Sunday, 8 February 2015

বনফুলৰ সুবাস বিচাৰি

প্ৰিয় পাঠক,

নমস্কাৰ।
প্ৰকৃতিয়ে মানুহক জীৱনৰ প্ৰাৰম্ভৰ পৰা, জীৱজগতৰ আৰম্ভণিৰ পৰা প্ৰতি মূহূৰ্ত্ততে সাৰথি হৈ বিবৰ্তনৰ বুকুৰে আগবঢ়াৰ বাট দি আহিছে। আজি পৰ্য্যন্ত মানুহ যিসমূহ অভিজ্ঞতাৰ সাক্ষী হৈ আহিছে, যিসমূহ পৰিৱৰ্তনৰ মাজেৰে আহিছে, সেই সকলোবোৰতে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক এৰাব নোৱাৰা । আমি যিমানেই আধুনিক নহওঁ, যিমানেই উন্নতিৰ জখলাত আগবাঢ়ি নাযাওঁ কিয়, প্ৰকৃতিক বাদ দি চলিব নোৱাৰোঁ।
মানুহ-প্ৰকৃতি আৰু চৌপাশৰ পৰিৱেশ - আজিৰ সমাজৰ সতে এই বিষয়বোৰক বেলেগাই চাব নোৱাৰি। সমাজ আৰু অৰ্থনীতিৰ পৰিকাঠামো গঠনত প্ৰকৃতিৰ ভূমিকা সৰ্বাধিক। তথাপি, আজিৰ সময়ে যেন পাহৰি গৈছে আলফুলীয় প্ৰকৃতিৰ সেই সুবাস, সেই অৱদান। পৰিণতিত অনেক সমস্যা আৰু সংঘাত আহিছে; প্ৰশ্ন উত্থাপন হৈছে- আজিৰ মানুহে কি বাছি ল'ব - প্ৰাকৃতিক পৰিৱেশ নে অবিসম্বাদী উন্নয়ন ?
 প্ৰশ্নটো জটিল। সমানে উত্তৰো । প্ৰকৃতি আৰু পৰিৱেশক সাঙুৰি সৃষ্টি হোৱা এনে যিবোৰ প্ৰশ্নই মোকো ব্যতিব্যস্ত কৰে, তেনে প্ৰশ্নবোৰক লৈ কিছু কথা, কিছু আলোচনা আপোনালোকৰ মাজলৈ লৈ যাম এই বনফুল পাহৰ যোগেদি।

আপোনালোকৰ দিহা-পৰামৰ্শ আৰু সক্ৰিয় অংশগ্ৰহণে মোক অনুপ্ৰাণিত কৰিব ।

ধন্যবাদ সহ

মানসী গোস্বামী