে কাৰ্য্যয়ো এইবোৰৰ প্ৰতি বিপদৰ সূচনা কৰিছে। কেৱল সেয়াই নহয়, কৃষিত অধিক উৎপাদন লাভৰ বাবে প্ৰয়োগ কৰা মাত্ৰাধিক পৰিমাণৰ সাৰ তথা কীটনাশক দ্ৰ্ৱ্য পানীৰ লগত উটি আহি এই আৰ্দ্ৰভূমিবোৰত জমা হয়; যাৰ পৰিণতিত এই বিল-জলাশয়বোৰ সন্মুখীন হয় অতিপোষণ(Eutrophication)ৰ দৰে সমস্যাৰ, যিয়ে এইবোৰত থকা পানীৰ গুণাগুণ বিনষ্ট কৰে।
     আমি সকলোৱে দেখা মেটেকা বা গছ-কলমৌৰ দৰে উদ্ভিদো যে এই আৰ্দ্ৰভূমিবোৰৰ অস্তিত্বৰ বাবে এক ডাঙৰ ভাবুকি, সেই কথা হয়তো আমি বহুসময়ত ভাৱি চোৱা নাই। মেটেকা বা কলমৌৰ দৰে গছবোৰ আমাৰ স্থানীয় উদ্ভিদ নহয়; বাহিৰৰ কোনো পৰিৱেশৰ পৰা বিভিন্ন উপায়েৰে আহি ইয়াত থিতাপি লোৱা এই দুবিধ গছে খুব কমদিনতে অসমৰ পৰিৱেশত নিজকে খাপ খুৱাই লৈ, চাৰিওফালে বিস্তৃতি লাভ কৰিলে। মেটেকা আৰু মাটি-কলমৌ বা গছ-কলমৌৰ এই অভাৱনীয় বৃদ্ধিও আমাৰ অনেক আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ অন্যতম কাৰণ।
     আৰ্দ্ৰভূমিবোৰৰ প্ৰাকৃতিক শোভাত আকৰ্ষিত হৈ, এই ঠাইবোৰলৈ অহা দৰ্শনাৰ্থীসকলক কেন্দ্ৰ কৰি অনেক ঠাইতে পৰ্য্যটন উদ্যোগো গঢ় লয়।পিছে, পৰিতাপৰ কথা, বনভোজ বা পৰ্য্যটনৰ দৰে সম্ভাৱনাময় দিশ এটাৰো অপৰিকল্পিত ৰূপায়ন বা দৰ্শনাৰ্থীসকলৰ অসচেতনতাই অনেক সময়তে এই আৰ্দ্ৰভূমিবোৰৰ অপূৰণীয় ক্ষতি সাধন কৰে। বনভোজ খাবলৈ গৈ এই ঠাইবোৰত এৰি অহা অবাঞ্চিত আবৰ্জনা, প্লাষ্টিকজাতীয় সামগ্ৰী, খাদ্যৰ পেকেট আদিয়ে কেৱল যে পৰিৱেশৰ শোভাকে নষ্ট কৰে তেনে নহয়, এইবোৰে আৰ্দ্ৰভূমি একোখনৰ অতিশয় সংবেদনশীল পৰিস্থিতিতন্ত্ৰটোৰ ভাৰসাম্যকো বিনষ্ট কৰে। অন্যহাতে, পৰ্য্যটনৰ নামত অবাধে গঢ়ি উঠা হোটেল, ৰিজৰ্ট আদিয়েও এই অঞ্চলবোৰৰ ভাৰসাম্যক অপকাৰ কৰে।
আৰ্দ্ৰভূমি সংৰক্ষণ
     ইতিমধ্যে উল্লেখ কৰা নানাবিধ কাৰকৰ প্ৰভাৱত ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ পৰিণতিত জীৱবৈচিত্ৰ্যৰ বিলুপ্তি, নানা তৰহৰ মাছৰ উৎপাদন হ্ৰাস, স্থানীয় লোকৰ জীৱিকাৰ সমস্যা আদিৰ দৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অন্যহাতে, এই জলাহভূমিবোৰ নোহোৱা হৈ যোৱাৰ লগে লগে, একো একোটা অঞ্চলৰ জলধাৰণ ক্ষমতাৰ হ্ৰাস পাইছে, যাৰ পৰিণতিত বৃদ্ধি পাইছে বানপানীৰ সমস্যা। দীপৰ বিল, শিলসাঁকো বিল, ভৰলু, বাহিনী নৈৰ সংকুচিত সীমা আৰু প্ৰদূষণে গূৱাহাটী মহানগৰীত প্ৰতিবছৰে সৃষ্টি কৰা কৃত্ৰিম বানৰ সমস্যা আমি চকুৰ আগতে দেখি থকা এনে এক পৰিণতি। পৰিতাপৰ কথা, যোৱা দুই-এবছৰত, গুৱাহাটীৰ দৰে কৃত্ৰিম বানৰ বিপদে অসমৰ সৰু-বৰ মফচলীয়া চহৰবোৰতো ব্যাপক ৰূপ ধাৰণ কৰিবলৈ লৈছে মূলতঃ জলাহভূমিৰ ঠাইত গঢ় লোৱা জনবসতি তথা উদ্যোগসমূহৰ বাবে।ইয়াৰ ওপৰিও, ভূতল জলৰ স্তৰ অধোগামী হোৱা, সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ক্ষতি, খহনীয়া বৃদ্ধি, জলসংকট আদিৰ দৰে হাজাৰটা সমস্যা  আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ ফলত ক্ৰমশঃ বৃদ্ধি পাইছে।
     এনেবোৰ পৰিপ্ৰেক্ষিততে, আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা পুনৰূদ্ধাৰ অতীৱ প্ৰয়োজনীয়।সচৰাচৰ, এই বিল-জলাশয়বোৰক এনেই পৰি থকা বা কামত নহা অঞ্চল বুলি ধৰি লৈ তাক ‘ব্যৱহাৰত’ লগোৱাৰ মানসিকতাক পৰিত্যাগ কৰিব লাগিব। এনেই পৰি ৰোৱা যেন লগা এই দ অঞ্চলবোৰে, পিটনি-খালবোৰে পাৰিৱেশিক ভাৰসাম্য ৰক্ষাকে ধৰি আৰ্থ-সামাজিক দিশলৈ যি অৱদান আগবঢ়াই আহিছে, সেই কথা সকলো স্তৰতে উপলব্ধি কৰোৱাব পাৰিব লাগিব। মেটেকা-কলমৌৰ দৰে অপতৃণৰ নিয়ন্ত্ৰণ তথা এইবোৰেৰে ভৰি পৰা জলাশয়বোৰৰ বিজ্ঞানসন্মত পৰিস্কাৰকৰণ, প্ৰাকৃতিক পৰিৱেশক অটুট ৰাখি বিল-জলাশয়ৰ সংবৰ্ধন তথা ন-ৰূপত ব্যৱহাৰ আদিৰ দৰে দিশলৈকো চকু দিয়াৰ দৰকাৰ। অন্যহাতে এই বিল-জলাশয়বোৰক পাৰিৱেশিকভাৱে বহনক্ষম তথা অৰ্থনৈতিক দিশৰ পৰা উৎপাদনক্ষম কৰি ৰাখিব পৰাকৈ উন্নয়ন তথা বিকাশৰ পৰিকল্পনা কৰাৰ দৰকাৰ, যাতে ইয়ে একোখন জলাশ্য়ক কেন্দ্ৰ কৰি জীয়াই থকা লোকসকলৰ জীৱন-নিৰ্বাহক সহজ কৰি তোলাৰ লগতে উক্ত জলাশয়ৰ পাৰিপাৰ্শ্বিকক এইসকল লোকৰ সহায়তে সংৰক্ষিত কৰিব পৰা যায়। লগতে, অবৈধ বসতি বা উদ্যোগ প্ৰতিষ্ঠাৰ দৰে ক্ষয়ংকৰী কাৰ্য্যক প্ৰতিহত কৰিব পৰাকৈ কঠোৰ ব্যৱস্থা অৱলম্বনতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব আমি নোৱাৰো।
     মুঠ কথাত, আৰ্দ্ৰভূমিসমূহ হ’ল আমাৰ পৰিৱেশৰ এক অপৰিহাৰ্য্য সম্পদ। এই সম্পদৰ বহনক্ষম ব্যৱহাৰৰ প্ৰতি আমি প্ৰত্যেকেই সচেতন হোৱাৰ দৰকাৰ। আৰু সেয়ে হ’লেহে প্ৰকৃতাৰ্থতে আমাৰ চৌপাশৰ এই সকলো আৰ্দ্ৰভূমিৰ শোভাই আমাৰ বাবে সেই গীতৰ কলিক যুগমীয়া কৰি তুলিব – “বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ……………”
 (প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ দুই তাৰিখে পালন কৰা “বিশ্ব আৰ্দ্ৰভূমি দিৱস” উপলক্ষে প্ৰস্তুত কৰা এই লেখাটি ফেব্ৰুৱাৰী,২০১৬ সংখ্যা 'মাহেকীয়া অনুভূতি' প্ৰকাশ হৈছে।)