Wednesday, 10 February 2016

বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ .................................................



জোনবিল, মেৰবিল, দীপৰ বিল, বগীবিল, চাৰণবিল, সোণবিল, তামৰঙা বিল, ধীৰ বিল, সোণাইবিল –-- হাজাৰটা নাম।অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি থকা এই বিল-জলাশয়বোৰৰ পানীত জিলিকি থকা ভেট-পদুমৰ কলি, পানীত খেলা কৰি থকা মাছ-কাছ, পানীযুঁৱলিত মাছ ধৰিবলৈ খাপ লৈ থকা মাছৰোকা-কুৰুৱা, বুৰ মাৰি ওলাই অহা পানীকাউৰীজনী, দলঘাঁহৰ ওপৰত হেলিকপ্টাৰ হৈ ঘূৰি ফুৰা জিঁয়াকেইটা, বিহুৱে-সংক্ৰান্তিয়ে জাক পাতি মাছ ধৰিবলৈ বিলৰ পাৰতে জুম পতা গঞা ৰাইজ --- অসমৰ প্ৰাকৃতিক আৰু সামাজিক জীৱনৰ ছৱি এখনত এইবোৰ উপাংশৰ স্থান তেনেই নিগাজী। পিছে, এই নিগাজী ছৱিখনৰ আঁৰৰ মূল আধাৰ ৰূপী বিল বা জলাশয়বোৰৰ বিষয়ে আমি কিমান সচেতন, কিমান সজাগ?কেৱল বিল বুলিয়েই নহয়, আমাৰ কাষৰে-পাজৰে থকা অসংখ্য খাল-পুখুৰী-হ্ৰদ-ডোং-পিতনি-জলাহ, নৈৰ মৰাসুঁতি, ঘূলি এই সকলোবোৰৰে আছে নিজা নিজা বৈশিষ্ট্য আৰু গুৰুত্ব। বৈজ্ঞানিক পৰিভাষাত আৰ্দ্ৰভূমি ৰূপে জনাজাত এই অঞ্চলবোৰৰ প্ৰাকৃতিক জলসম্পদ হিচাপে গূৰুত্ব অতিশয় বেছি।
আৰ্দ্ৰভূমি কি?
আৰ্দ্ৰভূমি বা জলাহ অঞ্চলবোৰ হৈছে, স্থায়ী বা অস্থায়ী ৰূপত বছৰৰ অধিকাংশ সময়ৰ বাবে স্থবিৰ অথবা বোঁৱতী পানীৰে ভৰা ঠাই। এনে অঞ্চলবোৰ লৱণাক্ত অথবা লৱণ-মুক্ত পানীৰে ভৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, নদীৰ মৰাসুঁতি, দ-পথাৰ, পিটনি, বিল, হ্ৰ্দ, পুখূৰী, খাল, নদীৰ মোহনা, সাগৰীয় ব-দ্বীপ বা উপকূলীয় অঞ্চল – এইসকলোবোৰকে আৰ্দ্ৰভূমিৰ আঁওতাত ধৰা হয়। পৃথিৱীৰ মুঠ মাটিকালিৰ ৬.৪ শতাংশই এনে আৰ্দ্ৰভূমি অঞ্চল।ভাৰতত থকা মুঠ ৬৭,৪২৯ খন এনে আদ্ৰভূমিয়ে দেশৰ মাটিকালিৰ ১৮.৪ শতাংশ আৱৰি ৰাখিছে। ইয়াৰে আকৌ দুই-তৃতীয়াংশতে ধানখেতি কৰা হয়।
আৰ্দ্ৰভূমি আৰু ৰামছৰ স্থান
     গূৱাহাটীৰ কাষৰীয়া আৰু অসমৰ মুখ্য আৰ্দ্ৰভূমিবোৰৰ মাজত সৰ্বাধিক চৰ্চিত, দীপৰ বিলক ৰামছৰ স্থান (Ramsar site) বুলি ঘোষণা কৰাৰ কথা আমি আটায়ে কম-বেছি পৰিমাণে জানো। আচলতে, ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত, ইৰাণৰ ৰামছৰ নামৰ চহৰখনত বিশ্বৰ সমূহ আৰ্দ্ৰভূমিলৈ অহা সংকটৰ অনুধাৱন কৰি, সেইবোৰৰ সংৰক্ষণ আৰু আৰ্দ্ৰভূমি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বহা এক আন্তৰ্জাতিক সন্মিলনৰ পাছত, বিভিন্ন বৈশিষ্ট্যৰ ভিত্তিত সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে মুঠ ২,২২২ খন এনে আৰ্দ্ৰভূমিক প্ৰাকৃতিক সম্পদ, পাৰিৱেশিক ভূমিকা তথা সংৰক্ষণৰ দিশৰ পৰা সৰ্বাধিক গূৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ দীপৰ বিলো ৰামছৰৰ আৰ্দ্ৰভূমি সন্মিলনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰ্দ্ৰভূমিসমূহৰ অন্যতম। ভাৰতত থকা মুঠ ২৬ খন ৰামছৰ আৰ্দ্ৰভূমিৰ মাজত দীপৰ বিলৰ লগতে মণিপুৰৰ লোকটাক হ্ৰদ আৰু ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ হ্ৰদেও এই মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে, কৰিমগঞ্জ জিলাৰ সোণবিল নামৰ অসমৰ সবাতোকৈ ডাঙৰ বিলখনৰ নামো এই স্বীকৃতিৰ বাবে বিবেচনা কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।
আৰ্দ্ৰভূমিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা
     প্ৰশ্ন হয়, বিল-খাল-জলাশয়বোৰনো আমাক লাগে কিয়? মাছ-কাছৰ বাবে? নে বিলৰ পানীত, ৰ’দৰ পোহৰৰ তিৰবিৰোৱা ভেট-পদুমৰ বাবে? শোভা বৰ্ধনৰ বাবে? নে আৰ্দ্ৰভূমিৰ গুৰুত্ব ইয়াতকৈও আৰু অনেক বেছি?
     এটা বাক্যতে ক’বলৈ হ’লে আমাৰ গোটেই পাৰিৱেশিক তন্ত্ৰটোক অৰ্থাৎ পৰিস্থিতিতন্ত্ৰটোৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিবলৈ এই আৰ্দ্ৰভূমিবোৰ প্ৰয়োজন আছে। একোটা অঞ্চলৰ পৰিৱেশৰ বাবে সেয়েই এই জলাশয়বোৰৰ গুৰুত্ব অতি বেছি। প্ৰাকৃতিক পৰিৱেশৰ শোভা বৰ্ধনৰ লগতে, একো একোখন আৰ্দ্ৰভূমিয়ে আমালৈ আগবঢ়াই নানা পৰিস্থিতিতান্ত্ৰিক সেৱা।
     পানীৰ উৎস আৰু জলাধাৰ হিচাপে আৰ্দ্ৰভূমিবোৰৰ প্ৰয়োজনীয়তা যথেষ্ট। বৰযুণৰ পানী ধৰি ৰাখি, এই জলাশয়বোৰে এফালে বানপানী নিয়ন্ত্ৰণ কৰাৰ লগতে, ভূতল জলৰ নৱীকৰণত সহায় কৰে। অন্যহাতে, মাটিত থকা পানীৰ স্তৰৰ মাত্ৰা নিয়ন্ত্ৰণতো একোটা অঞ্চলত থকা জলাশয়বোৰে বিশেষভাৱে সহায় কৰে। তদুপৰি, অন্যান্য জীৱকূলৰ লগতে মানুহৰো প্ৰয়োজনীয় পানীৰ চাহিদা পূৰণত এই জলাশয়বোৰৰ ভুমিকাৰ কথা নকৈ দোহৰাৰ প্ৰয়োজন হয়তো নাই।
     আমি ইতিমধ্যেই নৈ, বিল, খাল-ডোং, হ্ৰদত পোৱা মাছ-কাছ, ভেট-পদুমকে ধৰি নানান জীৱকূলৰ কথা উল্লেখ কৰিছোঁ। আমাৰ চাৰিওফালে সিঁচৰতি হৈ থকা এই জলভূমিবোৰে নানান তৰহৰ মাছ,কাছ,পোক,পতংগ,ঘাঁহকে ধৰি বিভিন্ন জলজ উদ্ভিদ, জলজ পক্ষী, মাছুৱৈ চৰাই আৰু জন্ত, শেলাই তথা অণুজীৱকে ধৰি এক বিশাল জীৱবৈচিত্ৰ্যৰ ৰম্যভূমি ৰূপে কাম কৰে। দীপৰ বিলৰ দৰে অসমৰ নানান বিললৈ নানা ঋতুত অহা পৰিভ্ৰমী পক্ষীৰ জাক, হাতীৰ জাক আদিও এই জীৱবৈচিত্ৰ্যৰ অন্যতম অংগ।
     অন্যহাতে আৰ্দ্ৰভূমিবোৰক প্ৰকৃতিৰ কিডনী বা ৰেচন অংগ হিচাপেও অভিহিত কৰা হয়। ইয়াৰ কাৰণ হ’ল – নানা স্থানৰ পৰা পানীৰ সোঁতৰ লগত উটি অহা পলস জাতীয় দ্ৰ্ৱ্যবোৰ, পানীত মিহলি হৈ থকা নানা প্ৰকাৰৰ গেদীয় দ্ৰৱ্য তথা প্ৰদূষকবোৰ অধঃক্ষেপনৰ পাছত জমা হয় এই আৰ্দ্ৰভূমিবোৰতে, যি পানীক পৰিস্কাৰ কৰাৰ লগতে, পুষ্টিমৌলবোৰৰ চক্ৰীয় পৰিৱৰ্তনতো সহায় কৰে। ইয়াৰ ওপৰি, আৰ্দ্ৰভূমিত হোৱা এই অধঃক্ষেপন প্ৰক্ৰিয়া তথা ইয়াত গজি উঠা নানাবিধ জলজ উদ্ভিদে বায়ুমণ্ডলীয় কাৰ্বনৰ জব্দীকৰণ প্ৰক্ৰিয়াত সহায় কৰে। লগতে, সমগ্ৰ পৃথিৱীৰে জলচক্ৰৰ নিয়ন্ত্ৰণ তথা সামঞ্জস্য ৰক্ষাত এই আৰ্দ্ৰভূমিবোৰৰ ভূমিকা অপৰিসীম।
     আৰ্দ্ৰভূমিসমূহে ইয়াৰ কাষৰে-পাঁজৰে বাস কৰা লোকসকলকে ধৰি এক বুজন সংখ্যক লোকৰ জীৱন আৰু জীৱিকাকো নানান ধৰণেৰে প্ৰভাৱিত কৰে। নদী, বিল আদিত পোৱা মাছ, পদুম-ভেট-শিঙৰি আদি নানান উদ্ভিদৰ পৰা লাভ কৰা সামগ্ৰী এই ঠাইবোৰৰ কাষৰীয়া জনসমষ্টিবোৰৰ বাবে পুষ্টিৰ উৎসই নহয়, জীৱিকা অৰ্জনৰো উপায়।কেৱল সেয়াই নহয়, এই বিল-পুখুৰীবোৰক কেন্দ্ৰ কৰি অনেক সামাজিক-সাংস্কৃতিক পৰম্পৰাও গঢ় লৈ উঠিছে। অসমৰ দৰে কৃষিভিত্তিক জীৱনপ্ৰণালীৰ ৰাজ্যত এই বিল-জলাশয়বোৰৰ আৰ্থ-সামাজিক গুৰুত্ব এনেবোৰ কাৰণতে অনেক বেছি।  অন্যহাতে,পৰ্য্যটন তথা প্ৰাকৃতিক শোভাবৰ্ধনৰ দিশৰ পৰা চালেও এই জলভূমিবোৰৰ অৰ্থনৈতিক অৱদান অনস্বীকাৰ্য্য।
সংকটৰ গৰাহত আৰ্দ্ৰভূমি
পাৰিৱেশিক তথা আৰ্থ-সামাজিক, নানা দিশৰ পৰা অতিশয় প্ৰয়োজনীয় এই বিল-জলাশয়বোৰ যে লাহে লাহে কমি আহিবলৈ লৈছে, সেই কথা অলপ লক্ষ্য কৰিলেই অনুধাৱন কৰিব পৰা যায়। প্ৰাপ্ত তথ্য মতে, বিগত শতিকাটোত বিশ্বৰ প্ৰায় ৫০ শতাংশ আৰ্দ্ৰভূমিয়েই মানুহৰ নানান ক্ৰিয়া-কলাপৰ পৰিণতিত বিলুপ্ত হৈছে।আমাৰ দেশতো, বিভিন্ন অধ্যয়নত প্ৰকাশিত তথ্য অনুযায়ী বিগত ৫০টা বছৰত দেশৰ গংগাৰ সমতলীয় অঞ্চলত থকা ৭০ৰ পৰা ৮০ শতাংশ পৰ্য্যন্ত জলাহভূমি আৰু হ্ৰদ ক্ৰমে নোহোৱা হৈ পৰিছে।
পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এই বিশেষ অংগবিধ নোহোৱা হোৱাৰ মূলতে যে মানুহৰ কাৰ্য্য-কলাপ, সেই কথা নকৈ কোৱাৰ প্ৰয়োজন  নাই। মুলতঃ, বৰ্ধিত জনসংখ্যাৰ বাসস্থানৰ চাহিদা পূৰণৰ বাবে ন-ন বসতি স্থাপন, অবাধ আৰু বিবেচনাহীন ঔদ্যোগিকীকৰণ, নগৰীকৰণ আৰু নগৰৰ প্ৰসাৰণ, অনিয়ন্ত্ৰিত মাছমৰা তথা চিকাৰ কাৰ্য্যসূচী, বনাঞ্চল ধ্বংসৰ পৰিণতিত হোৱা ভূমিস্খলন তথা পলস জমা হোৱাৰ প্ৰক্ৰিয়া, কৃষি-ভূমি তথা উদ্যোগৰ পৰা হোৱা প্ৰদূষণ আৰু অপতৃণৰ বিস্তৃতি আদিয়েই হ’ল আৰ্দ্ৰভূমিবোৰৰ ক্ৰমবিলুপ্তিৰ কাৰক। বসতিস্থল স্থাপন বা বিভিন্ন কাৰণত এনে বিল-জলাশয়বোৰ পুতি ডাঙৰ-ডাঙৰ অট্টালিকা নিৰ্মাণৰ দৰে কাৰ্য্য কিদৰে ক্ৰমশঃ বৃদ্ধি পাই আহিছে, সেয়া আমাৰ কাৰো অজানা কথা নহয়।অন্যহাতে, ভাৰতৰ দৰে অনেক দেশতে, এই আৰ্দ্ৰভূমিবোৰক নগৰ-চহৰৰ দৈনন্দিন আৱৰ্জনা নিস্কাষণৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ ফলত, এই বিল-জলাশয়বোৰৰ পানী দূষিত হোৱাৰ লগতে অধিকাংশ এলেকাই হৈছে আৱৰ্জনাৰে ভৰা। দীপৰ বিলৰ দৰে অসমৰ মুখ্য আৰ্দ্ৰভূমি এখনকে গুৱাহাটী মহানগৰীৰ সমস্ত জাৱৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা কাৰ্য্য আমাৰ এনে অবিবেকী আৰু অপৰিকল্পিত কৰ্মৰ জ্বলন্ত উদাহৰণ।
আনপিনে, এই আৰ্দ্ৰভূমিবোৰক আকৌ বহুসময়ত অবৈধভাৱে দখল কৰি, বসতি স্থাপন বা ইটা ভাটা স্থাপন আদিকে ধৰি নানা সৰু-বৰ উদ্যোগ প্ৰতিস্থাৰ বাবেও ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে নানা উদ্যোগিক আৱৰ্জনাসমূহো কোনো পৰিশোধন অবিহনেই এই অঞ্চলবোৰত পেলাই দিয়াৰ দৰে কাৰ্য্যয়ো এইবোৰৰ প্ৰতি বিপদৰ সূচনা কৰিছে। কেৱল সেয়াই নহয়, কৃষিত অধিক উৎপাদন লাভৰ বাবে প্ৰয়োগ কৰা মাত্ৰাধিক পৰিমাণৰ সাৰ তথা কীটনাশক দ্ৰ্ৱ্য পানীৰ লগত উটি আহি এই আৰ্দ্ৰভূমিবোৰত জমা হয়; যাৰ পৰিণতিত এই বিল-জলাশয়বোৰ সন্মুখীন হয় অতিপোষণ(Eutrophication)ৰ দৰে সমস্যাৰ, যিয়ে এইবোৰত থকা পানীৰ গুণাগুণ বিনষ্ট কৰে।
     আমি সকলোৱে দেখা মেটেকা বা গছ-কলমৌৰ দৰে উদ্ভিদো যে এই আৰ্দ্ৰভূমিবোৰৰ অস্তিত্বৰ বাবে এক ডাঙৰ ভাবুকি, সেই কথা হয়তো আমি বহুসময়ত ভাৱি চোৱা নাই। মেটেকা বা কলমৌৰ দৰে গছবোৰ আমাৰ স্থানীয় উদ্ভিদ নহয়; বাহিৰৰ কোনো পৰিৱেশৰ পৰা বিভিন্ন উপায়েৰে আহি ইয়াত থিতাপি লোৱা এই দুবিধ গছে খুব কমদিনতে অসমৰ পৰিৱেশত নিজকে খাপ খুৱাই লৈ, চাৰিওফালে বিস্তৃতি লাভ কৰিলে। মেটেকা আৰু মাটি-কলমৌ বা গছ-কলমৌৰ এই অভাৱনীয় বৃদ্ধিও আমাৰ অনেক আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ অন্যতম কাৰণ।
     আৰ্দ্ৰভূমিবোৰৰ প্ৰাকৃতিক শোভাত আকৰ্ষিত হৈ, এই ঠাইবোৰলৈ অহা দৰ্শনাৰ্থীসকলক কেন্দ্ৰ কৰি অনেক ঠাইতে পৰ্য্যটন উদ্যোগো গঢ় লয়।পিছে, পৰিতাপৰ কথা, বনভোজ বা পৰ্য্যটনৰ দৰে সম্ভাৱনাময় দিশ এটাৰো অপৰিকল্পিত ৰূপায়ন বা দৰ্শনাৰ্থীসকলৰ অসচেতনতাই অনেক সময়তে এই আৰ্দ্ৰভূমিবোৰৰ অপূৰণীয় ক্ষতি সাধন কৰে। বনভোজ খাবলৈ গৈ এই ঠাইবোৰত এৰি অহা অবাঞ্চিত আবৰ্জনা, প্লাষ্টিকজাতীয় সামগ্ৰী, খাদ্যৰ পেকেট আদিয়ে কেৱল যে পৰিৱেশৰ শোভাকে নষ্ট কৰে তেনে নহয়, এইবোৰে আৰ্দ্ৰভূমি একোখনৰ অতিশয় সংবেদনশীল পৰিস্থিতিতন্ত্ৰটোৰ ভাৰসাম্যকো বিনষ্ট কৰে। অন্যহাতে, পৰ্য্যটনৰ নামত অবাধে গঢ়ি উঠা হোটেল, ৰিজৰ্ট আদিয়েও এই অঞ্চলবোৰৰ ভাৰসাম্যক অপকাৰ কৰে।
আৰ্দ্ৰভূমি সংৰক্ষণ
     ইতিমধ্যে উল্লেখ কৰা নানাবিধ কাৰকৰ প্ৰভাৱত ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ পৰিণতিত জীৱবৈচিত্ৰ্যৰ বিলুপ্তি, নানা তৰহৰ মাছৰ উৎপাদন হ্ৰাস, স্থানীয় লোকৰ জীৱিকাৰ সমস্যা আদিৰ দৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অন্যহাতে, এই জলাহভূমিবোৰ নোহোৱা হৈ যোৱাৰ লগে লগে, একো একোটা অঞ্চলৰ জলধাৰণ ক্ষমতাৰ হ্ৰাস পাইছে, যাৰ পৰিণতিত বৃদ্ধি পাইছে বানপানীৰ সমস্যা। দীপৰ বিল, শিলসাঁকো বিল, ভৰলু, বাহিনী নৈৰ সংকুচিত সীমা আৰু প্ৰদূষণে গূৱাহাটী মহানগৰীত প্ৰতিবছৰে সৃষ্টি কৰা কৃত্ৰিম বানৰ সমস্যা আমি চকুৰ আগতে দেখি থকা এনে এক পৰিণতি। পৰিতাপৰ কথা, যোৱা দুই-এবছৰত, গুৱাহাটীৰ দৰে কৃত্ৰিম বানৰ বিপদে অসমৰ সৰু-বৰ মফচলীয়া চহৰবোৰতো ব্যাপক ৰূপ ধাৰণ কৰিবলৈ লৈছে মূলতঃ জলাহভূমিৰ ঠাইত গঢ় লোৱা জনবসতি তথা উদ্যোগসমূহৰ বাবে।ইয়াৰ ওপৰিও, ভূতল জলৰ স্তৰ অধোগামী হোৱা, সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ক্ষতি, খহনীয়া বৃদ্ধি, জলসংকট আদিৰ দৰে হাজাৰটা সমস্যা  আৰ্দ্ৰভূমিৰ বিলুপ্তিৰ ফলত ক্ৰমশঃ বৃদ্ধি পাইছে।
     এনেবোৰ পৰিপ্ৰেক্ষিততে, আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা পুনৰূদ্ধাৰ অতীৱ প্ৰয়োজনীয়।সচৰাচৰ, এই বিল-জলাশয়বোৰক এনেই পৰি থকা বা কামত নহা অঞ্চল বুলি ধৰি লৈ তাক ‘ব্যৱহাৰত’ লগোৱাৰ মানসিকতাক পৰিত্যাগ কৰিব লাগিব। এনেই পৰি ৰোৱা যেন লগা এই দ অঞ্চলবোৰে, পিটনি-খালবোৰে পাৰিৱেশিক ভাৰসাম্য ৰক্ষাকে ধৰি আৰ্থ-সামাজিক দিশলৈ যি অৱদান আগবঢ়াই আহিছে, সেই কথা সকলো স্তৰতে উপলব্ধি কৰোৱাব পাৰিব লাগিব। মেটেকা-কলমৌৰ দৰে অপতৃণৰ নিয়ন্ত্ৰণ তথা এইবোৰেৰে ভৰি পৰা জলাশয়বোৰৰ বিজ্ঞানসন্মত পৰিস্কাৰকৰণ, প্ৰাকৃতিক পৰিৱেশক অটুট ৰাখি বিল-জলাশয়ৰ সংবৰ্ধন তথা ন-ৰূপত ব্যৱহাৰ আদিৰ দৰে দিশলৈকো চকু দিয়াৰ দৰকাৰ। অন্যহাতে এই বিল-জলাশয়বোৰক পাৰিৱেশিকভাৱে বহনক্ষম তথা অৰ্থনৈতিক দিশৰ পৰা উৎপাদনক্ষম কৰি ৰাখিব পৰাকৈ উন্নয়ন তথা বিকাশৰ পৰিকল্পনা কৰাৰ দৰকাৰ, যাতে ইয়ে একোখন জলাশ্য়ক কেন্দ্ৰ কৰি জীয়াই থকা লোকসকলৰ জীৱন-নিৰ্বাহক সহজ কৰি তোলাৰ লগতে উক্ত জলাশয়ৰ পাৰিপাৰ্শ্বিকক এইসকল লোকৰ সহায়তে সংৰক্ষিত কৰিব পৰা যায়। লগতে, অবৈধ বসতি বা উদ্যোগ প্ৰতিষ্ঠাৰ দৰে ক্ষয়ংকৰী কাৰ্য্যক প্ৰতিহত কৰিব পৰাকৈ কঠোৰ ব্যৱস্থা অৱলম্বনতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব আমি নোৱাৰো।
     মুঠ কথাত, আৰ্দ্ৰভূমিসমূহ হ’ল আমাৰ পৰিৱেশৰ এক অপৰিহাৰ্য্য সম্পদ। এই সম্পদৰ বহনক্ষম ব্যৱহাৰৰ প্ৰতি আমি প্ৰত্যেকেই সচেতন হোৱাৰ দৰকাৰ। আৰু সেয়ে হ’লেহে প্ৰকৃতাৰ্থতে আমাৰ চৌপাশৰ এই সকলো আৰ্দ্ৰভূমিৰ শোভাই আমাৰ বাবে সেই গীতৰ কলিক যুগমীয়া কৰি তুলিব – “বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ……………”
 (প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ দুই তাৰিখে পালন কৰা “বিশ্ব আৰ্দ্ৰভূমি দিৱস” উপলক্ষে প্ৰস্তুত কৰা এই লেখাটি ফেব্ৰুৱাৰী,২০১৬ সংখ্যা 'মাহেকীয়া অনুভূতি' প্ৰকাশ হৈছে।)